পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহে মুখাৱৰণ কিয় ল'ব লগা হ'ল?
(ৰস ৰচনা)

২০১৯ চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী ৰঞ্জন গগৈ দেৱৰ নেতৃত্বত গঠন কৰা বিচাৰক মণ্ডলীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে পথ সুচল কৰি দিয়াত সমগ্ৰ ভাৰততে আনন্দৰ জোৱাৰ উঠে। বিশেষকৈ অযোধ্যাত ৰামৰ অনুগামীসকলে তম্বুৰেই অস্থায়ীভাৱে ৰাম মন্দিৰ সাজি পূজা-পাতল কৰিবলৈ ধৰিলে। আনহাতে শ্ৰীৰামৰ পৰম ভক্ত পৱন পুত্ৰ হনুমানৰো মন্দিৰ সাজি তেওঁৰো পূজা-পাৰ্বণ আৰম্ভ কৰা হ'ল। ভক্তসকলে ৰাম আৰু হনুমানৰ মূৰ্তি সাজিও সংশ্লিষ্ট মন্দিৰত স্থাপন কৰিছিল।

 শ্ৰীৰামচন্দ্ৰক ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ বুলিও বহুতে কয়। তেওঁ প্ৰজাপালক, সুশাসক বুলি সকলোৱে জানে। ভাৰতীয় জনতাৰ এনে পূজাৰ কোবত শ্ৰীৰামচন্দ্ৰই স্বৰ্গৰপৰা নামি আহি প্ৰতিষ্ঠাপিত মূৰ্তিত অধিষ্ঠিত নোহোৱাকৈ থাকিব নোৱাৰিলে। ইতিমধ্যে একে কাৰণতে শ্ৰীহনুমানেও নামি আহি প্ৰভু ৰামচন্দ্ৰৰ সান্নিধ্য পাবলৈ নিজ মূৰ্তিত অধিষ্ঠিত হ’ল। দিনৰ ভাগত জনতাই ৰাম আৰু হনুমানৰ মূৰ্তিত পূজাৰ্চনা কৰি থকাৰ বাবে দুয়োজনে কোনেও কাকো দেখা-সাক্ষাৎ কৰা সম্ভৱ নহয়। সেয়ে, ৰাতি সকলো লোক ঘৰাঘৰি যোৱাৰ পিছত হনুমানে মূৰ্তিৰপৰা ওলাই আহি শ্ৰীৰামচন্দ্ৰৰ চৰণ বন্দনা কৰে।

 ইতিমধ্যে ৰাম মন্দিৰ সজাৰ যো-জা পূৰ্ণোদ্যমে চলিছে। তাৰ মাজতে, প্ৰায় চাৰিমাহমানৰ আগতে, মানে ২০২০ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ (মাঘ-ফাগুন মাহত) এদিন অমাৱস্যা ৰাতি হনুমান আহি শ্ৰীৰামচন্দ্ৰৰ লগত কথা পাতিবলৈ ধৰিলে। হনুমানে শ্ৰীৰামচন্দ্ৰক সুধিলে, “প্ৰভু! ইয়ালৈ আপুনি মাতৃ সীতাদেৱী আৰু ভাই লক্ষ্মণক এৰি থৈ কিয় আহিল আৰু আপোনাৰ ইয়াত কেনে লাগিছে, সেই কথা জানিবলৈ বহু দিনৰপৰা মোৰ মনটো লকলকাই আছে।”

 শ্ৰীৰামে কাহ এটা মাৰি উত্তৰ দিলে, “মই তোমাৰ উদ্বেগৰ কাৰণ বুজোঁ পৱনপুত্ৰ! কথাটো হ'ল, বহু হাজাৰ বছৰ আগতে এৰি যোৱা এই অযোধ্যা নগৰীকে ধৰি সমগ্ৰ ভাৰততে এক অস্বাভাৱিক পৰিস্থিতি বিৰাজ কৰা দেখিছোঁ। কটা-কটি,