ওলায়ে মোৰ ফালে চাই সুধিলে, “ক’ৰপেৰে বা আহা হ'ল? চিনি পাউং চিনি পাউং হেনো লাগেছুন।” মই বোলো, “প্ৰভু মোৰ আচল ঘৰ বেজকুছিত, থাকো গুৱাহাটীত। মোৰ পিতাৰ নাম আছিল নৰনাথ।”
প্ৰভু জাপ মৰাৰ দৰে বাৰাণ্ডাৰপৰা নামি ক'লে, “হাও! তই নৰনাথ খুৰাৰ ছলি? বাপ্পাও! আহ-আহ, এই বাৰাণ্ডাক লগি মাইচাখেন লৈ বহ। কি নাম আদো তোৰ?
-“সুৰেন।”
—জানু ৰ তুহাৰ ঘৰৰ গটেগিলাখেনক। তুহাৰ পেইহে এটা আমাৰ গাউতে বিয়া দিছিল নহে, দুৰ্গা? মৰিল, বহু বছৰ হ’ল। তুহাৰ জন্মএ হ নাছিল কিজানি। তুহুন সৰু থাকোতে গেইছলু তুহাৰ ঘৰক। পিতেৰ লগত মোৰ বৰ ভাল আছিল।”
— হয় খুৰা। আমাৰ পেহী আছিল বুলি শুনিছোঁ৷ দেখা নাই।
– অ'। সেই পেইহেৰে ছলি আছিল শিক্ষাবিদ, নাট্যকাৰ শৰৎ গোস্বামী। ভাল মানহনুটু গেল আজি তিনি বছৰমেন আগোতে। পাছে তই আজি কি মন কৰি মোৰ ওচৰক আইহলি?”
মই জেপৰপৰা লগত নিয়া জলকীয়া দুটা হাতত লৈ ক'লোঁ,
“খুৰা জলকীয়া এদাল লগাইছিলোঁ হ’ল লহপহ,
খাম বুলি ভাবিছিলোঁ পলুৱাই মনৰ হেঁপাহ।
আনিলোঁ সিদিনা দুটা জলা গছৰপৰা ছিঙি,
মুখত দিয়োতেই তিতা-কেঁহাত চৰচৰালে ডিঙি।
বহুতে দিলে আপোনাৰ ওচৰলৈ অহাৰ বুধি,
সেয়ে পুৱাতে ওলালোঁ আহি ঠিকনা সুধি সুধি।
লোকে কয় আপুনি নিৰাময় দিব পাৰে বুলি,
পাম বুলি আহিলোঁ প্ৰভুৰ ওচৰলৈ এটা মাদুলি।
মোৰ কথা শুনি প্ৰভুৱে সামাজিক দূৰত্ব ৰাখি বহিল আৰু পঞ্জিকা, কাগজ- কলম টেবুলত ল'লে। তাৰ পিছত সুধিলে, “ভইজলুকজোপা ঘৰৰ কোন দিশে ৰুইছা? ৰ'ড-বাতাহ পৰেনা?”