ভাগ্য প্ৰভুৱে নিৰ্ণয় কৰি দিব পাৰে। মানুহ শকত-ক্ষীণ হোৱাৰ কাৰণ, শৰীৰৰ গুপ্ত অংগৰো কোন স্থানত কি চিহ্ন আছে, চাকৰি কেতিয়া হ’ব, ৰোগৰপৰা কেতিয়া মুক্ত হ’ব, জন্ম হ’বলগীয়া শিশুটো ল’ৰা নে ছোৱালী হ’ব, তাৰ নামৰ আদি অক্ষৰ কি হ’লে ভাল হ’ব-ইত্যাদি সকলো ভূত-ভৱিষ্যত মাত্ৰ আঙুলিত গণিয়ে কৈ দিব পাৰে। কিন্তু মোৰহে কপালখন ইমান ফুটা নে যে মোৰ জলকীয়াত জলা কিয় নাই, জলা আহিব নে নাই, এই কথা প্ৰভুৱেও ক’ব পৰা নাই। ইয়াৰ অৰ্থ এয়ে নেকি যে মোৰ সমস্যাটো বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো দৃশ্যমান আৰু অদৃশ্যমান সমস্যাতকৈ ডাঙৰ, যাক মানুহেই নালাগে, ভগৱানে নিজেও বুজি পোৱা নাই! তথাপি মই আজি প্ৰভুক সুধিম মোৰ এই জলকীয়াৰ ভৱিষ্যৎ কি!”
এনেকৈ ভাবি থাকোতেই প্ৰভুৱে লিখা কাগজখন মহিলা গৰাকীৰ হাতত দি ক’লে, “এইখনৰ মতে বস্তুবোৰ যোগাৰ কৰিবা। মোক নহ’লেও ভাল পুৰোহিত এজনক মাতি পূজাভাগ কৰিবা। একো চিন্তা নাই, সকলো ঠিক হ’ব।”
মহিলাগৰাকীয়ে বৰ উৎসাহেৰে মিচিকিয়া হাঁহি এটি মাৰি কেইখনমান নোট বঁটাখনত থৈ সেৱা এটি কৰি বিদায় মাগিলে। প্ৰভুৱেও “কল্যাণ হওক” বুলি আশীৰ্বাদ দিলে।
মহিলাগৰাকীক বিদায় দি প্ৰভুৱে কাগজ, কলম, পঞ্জিকা আদি সামৰি থাকিয়েই এটা মিচিকিয়া হাঁহি মাৰি মোক ক'লে, “পিছে আজিনো কি উদ্দেশ্যেৰে আহিলি? ঘৰত ভালনে?
মই- ঘৰত ভালেই ৰ’ব। মোৰহে সমস্যাটো সমাধান হোৱা নাই।
প্ৰভু— সমস্যা মানে?
মই— মানে সেই জলকীয়াৰ সমস্যাটো। আজি ভট্টদেৱ বিশ্ব বিদ্যালয়লৈ গৈছিলোঁ। তেওঁলোকেও আকৌ জলা নোহোৱাৰ কাৰণ বিচাৰিবলৈ বোলে মুম্বাই নে দিল্লীলৈ পঠিয়াব লাগিব। আকৌ খবৰ কেতিয়া পায়, তাৰো কোনো ঠিকনা নাই।
প্ৰভুৱে কিছু নিৰাশ ভাৱত মূৰটো তল কৰি নিশ্চুপ হৈ পৰিল। তাৰ পিছত ক'লে, “ক’লে পাবি বেয়া! তহঁত হৈছ ৰজাক দেউ নোবোলা। এক গল পানীত থাকি পিয়াহত মৰা। নাও ডুবিলেও টিঙৰপৰা ননমা। সেই সাধাৰণ কথাটোৰ
বাবে কিমান ঘূৰিলি, কিমান মূৰৰ কামোৰণিত ভুগিলি, চাচোন! কি পালি এতিয়া?”