বদনাম হ’ব। সেয়ে ভাবিছোঁ, দেখাকৈ তিনি-চাৰিটা মূৰ আৰু মুখ দিয়াতকৈ অদৃশ্যভাবে সকলো নাৰীৰে এখন মুখত দহখন মুখৰ শক্তি, দুখন কাণত চাৰিখন কাণৰ শ্ৰৱণ শক্তি প্ৰদান কৰা হওক।
এনেতে দৈপায়ণ মুনিয়ে মাত লগালে, তেন্তে হাত দুখনৰ শক্তিও আঠখন হাতৰ সমান হ’ব নেকি গুৰুদেৱ?”
ব্ৰহ্মা- তুমি বুজা নাই বৎস। আঠখন হাতৰ শক্তি নাৰীসকলক দিলে সিহঁতে গিৰীয়েক সকলক মাৰি মাৰি অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। এতিয়া যিখিনি দিব খুজিছোঁ, সেইখিনিৰে কি ভয়ানক ব্যৱহাৰ হয় চাই থাকাচোন। মই ভাবি চিন্তিহে কাম কৰোঁ।
ইজনে সিজনলৈ চোৱা-চুই কৰিলে, ভিতৰুৱা আলোচনা কৰিলে। সকলোৰে মতামত লৈ নাৰদে পুনৰ থিয় হৈ ক'লে, “তেন্তে সেয়ে কৰক গুৰুদেৱ। আপোনাৰ এই মহান চিন্তাত সভাই সৰ্বসন্মতি জ্ঞাপন কৰিছে।”
এটা মিচিকিয়া হাঁহি মাৰি ব্ৰহ্মাদেৱে সোঁহাতেৰে ৰাজদণ্ডদাল তুলি, চকু আঠটা মুদি আশীৰ্বাদসূচক মন্ত্ৰ মাতিলে “এই মুহূৰ্তৰপৰা স্বৰ্গ-মৰ্ত্যৰ সমস্ত নাৰীক চাৰি কাণ, চাৰি চকু, আঠমুখৰ শ্ৰৱণ আৰু বকণ বা বোলন শক্তি প্ৰদান কৰা হ'ল। মৰ্ত্যত ইয়াৰ পৰিণতি যি হ’ব, তাৰবাবে সংশ্লিষ্ট লোকৰ পুৰুষসকলে ভোগ, আৰু উপায় নিৰ্ণয় কৰিব। তাত এই বিশ্বব্ৰহ্মাণ্ড স্ৰষ্টা ব্ৰহ্মা বা ব্ৰহ্মলোকৰ কোনো দায়িত্ব নাথাকিব।”
ব্ৰহ্মাদেৱৰ এই মহানতাত দেৱলোকত আনন্দৰ জোৱাৰ উঠিল। তেতিয়াৰেপৰা পৃথিৱীৰ নাৰীৰ কাণ-মুখৰ শক্তি পুৰুষৰ চাৰিগুণ হ’ল। পুৰুষে নক’লেও শুনে, পুৰুষে নকৰিলেও বা নহ'লেও বহুখিনি দেখে, হোৱা-নোহোৱা সকলো কথা শুনাৰ অসীম গুণধাৰী হোৱাৰ যোগ্যতা অৰ্জন কৰিলে।
ভোমোৰাৰ মুখত এই সত্য শুনাৰ পিছত ব্যাসদেৱে ক'লে, “হে ভ্ৰমৰ। তোমাৰ কথা সত্য হলেও এই কথা মই ব্যক্ত কৰিলে ‘মহাভাৰত’ ত বাহুল্য হিচাপে পৰিগণিত নহ'ব জানো?”
ভোমোৰাই উত্তৰ দিলে, “ময়ে তাকেই চিন্তা কৰিছোঁ গুৰুদেৱ। এটা কাম কৰক। কথাটো আপুনি উপকাব্যত টোকা কৰি থৈ দিয়ক। ব্যক্ত কৰাৰ দায়িত্ব ধৰাৰ নৰমনিচৰ হাততে ন্যস্ত কৰক।”