-“ঘৰৰ পূবফালে খুৰা, ৰ'ড বতাহ সুন্দৰকৈ পৰে।”
এইবাৰ প্ৰভুৱে পঞ্জিকাখন মেলি লৈ সুধিলে, “কোন মাহৰ কোনদিনা লগইছিলি, আছেনে মনত?
-“হয় খুৰা, মই ডিচেম্বৰত লগাইছিলোঁ। সেইদিনা শনিবাৰ আছিল।”
—“তোমাৰ বাওফালে এখনিমানত এটা তিল আছে নেকি?“(বাঁওফালে হাতৰ তল অংশ দেখুৱাই)।
- “হয় খুৰা, আছে।”
– “তোমাৰ জন্মদিন আছেনে মনত?”
হয় খুৰা আছে, শনিবাৰ।
-“পাই গেলু নহে উত্তৰ। যিটো ভাবছিলু, সেটুৱে হ'ল”
-“কি খুৰা?”
“জন্মদিনোত গাছ ৰুবা নাপ্পে। আমাৰ মানহে এইগ্লা নীতি নামনা হ কাৰণে এইগ্লাখেন অথন্তৰ ঘটে। মাহনোক আৰ কিমান বুজবি? দেঃ, যি কল্লি কল্লি। মই মণি এটা দি দিওঁ। গা-পা ধুই মংগলবাৰে গাছদেলোত পিন্ধে দিবি। সিদনা লঘণ দিবা লাগ্বো কিন্তু! জালা হবো যা, চিন্তা কৰ্বা নালগে। পাছে জালা ছিংবাৰ পস্তত কিন্তু দক্ষিণ মুৱাকে সেৱ এটা কৰি লবি।” এইবুলি কাষৰ সৰু টিনৰ বাকচটোৰপৰা এটা মণি উলিয়াই তাত ক’লা ডোল এডাল লগাই মোক দিলে। মই ভাবিলোঁ, ‘দেউক কিবা এটা নিদিলে বেয়া হ'ব। পিছে কি দিম! অকল দক্ষিণা হলে কথা নাছিল, কিন্তু তাবিজটোৰত কিবা দাম আছে! “অলপ হেঁহো-নেহোকৈ সুধিয়ে পেলালোঁ, “পিছে খুৰা, সুধিলোঁ, বেয়া নাপাব। মূল্য কিমান দিব লাগে?”
প্ৰভুই মোৰ কথা শুনি এটা হাঁহি মাৰিলে। তাৰ পিছত একেবাৰে উদাসীন ভাৱেৰে হাতদুখন একলগ কৰি মূৰটোৰ পিছফাললৈ নি এটা এঙামুৰি মাৰিলে। তাৰপিছত দুয়োখন হাত টেবুলখনতে ঠেকেঁচা মাৰি থৈ ক'লে, “মূল্যনো কি ল’ম তোৰ পেৰে? ঘৰৰে ছলি। অন্যৰপেৰে হলি ললু হৈ। তথাপি তই দিবা খুচ্ছা যুদি কেৱল মণিটোৰ দাম ডেৰ হাজাৰ দিলিয়ে হ’ব যা। মই তাত এক পইচাও লাভ ল নাই। তোৰ ভাল হলিয়ে মোৰ সুখ!”