সমললৈ যাওক

পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪


বছৰৰ লাগিব পাৰে। তেনে যন্ত্ৰপাতিও আমাৰ হাতত নাই। আমি পঠিয়াব লাগিব বাংগালোৰ বা মুম্বাইলৈ।তথাপিও সেইজোপা জলকীয়াত জলা আনিব পৰা নহ’ব। কাৰণ তাৰ জন্মতে জলা নাই। মাত্ৰ কি কাৰণে জলা নাই, সেই বিচাৰহে কৰিব পৰা যাব। আপুনি মোক জলকীয়া দুটা দি যাওক, মই বাংগালোৰলৈ পঠাই দিম।

 মই জলকীয়া দুটা দি দিলোঁ। মনতে ভাবিলোঁ, “এইহে জুলুম কৰা বিজ্ঞান। আমাৰ পৰাম্পৰা আৰু বিশ্বাসেই ভাল। পটকৈ সমস্যা সমাধান কৰি দিয়ে। জলা নাই-মুখ লাগিছে—নজৰ লাগিছে-পূজা কৰ-মন্ত্ৰ মাত, বচ্‌। কিমান যে সহজ বিজ্ঞানৰ এই দীঘলীয়া পদ্ধতি হলে কোনেনো ইয়াক ধৈৰ্য্যেৰে বিশ্বাস কৰিব।’’

 মই একো নক’লোঁ। হতাশ মনে বিশ্ববিদ্যালয়খনক সেৱা জনাই ওলাই আহিলোঁ। কিন্তু ছাৰে চাহ একাপো নুখুৱালে। “যাওঁ ছাৰ” বুলি কোৱাৰ লগে লগে “হয় যাওক” বুলি সহজে বিদায় দিলে।

(৮)

 ভট্টদেৱ বিশ্ব বিদ্যালয়ৰপৰা মই ক’লা -বগা মন এটা লৈ উভতিবলগীয়া হ’ল। ইয়াক ব্যৰ্থতাও বুলিব নোৱাৰি আৰু সাৰ্থকতাও বুলিব নোৱাৰি। এটা বৈজ্ঞানিক সত্য উদঘাটনৰ বাবে মই আৰু কিছুদিন অপেক্ষা কৰিবলগীয়া হ’ল। এই ’কিছুদিন’ বোলা শব্দটোৰো কোনো নিৰ্দিষ্ট সময় নাই। কাৰণ ডঃ শৰ্মাই মই দি অহা জলকীয়া দুটা মুম্বাই বা বাংগালোৰলৈ পঠাব; কিন্তু প্ৰকৃততে ক'লৈ পঠিয়াব, আৰু কেতিয়া পঠিয়াব, তাৰ কোনো সঠিক সময় আৰু ঠিকনা নাই। আকৌ, য’লৈকেই নপঠিয়াওক, সেই স্থানৰপৰা ফলাফল কেতিয়া আহিব, আৰু কি ফলাফল আহিব সেইবোৰৰো কোনো ঠিকনা নাই। এনেকৈয়ে এটা বৈজ্ঞানিক সত্য উদঘাটনৰ বাবে প্ৰাথমিকভাৱেই বৃহৎ সামাজিক আৰু মানসিক দূৰত্বৰ সৃষ্টি হৈছে। সেই দূৰত্বক অতিক্ৰম কৰিবলৈ মই এক সীমাহীন ভাবনাৰ যাত্ৰাত খোজ দিছোঁ। হয়তো বৈজ্ঞানিক পৰীক্ষাই মোৰ জলকীয়াৰ জলা নোহোৱাৰ কাৰণ কেতিয়াবা আৰু কিবা এটা উদঘাটন কৰিব। কিন্তু তাৰবাবে সৃষ্টি হ'ব পৰা অপৰিসীম সামাজিক আৰু মানসিক অশান্তময় অৱস্থাৰ অৱসান যে কেতিয়াও ঘটাব নোৱাৰে, সেইটো

সত্য।