পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭

 কথা বতৰা পাতি বুজিলোঁ, গোপেশ্বৰ সঁচাকৈয়ে এজন আদৰ্শ খেতিয়ক। নিজে ঘৰ-পৰিয়াল সুন্দৰকৈ চম্ভালাৰ উপৰিও কেবাজনৰো জীৱিকা মোকলাই দিছে। কথা প্ৰসংগতে মোৰ মনত লকলকাই থকা প্ৰশ্নটো সুধিলোঁ, “বৰ ভাল লাগিল। তোৰ খেতিৰ উন্নতি দেখি। তই বাৰু জলকীয়াৰ খেতি কৰা নাই নেকি? আজিকালিতো ইয়ো এক লাভজনক খেতি!”

 গোপে— কৰিছোঁ খুৰা। আহক, সেই সঁৰিয়হ তলিৰ কাষত মোৰ জলকীয়াৰ খেতি দেখিব।

 এইবুলি সি মোক জলকীয়াৰ খেতিডৰা দেখুৱালে। নতুনকৈ ভেটি তুলি শাৰী শাৰীকৈ ৰোৱা প্ৰায় আধা বিঘামান মাটিত কেইবাটাও জাতৰ জলকীয়া খেতি। গছ ভৰি লাগিছে; কিছুমান পকিছে। গছবোৰ দেখিয়েই মোৰ ভাল লাগি গ'ল। পকা জলকীয়াবোৰে গছবোৰক ফুলনি বাগিচাৰ দৰে দেখাইছে। মই সুধিলোঁ, “এনেদৰে ভেটি তুলি ৰুইছ যে। ইমান লহপহীয়া হৈছে যে সাৰ-গোবৰ বৰকৈ দিছ হ’বপায়?”

 গোপে নহয় খুৰা। নতুন মাটিত জলকীয়া ভাল হয়। আগতে সেইফালে গোহালীটোৰ কাষত আছিল। তাতে গৰুৰ পচা গোবৰ বহুত দিছিলোঁ। পিছে সেই খেতিত জলকীয়াৰ গছবোৰ লহপহকৈ হয়, কিন্তু জলা নহয়। এজন কৃষি বিজ্ঞানীয়ে ক'লে যে জলকীয়াত বেছি গোবৰ দিব নালাগে, অন্য পচন সাৰ ব্যৱহাৰ কৰিব লাগে। আকৌ একে ঠাইতে কেবা বছৰো জলকীয়া ৰুব নালাগে। সেয়ে মই ইয়াত নতুনকৈ মাটি তুলি ৰুইছোঁ। মই ৰাসায়নিক সাৰ কোনো খেতিতে ব্যৱহাৰ নকৰোঁ খুৰা। নিজেই পচন সাৰ, কেঁচুসাৰ তৈয়াৰ কৰোঁ আৰু প্ৰয়োগ কৰোঁ।

 গোপেশ্বৰৰ কথাই মোক ভবাই তুলিলে। মই কিছুপৰ নিতাল মাৰি থাকিলোঁ। মোক তেনেকৈ থকা দেখি গোপেশ্বৰে ক'লে, “কি ভাবিছে খুৰা? কিবা ভুল ক'লোঁ নেকি?”

 মই টোপনিৰপৰা সাৰ পাই জিকাৰ খাই উঠি ক'লোঁ, “তই ভুল কোৱা নাই। আজিহে মই আচল উত্তৰ পালোঁ। ময়ো এজোপা জলকীয়া টাবত ৰুইছিলোঁ। গোবৰ গুৱাহাটীত নাপায় বাবে এবস্তা গোবৰ-মাটি জলেশ্বৰৰপৰা নি টাবত দিছিলোঁ। লহপহকৈ বাঢ়িছিল, লাগিছিলো বৰকৈ। পিছে জলকীয়াত জলা নাই, কিবা তিতা তিতা লাগে। সেয়ে মই ইয়াৰ কাৰণ বিচাৰি পৃথিৱীখন ঘূৰিলোঁ।