মৰামৰি, জাতি-সম্প্ৰদায়ৰ মাজত হাই-কাজিয়াই গোটেই দেশখনকে অশান্তময় কৰি তুলিছে। এনে পৰিস্থিতিত বৈদেহীক ইয়ালৈ আনি আৰু কষ্ট দিয়াৰ মন নকৰিলোঁ। তুমি ভালদৰে জানাই যে সেইবাৰ দণ্ডকাৰণ্যত চৈধ্য বছৰ বনবাস খাটিয়েই বেচেৰীয়ে কেনে কষ্ট পাইছিল। তেওঁৰ লগতে ময়ো মানুহৰ ৰোষত পৰি কম নগুৰ-নাকতি হোৱা নাই। তাতে আকৌ ইয়াৰ মানুহবিলাকৰ এনেয়ে পৰচৰ্চা-পৰনিন্দা কৰাৰ অভ্যাস। কেনেবাকৈ যদি বৈদেহীয়ে কাৰোবাৰ লগত কথাও পাতে, তেন্তে মানুহে যে ফিচিং-ফাচাংখন নকৰিব তাৰ কোনো নিশ্চয়তা নাই৷ এবাৰ সাপে খালে কেঁচুলৈকে ভয়। সেয়ে ইয়াত মন্দিৰ হৈ নুঠা পৰ্য্যন্ত, সম্পূৰ্ণ নিৰাপত্তা হৈ নুঠা পৰ্য্যন্ত মই তেওঁক আনিবলৈ সাহস কৰিব নোৱাৰি লক্ষ্মণকে ৰখীয়া পাতি থৈ আহিলোঁ। আনহাতে ময়ো পুৰণি অযোধ্যাৰ স্থানবিলাক পাহৰি গৈছোঁ। আগতে য'ত আমাৰ বাসস্থান আৰু ৰাজধানী আছিল, সেইবোৰত এই মানুহবোৰে পকী বাট-পথ আৰু প্ৰকাণ্ড প্ৰকাণ্ড হৰ্ম্য (প্ৰাসাদ, অট্টালিকা) সাজি গোটেইখন ওলট-পালট কৰি পেলালে। ইয়াৰ মাজত যদি কিবাকৈ আমাৰ বৈদেহী হেৰাবলগীয়া হয়, মই আৰু বিচাৰি পোৱা সম্ভৱেই নহ'ব। অৱশ্যে তুমি হৰ্ম্যই হৰ্ম্যই জঁপিয়াই বিচাৰি উলিয়াব পাৰিবা; মোৰ পূৰা বিশ্বাস আছে। কিন্তু তাকে লৈ যদি তোমাৰ একমাত্ৰ নেজদাল আকৌ পুৰিব লগা হয়, মোৰেই দুখ লাগিব নহয! সেয়ে প্ৰথমে মই নিজে ঘূৰি-মেলি আমাৰ পুৰণি ঠাইবোৰ বিচাৰি চিনাকি হৈ লোৱাৰ কথা ভাবিছোঁ। পিছে পৱনপুত্ৰ! তোমাৰ বাৰু ইয়াত কেনে লাগিছে কোৱাচোন!”
হনুমানে শ্ৰীৰামচন্দ্ৰৰ চৰণত সেৱা এটি জনাই ক'লে, “হে প্ৰভু! ইয়ালৈ আহি মই বেয়া পোৱা নাই। বিশেষকৈ এতিয়া মোৰ ভক্তৰ সংখ্যাও আগতকৈ বহু বেছি হৈছে। হলেও আমাৰ সেইদিনৰ গছ-গছনি, বাট-পদূলি, জীৱ-জন্তু আদিবোৰ নেদেখিহে ব্যথিত হৈছোঁ। হে প্ৰভু! কথা এটি কওঁ, যদি বেয়া নাপায়৷’’
শ্ৰীৰামচন্দ্ৰ— তুমি কি কথা কোৱাহে পৱনপুত্ৰ! তুমি মোৰ চিৰলগৰী আৰু পৰম ভক্ত। তুমি অবিহনে মই মিছা, আৰু মই অবিহনে তুমি মিছা। গতিকে আমাৰ মাজত বেয়া পোৱা-পুইৰ প্ৰশ্নই আহিব নোৱাৰে। কোৱা কি কোৱা।”
হনুমানে পুনৰ এটি সেৱা জনাই ক'লে, “হে প্ৰভু! মই বান্দৰ বংশীয়৷ সেইদিনত এই ভাৰতবৰ্ষত মানুহতকৈ বান্দৰেই বেছি আছিল। শ্ৰীলংকাৰপৰা