এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
৫৷ বান গ'ল, আহিল প্ৰতিশ্ৰুতিৰ ঢল
ৰাইজৰ নাৱই লগালে তলমল
এখন ভৰি নাৱত
এখন ভৰি তীৰত
প্ৰতিশ্ৰুতিবোৰহে গ'ল পানীত তল।
৬৷ নেতাৰ চলে মঞ্চত উদাত্ত ভাষণ
কথাৰ লাচত ধৰে ময়ুৰ পেখম
ৰাইজো হ’ল বিভোৰ
মুখে মুখে হয়ভৰ
ভাউৰাৰ চং বুলি পিছেহে পায় গম।
৭৷ পাঁচ মাহে খালোঁ আলু সিদ্ধ ভাত দালি
কিমাননো খাম সদায় ঘৈণীৰ গালি
মাংসকে আনো একেজি
বেগ-বাকচ চাই দেখো সকলো খালি।
৮৷ মহাদেৱৰ মূৰত আধাফাল চুলি
আনফালে পেটটোহে হ’ল ভঙা ডুলি
কৰোনাৰ হাহাকাৰ
ধৰ ধৰ মাৰ মাৰ
অকলে ঢপলিয়ায় সৰ্বজান্তা বুলি।
৯৷ কা কা বিৰোধ কৰি কাউৰীতে শৰণ
সুকণ্ঠী কইনা এৰি শিয়ালী বৰণ
দেন্দ্ৰৰ পৰিৱৰ্তন
ঐতিহ্যৰ বিৱৰ্তন
থাক জীয়াই বাপেকে অপেক্ষি মৰণ।