হয়তো সেইবাবেই মোৰ মনোেযোগ আঁতৰাবলৈকেই সি ক'লে, “বলক খুৰা, মোৰ বাৰীখনকে চাব।”
দুয়ো সিহঁতৰ চোতালৰ মাজেৰে গৈ ঘৰৰ পাছফালে থকা বৃহৎ বাৰীখনত সোমালো! দেখিলোঁ কেইদালমান নাৰিকল, আম, কঠাল, একশ জোপামান তামোল, লেটেকু আদি। গছবোৰৰ চেহেৰাবোৰ দেখিলেই বুজা যায়, সেইবোৰ গোপেহঁতৰ ককাকৰ দিনৰে। মই ক'লোঁ, “তামোল, নাৰিকলো বহুত আছে উপাৰ্জনো হয় চাগে’ ভাল?”
গোপে- নাই খুৰা, সেইবোৰ থকা-নথকা সমান। লাগনী গছ প্ৰায় নায়েই যিখিনিত অলপ-অচৰপ লাগে, তাৰো গোটবোৰ সৰু সৰু। আনফালে কেৰ্কেটুৱাৰ প্ৰতাপত সেইবোৰৰ নাথাকে। সেইবোৰ আতাহঁতৰ দিনৰে, কাটিবলৈও বেয়া লাগে কাৰণে আছে আৰু!
এক-ডেৰ বিঘামান মাটিত থকা সেই পুৰণি বাৰীখন পাৰ হৈ দেখিলোঁ গোপেশ্বৰৰ মোহনীয় বাগানখন। ভাগে ভাগে নেমু টেঙাৰ গছ, বগৰি, কলৰ গছ৷ গছ ভৰি ফল লাগি আছে। অলপ আগলৈ কবি, মূলা, বিলাহী, আলু, সৰিয়হ আদিৰ খেতি! প্ৰায় ছয় বিঘামান মাটি আগুৰি থকা এখন প্ৰকাণ্ড বাগিচা। অত্যুৎসাহেৰে মোক দেখুৱালে তাৰ নতুনকৈ আৰম্ভ কৰা ষ্ট্ৰবেৰীৰ খেতিখন। প্লাষ্টিকৰ ঢাকণিৰ মাজে মাজে ফুটা কৰি পুলিবোৰ লগাইছে। কিছুমানত ৰঙা ৰঙা মনোমোহা ফল আহিছে! মই ষ্ট্ৰবেৰীৰ খেতি আগতে দেখাই নাছিলোঁ। আকৰ্ষিত হৈ দুটামান ফল এনেয়ে চুই চাওঁতে গোপেশ্বৰে নিজেই দুটা চিঙি মোক খাবলৈ দিলে, “খাই চাওক খুৰা, কি মিঠা। মই এই খেতি যোৱা বছৰৰপৰা আৰম্ভ কৰিছোঁ। বৰ লাভজনক। যোৱাবাৰ অলপ ঠাইত কৰিয়েই পঞ্চাশ হাজাৰমান পালোঁ। এইবাৰ অলপ বঢ়াইছোঁ৷ ঈশ্বৰে কৰিলে লাখৰ ওপৰলৈ যাব বুলি ভাবিছোঁ।”
মই— তই নিজে বজাৰলৈ নিয় নে?
গোপে— বেপাৰী আহি ঘৰৰপৰাই লৈ যায়। দামো প্ৰতি কেজিত চাৰিশকৈ৷
মই— ইমানবোৰ খেতি তই অকলেই চম্ভালনে?
গোপে— নহয় খুৰা। গাঁৱৰে চাৰিজন ল'ৰা আৰু তিনিজনী তিৰোতাই ইয়াত কাম কৰে। হাল বাবৰ বাবে ট্ৰেক্টৰখন চৰকাৰী সাহায্যত কিনি লৈছোঁ। সেইখনৰপৰা বহুত সকাহ হৈছে।