ব্ৰহ্মাৰ দৰে মহিলাসকলৰো যদি চাৰিটা মূৰ থাকিলহেঁতেন!
ফেচবুকৰ এটা গ্ৰুপত কোনোবাই আক্ষেপ
কৰিছিল যে মহিলাসকলৰো যদি ব্ৰহ্মাৰ দৰে চাৰিটা মূৰ থাকিলহেঁতেন, তেন্তে কি হ'লহেঁতেন! কৰা এই আক্ষেপৰ উত্তৰত এগৰাকী বন্ধুৱে তেওঁৰ নিজা মতামত দিছিল, যাৰ ওপৰত ময়ো সংক্ষেপে উত্তৰত কৈছিলোঁ, “চাৰিটা মূৰ নাথাকিলেও দহখন মুখ আছে।” |
মোৰ কথাত এজনে সুধিলে, “প্ৰভু, আপুনিনো কেনেকৈ ক'লে দহখন মুখ থকা বুলি?” মই ক'লোঁ, “হে বৎস। অলপ শাস্ত্ৰ পঢ়া কৰিবা। এয়া মই কোৱা নাই, শাস্ত্ৰত লিখা আছে। ফেচবুকত হাহাকাৰ লাগি যাব বুলি ভয় কৰিয়ে ঋষি- মুনি সকলেও ব্যক্ত কৰা নাছিল। সেই কাহিনী ব্যাসদেৱে মহাভাৰত লিখাৰ সময়ত এটা ভোমোৰাই বৰ্ণন কৰিছিল। সেই কাহিনী যদি তুমি নাজানা, তেন্তে সংক্ষেপতে শুনা বৎস” বুলি ভোমোৰাই কোৱা তলৰ কাহিনীটো বৰ্ণালে।
দ্ৰৌপদীৰ বস্ত্ৰ হৰণত দেৱতাগণেও বৰ অপমান বোধ কৰিছিল।নাৰীৰ শ্লীলতা হানিৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব পৰা যায়, সেই বিষয়ে আলোচনা কৰিবলৈ জগত স্ৰষ্টা ব্ৰহ্মাই সেইদিনাই সন্ধিয়া এখন সভা পাতিলে। বস্ত্ৰহাৰা দ্ৰৌপদীৰ ৰূপৰ কল্পনা কৰি লজ্জাত উপস্থিত দেৱতাসকলে নতশিৰে সভাৰ সন্মুখৰ মাটিতে লেপেট খাই বহিল। নাৰদে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত সভাপতি ব্ৰহ্মাই তেওঁৰ প্ৰথম মুখ্য মূৰটোৰ কপালখনত দুয়ো হাত থৈ সদস্যসকলক নিজৰ মতামত দাঙি ধৰিবলৈ অনুৰোধ কৰিলে। দেৱৰ্ষি নাৰদেই আৰম্ভ কৰিলে,
“হে গুৰুদেৱ, দায়দোষ নধৰিব। এই যত সমস্যাৰ ঘাই আপুনি—”