পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩


একে গতি হ’ব। তাৰ পিছত ভয়তে সকলোৱে মুখা পিন্ধি বান্দৰৰলেখীয়া হৈ পৰিব। অৰ্থাৎ মুখত বান্দৰ, মানে না মানুহ, না বান্দৰ।

 পৱনপুত্ৰ হনুমানে তিনি জাপ মাৰি জয় শ্ৰীৰাম ধ্বনি দিলে। বিশল্যকৰণীয়েও ৰামচন্দ্ৰক সেৱা কৰি নিৰ্দেশ পালন কৰিবলৈ মহামাৰি কৰোনাৰ ৰূপ ল'লে আৰু এফালৰপৰা মানুহ মাৰিবলৈ আৰম্ভ কৰিলে। লগতে প্ৰচাৰ কৰি গ'ল যে যিয়ে মুখা পিন্ধি হলেও বান্দৰৰ ৰূপ নলয়, তাকেই মই আক্ৰমণ কৰিম’।

 এনে প্ৰচাৰৰ পিছতে মানুহৰ মাজত হুৱাদুৱা লাগি পৰিল আৰু মুখা পিন্ধিবলৈ উথপথপ লগালে। সিমানেই নহয়, বৰং কোনে কিমান সুন্দৰকৈ মুখাৰ ৰূপ বান্দৰমুখীয়া কৰিব পাৰে, তাৰ প্ৰতিযোগিতা চলিল। এতিয়া এইসকল মানুহৰূপী বান্দৰ।

 শ্ৰীৰামচন্দ্ৰৰ নৱ অৱতাৰৰ এয়াই পৰম সত্য কাহিনী। কোনোৱে বিশ্বাস কৰিলে কৰিব পাৰে। নকৰিলেও আমাৰ একো হানি নহয়। জয় শ্ৰীৰামজী! জয় শ্ৰী হনুমানজী!