পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮

 “ধৰাৰ অত লোকৰ কাকনো দিও, সিয়ো চিন্তাৰ বিষয়’’,

 “চিন্তা নাই গুৰুদেৱ। কলি কালত তাত এজন সুৰেন্দ্ৰ নামৰ লোকৰ জনম হ'ব। তেওঁ গালি খোৱাত ওস্তাদ। নাৰীৰ এই কাহিনীৰ বাবে যদি গালি খাব লাগে, তেওঁ খাওক। দেৱতা হৈ আপুনি কিয় দায়িত্ব ল'ব লাগে?”

 ব্যাসে বোলে, “ঠিক কৈছা তুমি ভ্ৰমৰ, ধন্যবাদ তোমাক”, এই বুলি তললৈ ফু এটা মাৰি দায়িত্ব পৃথিৱীলৈ নিক্ষেপ কৰিলে। সুৰেন্দ্ৰক বিচাৰি সেই দায়িত্ব ফটা ঢোলত ব্যক্ত কৰাৰ সুযোগ সন্ধানত অপেক্ষা কৰি বহি পৰিল।