চিঙিৰ বাবে পকাই দিব লগা হ'ল- যেন ছাগলীৰ মাংসত থকা ছালহে চোবাইছোঁ। যেন অৰ্দ্ধ শুকান চুইংগামহে চোবাইছোঁ। জলাৰ নামগোন্ধ নাই। আছে মাথো তিতা- কেঁহা সোৱাদ। লগে লগে থু-থুকৈ থুতুৰিয়াই পেলাই দি, মুখখন ধুই লৈহে ভাতকেইটা খাব পাৰিলোঁ।
ভাব হ'ল, কি কাৰণে জলা নাই? সেই টাবতেতো আগতে ৰোৱা এজোপা জলকীয়াৰ তীব্ৰ জলা আছিল! এইবাৰতো জাতো ভাল; গাঁৱৰপৰা অনা নিভাঁজ গোবৰ মাটিৰ সাৰো দিয়া হৈছে।
কথাটো মই ওচৰৰে দুই এজনৰ দৃষ্টি গোচৰ কৰালোঁ। বন্ধু এজনে আহি চাইচিতি ক'লে, “দাদা! জলকীয়াজোপাত কাৰোবাৰ মুখ লাগিল।’ মই ভাবিলোঁ - মুখ কেনেকৈ লাগিব পাৰে? মোৰ দুমহলাত উঠি কোনেও জলকীয়াত মুখ লগাবলৈ ঢুকি নাপায়! মই নিজেহে মাত্ৰ এটাত মুখ লগাই চাইছিলোঁ; তাকো একেবাৰে পুৰঠ হোৱাৰ পিছতহে!' মই একো উত্তৰ নিদি মনে মনে থাকিলোঁ।
কোনো সত্য নিৰূপণ কৰিব নোৱাৰি বিষয়টো মই পুনৰ সবিস্তাৰে ফেচবুকত প্ৰকাশ কৰিলোঁ। ক্ষন্তেক পিছতে শ শ বন্ধুৱে মোৰ সমানেই দুখ প্ৰকাশ কৰি সমবেদনা প্ৰকাশক মতামত প্ৰেৰণ কৰিবলৈ ধৰিলে। তাৰ মাজতে দুই এগৰাকীয়ে অৱশ্যে সহানুভূতিপূৰ্ণ মতামতো নিদিয়াকৈ নাথাকিল।-“ছাৰ! আপুনি ফেচবুকত ছবি দিয়েই ভুল কৰিলে। কাৰোবাৰ নজৰ লাগিল! নিৰাময়ৰ বাবে আপুনি কোনো ভাল পুৰোহিতৰ দ্বাৰা পূজা কৰাওক বা ওজা লগাই জৰা-ফুকা কৰাওক। আমাৰ বিশ্বাস আছে জলকীয়াত জলা আহিবই।”
কথাটো মোৰ অলপ গাত লাগিল। জলকীয়াৰ সুস্বাস্থ্যযুক্ত ছবি ফেচবুকত দিয়াৰ বাবেই কাৰোবাৰ নজৰ লাগিব পাৰে। মোৰ পাঁচহাজাৰ বন্ধুৰ সকলোৱে যে মোক ভাল দৃষ্টিতে চায়, তেনে নিশ্চয় নহয়। মোৰ উন্নতি নিবিচৰা বা মোৰ উন্নতিত জ্বলি থকা বন্ধুৰো অৱস্থিতি নুই কৰিব নোৱাৰি। দুবৰি বনতো বাঘ লুকাই থাকে বুলি কোৱা হয়। সেয়ে কাৰোবাৰ নজৰ লগাটো অসম্ভৱ নহয়।
আচলতে ভুল এটা ময়ো নকৰা নহয়। গছজোপা লহপহকৈ বাঢ়ি আহোঁতেই আৰু ফেচবুকত ছবি দিয়াৰ আগতেই মই জলকীয়া জোপাৰ কাষত এটা ‘চো’বা পুৰণি চেণ্ডেল এজোৰ আঁৰি দিব লাগিছিল, নতুবা নেমু টেঙা আৰু জলকীয়াৰ মালা এদাল কৰি আঁৰি দিব লাগিছিল। তাকেই কৰা নহ'ল। সেই সামান্য