পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নিজৰ খেতি-বাতি, নিজে ৰন্ধা ভাত আৰু খাবলৈ সাজু কৰা বিভিন্ন খাদ্যৰ ছবি; নিজে বনোৱা আচাৰ, চুলি আঁচুৰি থকা চেল্ফি’; আলৰ বুঢ়ীয়েও কঁকাল ভাঙি বিহু নাচ কৰা ভংগিমা ইত্যাদিৰ ছবি ফেচবুকত প্ৰচাৰ কৰাটো বন্ধুসৱৰ কেৱল চখেই নহয়, বৰং গৌৰৱৰ কথা। সকলোৰে উদ্দেশ্য এটাই-‘মোক প্ৰশংসা কৰক’! এই গৌৰৱৰ পৰা মই আঁতৰি থাকি বন্ধুসৱৰ লগত অসহযোগ কৰা বুলি বদনাম লোৱাৰ ইচ্ছা নকৰোঁ, উচিত নহয়। সেই আপাহতেই ময়ো মোৰ সুশ্ৰী জলকীয়াজোপাৰ ছবিখন পোষ্ট কৰিলোঁ। কেইমিনিটমানৰ ভিতৰতে বন্ধুসকলৰপৰা পোৱা ধেমেলীয়া আৰু উৎসাহজনক মতামতবোৰে মোক গৌৰৱান্বিত কৰিলে; বুকুখন ডাঠ হৈ পৰিল। কেৱল প্ৰশংসা কৰিয়েই ক্ষান্ত নাথাকি কোনো কোনোৱে তাৰ সঁচো পঠাবলৈ অনুৰোধ কৰিলে; কোনো কোনোৱে খাবলৈ বুলি পাৰ্চেল কৰি পঠিয়াবলৈ মৰমৰ দাবী কৰিলে। মোৰ জলকীয়াৰ বাতৰি “ভাইৰেল’’ হৈ পৰিল। কি যে এক মধুৰ যোগাযোগ!! ইয়াতকৈ আৰু জীৱনত কিবা বেছি আনন্দ আৰু সকাহৰ কথা আছেনে? মোৰ উদ্দেশ্য নিমিষতে পূৰ্ণ হ'ল।

 লাহে লাহে মোৰ জলকীয়া পকিবলৈ আৰম্ভ কৰিলে। এটা ছিঙি আনি তাৰ সোৱাদ লোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। দুপৰীয়া অতি আলফুলে এটা জলকীয়া ছিঙি আনি ভাতৰ লগত খাবলৈ সাজু হ'লোঁ। এনে জলকীয়াই নিশ্চয় মোৰ কাণ-মুখ ৰঙা হৈ পৰাকৈ ফৰফৰাই যাব; নাকেৰে সৰসৰকৈ পানী ওলাব; বুকুত বাজি কাহো আহিব পাৰে। মই সাৱধানতা অৱলম্বন কৰি ঠাণ্ডা পানীৰ বটল এটাও কাষত সাজু কৰি ৰাখিলোঁ।

 ইতিমধ্যেই পৰিকল্পনা কৰি থৈছোঁ যে যদি বাঞ্ছিত জলা পাওঁ, তেন্তে পুৰঠ জলকীয়াবোৰেৰে আচাৰ বনাম; ভালদৰে পকাবোৰ পোনপটীয়া ৰ’দ নলগাকৈ শুকুৱাই থম। কাৰণ পোনপটীয়া ৰ'দ লাগিলে জলকীয়াৰ ৰঙা ৰং ঢেলা পৰি যায়। মুঠতে মোৰ এই জলকীয়াৰ আকৰ্ষণীয় অস্তিত্ব বহুদিনলৈ জীয়াই ৰখাৰ সকলো পৰিকল্পনা কৰা হৈছে।

 ভাতৰ পাতত বহি খুব সাৱধানতাৰে জলকীয়াটোৰ প্ৰথমে একেবাৰে আগৰ জোঙাল ফালটোত সামান্য কামুৰি চালোঁ। নাই, ভয়ৰ কাৰণ নাই। এইবাৰ আৰু অলপ মাজলৈ গৈ কামোৰটো জোৰকৈ মাৰিলোঁ। কিন্তু আচৰিত! এনেহে লাগিল যেন মই আঁহযুক্ত মৰিছা শাকৰ ঠাৰিহে চোবাইছোঁ। একামোৰত নিছিগিলেই,