কৰা, তুলসী দিয়া, শনিপূজা, ব্ৰহ্মভোজন, যজ্ঞ, শিৱ পূজা, কালি পূজা ইত্যাদিবোৰ কেৱল মানৱৰ মংগলৰ বাবেই চলি আহিছে। এই জীৱজগতত আমি মানুহ শ্ৰেষ্ঠ প্ৰাণী। আমাৰ সুখ-সমৃদ্ধি, মংগলৰ বাবেই জগতৰ বাকী সকলো প্ৰাণীৰ স্থিতি আৰু দায়ী। এনে এক মহান ক্ষমতা আৰু আদৰ্শসম্পন্ন মই মানুহ হৈও এটা সামান্য, নিকৃষ্ট জীৱ জলকীয়াই মোক লজ্জিত কৰিব পৰাটো কেৱল মোৰেই নহয়, ই সমগ্ৰ মানৱ জাতিৰ বাবে অপমান, লজ্জাজনক। যি জলকীয়াই তাৰ নিম্ন স্তৰত থাকি মোৰ সেৱা কৰিব লাগিছিল, মনোকামনা পূৰ্ণ কৰিব লাগিছিল, আজি সি মোৰ ওপৰত উঠি মৰা এনে দম্ভালিক কোনো পধ্যে সহ্য কৰিব পৰা নাযায়; অন্ততঃ মানৱ ইতিহাসে তাক সমৰ্থন নকৰে। বনৰ বৃহত্তম প্ৰাণী হাতী, গঁড়ৰ দৰে জীৱেও খুব যেতিয়া এই মানৱৰ শক্তিত হাৰ মানি জীৱন বিসৰ্জন দিবলগীয়া হয়, জলজগতৰ বৃহত্তম প্ৰাণী তিমি মাছেও জীৱন দান দি মানুহৰ ভোজন সামগ্ৰী হৈ পৰিবলৈ বাধ্য হৈ পৰে, তেনে স্থলত মোৰ টাবত গজা এডাল খেৰ-কূটাহেন জলকীয়াই মোক সোৱাদৰপৰা বঞ্চিত কৰিব, এই কথাক কোনো স্বাভিমানী মানুহেই গ্ৰহণ কৰিব নোৱাৰে।
অৱশ্যে মই তাক কোনো শাৰীৰিক শাস্তি দিব নোৱাৰোঁ। ইচ্ছা কৰিলে এমিনিটো নালাগে তাক উভালি দলিয়াই দিবলৈ। কিন্তু এই নিকৃষ্ট জীৱদালক তেনেকৈ শাস্তি দিয়াটোও হ’ব মোৰ দৰে শ্ৰেষ্ঠ মানৱৰ বাবে গৰিহণাৰ যোগ্য কৰ্ম, এক কথাত নিগনি মাৰি হাত গন্ধোৱাৰ দৰে। এইখিনিত অৱশ্যে মোৰ বিশ্বাসক অলপ সকাহ দি বিবেকক প্ৰাধান্য দিয়াৰ প্ৰয়োজন নিশ্চয় আছে। মই তাক আমাৰ মানৱীয় বুদ্ধিসম্পন্ন প্ৰক্ৰিয়াৰে কেনেকৈ বশ কৰিব পাৰি তাকেহে কৰা উচিত। সি গম নোপোৱাকৈ কেনেকৈ তাৰ হৃদয়ত মোৰ পচন্দৰ জলা বিষ ঢালিব পাৰোঁ, মোৰ স্বাৰ্থ পূৰণ কৰিব পাৰোঁ, তাৰেই চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। সিতো দেখানাই এই শক্তিশালী মানৱ জাতিয়ে কেনেকৈ প্ৰয়োজনতকৈও অধিক প্ৰয়োজন পূৰ কৰিবলৈ এটা গাহৰী বা ছাগলীৰ স্বাভাৱিক জন্মদান শক্তিক পৰিৱৰ্তন কৰি একাধিক সন্তান জন্ম দিয়া, কেনেকৈ দৈনিক মাত্ৰ এটা কণী দিয়া হাঁহ বা মুৰ্গীক শতাধিক কণী মাহেকত দিয়াব পৰাকৈ সলনি কৰি দিছে! এইবোৰ কেৱল মানৱৰ কল্যাণৰ বাবেই নহয়নে? গতিকে এই নিঃকিন জীৱবোৰৰ স্বকীয় ইচ্ছাৰে কৰা যকোনো কৰ্ম, যি মানুহৰ স্বাৰ্থৰ বাবে অযথেষ্ট, তাক মানুহে সহ্য নকৰে, কৰিব নোৱাৰে অন্ততঃ নিজৰ শ্ৰেষ্ঠতাক বজাই ৰখাৰ স্বাৰ্থত। সেয়ে তাক জীয়াই ৰাখিয়েই