ভুলটোৰ বাবেই আজি মোৰ জলকীয়াই তাৰ জন্মগত এটা শক্তিৰপৰা বঞ্চিত হ'ব লগা হ'ল। সৌভাগ্য যে গছজোপা প্ৰকৃতি পৰিচালিত এটা জীৱ, যাৰ জন্মগত দোষ নিশ্চুপভাৱে নিজতে সীমিত থাকে। ওপৰত কৈ অহা ৰীতা-দিবাকৰৰ সন্তান জন্ম দিব নোৱৰা দোষৰ দৰে চৌদিশে ৰৌজাল-বৌজাল কৰোঁতা কোনো নাই। একমাত্ৰ ময়েই জলকীয়াজোপাৰ ভাগ্য নিৰ্ণায়ক; ময়েই তাৰ প্ৰতিপালক। সেয়ে কথাটো সিমানতে এৰি মই অকলে তাৰ জলা নথকাৰ কাৰণ নিৰ্ণয় কৰিবলৈ মনস্থঃ কৰিলোঁ; আৰু এয়া মোৰ কৰ্তব্য বুলি ধৰি লৈছোঁ।
(২)
জনপ্ৰিয় ব্যক্তিয়ে কাহ এটা মাৰিলেও সি বাতৰিৰ শিৰোনাম হৈ পৰে আৰু সেই বাতৰিত পঢ়ুৱৈসকল উদ্বিগ্ন হৈ পৰে। অসমীয়া মানুহ অলপ বেছি আৱেগিক কাৰণে কেৱল উদ্বিগ্নতাতে ক্ষান্ত নাথাকি একেবাৰে দুখত ভাগিয়েই পৰে।
দুদিনমানৰপৰা লক্ষ্য কৰিছোঁ, ময়ো কম জনপ্ৰিয় নহয়। ইমান দিনে নিজকে এটা মূল্য নোহোৱা ক্ষুদ্ৰ প্ৰাণী হিচাপে ভাবি থকাৰ পিছত এতিয়া মোৰ ভুল ভাগিল। মোৰ জলকীয়াজোপাই জলা ফল দিব নোৱাৰিলে যদিও মোৰ জনপ্ৰিয়তাক ওপৰলৈ দাঙি ধৰিলে। পিছে এই জনপ্ৰিয়তা মোৰ বাবে নে মোৰ জলকীয়াজোপাৰ বাবে, তাকেহে থিৰাং কৰিব নোৱাৰিলোঁ। যিয়ে নহওক, জলকীয়াজোপাই তিতা ফল দিয়া বাতৰিটো ‘ভাইৰেল’ হৈ পৰিল আৰু প্ৰায় ডেৰশৰো অধিক লোকে সমবেদনা জনালে, পৰিত্ৰাণৰ উপায় দিলে। ইয়ে প্ৰমাণ কৰে যে মোৰ কিবা এটা বিসংগতি হলে মোৰ ‘ফেন’ সকল কিমান চিন্তিত হৈ পৰে। অতি জনপ্ৰিয় লোক আৰু মোৰ মাজত পাৰ্থক্য মাত্ৰ ইমানেই যে মোৰ ক্ষেত্ৰত ভাগি কোনো পৰা নাই। সি এক সৌভাগ্যৰ বিষয়।
এই বাতৰিয়ে আকস্মিক জনসমাগমৰ সৃষ্টি কৰিব পাৰে (অৱশ্যে এতিয়ালৈ হোৱা নাই), আৰু সেয়া হ'লে মোৰ জলকীয়াজুপিৰ ওপৰত কিমান শ শ চকু পৰিব, ক’ব নোৱাৰি। এনেয়ে নজৰ লাগি তাৰ জলাৰ নাম-গোন্ধ নোহোৱা হৈছে, তাতে যদি আকৌ নজৰ লাগিব লাগিল কি ঘটনা ঘটিব, কল্পনা কৰাও কঠিন। সেয়ে, সেইজোপাৰ সুৰক্ষাৰ বাবে, মোৰ প্ৰিয় বন্ধু কিছুমানৰ পৰামৰ্শ মতে, প্ৰাথমিক