(৭)
জলকীয়াজোপাত জলা গুণ অনাৰ ক্ষেত্ৰত মই এতিয়ালৈকে কাৰো শাৰীৰিক সহায় পাবলৈ সমৰ্থ হোৱা নাই। হাজাৰ হাজাৰজন মোৰ দুখত দুখী, সমবেদনা জ্ঞাপক হৈ অৱশ্যেই থিয় হৈছে। সকলোৱে মই দিয়া বৰ্ণনাতে বিশ্বাস কৰি নানান ভাল ভাল উপদেশ দিছে। এয়াও সচৰাচৰ বিশ্বাসকে বিশ্বাস কৰা নীতি, যি নীতিৰসমুদ্ৰত সংসাৰৰ প্ৰায়ভাগ মানুহেই উটি-ভাঁহি ফুৰে। এতিয়ালৈ মোৰ একমাত্ৰ সংগী মোৰ বিবেক। মোৰ বিবেকে যি কয়, যেনেদৰে পৰিচালনা কৰে, তেনেদৰেই মই পৰিচালিত হ'বলৈ বাধ্য। সেয়েহে হয়তো জগতত মানুহৰ মাজত থাকিও প্ৰতি মানুহেই অকলশৰীয়া। জীৱন যুদ্ধত জয়-পৰাজয় নিৰ্ণয় কৰোঁতাও এই দুজনৰ একাত্ম সিদ্ধান্তয়েই।
ডঃ পি-চি শৰ্মাৰ উপদেশ অনুসাৰে আজি মই ওলাইছোঁ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়লৈ। তাৰ বিদগ্ধ পণ্ডিত সকলৰ কৃপাত হয়তো মোৰ সমস্যাৰ কিবা সমাধান ওলাব।
“ভট্টদেৱ বিশ্ববিদ্যালয়”- নামটো শুনিলেই মনটো কিবা পৱিত্ৰ পৱিত্ৰ লাগি যায়; ভাহি উঠে চকুৰ আগত অসমৰ শিক্ষাকেন্দ্ৰ বুলি জনাজাত বজালীক “ভট্টদেৱ” নামটোৱে উদ্ভাসিত কৰি তোলা মধুৰ ছবি এখন। কাৰণ পাণ্ডিত্য আৰু সাহিত্য প্ৰতিভাৰ বাবেই ভট্টদেৱ, ওৰফে বৈকুণ্ঠ নাথ ভট্টাচাৰ্য্য (১৫৫৮-১৬৩৮) মহাপুৰুষ দামোদৰ দেৱৰ বিশেষ প্ৰিয়পাত্ৰ আছিল। বহুতৰ মতে ভট্টদেৱৰ জন্মস্থান বিচানকুছি গাঁৱত, যিখন পাটাছৰকুছি চ'কৰপৰা প্ৰায় চাৰি কিলোমিটাৰ উত্তৰে অবস্থিত। কিছুমানৰ মতে আকৌ তেওঁৰ দেউতাক আছিল বৰনগৰৰ অন্তৰ্গত ভেৰাগ্ৰাম গাঁৱৰ।সি যিয়েই নহওক, আধুনিক ভাৰতীয় আৰ্য্য ভাষাৰ গদ্য সাহিত্যৰ জনক ভট্টদেৱে কথা ভাগৱত, কথা গীতা, কথা ৰত্নাৱলী, ভক্তিবিবেক, ভক্তিসাৰ প্ৰমুখ্যে ভালেমান গ্ৰন্থ ৰচনাকৰি ১৬শ খৃষ্টাব্দতে অসমত ভাগৱতী ধৰ্ম প্ৰচাৰ আৰু সাহিত্যত উল্লেখযোগ্য অৱদান দি গৈছে। সেইবাবেই এই পণ্ডিতজনাৰ নামত বজালী কলেজক বিশ্ববিদ্যালয় স্তৰলৈ উন্নীত কৰাত নামে-স্থানে-বিদ্যালয়ে সোণত সুৱগা হৈ পৰিছে। এনে এখন বিশ্ববিদ্যালয়লৈ যাব পৰাটোও ভাগ্যৰ কথা৷ জলকীয়াই অন্ততঃ মোক এইখিনি ভাগ্যকে দিয়ালে।
ৰাতিপুৱা আঠ বজাত মই অকলেই গাড়ীখন লৈ এক উজ্জ্বল কামনাৰে গুৱাহাটীৰ পৰা ১০৬ কিলোমিটাৰ দূৰৰ বিশ্ববিদ্যালয় বুলি যাত্ৰা কৰিলোঁ। পথৰ