সৰু সৰু লেখাৰ মাজেৰে সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাবলৈ কৰা অহৰহ চেষ্টাৰ লগতে অসমীয়া ভাষাৰ সততে হৈ থকা ভুলবোৰ আঁতৰাবলৈ যত্নপৰ হোৱা কেইবাটাও লেখা উল্লেখযোগ্য। অৱশ্যে, পাঠকৰ মনোযোগ বিঘ্নিত নহ'বলৈ সকলোবোৰ বিষয় অন্তৰ্ভুক্ত নকৰি নিৰ্দিষ্ট কেইটামানকহে সংকলনখনত স্থান দিয়া হৈছে। গদ্যৰ দৰে পদ্য বা কবিতাৰ মাজেৰেও তেখেতে একেই আদৰ্শ প্ৰকাশ কৰি কেইবাটিও মনপৰশি যোৱা কবিতা আৰু লিমাৰিক ৰচনা কৰিছে। চিৰবন্দী, ক্ষমা কৰিবা বিহুৱাকাই, এয়েতো জীৱন, সত্যৰ জীৱাশ্ম, উৰাবাতৰি (ব্যংগ), মহাবলী, মৃত্যুঞ্জয়ী বচন, জাগ্ৰত সপোন, মুক্ত চিঠি তোমালোকলৈ আদি উল্লেখযোগ্য কবিতা। ইয়াৰ মাজৰ “কলিজাত হাত থৈ সোধা” আৰু মহাবলী কবিতাৰ ভাব ভাষা অপূৰ্ব।
মোৰ দৰে নিঃকিন এগৰাকীয়ে আচলতে শ্ৰীগোস্বামী ছাৰৰ দৰে ব্যক্তিৰ সাহিত্যৰ আলোচনা কৰাটো শোভন নহয় যদিও সম্পাদনাৰ দায়িত্ব দিয়া হেতুকে কথাখিনি লিখিব লগা হ'ল। পাঠকে সংকলনখন পঢ়ি নিশ্চিতভাবে এক সুখানুভূতি লাভ কৰিব। শ্ৰদ্ধেয় পাঠকে যদিহে সংকলনখন আদৰি লয়, তেন্তে আমাৰ শ্ৰমো সাৰ্থক হ'ব।
শ্ৰীগোস্বামী চাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
- প্ৰণামিকা অধিকাৰী
ডিমৰুগুৰিঃ নগাঁও