এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
আৰাধি তোমাকে ৰচে কত গীত-নাট;
বান্ধি আছে হিয়াত সমন্বয়ৰ বাট।
সীমাহীন শকতিৰ গতি তোমাৰ।
পাহাৰ, ভৈয়াম, নগৰ, চহৰ
কৰি একাকাৰ, হৈ নিৰাকাৰ
সাগৰ সদৃশৰূপে প্ৰকাশিছা তুমি।
গঢ়িছা নগৰ, স্থাপিছা উদ্যোগ-বেহা।
কৰিছা পলসুৱা খেতিৰ ভূমি।
বিশ্বত জিলিকাইছা তুমি অসমীৰ মান;
সাৱতি উমানন্দ, মাজুলি সম কত তীৰ্থস্থান;
নহয়নে তুমিয়ে স্ৰজক শত নৈ জুৰি জান?
তেনে কিয় আজি তব
অৱনত সোঁত ভটিয়নী?
উত্তৰীয় এটি ধ্বনিৰ উজনী সোঁতত
নেওচি প্ৰণাম, সেৱা ল’লা বাৰু নাম ‘নমামি’?
সলালা বহন গতি, ঐতিহ্য আৰু নীতি
হেৰুৱাই নাম মহাবাহু, লুইত লোহিতাদি
পাৰিবা জানো ৰ’ব হৈ
লুইতপৰীয়াৰ নমস্য চিৰকাল?
হালধীয়া চৰাই
আকাশত উৰিছে এজাক চৰাই হালধীয়া
বনৰ বাহ এৰি মনৰ বাসনা লৈ
পেখম ধৰি ধৰি নাচে মন মোহনীয়া।