সমললৈ যাওক

পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১

মুখত মুখাৱৰণ। তেওঁ গেটৰ কাষলৈ আহিল আৰু মোৰ হাতৰ পাৰযোৰলৈ লক্ষ্য কৰি ক'লে, “কিবা সকামত আহিল? মন্দিৰ দৰ্শনতো এতিয়া বন্ধ আছে!”

 মই মোৰ মুখ্য সমস্যাৰ কথা কৈ তাৰেই নিৰাময়ৰ বাবে দেৱীৰ ওচৰত এইযোৰ উৎসৰ্গা কৰিবলৈ আহিছোঁ বুলি জনালোঁ। সবিনয়ে ক'লোঁ, “অনুগ্ৰহ কৰি মাত্ৰ এই উৎসৰ্গাটো কৰি দিয়ক। অকল মইহে আহিছোঁ, জনসমাগমৰ প্ৰশ্ন নাই।”

 পুৰিহিতে একেথৰে মোৰ পাৰযোৰলৈ চকু দিছে; এযোৰ সুঠাম বগা পাৰ। গাৰ নোমবোৰ গুচি নতুন পাখি আহিব ধৰিছে। হাতৰ বান্ধোন এৰি দিলেই উৰা মাৰিব। দেৱীৰ প্ৰয়োজনীয় তজবজীয়া ৰক্তবাহক, সুঠাম দেহৰ এই পাৰক এৰি দি কেনেকৈ দেৱীক বঞ্চিতা কৰিব পাৰি? তদুপৰি লকডাউনৰ ভিতৰত বহুদিন দেৱীয়ে ৰক্তপান কৰিব পৰা নাই। যি দেৱীয়ে মানৱৰ হিতাৰ্থে সৰ্বদা মংগল কৰি সৰ্বশক্তিমতি বুলি পূজা পাই আহিছে, আজি সেই মানৱৰ শক্তিয়েই দেৱীক লঘোণে ৰখাৰ বাবেও ইতস্থতঃ কৰা নাই।

 দেৱীৰ পূজা পৰ্যন্ত বন্ধ ৰাখিবলৈ সাহস কৰিছে। এক কথাত মানৱৰ শক্তি আৰু ইচ্ছাৰ আগত আজি দেৱীও শিৰনতা, শক্তিহীনা। তেন্তে সমস্যাৰ সমাধান হয় কেনেকৈ?

 মই বুজি পালোঁ যে পুৰোহিতৰ চিন্তা মোৰ সমস্যাতকৈ দেৱীৰ বুভুক্ষা অৱস্থালৈ, যাক মাথোঁ পূৰণ কৰিব পাৰিব এই পাৰযোৰে। বহুপৰ তেওঁ নিতাল মাৰি থকাত ময়েই ক'লোঁ, “কি ভাবিছে, পূজাভাগ হ’বনে?”

 —“তাকেইতো! পিছে বলি দিব নে উৎসৰ্গা কৰি এৰি দিব?”

 ময়ো বিশেষ চিন্তা নকৰাকৈ তাৎকালিন ফলাফলৰ আশাত তপৰাই কৈ দিলো, “বলি দিম। আইক তেজহে লাগে! তাতেহে সন্তুষ্ট হৈ মোৰ সমস্যা সমাধান কৰিব!”

 পুৰোহিত- “আপুনি ঠিকেই কৈছে। কিন্তু কথা হল, বলি দিয়া পুৰোহিতজন বন্ধৰ বাবে আহিব পৰা নাই। আপুনি যদি বিশ্বাস কৰে, এটা কাম কৰক।”

 —“ কি?”

 – আপুনি আপোনাৰ নাম, ধাম, গোত্ৰ আৰু ফোন নম্বৰ লিখি পাৰযোৰ সৈতে মোৰ ওচৰত থৈ যাওক। পূজা বন্ধ হৈ আছে বাবে মই গুপুতে ব্ৰাহ্মণজনক মাতি