সমললৈ যাওক

গীতাসাৰ

ৱিকিউৎসৰ পৰা
[  ]

গীতাসাৰ।
(শ্ৰীমদ্ভগৱদগীতাৰ অসমীয়া ভাঙ্গনী)

 


শ্ৰীকৃষ্ণ-প্ৰণেতা,
সাহিত্যিক পেঞ্চনাৰ,
ৰায় বাহাদুৰ

শ্ৰীযুত পদ্মনাথ গোহাঞি বৰুৱা. এম, আৰ, এ, এচ
প্ৰণীত।

 

প্ৰথম তাঙ্গৰণ।
১৮৫৭ শঁক।


 
বেচ,
 
পকা বন্ধা, খনে ২৲ দুটকা।
কেচা বন্ধা, খনে ১॥০ ছমহা।

[  ]

তেজপুৰ,
লীলা-এজেঞ্চিৰপৰা
গ্ৰন্থকাৰৰ দ্বাৰাই প্ৰকাশিত।


 





কলিকতা,
২নং বেথুন ৰোড, ‘ভাৰতমিহিৰ প্ৰেছত’
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰাই মুদ্ৰিত।

[  ]
উছৰ্গা।

৺চন্দ্ৰকান্ত আৰু ৺ইন্দ্ৰকান্ত
সন্দিকৈ তনয়দ্বয়ৰ
সন্তপ্ত পিতৃ
মোৰ আদৰৰ ভনীস্বামী
ৰায় বাহাদুৰ শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ
আৰু
স্বৰ্গীয় পোনাদ্বয়ৰ
সন্তপ্তা মাতৃ
মোৰ চেনেহৰ নুমলীয়া ভনী
আইদেউ শ্ৰীমতী নাৰায়ণী দেবীৰ
সন্তাপিত হিয়াত
এই
সন্তাপহাৰী
“গীতাসাৰ”
থাপনা কৰা হল।

গ্ৰন্থকাৰ।

[  ]
পাতনি।

 ভগৱান্‌ শ্ৰীকৃষ্ণই প্ৰিয়তম সখি-শিষ্য অৰ্জুনক কুৰুক্ষেত্ৰ মহাৰণত প্ৰবৃত্ত কৰাবলৈ উদগনি দিয়াৰ লাচতে যেনেকৈ গুহ্যতম গীতশাস্ত্ৰ ব্যাখ্যা কৰিলে, তেনেকৈয়ে প্ৰভুপাদ এই লেখকেও শ্ৰীকৃষ্ণ-চৰিতাখ্যান অসমীয়া ভাষাত লিপিবদ্ধ কৰাৰ লাচতে ভগৱানৰ স্বপ্ৰচাৰিত কৃষ্ণধৰ্মৰ সাৰমৰ্ম্ম এই “গীতাসাৰ” যুগুত কৰি উঠে। ইয়াৰ অন্যতম উদ্যোক্তা কাৰণ হৈছে, গোটাচেৰেক অভাবনীয় বিয়োগ-শোকৰ মৰ্ম্মাহত ছেপা লাঘৱ কৰাৰ উপায় অন্বেষণত;—এই জীৱনৰ আদি আৰু মাজ ছোৱাত ওপৰ-উপৰিকৈ বিয়োগ-সন্তাপ সহনৰ ওপৰঞ্চি স্বৰূপ, শেহছোৱাৰ জীৱন- সন্ধিয়াত দুটি চেনেহৰ ভাগিন (৺চন্দ্ৰকান্ত আৰু ৺ইন্দ্ৰকান্ত সন্দিকৈ তনয়যুগল) আৰু দুটি চঞ্চল ডেকা সাদৰী জোৱাঁই (৺হৰিনাথ গগৈ বি, এল, উকীল আৰু ৺ৰোহিনীকান্ত হাতীবৰুৱা বি-এ, এম-এল-চি,) এই চাৰিটি প্ৰাণপ্ৰতিম প্ৰাণীক অকালত হেৰুৱাই, শোকত আকুল হৈ, সেইশোক-তাপ শাম কটাবৰ অৰ্থে, কৃষ্ণদত্ত মহৌষধি গীতা পান কৰাৰ ফলত, এই “গীতাৰ” উদ্ভৱ হয়। এনেহেন দেৱদুৰ্ল্লভ মহৌষধি গুণত লেখকে যি মহোপকাৰ উপভোগ কৰিছে, তাৰ ভাগ স্বৰূপ সেই সঞ্জীৱনী সুধা অসমীয়া জনসাধাৰণ সবাৰে যাতে ইচ্ছা কৰিলেই উপভোগ কৰিবলৈ সুচল পায়, সেই অৰ্থে, এই ভগৱৎ সম্ভাৰ ৰাইজৰ আগলৈ আগবঢ়োৱা হৈছে।—ইতি।

‘পদ্মকুটীৰ, তেজপুৰ, অসম।
১ শাওণ, ১৮৫৭ শঁক।
প্ৰভুপাদ,
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা।
 

[  ]
সূচীপাত।
বিষয় পৃষ্ঠা
১। আধ্যা।
গীতা-সৃষ্টি ••• ••• •••  ৪৬৯
২। আধ্যা।
আত্মাতত্ত্ব আৰু কৰ্ত্তব্য জ্ঞান ••• ••• ৪৭৫
৩। আধ্যা।
নিষ্কাম কৰ্ম্মযোগ ••• ••• ••• ৪৮৩
৪। আধ্যা।
জ্ঞানযোগ আৰু কৰ্ম্মযোগ ••• ••• ৪৯৩
৫। আধ্যা।
আত্মপ্ৰকাশ—কৰ্ত্তব্যকৰ্ত্তা ••• ••• ৫০১
৬। আধ্যা।
কৰ্ত্তব্যাকৰ্ত্তব্য জ্ঞান ••• ••• ••• ৫০৫
৭। আধ্যা।
কৰ্ম্মযোগ আৰু সন্যাস যোগ ••• ••• ৫০৯
৮। আধ্যা।
যোগী আৰু সন্যাসী ••• ••• ••• ৫১৫
৯। আধ্যা।
ভক্তিযোগ (পৰমাত্মা-তত্ত্বজ্ঞান) ••• ••• ৫২৩
১০। আধ্যা।
ভক্তিযোগ (পৰব্ৰহ্ম-তত্ত্বজ্ঞান) ••• ••• ৫২৮
[  ]
বিষয় পৃষ্ঠা
১১। আধ্যা।
বিজ্ঞানপূৰ্ণ জ্ঞানতত্ত্ব ••• ••• •••  ৫৩৫
১২। আধ্যা।
ধ্যানযোগ (ভগৱান-বিভূতি-প্ৰকাশ) ••• ৫৪১
১৩। আধ্যা।
দিব্যদৰ্শন, বিশ্ববিকাশ ••• ••• ••• ৫৪৯
১৪। আধ্যা।
সাকাৰ আৰু নিৰাকাৰ উপাসনা ••• ••• ৫৫৮
১৫। আধ্যা।
অভেদাত্মা তত্ত্বজ্ঞান ••• ••• ••• ৫৬২
১৬। আধ্যা।
গুণসংযোগ তত্ত্বজ্ঞান ••• ••• ••• ৫৬৯
১৭। আধ্যা।
সংসাৰ-বৃক্ষ তত্ত্বজ্ঞান ••• ••• ••• ৫৭৪
১৮। আধ্যা।
বাসনা তত্ত্বজ্ঞান ••• ••• ••• ৫৭৮
১৯। আধ্যা।
সাম্প্ৰদায়িক কৰ্ম্মানুষ্ঠান তত্ত্বজ্ঞান ••• ••• ৫৮৩
২০। আধ্যা।
ত্যাগ তত্ত্বজ্ঞান ••• ••• ••• ৫৮৮
২০। আধ্যা।
গুহ্যাতিগুহ্য গীতাতত্ত্ব-সঞ্জয় মন্তব্য ••• ••• ৫৯৪

⸺★★★⸺

[ ১১ ]
(গ্ৰন্থকাৰ—৩৫ বছৰীয়া বয়সত)

[ ১৩ ]
গীতাসাৰ।
১। আধ্যা।
গীতা-সৃষ্টি।

 যুদ্ধকৰ্ত্তা ধৰ্ম্ম-যুধিষ্ঠিৰে ধৰ্ম্মক চিয়াই কুৰুক্ষেত্ৰ-মহাৰণৰ আৰম্ভণ যথাবিধি ঘোষণা কৰি দিলে। সেই অনুসৰি, ৰণক্ষেত্ৰত পোন্‌-প্ৰথমে গা-দেখা দিবলৈ পাণ্ডৱৰ ঘাই ৰণনেতা অৰ্জ্জুন পাণ্ডৱবাহিনী আৰু কৌৰৱবাহিনীৰ মুখামুখি মধ্যস্থলত অৱতীৰ্ণ হলহি। এনেতে, অৰ্জ্জুনে এই বুলি তেওঁৰ সাৰথি শ্ৰীকৃষ্ণত বিনীত ভাৱে অনুজ্ঞা জ্ঞাপন কৰিলে, “সখি। ক্ষন্তেকমান মোৰ ৰথ উভয় বাহিনীৰ দোমোজাত ৰখোৱাঁচোন, চাই লওঁ মই কাৰ কাৰ লগত ৰণ কৰিব লাগিব; আৰু দুয়োপক্ষৰ সেনাপতিসকলৰ ভিতৰত কোনে কাৰে সৈতে বৈৰথ ৰণ দিবলৈ সষ্টম হৈছে তাকো চাই লওঁ।” সেই অনুজ্ঞা পালন কৰি,সাৰথি বাসুদেৱে অৰ্জ্জুনৰ ৰথ চলাই নি দুয়ো বাহিনীৰ ঠিক সম্-মাজত ৰখালেগৈ। মহাৰথ পাৰ্থবীৰে ধীৰ-স্থিৰভাৱে ৰ-লাগি একান্ত মনেৰে কৌৰৱ আৰু পাণ্ডৱবাহিনীৰ সৈন্য-সামন্ত, সেনানায়কসকল আৰু আত্মীয়-কুটুম্বৰ প্ৰতি পৰম কাৰুণিক দৃষ্টিৰে চাবলৈ ধৰিলে। কুন্তীনন্দন ধনঞ্জয়ে কৌৰৱবাহিনীৰ নেতাসকলৰ মাজত দেখিলে, তেওঁৰ পৰম উপকাৰী পিতামহ ভীষ্মদেৱ, পৰম পূজনীয় শিক্ষাগুৰুদেৱ দ্ৰোণাচাৰ্য্য, [ ১৪ ] সোদৰ প্ৰতিম মহাবীৰ কৰ্ণ, অগ্ৰজসম যুদ্ধকৰ্ত্তা দুৰ্য্যোধনাদি আত্মীয়-কুটুম্ব সকল! আনপক্ষত পাণ্ডৱ বাহিনীত পৰম পূজনীয় অগ্ৰজদ্বয় আৰু অতি চেনেহৰ অনুজযুগল, পৰম শ্ৰদ্ধেয় বৃদ্ধ শহুৰ দ্ৰুপদ ৰজা, আপদৰ বন্ধু বিৰাটৰাজ, অতি আদৰৰ বৈনাই মহাৰথ ধৃষ্টদ্যুণ্য, পৰম প্ৰিয়পত্নী দ্ৰৌপদীৰ পঞ্চনন্দন, প্ৰাণ প্ৰতিম ভতিজা হিড়িম্বানন্দন ঘটোৎকচ, প্ৰাণাধিক প্ৰিয়তম পুত্ৰ সুভদ্ৰানন্দন অভিমন্যু। এনে স্বতেজী, স্ববংশী, স্বধৰ্মী, অভেদাত্মাস্বৰূপ আত্মীয়-কুটুম্বৰ মাজত প্ৰতিদ্বন্দ্বিতা ইবিলাৰ ভিতৰত মৰামৰি-কটাকটি। তেওঁ নিজ হাতে সেই পালক পিতামহক বধিবলৈ অস্ত্ৰ ধৰিব! সেই হাতেৰেই তেওঁৰ ধনুগুৰু দ্ৰোণাচাৰ্য্যৰ বিৰুদ্ধে ধনু ধৰিব। সেই হাতেই তেওঁৰ অৰ্থ সোদ অদ্বিতীয় বীৰ কৰ্ণৰ বধক্ৰিয়া সম্পাদন কৰিব! যাৰ সিৰত তেওঁৰে সৈতে একে তেজ প্ৰবাহিত, সেই বংশ-ভাই-বন্ধুবৰ্গৰ প্ৰতি শত্ৰুতাচৰণ কৰি তেওঁ নিজ হাতে সিবিলাকক বধ কৰিব? এনে ভাব অৰ্জ্জুনৰ মনত উতলি উঠিল। তেওঁ সকলো সংকল্প, সকলো কৰ্তব্য ততালিকে পাহৰি পেলালে; এনে ৰণত প্ৰবৃত্ত নহবলৈ বুলি তেওঁ হতাশ হৈ বহিল।

 ধৰ্ম্মক্ষেত্ৰ (১) কুৰুক্ষেত্ৰত অৱতীৰ্ণ হৈ বীৰেন্দ্ৰ কেশৰী অৰ্জুন বৈৰাগ্য ভাবত বিহবল হৈ নিতান্ত নিৰ্বণীৰ দৰে ৰণবিমুখ হৈ বহি পৰা


 (১) ধ’ত ধৰ্ম্মবুদ্ধিহীন লোকৰো অন্তৰত ধৰ্মভাবৰ উদয় হয়, য'ত মানৱ অন্তৰত অক্ষট ধৰ্ম্ম-প্ৰবৃত্তি প্ৰস্ফুটিত হয়, যি ঠাইৰ স্থানীয় পৱিত্ৰ প্ৰকৃতিৰ প্ৰভাৱত তমগুণী পুৰুষৰ অন্তৰত সৰ্বগুণৰ বিকাশ হয়, সেই “ধৰ্ম্মক্ষেত্ৰ" কুৰুক্ষেত্ৰ তাৰ ভিতৰত সবাতকৈ বিশিষ্ট। এনে হেন কুৰুক্ষেত্ৰত মই তমোগুণ ধীৰেন্দ্ৰ কেশবী অৰ্জুন উপস্থিত সমস্যাত বিচলিত হৈ বৈৰাগ ভাবত সৰ্বগুণবিশিষ্ট হোৱাটো

নিচেই স্বাভাৱিক৷ —শ্ৰীমদ্ভাগবদগীতা, প্ৰথম আধ্যা, ১ম শ্লোক, গীতাৰ্থ সন্দিপনী। [ ১৫ ]
 

দেখি কৰ্তব্যপৰায়ণ ভগৱান শ্ৰীকৃষ্ণ বিষম সমস্যাত পৰিল। গতিকে, চক্ৰীচূড়ামণি ভগৱান মাধৱে আত্মজ্ঞান উপদেশৰ অৱতাৰণা কৰিলে। মানৱাত্মাত আত্মজ্ঞানৰ উদয় হলে, সত্ত্ব-ৰজ-তম এই তিনিগুণেই মাৰ যায়। সেই কাৰণে, সৰ্ব্বশাস্ত্ৰবিশাৰদ অদ্বিতীয় ধাৰ্ম্মিক পণ্ডিত শ্ৰীকৃষ্ণদেৱে ত্ৰিগুণাতীত হৈ কৰ্ম্মাশ্ৰমিক বাহ্য ধৰ্ম্মৰ অনুষ্ঠান আৰম্ভ কৰিলে, আৰু আত্মজ্ঞানৰ দ্বাৰাই দেহাত্মবুদ্ধি বিনাশ কৰি অৰ্জ্জুনত ত্ৰিগুণ মায়াবন্ধন কাটিবলৈ প্ৰয়াস পালে। সেই উদ্দেশে শান্তিপ্ৰিয় মাধৱে কৰ্তব্যৰ অনুৰোধত প্ৰাণসখি অৰ্জ্জুনক এই বুলি সম্বোধন কৰিলে,—“হে অৰ্জ্জুন! উপস্থিত মহা সমস্যাত তোমাৰ অন্তৰত এই মায়া-মোহ কৰপৰা আহিল? এনে মোহ, এনে সমস্যা কাচিতো ক্ষত্ৰিয়োচিত নহয়। এনে মায়াত অধৰ্ম্ম আৰু অখ্যাতি হে আছে। এতেকে,হে অৰ্জ্জুন! দুৰ্ব্বল নহবাঁ; এনে দুৰ্ব্বলতা তোমাত সমূলি শোভা নাপায়। উঠাঁ, উঠাঁ, কৰ্ত্তব্যনাশক নীচ দুৰ্ব্বলতা নিলগ কৰি ৰণত প্ৰবৃত্ত হোৱা।”

 অৰ্জ্জুনে সকাতৰে এই বুলি উত্তৰ দিলে, “হে কৃষ্ণ! আত্মীয়-স্বজন, বংশ-পৰিয়াল আৰু গুৰুজনক ৰণক্ষেত্ৰত সমবেত হোৱা দেখি মোৰ সৰ্বাঙ্গ অৱসন্ন হৈ পৰিছে, শোক-অনুমাণত মুখ শুকাই আহিছে, গোটেই শৰীৰ কঁপিবলৈ ধৰিছে, প্ৰাণ ৰোমাঞ্চিত হৈছে; হাতৰপৰা গাণ্ডীৰ ধনু সৰি পৰিছে আৰু গাৰ ছাল ৰম্‌ৰমাব লাগিছে (১)। হে কেশৱ। মোৰ স্থিৰেৰে ৰবৰ শক্তি লোপ পাইছে, মোৰ মূৰ ঘূৰিব লাগিছে, মই সৰ্ব্বত্ৰতে অপায়-অমঙ্গল প্ৰত্যক্ষ নিদৰ্শন দেখা পাইছোঁ (২)। উপস্থিত ৰণত আত্মীয়-কুটুম্ব সকল বধ কৰিলেও তাৰপৰা কোনো ফল লাভ হব বুলি মোৰ মনে নধৰে। হে কৃষ্ণ! মই বিজয় কামনা নকৰোঁ, আৰু


 (১) শ্ৰীমদ্ভগৱত্গীতা, প্ৰথম আধ্যা, ২০ শ্লোক।

 (২) গীতা, প্ৰথম আধ্যা, ৬০ শ্লোক। [ ১৬ ]
 

ৰাজ্যভোগ সুখলৈগে মোৰ আকাংক্ষা নাই (১)। হে গোবিন্দ! আমাৰ ৰাজ্যৰেইবা কি প্ৰয়োজন? আৰু জীৱনধৰাৰেই বা আমাৰ ফল কি? যিহেতু, যাৰ নিমিত্তে ৰাজভোগ আৰু সুখ কামনা কৰা যায়, সিবিলাকেইচোন ৰণত উপস্থিত (২)। সৌৱা মোৰ গুৰুজন, পিতৃব্যসকল, পুত্ৰগণ; সেয়া পিতামহ, শহুৰ, মোমাই, নাতি-পুতি আৰু জেঠেৰি-বৈনাই-খুলশালি প্ৰভৃতি; তদুপৰি, সমস্ত আত্মীয়-কুটুম্বাদি সকলোৱেই ধনৰ মমতা আৰু প্ৰাণৰ মায়া ত্যাগ কৰি ৰণত অৱস্থিত হৈছেহি। এতেকে, হে মধুসুদন! মোক বধ কৰিলেও সিবিলাকক বধিবলৈ মোৰ সত নাযায় (৩)! পৃথিবীৰ ৰাজত্ব হে নালাগে, ত্ৰৈলোক্য ৰাজ্যলাভাৰ্থেও ইবিলাকক মই বধ কৰিব নোৱাৰোঁ। হে জনাৰ্দ্দন! দুৰ্য্যোধনাদিক হত্যা কৰি নো আমাৰ কি সুখ হব (৪)? হে মাধৱ! দুৰ্য্যোধনাদিয়ে লোভ পাপ কৰিবলৈ উদ্যত হৈছে যদিও, আমি কুলক্ষয়- জনিত পাপ (৫) আচৰোঁ কিয়? কুলক্ষয় হলে সনাতন কুলধৰ্ম্ম সমূহ বিনষ্ট হয় (৬); আৰু কুলধৰ্ম্ম নষ্ট হলে অৱশিষ্ট সমস্ত কুল


 (১) শ্ৰীমদ্ভাগৱদগীতা প্ৰথম আধ্যা, ৩১ শ্লোক।
 (২) গীতা, প্ৰথম আধ্যা, ৩২ শ্লোক।
 (৩) গীতা, প্ৰথম আধ্যা, ৩৩ আৰু ৩৪ শ্লোক।
 (৪) গীতা, প্ৰথম আধ্যা, ৩৫ শ্লোক।
 (৫) প্ৰকৃততে, আত্মীয়-কুটুম্বাদিক ৰণক্ষেত্ৰত সমবেত দেখি অৰ্জ্জুন শোক- মোহাছন্ন হোৱা নাই; সত্ত্বগুণৰ প্ৰভাৱত বৈৰবুদ্ধি নাশ হোৱা হেতুকেহে তেওঁৰ হিংসাপূৰ্ণ ৰণপ্ৰবৃত্তি স্বভাৱতে শামকাটি আহিল। আৰু, সত্ত্বগুণৰ প্ৰভাৱত শত্ৰুৰ প্ৰতি মিত্ৰভাৱে চালেই ৰণলীলা আপোনা-আপুনি মাৰ যায়।
 —কৃষ্ণানন্দস্বামিকৃত গীতাৰ্থ সন্দীপনী ।

 (৬) গীতা, প্ৰথম আধ্যা, ৩৬-৩৯ শ্লোক । [ ১৭ ]
 

অধৰ্ম্মত অভিভূত হয়। এতেকে, হে জনাৰ্দন! কুলক্ষয়জনিত পাপ দেখিও আমি তাৰপৰা নিলগ নহম কিয়? হে বৃষ্ণিকুলতিলক! শুনিছোঁ, কুলধৰ্ম্ম অধৰ্ম্মত পতিত হলে কুলনাৰীগণ ভ্ৰষ্টাচাৰিণী হয়; সেয়ে হলে, কুলত কলঙ্কস্বৰূপ বৰ্ণসঙ্কৰৰ উদ্ভৱ হয় (১)। তাৰ ফলত পিতৃ-পিতামহসকলৰ সদ্গতি নহৈ, সিবিলাকৰ স্বৰ্গীয় আত্মা ক্ৰমাৎ নৰকগামী হয় (২)। আৰু তাৰ ফলত কুলনাশকগণৰ জাতিধৰ্ম্ম সনাতন কুলধৰ্ম্ম আৰু আশ্ৰমধৰ্ম্ম একেবাৰে উচ্ছিন্ন হয় (৩)। তদুপৰি, হে জনাৰ্দ্দন! শুনিছোঁ, বোলে যাৰ কুলধৰ্ম্ম আৰু জাতিধৰ্ম্ম বিনষ্ট হয়, সেইবিলাক মানৱাত্মা সৰ্ব্বতিকাল নৰকত পৰি থাকে (৪)। হাঁয়, কি কষ্ট! আমি কি যে মহাপাপ আচৰিবলৈ উদ্যত হৈছোঁ। যিহেতু আমি ৰাজ্যমুখ-লোভত পৰি আত্মীয়বৰ্গক বধিবলৈ আগ বাঢ়িছোঁ (৫)। মোৰ মনেৰে, মোক যদি নিৰস্ত্ৰ অৱস্থাত সশস্ত্ৰ দুৰ্য্যোধনাদি ধৃতৰাষ্ট্ৰৰ পুত্ৰগণে বধ কৰে, তেন্তে সি মোৰ কল্যাণৰ অৰ্থে হে (৬)।” ইয়াকে কৈ অৰ্জ্জুনে ৰণক্ষেত্ৰত শৰধনু পৰিত্যাগ কৰি শোকাকুল চিতেৰে থৰ ওপৰত বহি পৰিলগৈ (৭)। দেখি-শুনি সকলো বিচুৰ্ত্তি হল। সকলোৱেই সেই বিষম সমস্যাৰ পাৰ ক’ত তাক সূক্ষ্ম দৃষ্টিৰে মনি চাবলৈ ধৰিলে। সকলোৱেই ভাবি পালে যে, সেই অপাৰ সমস্যাৰ পাৰ কেৱল


 (১) শ্ৰীমদ্ভাগৱতগীতা, প্ৰথম আধ্যা, ৪০ শ্লোক।
 (২) গীতা, প্ৰথম আধ্যা, ৪১ শ্লোক।
 (৩) গীতা, প্ৰথম আধ্যা, ৪২ শ্লোক।
 (৪) গীতা, প্ৰথম আধ্যা, ৪৩ শ্লোক।
 (৫) পীতা, প্ৰথম আধ্যা, ৪৪ শ্লোক।
 (৩) গীতা, প্ৰথম আধ্যা, ৪৫ শ্লোক।

 (৭) গীতা, প্ৰথম আধ্যা, ৪৬ শ্লোক। [ ১৮ ]
 

ভগৱান শ্ৰীকৃষ্ণৰ অদ্ভুত প্ৰতিভাত বাজে আন কাৰো চিন্তাশক্তিয়ে ধুকি পোৱাটো সম্ভৱপৰ নহয়। গতিকে, সকলোৱেই অতি ব্যাকুল আৰু সন্দিহান চিতেৰে ভগৱান কেশৱৰ চেষ্টাচৰিতৰ প্ৰতি লক্ষ্য কৰিবলৈ ধৰিলে। (১)

     


 (১) কিন্তু, কৃষ্ণানন্দস্বামীকৃত গীতাৰ্থসন্দীপনী মতে, অৰ্জুনৰ ৰথ দুয়া সেনাদলৰ মাজত অৱস্থিত কৰাৰ হেতুকে পাণ্ডৱ পক্ষীয় কেৱেঁ ভগৱান শ্ৰীকৃষ্ণক দেখা নাপাইছিল; কৌৰৱ পক্ষে ভগৱান শ্ৰীকৃষ্ণক সমুখতে পাইছিল সঁচা, কিন্তু অৰ্জ্জুনৰ দৰে প্ৰাণসখি ভাৱে নেদেশি শত্ৰুভাৱে দেখিছিল। গতিকে, সত্ত্বগুণৰ অভাৱত কৃষ্ণকৃত গীতা বাখ্যানৰ মৰ্ম্ম সিবিলাকে উপলব্ধি কৰিব নোৱাৰিছিল, আৰু অৰ্জ্জুনে

ৰণ নকৰোঁ বুলি অহা দেখি সিবিলাক আনন্দিত হৈছিল। মাথোন, সঞ্জয়ে সৰ্ব্বজান জ্ঞানেৰে উপলব্ধি কৰি ইয়াৰ তথ্য ৰজা ধৃতৰাষ্ট্ৰক জনাই আছিল। [ ১৯ ]
২। আধ্যা।
আত্মাতত্ত্ব আৰু কৰ্তব্যজ্ঞান।

 ভগৱান শ্ৰীকৃষ্ণ মহাচিন্তাত পৰিল। মুৰকত যুদ্ধ নকৰোঁ বোলা অৰ্জ্জুনৰ খাতাং সমিচাৰে চিন্তাহাৰী ভগৱান মধুসূদনকো চিন্তাকুল কৰিলে। এনে অপাৰ সমস্যাৰ পাৰ উলিয়াবলৈ তেওঁ অভাবনীয় ভাবনা ভাবিব লগাত পৰিল। সেই উদ্দেশে তেওঁৰ মনে ত্ৰিভূবন ভ্ৰমণ কৰিবলৈ ধৰিলে। কিন্তু, ভিতৰি গভীৰ ভাবনাত মগ্ন যদিও, বাহিৰে সদানন্দ দৈৱকীনন্দন আনন্দময়। তেওঁ উলহ-লগা মৌ-মাতেৰে প্ৰাণসখি অৰ্জ্জুনক পুনৰপি এই বুলি উদ্গাবলৈ ধৰিলে, “হে পাৰ্থ। তুমি কাতৰ নহবাঁ। কাতৰ ভাৱ তোমাত শোভা নাপায়। হে শত্ৰুসন্তাপক বীৰ্য্যৱন্ত বীৰ! ক্ষুদ্ৰহৃদয়ৰ দুৰ্ব্বলতা পৰিত্যাগ কৰি ৰণলৈ গাত্ৰোত্থান কৰাঁ (১)।” এইভাৱে বিবিধ ভাউতিৰে বাসুদেৱে বাৰম্বাৰ উদ্গনি দিয়াৰ ফলত, কিংকৰ্তব্যবিমূঢ় অৰ্জ্জুনে অগত্যা শ্ৰীকৃষ্ণৰ ওচৰত সখিত্ব এৰি শিষ্যত্ব গ্ৰহণ কৰি “শ্ৰেয়ঃ” (২) উপদেশ প্ৰাৰ্থনা কৰিবলৈ উদ্যত হল; কিয়নো,


 (১) শ্ৰীমদ্ভাগৱত্গীতা, ২য় আধ্যা, ৩য় শ্লোক।
 (২) শ্ৰেয়ঃ উপদেশ দুবিধ; এবৈধ ঐকান্তিক আৰু ইবিধ আত্যন্তিক। যাৰ শুভলাভত অনিশ্চয়ত্ব আৰু লাভ হলেও তাত অস্থায়িত্ব থাকে, সেয়ে ঐকান্তিক;

আৰু যি নিশ্চয় শুভদায়ক, আৰু যি শুভ কাচিতো বিকৃত নহয়, সেয়ে আত্যন্তিক।— কৃষ্ণানন্দস্বামিকৃত গীতা সন্দীপনী, গীতা, ২য় আধ্যা, ৭ম শ্লোক। [ ২০ ]
 

শিষ্য হৈ জিজ্ঞাসু নহলে শ্ৰুতিসিদ্ধ নিয়মমতে উপদেষ্টাই ব্ৰহ্মবিদ্যাৰ শিক্ষা দান নকৰে। গতিকে, অগত্যা পাৰ্থবীৰে নিতান্ত নিৰ্জ্জুভাৱে ভগৱান শ্ৰীকৃষ্ণত এই বুলি নিবেদন কৰিলে, “হে মাধৱ! মই অজ্ঞান- জনিত নীচতদোষত কলুষিতচিত্ত আৰু ধৰ্ম্মবুদ্ধিবিমুঢ় হৈ তোমাত প্ৰাৰ্থনা জনাইছোঁ, যি আমাৰ মঙ্গলকৰ হব, তাকে কৰিবলৈ মোক শ্ৰেয়ঃ উপদেশ দান কৰাঁ। মই শিষ্যত্ব গ্ৰহণ কৰি তোমাৰ শৰণাগত হৈছোঁ; তুমি মোক শ্ৰেয়ঃ সাধনৰ যথাৰ্থ উপদেশ প্ৰদান কৰাঁ (১)।”

 অৰ্জ্জুনৰ অনুৰোধ ৰক্ষাৰ্থে হৃষীকেশে (২) উপহাসৰ ছলেৰে হাঁহি হাঁহি দুয়োদলৰ মধ্যস্থিত বিষাদগ্ৰস্ত অৰ্জ্জুনক বাঞ্ছিত শ্ৰেয়ঃ উপদেশ দিবলৈ এই বুলি আৰম্ভ কৰিলে (৩), “হে অৰ্জ্জুন! তুমি অনুশোচনাৰ অযোগ্য গণৰ কাৰণে অনুশোচনা কৰিছাঁ; আৰু পণ্ডিতৰ দৰে কথা কৈছাঁ, কিন্তু কাৰ্য্যত অনাত্মজ্ঞৰ চিনাকি দিছাঁ। কিয়নো, পণ্ডিতে মৃত বা জীবিত বন্ধুৰ কাৰণে শোক প্ৰকাশ নকৰে (৪)।” “নৰকে নিত্যং বাসঃ” এনে ভাব প্ৰকাশেৰে অৰ্জ্জুনে এহাতে দেহৰপৰা আত্মাক স্বতন্ত্ৰ বুলি স্বীকাৰ কৰি পাণ্ডিত্য দেখুৱাইছে, আনহাতে স্থূলদেহাৰ লগতে যে সুক্ষ্মদেহা আৰু আত্মাৰ বিনাশ নহয় সেইটো বুজি নুবুজি শোকাকুল হৈছে। সেইবাবে তেওঁ নিজক অজ্ঞান যেন বুজাইছে। ইয়াৰ পাচত, ভগৱান শ্ৰীকৃষ্ণই এটাৰ পাচত আন এটাকৈ আত্মতত্ত্ব আৰু


 (১) গীতা, ২য় আধ্যা, ৭ম শ্লোক।
 (২) ইন্দ্ৰিয়নিয়ন্তা শ্ৰীকৃষ্ণ।—গীতা, কৃষ্ণানন্দস্বামিকৃত অন্বয়বোধিনী, ১০ম, শ্লোক।
 (৩) এয়ে গীত-সৃষ্টিৰ আঁতি-গুৰি। এইখিনিৰপৰাই প্ৰথমে ভগবান শ্ৰীকৃষ্ণই। আত্মতত্ব আৰু কৰ্তব্যজ্ঞান বাখ্যান আৰম্ভ কৰে।
 (৪) গীতা, ২য় আধ্যা, ১১শ, শ্লোক।
[ ২১ ] কৰ্তব্যজ্ঞান এইদৰে বাখ্যা কৰি যাবলৈ ধৰিলে, “হে অৰ্জুন! ইতিপূৰ্ব্বত যে মই কেতিয়াও নাছিলোঁ এনে নহয়, তুমিও যে নাছিলাঁ সিও নহয়, এই সমবেত ভূপতিগণ যে নাছিল সেইটোও নহয়; ইয়াৰ পাচতো যে মই, তুমি আৰু এই ৰাজন্যবৰ্গ নাথাকিমহঁক তেনেও নহয়। প্ৰকৃততে আমি আগেয়েও আছিলোঁ, এতিয়াও আছোঁ আৰু আগলৈকো অটুটভাৱে বিদ্যমান থাকিম। দেহীৰ একেটা দেহাতে যেনেকৈ কৌমাৰ, যৌৱন আৰু জৰা লক্ষিত হোৱাটো আচৰিত নহয়, এটা দেখা এৰাৰ পাচত আত্মাই অন্য এটা দেহাধাৰণ কৰাও তেনেকৈয়ে নোহোৱা- কথা নহয়। গতিকে জ্ঞানী লোকে এনে দেহা-সলনিত বিমুগ্ধ বা বিচলিত নহয় (১)। কাৰণ, একে আত্মাই বিভূৰূপে সকলো দেহাতে বিৰাজমান। লৰাকালত যি আত্ম, ডেকাকালতো সেই আত্মা, বুঢ়া কালতো সেই আত্মাই। আত্মাৰ অন্যধা নহয় (২)। যিজনক সংসাৰত ইন্দ্ৰিয়বৃত্তি বা বিষয়ৰ স্পৰ্শে বিচলিত কৰিব নোৱাৰে, আৰু যি ধীৰলোকৰ মানত সুখ আৰু দুখ সমান, তেওঁৱেই হে ধৰ্ম্মজ্ঞানৰ বলত মোক্ষলাভৰ উপযোগী হয় (৩)। অনেকে অন্তঃকৰণৰ ক্ৰিয়াকে (৪) আত্মাৰ ক্ৰিয়া বুলি ভাবে; কিন্তু সেইটো সিবিলাকৰ ভ্ৰম। যি অসৎ তাৰ অস্তিত্ব নাই, আৰু যি সৎ তাৰ অভাব নাই; তত্ত্বদৰ্শী পুৰুষ- সকলে সত্যাসত্য নিৰ্ণয় এইদৰেই কৰিছে। যি আত্মা এই দৃশ্যমান জগত পৰিব্যাপ্ত, তেওঁৰ বিনাশ নাই; এই অব্যয়ৰপ কেৱে বিনাশ কৰিব


 (১) গীতা, ২য় আধ্যা, ১২শ, আৰু ১৩শ শ্লোক।
 (২) কৃষ্ণানন্দস্বামিকৃত গীতাৰ্থ সন্দীপনী গীতা, ২৪ আধ্যা, ১৩শ শ্লোকৰ টিপ্পনী ব্যাখ্যা।
 (৩) পীতা, ২ আখ্যা, ১৫শ, শ্লোক।

 (৪) অন্তঃকৰণ:— মন, বুদ্ধি, চিত্ত আৰু অহঙ্কাৰ। [ ২২ ]
 
নােৱাৰে। যি সৎ সি নিত্য, অব্যয় আৰু অনন্ত । দেহী আত্মা অবিকাৰী, অবিনাশী আৰু অপৰিচ্ছন্ন। এই নশ্বৰ দেহাসমূহ আত্মাৰ বাসস্থান মাখােন। এতেকে, হে ভাৰত ! তুমি যুদ্ধ কৰাঁ । যি আত্মাক হন্তা বুলি ভাবে, আৰু যি আত্মাক বিনষ্ট বুলি বিশ্বাস কৰে, সিবিলাক দুয়াে মতাৱলম্বীয়েই আত্মানভিজ্ঞ; কিয়নাে আত্মাই কাকো আহত নকৰে, আৰু কাৰো দ্বাৰাই আত্মা নিহত নহয় ৷ দেহাত্মাভিমানীগণে মাথােন আত্মাৰ বিনাশ আশঙ্কা কৰে; কিন্তু আত্মা অচ্ছেদ্য, অভেদ্য আৰু সৰ্ব্বত্র স্বতন্ত্র। আত্মাৰ আচলতে জনমাে নাই, মৰণো নাই নাইবা বাৰংবাৰ উৎপন্ন হৈ বিনাশপ্রাপ্তও নহয়। এতেকে, আত্মা জন্মৰহিত, সততে একৰূপী, বিকাৰশূন্য, অপৰিণামী; গতিকে, দেহাৰ লগতে আত্মাৰো বিনাশ নহয় । হে অৰ্জ্জুন ! আত্মা যি স্থলত কোনাে আকাৰ-বিকাৰৰেই(১) তল নহয়, সেই স্থলত অস্ত্ৰৰ দ্বাৰাই দেহা বিনষ্ট হলেও আত্মা বিনষ্ট নহয়। এতেকে, উঠাঁ, তুমি ৰণবিমুখ নহবাঁ । যি জনে আত্মা অবিনাশী, নিত্য আৰু জন্ম-ক্ষয়ৰহিত বুলি জানে, হে পার্থ । সেইজনে কিয় বা কেনেকৈ বা কাক বধ কৰিব ? আৰু স্বয়ং উদ্যত হৈ কিয় বা কাক বধ কৰাব(২) অর্থাৎ, যি জ্ঞানীলোকে সর্ব্বব্যাপী পৰমাত্মা নিজতো আৰু অপৰতাে সমভাৱে বিদ্যমান বুলি জানে, তেওঁ নিজে নিজকে মাথোন কোনাে সজ উদ্দেশ্যে দেহান্তৰ কৰে। তাৰপৰা পাপ নহৈ বৰঞ্চ পুণ্য হে লাভ হয়।”

 “হে অৰ্জ্জুন ! মানুহে যেনেকৈ জীৰ্ণ বস্ত্ৰাদি পৰিত্যাগ কৰি নতুন বস্ত্ৰাদি পৰিধান কৰে, সেইদৰেই দেহধাৰী আ্ত্মায়ো জীৰ্ণ দেহ পৰিত্যাগ কৰি নতুন দেহ ধাৰণ কৰে। এতেকে, অনেক তপস্যা আৰু সৎকাৰ্য্যৰ


 (১) বিকাৰঃ- জন্ম, অস্তিত্ব, বৃদ্ধি,বিপৰিনাম, অপক্ষয় আৰু বিনাশ ।

 (২) গীতা,২য় আধ্যা, ১৬-২১ শ্লোক ৷ [ ২৩ ]
 
অনুষ্ঠানৰ বলত ভীষ্মাদিয়ে বি পুণ্যতনু ধাৰণ কৰিছে, সেই তনু বৃদ্ধ বয়সত জীর্ণ হবলৈ ধৰিছে; গতিকে সেই পুণ্যৰ ফল স্বৰূপেই সিবিলাকে নতুন তনু লাভ কৰিবৰ সময় চাপিছে। এতেকে, এই সময়ত সিবিলাকক বধ কৰি নতুন নতুন তনু লাভলৈ কাল চপাই দিব পাৰিলে তুমি সিবিলাকৰ উপকাৰ কৰাহে হব। যদি সেয়ে হয়, এই যুদ্ধত তোমাৰ হাতত সিবিলাকাৰ দেহা হে পতন হব, আত্মাৰ লেশমাত্রও ক্ষয় নহয়; কিয়নো এই আত্মাক অস্ত্রেও কাটিব নােৱাৰে, পানীয়েও তিয়াব নােৱাৰে, জুয়েও পুৰিব নােৱাৰে, বায়ুৱেও শুকুৱাব নােৱাৰে। আত্মা কাটিব পৰা বস্তু নহয়, তিয়াব পৰা বস্তু নহয়, পুৰিব পৰা বস্তু নহয়, ই শুকুৱাব পৰা বস্তুও নহয়; ই অবিনাশী, সৰ্ব্বব্যাপী, স্থিৰ, অপৰিবৰ্ত্তনশীল আৰু অনাদি । স্বৰূপত আত্মা অব্যক্ত, অচিন্ত্য আৰু অধিকাৰ্য্য। ই মনৰ অগােচৰ, জ্ঞানেন্দ্ৰিয়ৰ অগােচৰ, আৰু কৰ্ম্মেন্দ্ৰিয়ৰো অগোচৰ । এতেকে, হে পার্থ ! এনে আত্মা বিনাশৰ মিছা আশঙ্কাত তুমি ব্যাকুল নহবাঁ ৷”(১)

 “ইমানতো যদি আত্মাক জনমশীল আৰু মৰণশীল বুলি মানিব খােজাঁ, তেনেহলেও, হে মহাবাহো ! তুমি সেইবাবে শােক কৰা কৰ্ত্তব্য নহয় । কিয়নো জন্মিলেই মৰিব লাগে, সেইটো ধুৰুপ যেতিয়া, তেনে অপৰিহাৰ্য্য বিষয়ত লাগি অনর্থক শােক কৰা কোনােমতেই উচিত নহয় । আৰু, যদি বাসনা পূর্ণ নৌ হওঁতেই কাৰো মৃত্যু হয়, তেন্তে তাৰ পুনর্জন্ম অৱশ্যম্ভাবী। এতেকে, সেইদৰে হলেও, উপস্থিত ৰণত তোমাৰ প্রিয়জনৰ মৰণ মিলিলেও শােকৰ কাৰণ নাখাকে (২)” ৷


 (১) গীতা, আধ্যা, ২২-২৫ শ্লোক ।
 (২) গীতা, আধ্যা, ২৬-২৮ শ্লোক ।

[ ২৪ ]
 
 “হে ভাৰত (অৰ্জ্জুন)! ভূতসকল (জীৱগণ) আদিম (জন্মৰ পূৰ্ব্বে) আৰু অন্তিম (মৰণৰ পাচত) অৱস্থাত অব্যক্ত ভাবাপন্ন থাকে; মধ্যাৱস্থাত(জীৱদ্দশাত) ব্যক্ত থাকে । ভীষ্মাদি দেহী মাত্ৰৰে সেই দশা । এতেকে, মৰণ ভাবনাত শােক কৰাৰ প্ৰয়ােজন কি ? কোনােৱে আত্মাক আশ্চৰ্য্যৱত দেখে; কোনোৱে আত্মাক আশ্চর্য্যৰূপে বর্ণনা কৰে, কোনােৱে বা এই আত্মতত্ত্ব আশ্চর্য্যভাৱে শ্ৰৱন কৰে, আৰু কোনােৱে বা সেই তত্ত্ব শ্ৰৱন কৰিও আত্মাৰ স্বৰূপতাৰ বিষয় জ্ঞাত হবগৈ নােৱাৰে। এই অদ্ভুত পৰমাত্মা সকলো জীৱাত্মাত নিত্য আৰু অবধ্যভাৱে বিদ্যমান থাকে; এতেকে, হে ভাৰত! যেই-সেই প্রাণীৰে প্রাণনাশ হােৱা দেখি বা তাৰ আশঙ্কা মানি তুমি কাতৰ হোৱা কৰ্ত্তব্য নহয়।” (১)

 তাৰ পাচত, সৃষ্টি-স্থিতি-প্রলয়ৰ তত্ত্বভেদী সৰ্ব্বশাস্তবিশাৰদ ভগৱান শ্রীকৃষ্ণই ধৰ্ম্মৰাজ্য স্থাপনৰ অৰ্থে পাণ্ডৱ পক্ষীয় একমাত্ৰ বীৰ, যি অজেয় ভীষ্ম আৰু কৰ্ণক জয় কৰিব পাৰে, সেই অর্জ্জুনক পুনৰপি এই বুলি কর্ত্তব্যজ্ঞানৰ উপদেশ দিবলৈ ধৰিলে, “হে অৰ্জ্জুন ! স্বধৰ্ম্মৰ ফালে চালেও তােমাৰ হৃৎকম্প হােৱাৰ কাৰণ নাই; কিয়নো ধৰ্ম্মযুদ্ধতকৈ শ্ৰেয়ঃ কৰ্ত্তব্য ক্ষত্রিয়ৰ পক্ষে আন একো হব নােবাৰে । এটা প্রাণী ৰক্ষা অৰ্থত আন এটা প্রাণী হত্যা কৰা বুজায়; সেইদৰেই ধর্ম্ম সাধনৰ অৰ্থে ধৰ্ম্ম যুদ্ধত প্রবৃত্ত হােৱাটো ক্ষত্রিয়ৰ পক্ষে অপৰিহাৰ্য্য কর্ত্তব্য । হে পার্থ ! এনে অযাচিতে লাভ হােৱা জপনাহীন স্বর্গদুৱাৰ হেন ধর্ম্মযুদ্ধ ভাগ্যৱান ক্ষত্রিয়সকলৰ পক্ষে যে সম্ভৱ । বিশেষতঃ, অৱশ্যম্ভাবী উপস্থিত যুদ্ধ তােমাৰ স্বকৃত নহয়, কৌৰৱগণৰ দুষ্টবুদ্ধি আৰু উদ্যমৰ ফলত হে ই সংঘটিত হৈছে। গতিকে, এই ৰণত বিমুখ


 (১) গীতা, ২য় আধ্যা, ২৯-৩০ শ্লোক ৷ [ ২৫ ]
 
হলে তুমি কৰ্ত্তব্যৰপৰা পিছলি পৰাটো হে হব । আৰু, ভাবি চোৱাঁ, এই যুদ্ধত জয় হলে মান, গৌৰৱ, যশস্যা আৰু ৰাজ্য লাভ; আৰু পতন হলেও ধুৰূপ স্বর্গলাভ। এতেকে, এই ধৰ্ম্মযুদ্ধত (১) পৰাঙ্মুখ হলেতােমাক কর্ত্তব্যহানিৰ পাপে চুব; কিয়নাে স্বধৰ্ম্ম আৰু কীৰ্ত্তি স্বইচ্ছাৰে পৰিত্যাগ কৰিলে পাপভাগী হব লগীয়া হয়। তদুপৰি, এই ধর্ম্মযুদ্ধ তুমি আপােন ইচ্ছাৰে পৰিত্যাগ কৰিলে তােমাৰ কীৰ্ত্তিনাশ হব ৷ তেতিয়া সকলােৱেই তোমাৰ অপযশ ৰটিব। হে অৰ্জ্জুন! তোমাৰ তুল্য শৌর্য্য, বীর্য্য, ধর্ম্মনিষ্ঠা আদি বিবিধ গুণেৰে বিভূষিত শ্রেষ্ঠ পুৰুষৰ পক্ষে কীর্ত্তিনাশতকৈ মৰণেই শ্রেয়ঃ । ৰণক্ষেত্ৰত অৱতীৰ্ণ হৈ এতিয়া তুমি ৰণ নিদিয়াকৈ আঁতৰি গলে, যি সকল তোমাৰ সমনীয়া মহাৰণে তােমাক মান কৰিছিল, সেই সকলেও তােমাক ভয়াতুৰ বুলি নিন্দা হে কৰিব । তাৰ দ্বাৰাই তােমাৰ বিষম লঘুতা প্রকাশিত হব । আৰু,দুর্য্যোধনাদি তােমাৰ শত্রুপক্ষীয়গণেও তােমাৰ সামর্থ্য হেয়জ্ঞান কৰি তােমাক উপহাস কৰিবলৈ বাকী নথয় । ইয়াতকৈ অধিক মনস্তাপ আৰু অপমান তােমাৰ পক্ষে আৰু কি হব পাৰে ? ভীষ্মাদি আত্মীয় বধৰ কষ্টতকৈও ই কষ্টকৰ হব ।” (২)

 শ্ৰীকৃষ্ণৰ যুক্তি অকাট্য বুলি মানিবলৈ অৰ্জ্জুন বাধ্য হল! কিন্তু, সিমানতো তেওঁ নিজৰ অন্তৰক বুজাব পৰা নাই। এহাতে গুৰুজন্ আৰু আত্মীয়-কুটুম্বাদিক বধ কৰা অসহনীয় ভাব, আনহাতে চক্ৰীচূড়ামণি


 (১) ধর্ম্মযুদ্ধৰ ঘাই লক্ষণ:-ৰথবিহীন যোদ্ধাক বধীয়ে আহত নকৰে; নঙ্গঠা, নপুংসক, ৰোগী,শৰণাগত, অস্ত্ৰবিহীন, যুদ্ধদর্শনার্থী, যুদ্ধপৰীক্ষক, ভয়াতুৰ আৰু পলৰীয়াৰ প্ৰতি বধীয়ে অস্ত্ৰ প্ৰহাৰ নকৰে ।

 (২) গীতা, ২য় আধ্যা, ৩১-৩৬ শ্লোক ৷ [ ২৬ ]
 

শ্ৰীকৃষ্ণৰ অকাট্য যুক্তি! অৰ্জ্জুন কিংকৰ্ত্তব্যবিমূঢ়! এনে সমস্যাৰপৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে ভগৱান বাসুদেৱে পুনৰপি অৰ্জ্জুনক এই বুলি উদগনিৰ বুজনি দিলে, “হে কুন্তীনন্দন। তুমি বিমোৰ নহবাঁ। মই ইয়াৰ আগেয়েই কৈ আহিছোঁ যে, উপস্থিত ধৰ্মযুদ্ধত তোমাৰ মৰণ মিলে যদি তোমাৰ স্বৰ্গলাভ নিশ্চয়; আৰু জয়ী হব পাৰাঁ যদি তোমাৰ নিষ্কণ্টক ৰাজ্যলাভ। দুয়োহাতে তোমাৰ মঙ্গল। এতেকে, শোক, চিন্তা আৰু সংশয় পৰিত্যাগ কৰি, তুমি স্থিৰনিশ্চয় হৈ ৰণৰ উদ্দেশে অত্ৰোত্থান কৰাঁ (১)।” কিন্তু, সিমানতো অৰ্জ্জুনক চিন্তিত দেখি, ভগৱান দৈৱকীনন্দনে আপোনাৰ শিষ্য-সখি কুন্তীনন্দনক অনতিপলমে চৰম কৰ্তব্যজ্ঞান জ্ঞাপন কৰিলে, 'সুখদুঃখে সমে কৃত্বা লাভ লাভৌ জয়জয়ৌ। ততো যুদ্ধায় যুজ্যস্ব নৈবং পাপমবাপ্স্যসি॥' অৰ্থাৎ, সুখ আৰু দুখ, লাভ আৰু অলাভ, জয় আৰু পৰাজয় সবাৱকে সমভাৱে চাই লৈ, তাৰ পাচত তুমি যুদ্ধত প্ৰবৃত্ত হোৱা, তাৰ বাবে তুমি পাপভাগী হব নালাগিব। মুঠতে, তুমি সুখৰো কামনা নকৰিবাঁ, দুখৰ আশঙ্কাতো সঙ্কুচিত নহবাঁ; যুদ্ধত যে তোমাৰ লাভ হব সেইটোও নাভাবিবাঁ, অলাভ যে হব তাকো মনলৈ নানিবাঁ; আৰু উপস্থিত মহাৰণত যে তোমাৰ জয় তাকো আশা নকৰিবাঁ, পৰাজয় যে হব তাকে মনত ঠাই নিদিবাঁ। সেয়ে হলেই গুৰুজন আৰু জ্ঞাতিবধৰ পাপে তোমাক নাপায়।” (২)


 (১) গীতা, ২ আধ্যা, ৩৭ শ্লোক।

 (২) গীতা, ২ আধ্যা, ৩৮ শ্লোক। [ ২৭ ]
 
৩৷ আধ্যা ৷
নিষ্কাম কৰ্ম্মযোগ৷


 আত্মজ্ঞান ব্যাখ্যান শুনি অৰ্জ্জুনৰ সম্যক্ চেতনা হোৱা নাই যেন জানি, ভগৱান শ্ৰীকৃষ্ণই তেওঁক পৰমাত্মাতত্ত্বজ্ঞান আয়ত্ত কৰাৰ অৰ্থে নিষ্কাম কৰ্ম্মযোগৰ ব্যাখ্যা শুনাবলৈ পুনৰপি এই বুলি আৰম্ভ কৰিলে, “হে পাৰ্থ! তোমাক আত্ম-তত্ত্ব আৰু কৰ্তব্য-জ্ঞানৰ উপদেশ যি হয় শুনালোঁ, এতিয়া কৰ্ম্মযোগ ব্যাখ্যা কৰোঁ, শুনিবাঁ। ইয়াক আয়ত্ত কৰিব পাৰিলে, কৰ্ম্মবন্ধৰপৰা তুমি মুক্ত হবাঁ। এই ব্যাখ্যাত নিষ্কাম কৰ্ম্মযোগৰ ব্যাখ্যা কৰা হব। এই নিষ্কাম কৰ্ম্মযোগৰ ফল কেতিয়াও নেহেৰায়। ইয়াত পাপৰ সঞ্চাৰ নাই, এই মহাধৰ্ম্মৰ যৎকিঞ্চিৎ লাভ হলেও মহাভয়ৰপৰা ৰক্ষা পোৱা যায়। হে কুৰুনন্দন অৰ্জ্জুন! এই কৰ্ম্মযোগত কেৱল আত্মতত্ত্বনিশ্চয়াত্মিকা বুদ্ধি থাকে, সকাম কৰ্ম্মযোগিগণৰ বুদ্ধি বহুশাখাবিশিষ্ট হয়, আৰু সি অনন্তৰূপ ধাৰণ কৰে। সকাম আৰু নিষ্কাম কৰ্ম্মৰ বিভিন্নতা এই যে, সকাম কৰ্ম্মৰ অনুষ্ঠানত ফললাভ অশঙ্কা বলৱৎ থকা হেতুকে বুদ্ধি চঞ্চল আৰু বিবিধ ভাবনাত বিয়াকুল হয়; কিন্তু নিষ্কাম কৰ্ম্মানুষ্ঠানত ভগৱান্নিষ্ঠা হেতুকে বুদ্ধিৰ নিৰ্ম্মলতা আৰু একাতা বৃদ্ধি পায়, আৰু সেই নিৰ্ম্মলা বুদ্ধি তত্ত্বজ্ঞানৰ অনুগামিনী হয়।” (১)


 (১) গীতা, ২য় আধ্যা, ৩৯—৪১ শ্লোক। [ ২৮ ]
 

 বেদবাক্যৰ সূক্ষ্মতত্ত্ব উপলব্ধি নোহাৱাৰ কাৰণে সকাম পুৰুষৰ অন্তৰত ভগৱানৰ প্ৰতি একনিষ্ঠা বুদ্ধিৰ সম্যক্‌ উদয় নহয়। বেদোক্ত অগ্নিহোত্ৰাদি ক্ৰিয়াকলাপ চিত্তশুদ্ধিৰ অৰ্থে হোৱা হে কৰ্তব্য, স্বৰ্গাদি ভোগাৰ্থে হোৱা অনুচিত। নিষ্কাম পুরুষে সেই ক্ৰিয়া-কলাপেৰে চিত্তশুদ্ধিৰ দ্বাৰাই আত্মতত্ত্বজ্ঞান লাভ কৰে (১)। এই জটিল বিষয়ৰ বিশদ ব্যাখ্যা শুনোৱাৰ অভিপ্ৰায়ে ভগৱান শ্ৰীকৃষ্ণই ঘুৰিবাৰ অৰ্জ্জুনক এই বুলি সম্বোধন কৰিলে, “হে পাৰ্থ! সুবিচাৰ আৰু সদ্বিবেচনাশূন্য লোকে বেদোক্ত কৰ্ম্মকাণ্ডৰ কথা যি ভাৱে গ্ৰহণ কৰে, সি ৰঙা মদাৰ ফুলৰ ৰূপগ্ৰহণৰ তুল্য হে। যিবিলাক বৈদিক ফলশ্ৰুতি অনুগামী, বেদোক্ত ক্ৰিয়াকলাপত ফললাভৰ আশা ষাৰ প্ৰৱল, যি স্বৰ্গত সুখৰ বাহিৰে বেদবাণীত আন উদ্দেশ্য নাৰখে সিবিলাক কামনাযুত সকামপুৰুষ। ভোগ আৰু ঐশ্বৰ্য্যত অনুৰক্ত এই সকামপুৰুষৰ অন্তত একনিষ্ঠাৰূপ সমাধি, অৰ্থাৎ নিশ্চয়াত্মিকা বুদ্ধিৰ সম্যক উদৰ নহয় (২)।


 (১) কৃষ্ণানন্দস্বামি ব্যাখ্যাত গীতাৰ্থ সন্দীপনী; গীতা, ২য় আধ্যা, ৪২-৪৪ শ্লোক।
 (২) গীতা, ২য় আধ্যা, ৪২-৪৪ শ্লোক।
 “বামিমাং পুষ্পিতাং বাচং প্ৰবদস্ত্যবিপশ্চিতঃ।
 বেদৰাদৰতাঃ পাৰ্থ নান্যদন্তীতিৰাদিনঃ॥" ৪২
 কামাত্মনঃ স্বৰ্গপৰা জন্মকৰ্ম্মকলপ্ৰদান।
 ক্ৰিয়াবিশেষবহুলাং তোগৈশ্বৰ্য্যগতিং প্ৰতি॥ ৪৩
 ভোগৈশ্বৰ্য্য প্ৰসক্তানাং ভয়হপহ্যতচেতসাম্‌।
 ব্যবসায়াত্মিকা বুদ্ধিঃ সমাধৌ ন বিদীয়তে॥ ৪৪

[ ২৯ ]
 

 “হে অৰ্জ্জুন! কৰ্মকাণ্ডৰূপ বেদসমূহ ত্ৰিগুণান্বিত (১); কিন্তু মোৰ উপদেশ, তুমি নিষ্কাম (নিগুৈণঃ) হোৱা; তুমি সুখ-দুখাদি দ্বন্দ্বৰহিত, নিত্য সত্ত্বভাবত অৱস্থিত (২) যোগ আৰু ক্ষেমবিৰহিত (৩) হৈ আত্মাবান্‌ (৪) হোৱাঁ। অৰ্থাৎ, সুখ-দুখ, মান-অপমান, শত্ৰু-মিত্ৰাদি দ্বন্দ্বভাব পৰিত্যাগ কৰি বিশুদ্ধ সত্ত্বৰূপ অচল ধৈৰ্য্য ধাৰণ কৰাঁ। যিহেতু নাদ পুখুৰী আদি ক্ষুদ্ৰ জলাশয়ৰ পানীৰে যি পৰিমাণে প্ৰয়োজন সিদ্ধ হয়, মহা জলাশয়তো কৰ্মকাণ্ডৰ প্ৰয়োজন (স্বৰ্গ-লাভাদি কামনা) ব্ৰহ্মবেত্তা বা আত্মাবান্‌ পুৰুষৰ লাভ হয়। অৰ্থাৎ, নাদৰ পানী সাগৰৰ পানীৰ কিয়দংশ মাথোন। বেদোক্ত কাম্য কৰ্ম্মসমূহে সকাম পুৰুষৰ যি প্ৰয়োজন সিদ্ধ কৰে, ব্ৰহ্মজ্ঞ বা আত্মবান্‌ নিষ্কাম পুৰুষৰো সেই পৰিমাণেই সেই প্ৰয়োজন সিদ্ধ হয়।” (৫) নিষ্কাম কৰ্ম কৰিলে কাম্য কৰ্ম্মজনিত স্বৰ্গলাভাদি সুখৰপৰা বঞ্চিত হোৱাৰ আশঙ্কা; কিয়নো কামনাই তাৰ মূল। কামনা নহলে ফলপ্ৰাপ্তিৰ অস্তিত্ব নাথাকে। সেই কাৰণে, অৰ্জ্জুনৰ মনৰ আশঙ্কা গুচাবৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণই নিষ্কাম পুৰুষৰ ফললাভ বিষয়ক এই বিশদ ব্যাখ্যা দিয়ে।


 (১) সত্ত্ব, ৰজঃ, তমঃ এই তিনিগুণ। সংসাৰ এই তিনিগুণৰ বিকাশস্বৰূপ। কামনাই সংসাৰৰ মূল। বাস্তৱতে কামনাৰ ফলেই সংসাৰ। সেই ফলপ্ৰাপ্তিৰ উপায় হৈছে বেদপ্ৰতিপাদিত কৰ্ম্মকাণ্ড। এই কৰ্ম্মকাণ্ডতে সকাম পুৰুষৰ স্থিতি।— ৺কৃষ্ণানন্দস্বামিব্যাখ্যাত গীতাৰ্থ সন্দীপনী, ৪৫ শ্লোক।
 (২) যোগ।—অপ্ৰাপ্ত বস্তুৰ প্ৰাপ্তিক যোগ বোলে।
 (৩) ক্ষেম।— প্ৰাপ্ত বস্তুৰ ‌ৰক্ষাই ক্ষেম।
 (৪) আত্মাবান্‌।—সৰ্ব্বত্ৰ নিত্য বিদ্যমান বিশ্বনিয়ন্তা পৰমেশ্বৰ নিজতো বিদ্যমান বুলি যাৰ স্থিৰবিশ্বাস, তেওঁৱেই আত্মাবান্‌।

 (৫) গীতা, ২য় আধ্যা, ৪৫—৪৬ শ্লোক।
[ ৩০ ]
 

 নিষ্কাম ধৰ্ম্মৰ আভাস মাত্ৰ দি আৰু তাৰ দৃঢ় ভেটীত থিয় কৰাই লৈ অৰ্জ্জুনক ভগৱান শ্ৰীকৃষ্ণই বিশদ ভাৱে এই বুলি কাৰ্য্যকৰী উপদেশ দিয়ে,—“হে অৰ্জুন! কৰ্ম্মত মাথোন তোমাৰ অধিকাৰ আছে; কিন্তু কৰ্ম্মফলত কেতিয়াও তোমাৰ অধিকাৰ নাই। এতেকে, ফল কামনাৰে সৈতে কৰ্ম্মত প্ৰবৃত্ত হবলৈ যেন তোমাৰ প্ৰবৃত্তি নজন্মে, আৰু কৰ্ম্ম পৰিত্যাগ কৰিবলৈকো যেন তোমাৰ ধাউতি নহয়। কিয়নো, নিষ্কাম কৰ্ম্মৰ দ্বাৰাই চিত্তশুদ্ধি লাভ হয়, আৰু চিত্তশুদ্ধিৰ দ্বাৰাই আত্মজ্ঞানৰ উদয় হয়। এই আত্মজ্ঞান নজন্মিলে ব্ৰহ্মজ্ঞান বা পৰমাত্মা লাভ নহয়। এতেকে, হে ধনঞ্জয়! তুমি যোগস্থ হৈ ফল কামনা বৰ্জ্জন কৰি সিদ্ধি আৰু অসিদ্ধিৰ প্ৰতি সমদৃষ্টি ৰাখি (অৰ্থাৎ তাৰ প্ৰতি আওকাণ কৰি) কৰ্ত্তব্য কৰ্ম্মৰ অনুষ্ঠান কৰাঁ। এনে সাম্যভাৱকে যোগ বোলে। অৰ্থাৎ, হৰ্ষ-বিষাদৰ সমতাই যোগ; তুমি এই যোগত অৱস্থিত হৈ কৰ্ম্মানুষ্ঠানত ধৰাঁ। আৰু ইয়াকো জানিবাঁ যে, কাম্যকৰ্ম্ম নিষ্কাম কৰ্মতকৈ বহুগুণে নিকৃষ্ট; তদুপৰি ফলাকাঙ্ক্ষী কৰ্ম্মীগণে সততে কৃপণালিৰ চিনাকি দিয়ে। সিবিলাকে ফললাভৰ সামান্য কামনা বৰ্জ্জন কৰিব পাৰিলেই পৰমাত্মা লাভৰূপ মোক্ষপ্ৰাপ্ত হব পাৰে। এতেকে, তুমি পৰমাত্ম বুদ্ধিৰ আশ্ৰয় লৈ নিষ্কাম কৰ্ম্ম সাধনলৈ অগ্ৰসৰ হোৱাঁ। আৰু জানিবাঁ যে, পৰমাত্মজ পুৰুষৰ মানত ইংশোকৰ পাপ আৰু পৰলোকৰ পুণ্য দুয়ো সমান। অৰ্থাৎ দুইৰো প্ৰতি তেওঁ আওকণীয়া। এতেকে, তুমি সাম্যভাৱযুত যোগৰ অৰ্থে নিষ্ঠাবান্ হোৱাঁ; কিয়নো কৰ্ম্মৰ ভিতৰত বুদ্ধিযুত কৰ্ম্ম-কৌশলেই আচল যোগ।” (১)


 (১) গীতা, ৩ য় আধ্যা, ৪৭—৫০ শ্লোক।

[ ৩১ ]
 

 বুদ্ধিযোগপৰায়ণ পুৰুষসকলে কৰ্ম্মজনিত ফল অল্প ত্যাগ কৰি আত্মজ্ঞান লাভৰ ফলত জন্মৰূপ বন্ধনৰপৰা মুক্ত হৈ পৰমপদ লাভ কৰে। অৰ্থাৎ নিষ্কাম ধৰ্ম্মী শোকৰ চিত্তশুদ্ধি হলেই আত্মজ্ঞান লাভ হয়। সেয়ে হলেই সেই মানৱাত্মাই পৰমাত্মাত লয় গৈ মুক্তি বা নিৰ্ব্বাণ লাভ কৰে। এই মুক্তিপদকে বিষ্ণুৰ পৰমপদ বুলি শাস্ত্ৰয়ো কয়। আৰু, যেতিয়াই মানুহৰ জ্ঞান-বুদ্ধিয়ে অবিবেকৰূপ কলুষ বৰ্জ্জন কৰি উঠে, তেতিয়াই কৰ্ম্মফলৰ তৃষ্ণা বা কামনাৰ প্ৰতি তেওঁৰ বিৰাগ জন্মে। যেতিয়াই বিবিধ বিষয়ক (১) ফললাভৰ শঙ্কাযুত ভাব আঁতৰ হৈ অন্তঃকৰণ পৰমাত্মাত নিজকে মজে, তেতিয়াই মানুহৰ তত্ত্বজ্ঞান লাভ হয়, অৰ্থাৎ, তেতিয়া মানৱাত্মা পৰমাত্মাত লয় গৈ ব্ৰহ্মনিৰ্ব্বাণ (২) প্ৰাপ্ত হয়।" (৩)

 ভগৱান শ্ৰীকৃষ্ণৰপৰা আত্মজ্ঞান, নিষ্কাম কৰ্ম্ম, যোগ, সমাধি আৰু পৰমপদ বিষয়ক পৰমাৰ্থতত্ত্বৰ আভাস মাথোন পাই, তাৰ বিশদ ব্যাখ্যা লাভাৰ্থে অৰ্জ্জুনে সভক্তিৰে শ্ৰীকৃষ্ণত এই বুলি সুধিলে—“হে কেশৱ!


 (১) শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ এই পাচোঁটা বিষয়। এই পাচোঁটা বিষয়ত চিত্তবৃত্তি নিৰুদ্ধ হলেই স্মৃতি, শ্ৰুতি, স্বপ্ন আৰু জাগ্ৰত অৱস্থা এৰাই ওপৰলৈ উঠা যায়। এয়ে প্ৰকৃত যোগ বা সমাধি।
 (২) বৌদ্ধধৰ্ম্মৰো চৰম লক্ষ হৈছে নিৰ্ব্বাণেই। পাৰ্থক্য এই মথোন যে, বুদ্ধৰ মতে নিৰ্ব্বাপত মানুহৰ ৰ আৰু আত্মা পৰমাত্মাত লয় পায়। কৃষ্ণৰ মতে ব্ৰহ্মনিৰ্ব্বাণত মানৱাত্মা মাথোন পৰামাত্মাত লয় পায়। আগৰটোৰ মতে মানুহৰ মন আৰু আত্মা দুইৰো অস্তিত্ব বিলোপ হৈ পৰমাত্মাত মিলি যায়; পাচৰটোৰ মতে মানুহৰ মনৰ অস্তিত্ব লোপ পালেও আত্মাৰ অস্তিত্ত্ব হেৰাব নোৱাৰে। সি সেই ভাগেই পৰমাত্মাত মিলি যায়। কিন্তু, সাধনা আৰু সিদ্ধি দুয়োমততে একে।

 (৩) গীতা, ২য় আধ্যা, ৫১—৫৩ শ্লোক। [ ৩২ ]
 

সমাধিস্থ স্থিতপ্ৰজ্ঞ ব্ৰহ্মজ্ঞানী ৰোগী পুৰুষৰ লক্ষণ কি?—তেওঁ কেনেকৈ কথা কয়? তেওঁ কিৰূপে অৱস্থান কৰে? আৰু, তেওঁ কি ভাৱে চলন-ফুৰণ কৰে?” (১)

 অৰ্জ্জুনৰ প্ৰশ্নত উলাহিত হৈ, শ্ৰীকৃষ্ণদেৱে পুনৰপি এই বুলি ব্যক্ত বিষয়ক বিশদ ব্যাখ্যা আৰম্ভ কৰিলে,—“হে অৰ্জ্জুন! হে পাৰ্থ! আপোনাতে আপুনি তুষ্ট হৈ সমাধিস্থ পুৰুষে যেতিয়া নিজৰ চিত্তস্থিত কামনাবোৰ পৰিত্যাগ কৰে, তেতিয়াই তেওঁক স্থিতপ্ৰজ্ঞ বা যোগী পুৰুষ বোলা হয়। অৰ্থাৎ, যোগীপুৰুষে মানৱাত্মাক পৰমাত্মাত বিলীন কৰি পৰমানন্দ চৈতন্যৰূপ লাভ কৰে; তেওঁক মনোবৃত্তিয়ে টলাব নোৱাৰে। তেওঁ মনৰ ধৰ্ম্মৰ বাজ (২); আত্মাৰ ধৰ্ম্মৰো (৩) সমতাযুত (৪) গুণৰ হে তেওঁ গৰাকী। যাৰ চিত্ত দুখকষ্টত অবিচলিত বা উদ্বেগশূন্য; বিষয়- সুখলৈকো যাৰ আকাঙ্ক্ষা নাই; খং, ৰাগ, ভয় ইত্যাদিয়েও যাক টলাব নোৱাৰে, সেই সিদ্ধ পুৰুষকে যোগী বা স্থিতপ্ৰজ্ঞ বোলা যায়। কামনা, সংকল্প, আসক্তি, মায়া, মোহ ইত্যাদি মনৰ ধৰ্ম্ম; সমাধিস্থ পুৰুষ মনোধৰ্ম্মৰপৰা সদায় ওপৰত। হে অৰ্জ্জুন! তুমি সম্প্ৰতি সমাধিস্থ, তোমাৰ উদ্দেশ্য আত্মজ্ঞান লাভ কৰা, সেই লাভে হে তোমাক পৰমানন্দ


 (১) যি নিজতে ব্ৰহ্ম দেখা পায়, তেওঁৱেই স্থিতপ্ৰজ্ঞ। স্থিতপ্ৰজ্ঞ পুৰুষ অৱস্থাভেদে দুই শ্ৰেণীৰ; এটা শ্ৰেণী সমাধিস্থ, আৰু আনটো সমাধিৰপৰা উঠি মুকলি মনেৰে পৰমাত্মাত স্থিতি লওঁতা। অৰ্জ্জুনে প্ৰথমে সমাধিস্থ স্থিতপ্ৰজ্ঞ পুৰুষৰ, তাৰ পাচত সমাধিৰপৰা উঠা হৰ্ষবিষাদাদি সমতাবিষ্ট পুৰুষৰ লক্ষণৰ বিষয়ে প্ৰশ্ন কৰিছে।
 (২) কামনা, সংকল্প দি মনৰ ধৰ্ম্ম।
 (৩) বুদ্ধি, দুখ, সুখ, ইচ্ছা, দ্বেষ, প্ৰযত্ন, ধৰ্ম্ম আৰু অধৰ্ম্ম এই আঠাটা আত্মাৰ ধৰ্ম্ম।

 (৪) হৰ্ষবিষাদিৰ প্ৰতি সমজ্ঞান,—যোগ। [ ৩৩ ]
 

কৰিব। এতেকে, তুমি নশ্বৰ মনৰ দুখ-কষ্ট, মায়া-মোহ, বাঞ্ছা-কামনা আদি পৰিহাৰ কৰি নিষ্কাম কৰ্ম্ম সাধনৰ অৰ্থে আগ বঢ়া উচিত। মানুহৰ মন-প্ৰাণ অচেতন, আত্মাৰ দৰে অমৰ নহয়। গতিকে মনোধৰ্ম্ম পালন আত্মতত্ত্ব বা ব্ৰহ্মজ্ঞান লাভ নহয়, কাৰণ দেহৰ ধৰ্ম্মাদি আত্মাত নাই। আকাশত বিজুলীৰ চমকনি যেনে, মানৱ অন্তৰত আত্মাও তেনেই। দেহাদি পদাৰ্থত যাৰ আসক্তি নাই, প্ৰিয় বা অপ্ৰিয় বস্তু পালেও বা নাপালেও যাৰ হৰ্ষ বা বিষাদ নাই, তেনেজনেই ব্ৰহ্মজ্ঞানী, তেৱেঁই যোগী, তেওঁৱেই বা তেওঁৰ অৱস্থাই মানৱাত্মাৰ চৰম লক্ষ্য। ব্ৰহ্মজ্ঞানী ঘোগী পুৰুষৰ মানত ভাই-বন্ধু, আত্মীয়-কুটুম্ব, পুত্ৰ-পৰিয়াল মৃগতৃষ্ণাৱত মাথোন, সকলো অসাৰ; সিবিলাকত সাৰ পদাৰ্থ মাথোন আত্মা; সেই আত্মাৰ পৰমাত্মা লাভেই মোক্ষপদপ্ৰাপ্তি বা পৰমপদলাভ। এতেকে, হে অৰ্জ্জুন, উপস্থিত অসাৰ সমস্যাত তুমি অবিচলিত থকা হে তোমাহেন পুৰুষৰ শোভনীয় নিষ্কাম কৰ্ম। কাছই যি দৰে, নিজৰ শিৰ আৰু অঙ্গ কোঁচাই নি অভ্যন্তৰস্থ কৰে, সেই দৰে সমাধিজনে নিজৰ ইন্দ্ৰিয়গণক মনৰপৰা সঙ্কোচাই নি আত্মাস্থিত কৰিলেই তেঁওৰ প্ৰজ্ঞা বা ব্ৰহ্মত্ব বা আত্মজ্ঞান প্ৰতিষ্ঠিত হয়। নিৰাহাৰজনিত দুৰ্ব্বল মানুহৰ শব্দাদি পদাৰ্থ, অৰ্থাৎ শ্ৰৱনশক্তি নাশ হয়, মাথোন বাসনা বিষয় নহয়; কিন্তু যোগী পুৰুষৰ বাসনা পৰ্যন্ত পৰমাত্মাত লয় পায়। হে কুন্তীনন্দন ইও সত্য যে, বলবান্‌ ইন্দ্ৰিয়বিলাকে অতি বীৰ্য্যবান্‌ বিবেকী পুৰুৰ মনো বলেৰে বিকাৰগ্ৰস্ত কৰে। এতেকে, উপস্থিত সমস্যা তোমাৰ বন বিহ্বল হোৱাটো একো আচৰিত নহয়।”(১)

 এইখিনিতে অৰ্জ্জুনক চিন্তাযুত দেখি, শ্ৰীকৃষ্ণদেৱে এই বুলি সেই ব্যাখ্যাৰ ব্যাখ্যা ক্ৰমাৎ বিশদতৰ কৰিবলৈ ধৰিলে,—"কিন্তু, হে অজ্জুন!


 ১) গীতা, ২য় আধ্যা, ৫৪—৬০ শ্লোক। [ ৩৪ ] মোৰ অনন্ত এই সেই ইন্দ্ৰিয়গণক সংযত কৰি সমাধিত বহে; কিয়নো যাৰ ইন্দ্ৰিয়গণ বশীভুত, তেওঁৰেই হে প্ৰজ্ঞা প্ৰতিষ্ঠিত বা ব্ৰহ্মত্বলাভ হৈছে বুলি ধৰ্ত্তব্য। অৰ্থাৎ, ইন্দ্ৰিয়গণ যদিও অতি বলবান্‌, তথাপি ভগবত্- ভক্তজন হৃদয়ৰ সামৰ্থ্য আৰু বিবেকৰ ভীতা গুণেৰে সেই ইন্দ্ৰিয়গণক বশীভূত কৰিবলৈ সমৰ্থবান্‌। কিন্তু যিবিলাকে অকল বিবেক-বিচাৰ আৰু বিজ্ঞান-বলেৰে ইন্দ্ৰিয় জয় কৰিবলৈ বিচাৰে, সিবিলাক সততে অকৃতকাৰ্য্য হয়।” (১)

 ভগৱান শ্ৰীকৃষ্ণই সেই ব্যাখ্যাৰ ব্যাখ্যা এই বুলি আৰু বিশদ আৰু বহুল কৰিবলৈ ধৰিলে, “ইও অনিবাৰ্য যে, যদি বাহ্যিক ইন্দ্ৰিয়াদি ৰুদ্ধ কৰি একান্ত মনেৰে কোনো বিষয়ে চিন্তা কৰা যায়, তেনেহলে সেই বিষয়ৰ প্ৰতি আসক্তি জন্মে; আসক্তি হলেই তাক লাভ কৰিবলৈ বাসনা বলৱতী হয়; বাসনাৰপৰা ক্ৰোধৰ উৎপত্তি হয়, অৰ্থাৎ বাঞ্ছিত ফল লাভত কোনোৱে বিঘ্ন উপস্থিত কৰিলে তাৰ প্ৰতি ক্ৰোধ জন্মে; ক্ৰোধৰপৰা অবিবেক বা হিতাহিত জ্ঞানহীনতা ঘটে; বিবেকহীনতা ঘটিলেই স্মৰণ শক্তিৰ ব্যতিক্ৰম ঘটে; স্মৃতিভ্ৰম হলেই বুদ্ধি নাশ হয়। বুজি নাশৰপৰা শেহান্তৰত প্ৰাণ বিনাশ হয়।” (২)

 আন হাতে, ৰাগ-দ্বেষবৰ্জ্জিত আত্মাবশীভূত ইন্দ্ৰিয়গণৰ দ্বাৰাই বিষয়-চিন্তা গ্ৰহণ কৰি সংযতচিত্ত পুৰুষে আত্মপ্ৰসাদ লাভ কৰে। অৰ্থাৎ ইন্দ্ৰিয়ৰাজ মনে বশ মানিলেই ইন্দ্ৰিয়াদি বশীভুত হয়; সেয়ে হলেই চিত্তশুদ্ধিৰ প্ৰভাৱেৰে বিষয়-চিন্তাত আত্মপ্ৰসাদ বা


 (১) গীত, ২য় আধ্যা, ৬১ শ্লোক।
 (২) “ধ্যায়তো কিৰয়ান্‌ পুংসঃ সঙ্গঃস্তযুগজায়তে;

 সঙ্গাৎ সংজাৱতে ****** [ ৩৫ ]
 
আত্মজ্ঞান লাভ হয়। এই আত্মপ্ৰসাদ লাভ হলেই, সমস্ত দুখৰ বিনাশ হয়, প্রাণত শান্তি জন্মে; কিয়নো বিশুদ্ধচিত্ত লােকৰ বুদ্ধি অতি সহজে আৰু সােনকালে আত্মাত প্রতিষ্ঠিত হয়। কিন্তু, যি আপােনাৰ মনক জয় কৰিব নােৱাৰে, সেই অজিতেন্দ্ৰিয় পুৰুষৰ বুদ্ধিও নাই, জ্ঞানো নাই; আত্মচিন্তাশক্তিশূন্য লােকৰ শান্তি নাই ৷ অশান্তচিত্ত লােকৰ কতো কেতিয়াও সুখ নহয়। এতেকে, মুখ্য উদ্দেশ্য সাধন কৰিবলৈ হলে প্রথমে মনক আত্মবশলৈ আনিব লাগিব।”(১)

 মন অতি দুৰ্দ্দম । এনে দুৰ্দ্দম মনে যদি এটামানো অসংযত ইন্দ্রিয়ক অৱলম্বন কৰে, তেনেহলে, প্রতিকুল বতাহে পাই নাৱৰ গতিভ্রষ্ট কৰাৰ দৰে, সি সমাধিস্থ পুৰুষৰ বিবেকবুদ্ধি হৰণ কৰি তেওঁক গম্য পথৰপৰা বিচলিত কৰে ৷ এটা অসংযত ইন্দ্রিয়ৰেই যদি ইমান প্ৰভাৱ, তেন্তে যাক একাধিক অসংযত ইন্দ্ৰিয়ই পায়, তাৰ জানাে কি যে সর্ব্বনাশ ঘটে! গতিকে, হে মহাবাহো ! যাৰ সমস্ত ইন্দ্ৰিয়গণ নিজৰ বশীভূত হয়, তেওঁৰ পক্ষে হে প্ৰজ্ঞা আত্মজ্ঞান লাভ সম্ভৱ । জীৱ আৰু ব্ৰহ্ম বা জীৱাত্মা আৰু পৰমাত্মাৰ অভেদাত্মা ৰোধকে প্ৰজ্ঞা বোলা যায় ৷ এই প্রজ্ঞা অজ্ঞান জনৰ চকুত অদৃশ্য । ৰাতি বুলিলে সাধাৰণতে আন্ধাৰ বুজায়। তদ্রুপ প্ৰজ্ঞাৰ বিপৰীত হৈছে অবিদ্যা ৷ সেই কাৰণে, সাধাৰণ লােকে যেতিয়া আন্ধাৰত খেপিয়াই ফুৰে, আত্মাসাক্ষাৎকাৰীগণ তেতিয়া স্থিৰপ্ৰজ্ঞ; আৰু অবিদ্যামগ্ন সাধাৰণ লােক যেতিয়া বিহ্বল, বিমোৰ আৰু অচেতন, ব্ৰহ্মজ্ঞানী তেতিয়া সবল, সজাগ আৰু কৰ্ত্তব্যপৰায়ণ৷(২)” এই বুজনিৰে সৈতে ভগৱান শ্ৰীকৃষ্ণই মহাবাহু অৰ্জ্জুনক ইন্দ্ৰিয়জনিত মায়া-মােহ ত্যাগ কৰি উপস্থিত ৰণত আগুৱাবলৈ উদগনি দিয়ে ৷


 (১) গীতা, ২য় আধ্যা, ৬১-৬৬ শ্লোক ৷

 (২) গীতা, ২য় আধ্যা, ৬৭-৬৯ শ্লোক ৷ [ ৩৬ ]
 
 অৰ্জ্জুনৰ মতি স্থিৰ কৰিবৰ অৰ্থে, বাসুদেৱে আকৌ আন পাকে এইবুলি বুজনি আৰম্ভ কৰিলে, “যেনেকৈ নদ-নদীৰ পানীয়ে ভৰপূৰকৈ চপ্‌চপীয়া কৰা অতল সাগৰত বৰষুণৰ পানী পৰি তাৰ আধাৰ শক্তিৰ বিঘ্ন ঘটাব নোৱাৰে, তেনেকৈ স্থিতপ্ৰজ্ঞ নিষ্কামকামী পুৰুষত বিষয়-বাসনাদি প্ৰবিষ্ট হলে, সেইবোৰে তেওঁত অশান্তি জন্মাব নোৱাৰে; বৰঞ্চ শান্তি হে বিস্তাৰ কৰে; বিষয়কামী পুৰুষৰ পক্ষে ই অসম্ভৱ।” (১)

 অৰ্জ্জুনৰ মন শান্ত আৰু আশান্বিত কৰাৰ উদ্দেশে ভগৱান শ্ৰীকৃষ্ণই অনতিপলমে আকৌ এই ব্যাখ্যা আৰম্ভ কৰিলে, “যি পুৰুষে সকলো কামনা ত্যাগ কৰি নিৰ্ম্মম, নিৰহঙ্কাৰ আৰু নিস্পৃহ হৈ সংসাৰত চলে, সেই আত্মাবান্ যোগী পুৰুষে হে আচল শান্তি লাভ কৰে।”(২)
 সদৌশেহত, ভগৱান শ্ৰীকৃষ্ণই এই মন্তব্যেৰে ওপৰত ব্যাখ্যা দি অহা নিষ্কাম ধৰ্ম্মোপদেশৰ সামৰণি মাৰে,—“হে পাৰ্থ ! ইয়াকে ব্ৰাহ্মীস্থিতি বা ব্ৰহ্মনিষ্ঠ অৱস্থা বোলা যায়। ইয়াক লাভ কৰিলে সংসাৰ-মায়াত বিমুগ্ধ হোৱা নাযায় । অৰ্থাৎ, যি পুৰুষে ব্ৰহ্মনিষ্ঠৰূপ এই স্থিতি লাভ কৰে, তেওঁত অজ্ঞানতাৰ পুনঃঅভ্যুদয়ৰ আশঙ্কা নাথাকে । আন কি, অন্তিম মুহূৰ্ত্তত ক্ষন্তেমানে এই অৱস্থাত স্থিতি কৰিব পাৰিলে ব্ৰহ্মনিৰ্ব্বাণ লাভ কৰা যায়।”(৩)


 (১) আপূৰ্য্যমানমচলপ্ৰতিষ্ঠং সমুদ্ৰমাপঃ প্ৰবিশস্তি যশৎ ৷
 তদ্বৎ কামা যং প্ৰবিশস্তি সৰ্ব্বে সশান্তিমাপ্ৰোতি ন কামকামী ৷”
 —গীতা, ২য় আধ্যা, ৭০ শ্লোক ৷
 (২) গীতা, ২য় আধ্যা, ৭১ শ্লোক ৷
 (৩) “এৰা ব্ৰাহ্মী স্থিতিঃ পাৰ্থ নৈদাং প্ৰাপ্য বিমুহ্যতি ৷
 স্থিত্ত্বাহস্যামন্তকালেহপি ব্ৰহ্মনিৰ্ব্বাণমৃচ্ছতি ৷”—গীতা, ২য় আধ্যা,৭২ শ্লোক
[ ৩৭ ]


৪৷ আধ্যা ৷
জ্ঞানযোগ আৰু কৰ্ম্মযোগ ৷


 ইমানলৈকে শ্ৰীকৃষ্ণদেৱৰ ধৰ্ম্ম আৰু কৰ্ম্ম ব্যাখ্যা একান্তমনেৰে শুনি শুনি অৰ্জ্জুন বৰঞ্চ বিমােৰ হে হল; তেওঁ কৰ্তব্যবিমােৰ হৈ অগত্যা শিষ্যৰ প্রগাঢ় ভক্তিৰে ভগৱান বাসুদেৱক পুনৰপি এই বুলি প্ৰশ্ন কৰিলে,“হে জনাৰ্দ্দন!(১) যদি তােমাৰ মতে নিষ্কাম ধৰ্ম্মতকৈ আত্মজ্ঞান শ্রেষ্ঠতৰ হয়, তেন্তে, হে কেশৱ ! এই ঘােৰ হিংসাজনক কাৰ্য্যলৈ (উপস্থিত ৰণলৈ) মােক কিয় উদগনি দিছাঁ ? মই তােমাৰ শৰণাগত শিষ্য। এতেকে, হে ভকতবৎসল ! যাতে মই সহজে আৰু ঠাৱৰকৈ মঙ্গল বা মুক্তিলাভ কৰিব পাৰোঁ তাকে নিশ্চয়কৈ মােক উপদেশ দিয়াঁ । কেতিয়াবা কামৰ, কেতিয়াবা জ্ঞানৰ শ্ৰেষ্ঠতা দেখুৱাই সানমিহলিকৈ জ্ঞানােপদেশ দি তুমি মােক মােহভ্রান্ত কৰিছাঁ মাথােন। তােমাৰ ব্যাখ্যাত এহাতে বৈদিক নিষ্ঠাৰ লাঘৱতা প্রকাশ পাইছে, আনহাতে বেদনিষ্ঠা তৎপৰতা ধৰা পৰিছে; এহাতে নিবৃত্তি মাৰ্গৰ উপদেশ দিছাঁ, আনহাতে প্রবৃত্তিমার্গ মােকই দিছাঁ ৷ মই ইয়াৰ একো তৎ ধৰিব পৰা নাই । একে সময়তে একেজন মানুহে বিৰুদ্ধ ধৰ্ম্মৰ কৰ্ম্ম আৰু জ্ঞানৰ কেনেকৈ অধিকাৰী হব পাৰে নুবুজিলোঁ। হে কেশৱ ! এই সমস্যা ভাঙ্গি মােক উজুকৈ বুজাই দিয়াঁ ।”(২)

——————————————————————————————————————————————————————————————————————

 (১) বাঞ্ছিত বস্তুপ্ৰাপ্তিৰ অৰ্থে যাৰ ওচৰত যাচ্‌ঞা কৰা যায়,তেওঁকে জনাৰ্দ্দন বোলে ৷ জ্ঞানতত্ত্ব আৰু মুক্তি বাচ্‌ঞাকাৰী অৰ্জ্জুনৰ মানত শ্ৰীকৃষ্ণ সেই জনাৰ্দ্দন ৷

 (২) গীতা, ৩য় আধ্যা, ১-২ শ্লোক ৷ [ ৩৮ ]
 

 ভগৱান শ্রীকৃষ্ণই অতি হৃষ্টচিতেৰে এইবুলি অৰ্জ্জুনৰ প্ৰশ্নৰ সমিধানদিলে,—“হে অনঘ !(১) মই ইতিপূৰ্ব্বতে কৈ আহিছোঁ যে, ইহলােকত ব্ৰহ্মনিষ্ঠা দুই প্রকাৰ-জ্ঞানাধিকাৰীসকলৰ কাৰণে জ্ঞানযােগ আৰু কৰ্ম্মীগণৰ নিমিত্তে কৰ্ম্মযোগ। অর্থাৎ, যাৰ অন্তৰত আত্মা আৰু পৰমত্মৰি অভিন্নবােধ জন্মিছে, তেওঁৰ নিমিত্তে জ্ঞানযােগ নিবৃত্তিমার্গ; আৰু যাৰ অন্তঃকৰণত শুদ্ধিলাভ হােৱা নাই, তাৰ কাৰণে কৰ্ম্মযোগ-প্রবৃত্তিমার্গ। জ্ঞান আৰু কৰ্ম্ম বিৰুদ্ধভাবী হলেও, একেজনতে পৰস্পৰা সম্বন্ধ সম্ভৱপৰ ৷”(২)

 ওপৰৰ শ্লোকটি সূত্র মাথোন কৰি ভগৱান শ্রীকৃষ্ণই এটি-এটিকৈ তেৰটা শ্লোকেৰে জ্ঞানযোগ আৰু কৰ্ম্মযোগৰ ব্যাখ্যা এইদৰে দিছে,—“হে অৰ্জ্জুন ! নিষ্কাম কৰ্ম্মৰ অনুষ্ঠান নকৰিলে নিষ্ক্রীয় ভাবৰ উৎপত্তি নহয়, আৰু অকল সন্ন্যাসব্রত ধৰিলেও সিদ্ধিলাভ বা জ্ঞানােদয় হােৱাৰ সম্ভাৱনা নাই। অর্থাৎ, যজ্ঞ, দান, তপস্যা, বেদাধ্যয়ন আদি নিত্য-নৈমিত্তিক ক্রিয়া নিষ্কাম হৈ নকৰিলে চিত্তশুদ্ধি লাভ নহয়; চিত্তশুদ্ধি লাভ নহলে আত্মজ্ঞানৰ উদয় অসম্ভৱ।(৩)

 “সত্ত্বঃ ৰজঃ তমঃ এই তিনি প্রাকৃতিক গুণৰ প্ৰভাৱত মানুহ অপােনা-আপুনি কৰ্ম্মত প্রবৃত্ত হয়; কোনােলােকেই মুহূৰ্ত্তমানো নিষ্কর্মা হৈ ৰব নােৱাৰে।”(৪)

 “যি আত্মজ্ঞানহীন লোকৰ বাহিৰত ক্ৰিয়াত্যাগ বা সন্ন্যাসভাৱ, ——————————————————————————————————————————————————————————————————————

 (১) “অনঘ” সম্বোধনেৰে অৰ্জ্জুনৰ ব্ৰহ্মবিদ্যাত অধিকাৰ বুজাইছে ৷

 (২) গীতা,৩য় আধ্যা, ৪ৰ্থ শ্লোক ৷

 (৩) গীতা ৩য় আধ্যা ৪ৰ্থ শ্লোক ৷

 (৪) গীতা, ৩য় আধ্যা, ৫ম শ্লোক ৷ [ ৩৯ ]
 

অথচ অন্তৰত নানা বাসনাজনিত ক্ৰিয়াৰ প্ৰবাহ, সেইজন কপটীয়া ভণ্ড সন্ন্যাসী মাথোন। কিন্তু, হে অৰ্জ্জুন ! যাৰ বাহিৰত ক্রিয়াৰ প্ৰবাহ, অথচ অন্তৰত তাৰ ফললাভৰ স্পৃহা নাই, সেই জন হে বিশিষ্ট পুৰুষ, তেওঁৰ হে পৰমপদ লাভ হয় ।” (১)

 “তুমি নিত্য-নৈমিত্তিক ক্ৰিয়াৰ অনুষ্ঠান কৰাঁ; কিয়নাে কর্ম্ম নকৰাতকৈ কৰ্ম্ম কৰা হে শ্রেষ্ঠ। বিশেষতঃ কর্ম্ম নকৰিলে তােমাৰ শৰীৰ ধাৰণ ব্যাপাৰেই নচলিব ! অর্থাৎ, তুমি যদি ক্ষত্রিয়োচিত যুদ্ধ নকৰাঁ, অথচ সন্ন্যাসীৰ ভিক্ষাবৃত্তিতো যি স্থলত তােমাৰ অধিকাৰ নাই, তেন্তে ক্ষত্রিয়ােচিত ৰণ-বিগ্ৰহত লিপ্ত নহলে তােমাৰ জীৱনধাৰণেই অসম্ভৱ হব (২)। অর্থাৎ, সন্ন্যাস (৩) ধৰ্ম্মত তােমাৰ অধিকাৰ নাই । গতিকে, ক্ষত্রিয়ােচিত ৰণ-বিগ্ৰহত লিপ্ত নহলে তোমাৰ নিজ অধিকাৰৰ (৪) বর্ণাশ্রমোচিত ধৰ্ম্মও নষ্ট হব ৷ এতেকে, হে অৰ্জ্জুন, তুমি ৰণত প্রবৃত্ত হােৱাঁ ।”

 “ভগৱদাৰাধনাৰ্গে কৰ্ম্মানুষ্ঠান নকৰি অন্য কৰ্ম্মানুষ্ঠানত ধৰিলে মানুহ সংসাৰবন্ধনদশাগ্রস্ত হয়; এতেকে হে কুন্তীনন্দন ! তুমি ফল কামনা নকৰাকৈ, অৰ্থাৎ নিষ্কাম ভাৱে ভগৱানৰ উদ্দেশে শ্ৰদ্ধা-ভক্তিৰে সৈতে আশ্ৰমোচিত কৰ্ম্মাদিৰ অনুষ্ঠান কৰাঁ ৷ (৫)

——————————————————————————————————————————————————————————————————————  (১) গীতা, ৩য় আধ্যা, ৬—৭ শ্লোক ।

 (২) গীতা, ৩য় আধ্যা, ৮ম শ্লোক ।

 (৩) ধৰ্ম্ম, সত্য, দম, দান, প্ৰজনন, আহিত্যাগ্নিতা, অগ্নিহোত্ৰ, যজ্ঞ, মানস প্রভৃতি সাধন সন্ন্যাসৰ অধিকাৰমূলক ৷—শ্ৰীহৰহ্মাধিকৃত টীকা; আৰু গীতাৰ্থসন্দীপনী ৷

 (৪)ব্ৰহ্মচৰ্য্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস এই চতুৰাশ্ৰমত ব্ৰাহ্মণৰ অধিকাৰ; ব্ৰহ্মচৰ্য্য,গাৰ্হস্থ্য, বানপ্ৰস্থ এই তিনি আশ্ৰমত ক্ষত্ৰিয়ৰ অধিকাৰ; আৰু ব্ৰহ্মচৰ্য্য আৰু গাৰ্হস্থ্য এই দুই আশ্ৰমত বৈশ্যৰ অধিকাৰ ৷—কৃষ্ণানন্দস্বামীৰ গীতাৰ্থসন্দীপনী ৷

 (৫)গীতা,৩য় আধ্যা, ৯ম শ্লোক ৷ [ ৪০ ]
 
 “সৃষ্টিপাতনিতে সৃষ্টিকৰ্ত্তা ব্রহ্মাই যজ্ঞৰে সৈতে জীৱগণক সৃষ্টি কৰি কৈছিল যে, এই যজ্ঞ সিবিলাকৰ অভীষ্ট ভোগপ্ৰদ হব। অর্থাৎ, নিত্যনৈমিত্তিক ক্রিয়া নিয়মিতৰূপে কৰি থাকিলে কৰ্ম্মৰ স্বভাৱগুণতেই বাঞ্ছিত ফল অযাচিতে পােৱা যায়, আৰু ইষ্ট-দেৱতাদিও তুষ্ট হয় । ইয়াৰ বিপৰীতে যি স্বার্থান্ধ হৈ কাম্য কৰ্ম্মত প্রবৃত্ত হয়, সি পাপসঞ্চয় কৰে মাথােন। যজ্ঞাৱশেষভোজী সৎপুৰুষসকল সততে পাপৰপৰা মুক্ত হয়; কিন্তু যি পাপাত্মাই নিজৰ নিমিত্তে হে পাক কৰে, সি স্বােপার্জিত পাপ মাথোন ভােজন কৰে। ইয়াকে সাৰোগত কৰি, হে অৰ্জ্জুন ! তুমি উপস্থিত ৰণত লিপ্ত হােৱাঁ ৷৷ (১)

 “অন্নৰপৰা শৰীৰ উৎপন্ন হয়; মেঘে বৰষুণ দিলে সেই অন্ন জন্মে; যজ্ঞৰ ফলত মেঘ; আৰু কৰ্ম্মৰপৰা যজ্ঞ ৷ এতেকে, কৰ্ম্মেই শৰীৰ; কৰ্ম্মেই জীৱন। সেই কৰ্ম্ম বেদৰপৰা উৎপন্ন, আৰু বেদ ব্ৰহ্মৰপৰা উৎপন্ন। গতিকে, ব্ৰহ্ম বা পৰমাত্মাই কৰ্ম্মৰ জনক। এতেকে, হে অৰ্জ্জুন! যি মানুহে এনে মনুষ্য শৰীৰ ধাৰণ কৰি এই প্রৱৰ্ত্তিত কর্ম্মচক্ৰত আৱৰ্ত্তন নকৰে, সেই ইন্দ্রিয়াসক্ত পাপযুক্ত পুৰুষৰ জীৱনেই বৃথা।”(২)

 “কিন্তু, যি পুৰুষৰ আত্মাতেই ৰতি, আত্মাতেই তৃপ্তি, আত্মাতেই সন্তোষ, সেই পুৰুষৰ কৰ্ম্মানুষ্ঠান অনাৱশ্যক। কৰ্ম্মৰ অনুষ্ঠান কৰিলে বা নকৰিলে আত্মজ্ঞানী পুৰুষৰ পূণ্য বা প্রত্যবায় একো নহয় । এতেকে, হে পার্থ, তুমি ফল কামনা বৰ্জ্জিত হৈ কৰ্ম্মানুষ্ঠান কৰাঁ । কিয়নাে, ফল কামনা বর্জ্জিত নিষ্কাম কৰ্মী পুৰুষে পৰমপদ লাভ কৰে ।

————————————————————————————————————————————————————————————————————————

 (১) গীতা, ৩য় আধ্যা, ১০-১৩শ,শ্লোক ৷

 (২) গীতা,৩য় আধ্যা, ১৪-১৬ শ্লোক ৷ [ ৪১ ]
 
জনকাদি মহাত্মাগণে কৰ্ম্মানুষ্ঠানৰ দ্বাৰাই আত্মজ্ঞান লাভ কৰিছিল; তুমিও লােকসংগ্রাহাৰ্থে(১) ক্ষত্রিয়োচিত কৰ্ম্মৰ অনুষ্ঠান কৰা উচিত ।”

 “শ্রেষ্ঠজনে যি যি অনুষ্ঠান কৰে, ইতৰ লােকে সেই সমস্তকে অনুকৰণ কৰে। আৰু শ্রেষ্ঠ লোকে যিহকে প্রামাণিক বুলি মানে, সৰ্বসাধাৰণে তাৰে অনুসৰণ কৰে(৩)। গতিকে, হে অৰ্জ্জুন ! তুমি শ্ৰেষ্ঠজন হৈ যদি এই কৰ্ম্ম (উপস্থিত ৰণ) ত্যাগ কৰাঁ, তেন্তে ইতৰলােকে তোমাৰে পটন্তৰ আগত লৈ কৰ্ত্তব্যকৰ্ম্ম ত্যাগ কৰিব; তেতিয়া হলে তুমি লোকৰ আদৰ্শস্থানীয় নহলাঁ । সেই কাৰণেই, হে পার্থ ! যদিও ত্রিভূবনত মােৰ কিঞ্চিৎমানো কৰিব লগীয়া কৰ্ম্ম নাই, অপ্রাপ্ত প্রাপ্তব্য নাই, তথাপি মই কৰ্ম্মানুষ্ঠানত ব্যাপৃত আছোঁ;. নাথাকিলে লােকসমূহ উৎসন্ন যাব, মই বৰ্ণসঙ্কৰ উৎপন্নৰ কাৰণ হৈ পৰিম। এতেকে, হে পার্থ, আত্মজ্ঞানহীনজনে যেনেকৈ ফল কামনাৰ আসক্তিৰে কৰ্ম্মানুষ্ঠান কৰে, সেইদৰে তুমি-মই ফলকামনাবৰ্জ্জিত হৈ অনাসক্তচিতেৰে কৰ্ম্মানুষ্ঠান কৰা কৰ্ত্তব্য । কিয়নো, তত্ত্ববিৎ পুৰুষে আত্মজ্ঞানহীন জন-সাধাৰণৰ মাজত মতভেদ নঘটাই একপন্থীয়াকৈ কৰ্ম্মমার্গত নিযুক্ত ৰাখিবলৈ হে চায়; আৰু অহঙ্কাৰত বিমূঢ়াত্মালোকে ভাবে যে, তেওঁ হে কৰ্ম্মৰ অনুষ্ঠান কৰিছে; কিন্তু প্রকৃততে সি নহয়, সত্ত্বঃ ৰজঃ, তমঃ আদি প্ৰকৃতিৰ গুণৰাশিৰ দ্বাৰাই হে কৰ্ম্ম অনুষ্ঠিত হয় । যথাৰ্থ তত্ত্বজ্ঞলােকে কাচিতো নিজত কৰ্ত্তৃত্ব আৰোপ নকৰে। আত্ম-

————————————————————————————————————————————————————————————————————————  (১) লােকসকল, অর্থাৎ প্রজাবৰ্গক নিজ নিজ ধৰ্ম্মত প্রবৰ্ত্তিত কৰা আৰু সিবিলাকক অধৰ্ম্মৰপৰা ৰক্ষা কৰাৰ নাম “লােকসংগ্রহ“ ।

 (২) গীতা, ৩য় আধ্যা, ১৭-২০ শ্লোক ।

 (৩) “যদযদাচৰতি শ্ৰেষ্ঠজ্ঞতত্তদেবেতৰো জন ৷

 স বৎ প্ৰমাণাংকুৰুতে লোকগুদনুবৰ্ত্ততে ৷” ২১ ৷ [ ৪২ ]
 
জ্ঞানহীন জীৱ প্ৰকৃতিৰ গুণত মুগ্ধ হৈ ইন্দ্ৰিয়ভোগ্য বিষয়ত আসক্ত হয়। কিন্তু যেতিয়ালৈকে সিবিলাকত আত্মজ্ঞানৰ সঞ্চাৰ নহয়, তেতিয়ালৈ
কে আত্মজ্ঞানীজনে সিবিলাকক কর্ম্মত্যাগলৈ বাট দেখুৱাব নাপায়। এতেকে, হে অৰ্জ্জুন, তুমি কৰ্ম্মৰাশি অধ্যাত্মচিতেৰে মােৰ ওপৰত সমৰ্পণ কৰি, কামনা-মমতা-শোকৰহিত হৈ যুদ্ধত প্রবৃত্ত হােৱা । এই ঐশ্বৰিক মত অনুসৰণ কৰিলে আত্মজ্ঞানশূন্য জনেও কৰ্ম্মজালৰপৰা মুক্তিলাভ কৰে, আৰু যি দুৰ্ব্বুদ্ধি হেতুকে ইয়াৰ বিপৰীত আচৰণ কৰে, তাৰ পুৰুষত্ব আৰু পুৰুষাৰ্থ ভ্রষ্ট হয়। বিশেষতঃ, পূৰ্ব্বজম্মকৃত ধৰ্ম্মাধৰ্ম্মৰ প্রতিফলৰ হাত মহাবলৱন্তেও এৰাব নােৱাৰে।”(১)

 “সকলাে ইন্দ্রিয়ৰেই(২) বিষয়ভেদে(৩) অনুৰাগ আৰু বিৰাগ নির্দিষ্ট আছে; কিন্তু দুয়াে জীৱৰ পৰম শত্রু। এতেকে, কাচিতো তাৰ বশীভুত হােৱা উচিত নহয় । কিয়নাে, যেতিয়ালৈকে এই স্বাভাবিক ৰাগ-বিৰাগ বিদ্যমান থাকে, তেতিয়ালৈকে সাধকৰ সাধু উদ্দেশ্য সিন্ধি নহয়।” (৪)

 “স্বধর্ম্ম অঙ্গহীন হলেও সম্পূর্ণাঙ্গ বা উত্তমৰূপে অনুষ্ঠিত পৰধৰ্ম্মতকৈ শ্রেষ্ঠ। পৰধৰ্ম্ম নিজ প্রকৃতিবিৰুদ্ধ হেতুকে সি ভয়াৱহ হয় বা শুভফলদায়ক নহয়; কিন্তু নিজ প্রকৃতিগত স্বধর্ম সাধনেৰে স্বপ্ৰকৃতি বিশুদ্ধ কৰোঁতে কৰোঁতে মৃত্যু হলেও মঙ্গল লাভ হয়। হে অৰ্জ্জুন !

——————————————————————————————————————————————————————————————————————

 (১) গীতা, ৩য় আধ্যা, ২১-৩৩ শ্লোক ।

 (২) শ্ৰোত্ৰ, ত্বক্, নেত্ৰ, বসনা, স্ত্ৰাণ, আৰু বাক্, পাণি, উপাস্থ, পায়ু এই দশেন্দ্রিয় জীৱত বিদ্যমান।

 (৩) শব্দ, স্পর্শ, ৰূপ, ৰস, গন্ধ, বচল, আদান, গমন, আনন্দ, মলত্যাগ এই দহোটা ইন্দ্ৰিয়ৰ স্বাভাৱিক প্ৰকৃতি বা বিষয় ৷

 (৪) গীতা, ৩য় আধ্যা, ৩১ শ্লোক ৷ [ ৪৩ ] ক্ষত্রিয় ধৰ্মই তোৰমা স্বধর্ম্ম; সেই স্বধর্ম্ম পালনার্থে তুমি যুদ্ধত প্ৰবৃত্ত হৈ তােমাৰ কল্যাণ সাধন কৰা।”(১)

 এনেতে, অৰ্জ্জুনে এই বুলি পুনৰপি প্রশ্ন তুলিলে, “হে বৃঞ্চিবংশধৰ ! পুৰুষৰ প্ৰবৃত্তি নাথাকিলেও কিহে নাে তেন্তে পাপ কাৰ্য্যলৈ উদগনি দিয়ে ? তােমাৰ জ্ঞানগর্ভ উপদেশ লবলৈ মােৰ একান্ত বাঞ্ছা হেতুকে যদিও ৰণ কৰা জোৰ কৰ্ত্তব্য বুলি মই বুজিছোঁ, তথাপি সেই ৰণলৈ মােৰ প্রবৃত্তি জন্মা নাই কিয় ?”(২)

 তদুত্তৰত, ভগৱান শ্রীকৃষ্ণই এই বুলি সমিচাৰ দিলে,—“কামনা ৰজগুণৰপৰা উৎপন্ন; এই কামনা কাৰ্য্যস্থলত ক্রোধৰূপে পৰিণত হয় ; হে পার্থ ! ইহজন্মৰ মােক্ষমাৰ্গত এই কামনা পৰম শত্ৰু বুলি বুজিবাঁ । ই দূৰ-দূৰণীয়; ই অতিশয় উগ্ৰ । ইয়াকে জানি তুমি কামনা পৰিত্যাগ কৰিবাঁ।(৩)। আৰু, আঙ্গঠাক যেনেকৈ ফুট্‌ছায়ে ঢাকি থয়, আৰ্চীক যেনেকৈ চেকাই ঢাকি ধৰে, জৰায়ুৱে যেনেকৈ গৰ্ব্ভক ঢাকি ৰাখে, তেনেকৈয়ে কাম বা কামনায়াে আত্মা বা জ্ঞানক আঁৰ কৰি থয় (৪)। হে কুন্তীনন্দন ! এই কামনায়ে জ্ঞানীৰো বিবেকশক্তিক অকামিলা কৰে(৫) ৷”

——————————————————————————————————————————————————————————————  (১)“শ্ৰেয়ান্ স্বধর্ম্মো বিগুণঃ পৰধৰ্ম্মাৎ অনুষ্ঠিতাৎ ।

 স্বধৰ্ম্মে নিধনং শ্ৰেয়ঃ পৰোধৰ্ম্মো ভয়াবহঃ।”

 -গীতা, ৩য় আধ্যা, ৩৫ শ্লোক ।

 (২) গীতা, ৩য় অ্যাধ্যা, ৩৬ শ্লোক।

 (৩) গীতা, ৩য় আধ্যা, ৩৭ শ্লোক ৷

 (৪) “ধুমেনাব্ৰিয়তে বহ্নিৰ্দ্বথাদৰ্শো বলেন চ ৷

  যথোধেনাবৃতো গৰ্ব্ভস্তধা তেনেধমাবৃতম।”—গীতা, ৩ আধ্যা, ৩৮ শ্লোক ৷

 (৫) গীতা, ৩য় আধ্যা, ৩৯ শ্লোক । [ ৪৪ ]  “ইন্দ্রিয়, মন আৰু বুদ্ধি এই তিনি ভেটীত থােপনি লৈয়ে কামনাই জ্ঞানক তল পেলাই দেহাভিমানী জীৱক মোহত মগ্ন কৰে। এতেকে, হে ভৰতৰ্ষভ ! তুমি প্রথমতে ইন্দ্রিয়গণক বশ কৰি, জ্ঞান-বিজ্ঞান বিনাশকাৰী আৰু সৰ্ব্বপাপৰ আশ্রয় এই কামনাক বিনষ্ট কৰাঁ।”(১)

 “দেহতকৈ ইন্দ্রিয় শ্রেষ্ঠ; ইন্দ্ৰিয়তকৈ মন শ্রেষ্ঠ; মনতকৈ বুদ্ধি শ্রেষ্ঠ; বুদ্ধিৰ উপৰি আটাইতকৈ আত্মা শ্রেষ্ঠ। এতেকে, হে মহাবাহো ! তুমি আত্মাক এইৰূপে জানি লৈ, তেওঁৰ অধীনৰ বুদ্ধিৰে সৈতে মন স্থিৰ কৰি, এই কামৰূপ দুৰ্জ্জয় শত্ৰুক নাশ কৰি আত্মজ্ঞান লাভৰ উদ্দেশ্য সম্পূর্ণ কৰাঁ।(২)





——————————————————————————————————————————————————————————————

 (১)গীতা,৩য় আধ্যা,৪০-৪১ শ্লোক ৷

 (২)“ইন্দ্ৰিয়াণিপৰাশয়ছবিন্দ্ৰিয়েতাঃ পৰং মনঃ ৷”

 মনসক্ত পৰা বুদ্ধিৰ্যেদ্ধেযঃ পৰতত্ত্ব সঃ ৷১২৷৷

 এবং বুদ্ধেঃ পৰং বুদ্ধা সংস্তত্যাত্মাৰসাত্মনা ৷

 জহি শত্ৰুং মহাবাহো কামৰূপং দুবাসনম্ ৷১৩৷৷ [ ৪৫ ]


৫। আধ্যা ।
———•———
আত্মতত্ত্ব প্রকাশ—কৰ্ত্তব্যকৰ্ত্তা ।

 জ্ঞানযােগ আৰু কৰ্ম্মযােগৰ নিগূঢ় তত্ত্ব ব্যাখ্যা কৰি, ভগৱান(১) শ্রীকৃষ্ণই সাময়িক সমস্যা বুজি, এই বুলি প্রিয়শিষ্য আৰু প্রিয়সখি অৰ্জ্জুনৰ প্ৰতি আত্মতত্ত্ব ব্যাখ্যানত ধৰিলে, “এই অব্যয় জ্ঞানযোগৰ ব্যাখ্যা মই(২) আদিতে সূৰ্য্যক (৩) দিছিলোঁ; সূৰ্যৰপৰা মনুৱে আৰু মনুৰপৰা ইক্ষাকুৱে লাভ কৰে। তাৰ পাচত, ধর্ম্মভাবৰ দুর্বলতা, অজিতেন্দ্রিয়তা, কাম-ক্রোধাদিৰ বশবৰ্ত্তিতা ইত্যাদি দোষত বহুকাল ব্যাপি জীৱগণে সেই আত্মজ্ঞান হেৰুৱাইছিল। হে অৰ্জ্জুন! তুমি মােৰ ভক্তশিষ্য আৰু প্ৰিয়সখি; গতিকে তােমাত আজি সেই নিগূঢ় তত্ত্ব পুনৰপি ব্যক্ত কৰিলোঁ”(৪)

——————————————————————————————————————————————————————————————————————  (১) আত্মজ্ঞানৰ গৰাকী, অর্থাৎ ব্রহ্মজ্ঞানী হেতুকে শ্ৰীকৃষ্ণদেৱক ভগৱান বোলা যায়৷
 (২) “মই” বােলোঁতেই দ্বাপৰৰ শ্ৰীকৃষ্ণই অনাদি, সত্য আৰু ত্ৰেতাৰ মানৱক এই তত্ত্বজ্ঞান দিয়াটো অসম্ভৱ ভাবি উচাপ্ খাব লগীয়া হয়। কিন্তু, সৰ্ব্বশাস্ত্ৰবিশাৰদ নিগূঢ়তত্ত্বভদীযোগী পুৰুষ শ্ৰীকৃষ্ণদেৱে পূৰ্ব্বজন্মৰ তথ্য ধাৰণা কৰি এই কথা কোৱাত আচৰিত মানিবলৈ অকাট্য কাৰণ নাথাকে ।
 (৩) সূৰ্য্য ক্ষত্রিয়কুলৰ বীজস্বৰূপ বুলি মহাভাৰত, হৰিবংশ আৰু পুৰাণাদিত সাব্যস্ত কৰা হৈছে ৷

 (৪) গীতা, ৪ৰ্থ, আধ্যা, ১—৩ শ্লোক । [ ৪৬ ]
 
শ্রীকৃষ্ণদেৱৰ উক্তিত আচৰিত হৈ অৰ্জ্জুনে ততালিকে এই বুলি প্রশ্ন তুলিলে, “হে ভগৱান! তােমাৰ জন্ম পাচত, বৈৱম্বত বা সূৰ্য্যৰ জন্ম বহু পূর্ব্বে হৈছিল; এনেস্থলত জ্ঞানযােগৰ তত্ত্ব তুমি সূৰ্য্যৰ আগত ব্যাখ্যা কৰিছিলা বুলি কেনেকৈ ধাৰণা কৰোঁ ?” (১)

 অৰ্জ্জুনৰ এই জটিল প্রশ্নৰ উত্তৰ ভগৱান শ্রীকৃষ্ণই এই বুলি দিলে, “প্ৰকৃততে ইতঃপূৰ্ব্বত মােৰ আৰু তােমাৰ বহুবাৰ জন্ম হৈ গৈছে ৷ মােৰ আত্মদৃষ্টিৰ জ্ঞান অবিচলিত থকাৰ হেতুকে মই তোমাৰ-মোৰ বহুবাৰৰ কথা জানোঁ; কিন্তু, তুমি দেহাত্মবুদ্ধিৰ বশ হেতুকে সেই বিষয়ে তোমাত স্মৰণ নাই। যি অনাদি তেওঁৰ জন্ম নাই; যি অবিনাশী তেওঁ মৰণ নাই । মই এনে জন্ম-মৰণৰহিত যদিও, নিজৰ প্ৰকৃতিক বশীভূত কৰি নিজ মায়াৰ দ্বাৰাই মই জন্মগ্রহণ কৰোঁ । হে ভাৰত !(২) যেতিয়াই ধৰ্ম্মৰ হানি আৰু অধৰ্ম্মৰ প্ৰাদুৰ্ভাৱ প্ৰৱল হয়, তেতিয়াই মই আপােনাকে আপুনি সৃষ্টি কৰোঁ ৷ সাধুৰ ৰক্ষা, দুষ্টৰ দমন আৰু ধৰ্ম্ম স্থাপনৰ অৰ্থে মই যুগে যুগে অৱতীৰ্ণ হওঁ । হে অৰ্জ্জুন ! যি পুৰুষে মােৰ এই দিব্য জন্ম-কৰ্ম্মৰ তত্ত্ব হৃদয়ঙ্গম কৰিব পাৰে, তেওঁৰ দেহান্তৰৰ পাচত আৰু পুনর্জন্ম ননয়। তেওঁ মােৰ আত্মাতে বিলীন হৈ নির্ব্বাণপ্রাপ্ত হয়।” (৩)


 (১) এই বিষয়ত অৰ্জ্জুনৰ সন্দেহ গম্ভীৰ হােৱাৰ আৰু এটা কাৰণ এই যে, ইতিপূৰ্ব্বতে শ্ৰীকৃষ্ণদেৱে ব্যাখ্যা কৰি আহিছে আত্মা অমৰ আৰু পৰমাত্মা লাভৰ পাচত তেওঁ ব্ৰহ্মনিৰ্মাণ প্রাপ্ত হয় বুলি; এতেকে পুনৰ্জন্ম অসম্ভৱ । —গীতা, ৪ৰ্থ আধ্যা, ৪র্থ শ্লোক ।
 (২) ভা-জ্ঞান ; ৰত-ৰতিযুত । ভাৰত সম্বােধনেৰে এই খিনিত অৰ্জ্জুনক জ্ঞানপিপাসু বুজোৱা হৈছে ।
 (৩) গীতা, ৪র্থ আধ্যা, ৫–৯ শ্লোক ।

[ ৪৭ ]
 
 “অন্তঃকৰণক কামক্ৰোধভয়বৰ্জ্জিত কৰি যি সাধকে ব্ৰহ্ম আৰু জীৱক অভিন্নভাৱে দেখে, আৰু এক ভগৱানত মাথোন মন সমৰ্পণ কৰে, আৰু আত্মজ্ঞানৰূপ তপস্যাৰ দ্বাৰাই চিত্তশুদ্ধি লাভ কৰে, তেওঁৱেই পৰমাত্মা পৰমপদ লাভ কৰে । হে পাৰ্থ ! যি যেনে ভাৱে ভজনা কৰে, ভগৱানে তেওঁক সেই ভাৱেই কৃপা কৰে; কামী মনুষ্যগণে নানা পন্থাৰে পূজা কৰিলেও, সিবিলাকে একমাত্ৰ ভগৱান পন্থাকেই অসুসৰণ কৰে ৷”

 “ইহলোকত ফল কামনাৰে সৈতে যজ্ঞাদিৰ অনুষ্ঠান কৰিলে আশু ফল লাভ হয়; আৰু গুণকৰ্ম্ম বিভাগ অনুসাৰে ভগৱানে চাৰিবৰ্ণৰ(২)সৃষ্টি কৰিছে। কিন্তু, তথাপি তেওঁ অকৰ্ত্তা আৰু অব্যয় বুলি জানিবাঁ ৷ কিয়নো, কৰ্ম্মই তেওঁক স্পৰ্শ নকৰে, বাস্তৱতে কৰ্ম্মফলৰ কামনাও তেওঁত নাই। এই ভাৱে যি সকলে ভগৱানক ভজে, কৰ্ম্মজালে সেই সকলক মেৰাই ধৰিব নোৱাৰে । আত্মাক এইভাৱে অকৰ্ত্তা, অভোক্তা,


 (১) গীতাৰ শ্লোকত “ভগৱান” উদ্দেশে “মন্ময়াঃ”, “মাম্” “মদ্ভাবম্”, “মাংস” “অহং” “মম” ইত্যাদি শব্দ প্ৰয়োগ কৰা হৈছে । তাৰ দ্বাৰাই আত্মজ্ঞানী শ্ৰীকৃষ্ণই নিজকে ভগৱান বা ঈশ্বৰৰ আৰ্হিৰে দেখুৱাইছে; এই বাবেই অনেকানেক টীকাকাৰে আৰু জনসাধাৰণে এই বুজে যে, শ্ৰীকৃষ্ণই নিজে নিজক এই প্ৰসঙ্গত ভগৱান বা ঈশ্বৰ স্বৰূপে চিনাকি দিছে । কিন্তু, গীতা ব্যাখ্যাৰ পূৰ্ব্বে কেতিয়াও শ্ৰীকৃষ্ণই নিজত ঈশ্বৰত্ব আৰোপ কৰা পোৱা নাযায় ।—গীতা, ৪ৰ্থ আধ্যা, ১০-১১ শ্লোক ৷
 (২) ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই চাৰি বৰ্ণ ৷ কৰ্ম্মগুণ অনুসাৰে ইয়াৰ সাল-সলনিও ঘটিব পাৰে; ব্ৰাহ্মণ মলিন বৃত্তি হলে ক্ৰমাৎ ক্ষত্ৰিয় ব্ৰাহ্মণ, বৈশ্য ব্ৰাহ্মণ, শূদ্ৰ ব্ৰাহ্মণ, চাণ্ডাল ব্ৰাহ্মণ, আদিত পৰিণত হয়। অন্যান্য বৰ্ণতো এই ক্ৰমোন্নতি আছে । কৰ্ম্মগুণৰ তাৰতম্যক ব্ৰাক্ষণে শূদ্ৰস্থ আৰু শূদ্ৰই ব্ৰাহ্মণত্ব প্ৰাপ্ত হয় ৷

 —কৃষ্ণানন্দ স্বামীকৃত গীতাৰ্থ সন্দীপনী, ৪ আধ্যা, ১৩ শ্লোক ৷ [ ৪৮ ]
 
আৰু অব্যয় ভাবি পূর্ব্বে যােগী পুৰুষসকলে (১) কৰ্ম্মানুষ্ঠান কৰিছিল। এতেকে, হে অৰ্জ্জুন, তুমিও সেই পথ অনুসৰণ কৰা ।” (২)


 

 

 


————————————————————————————————————————————————————————————————————————  (১) জনক, যযাতি, যদু প্রভৃতি ৰাজর্ষিসকলক উদ্দেশ কৰা হৈছে ।

 (২) গীতা, ৪ আধ্যা, ১২—১৫ শ্লোক ৷ [ ৪৯ ]
৬৷ আধ্যা ।
→○○○←
কর্তব্যাকৰ্তব্য জ্ঞান।

 ভগৱান শ্রীকৃষ্ণই সখি-শিষ্য অর্জ্জুনক কৰ্ত্তব্যাকৰ্ত্তব্য-জ্ঞান দিয়াৰ উদ্দেশ্যে পুনৰপি এই বুলি উপদেশ দিলে,-“হে অর্জ্জুন! কৰ্ত্তব্য কর্ম্ম কি, আৰু অকৰ্ত্তব্য কৰ্ম্ম কি, এই বিষয় নিৰূপণ কৰিবলৈ গৈ বুদ্ধিমান পুৰুষে মােহপ্রাপ্ত হয়। গতিকে, তােমাক মই কৰ্ত্তব্যাকৰ্ত্তব্যৰ বিশদ ব্যাখ্যা দিওঁ; তাৰ মৰ্ম বুজি সেই মতে চলিলে তুমি সংসাৰমুক্ত হবা। বিহিত কৰ্ম্ম, নিষিদ্ধ কৰ্ম্ম, অকৰ্ম্ম এই তিনিওবিধ কৰ্ম্মৰ তত্ত্ব জ্ঞাত হােৱা আৱশ্যক। যি কৰ্ম্মৰ মাজতো অকৰ্ম্ম, আৰু অকৰ্ম্মৰ মাজতাে কর্ম্ম দেখে, মানুহৰ মাজত তেওঁৱেই হে বুদ্ধিমান। যাৰ সমস্ত কৰ্ম্মই কামসংকল্পবর্জ্জিত, জ্ঞানীগণে তেওঁকে পণ্ডিত বােলে। যি কৰ্ম্ম আৰু ফলৰ আসক্তি এৰাই সততে সদানন্দ আৰু নির্লিপ্ত থাকে, তেওঁক তেওঁৰ কৃতকর্মে স্পর্শ কৰিব নােৱাৰে।” (১)

 “যি নিষ্কাম, সংযতচিত্ত, সৰ্ব্বপ্ৰকাৰ পৰিগ্ৰহত্যাগী, তেওঁ কেৱল শাৰীৰিক কৰ্ম্মানুষ্ঠানৰ বাবে পাপভাগী নহয়। যি যথালাভত সন্তুষ্ট, দ্বন্দ্বসহিষ্ণু, মাৎসর্য্যবর্জ্জিত, লাভ আৰু অলাভত সমভাবাপন্ন তেওঁ কৰ্ম্মানুষ্ঠান কৰিলেও বন্ধনপ্রাপ্ত নহয়। যাৰ ফলভোগৰ বাসনা নাই, যি ৰাগবর্জ্জিত, ব্ৰহ্মজ্ঞানত যি অবিচলিতচিত্ত, তেনে লােকে যজ্ঞাদিৰ অৰ্থে কৰ্ম্মানুষ্ঠান কৰিলে সেই লােকৰ কৰ্ম্মফল


(১) গীতা, ৪ আধ্যা, ১৬—২০ শ্লোক।

[ ৫০ ]

বিনষ্ট হয়। যজ্ঞৰ আহুতি ঘৃত, হােতা, যজ্ঞফল এই সকলােতে যাৰ ব্ৰহ্মবুদ্ধি, তেওঁ ব্রহ্মকেই লাভ কৰে। কোনাে কোনাে যােগীয়ে দৈব যজ্ঞৰ (১) অনুষ্ঠান কৰে, আৰু কোনো কোনােৱে জ্ঞান-যজ্ঞত (২) জীবাত্মক আহুতি দিয়ে। অন্যান্য লােকে শ্ৰোত্রাদি ইন্দ্রিয়গণক সংযমৰূপ অগ্নিত আহুতি দিয়ে; অপৰাপৰে ইন্দ্রিয়ৰূপ অগ্নিত শব্দাদি বিষয় সমূহক আহুতি দিয়ে। আক, কোনাে কোনাে যােগীয়ে সমস্ত ইন্দ্রিয়গণৰ কৰ্ম্ম আৰু প্ৰাণাদিৰ কৰ্ম্মৰাশি জ্ঞানেৰে জলােৱা আত্মসংযমৰূপ অগ্নিত হোম কৰে। কোনােৱে, দ্ৰবাযজ্ঞ (৩), কোনোৱে তপােযজ্ঞ (৪), কোনােৱে যােগযজ্ঞৰ (৫) কৰ্ম্ম অনুষ্ঠান কৰে; কোনো কোনাে যত্নশীল লােক আকৌ বেদাভ্যাসৰত আৰু জ্ঞানযজ্ঞ- পৰায়ণ। এইদৰে ভিন ভিন যোগীয়ে ভিন্ ভিন্ যজ্ঞৰ অনুষ্ঠান কৰে।” (৬)

 “কোনো কোনাে যােগীয়ে অপান বায়ুত প্রাণ আৰু প্ৰাণবায়ুত অপান বায়ুক আহুতি প্রদান কৰে; অর্থাৎ বাহ্যবায়ু বা প্রশ্বাসক দেহৰ ভিতৰলৈ টানি লৈ প্ৰাণবায়ু বা নিশ্বাসৰ আহুতি দিয়ে। আৰু, কোনো কোনাে সংযতশীল যােগীয়ে প্ৰাণ আৰু অপান দুয়োক


 (১) যিবোৰ যজ্ঞত ইন্দ্র, অগ্নি, বায়ু, বৰুণ আদি দেৱতাৰ তৃপ্তি সাধন কৰা হয়, তাৰ নাম দৈবযজ্ঞ।

 (২) যি যজ্ঞত জীৱাত্মক আহুতি প্রদান কৰা হয়, তাৰ নাম জ্ঞানযজ্ঞ।

 (৩) নাদ, পুখুৰী আদি খ নোৱা, দেৱমন্দিৰ আদি নিৰ্ম্মান কৰা, দুখী-দৰিদ্ৰক অস্ত্ৰ-বস্ত্ৰদান ইত্যাদিৰ নাম দ্ৰব্যযজ্ঞ।  (৩) ক্ষুধা, তৃষ্ণা, শীত, উষ্ণ সহিষ্ণুতাৰ নাম তপোযজ্ঞ।

 (৫) চিত্তবৃত্তি নিৰােধৰূপ অষ্টাঙ্গ যোগ সাধনৰ নাম যােগযজ্ঞ।

 (৬) গীতা, ৪ আধ্যা, ২১-২৮ শ্লোক৷ [ ৫১ ] ৰুদ্ধ কৰি প্ৰাণায়ামপৰায়ণ হৈ থাকে (১)। এই যোগীগণে যজ্ঞ সম্পাদনৰ পাচত চিত্তশুদ্ধি লাভ কৰি পৰমপদলাভ কৰে; কিন্তু যিবিলাকে যজ্ঞব্ৰত নকৰে, সিবিলাকে মুক্তি বা পৰমপদ লাভ কৰা নিলগতে থাওক, সামান্য সুখসাধ্য মনুষ্যলোক লাভ কৰাও সিবিলাকৰ ভাগ্যত নঘটে। এনে আৰু বহুবিধ যজ্ঞৰ বিষয় বেদত লিপিবদ্ধ হৈছে, সেই সকলো যজ্ঞ কৰ্ম্মজনিত বুলি জানি তুমি তদ্ৰূপ আচৰণৰ দ্বাৰাই মুক্তিপন্থা অৱলম্বন কৰাঁ৷” (২)

 “হে পাৰ্থ! দ্ৰব্যযজ্ঞতকৈ জ্ঞানযজ্ঞ সৰ্ব্বতোভাৱে শ্ৰেষ্ঠ; কিয়নো, নিষ্কাম কৰ্ম্ম, তপস্যা, উপাসনা, শাস্ত্ৰধ্যায়ন, যোগাভ্যাস আদি সমস্তই জ্ঞানলাভৰ অৰ্থে অনুষ্ঠিত। এতেকে, তুমি শ্ৰদ্ধাসহকাৰে তত্ত্বদৰ্শী গুৰুৰপৰা জ্ঞান উপদেশ গ্ৰহণ কৰাঁ। হে পাণ্ডৱ! যি জ্ঞান লাভ কৰিলে তুমি আৰু মোহমুগ্ধ হব নালাগিব, আৰু যি জ্ঞানৰ প্ৰভাৱত সমস্ত প্ৰাণীতে পৰমাত্মাক দেখা পাবাঁ, সেই জ্ঞান লাভ কৰাঁ। সেই আত্মজ্ঞান লাভ কৰিব পাৰিলে, তুমি যদি পাপীৰো পাপী হোৱাঁ, তথাপি সেই পাপসাগৰ জ্ঞান-তৰীৰে সৈতে অনায়াসে পাৰ হব পাৰিবাঁ; আৰু ইয়াকো জানিবাঁ যে, নিষ্পাপ নহলে আত্মজ্ঞান লাভ নহয়।” (৩)

 “হে অৰ্জ্জুন! জ্বলা-জুয়ে যেনেকৈ কাঠখৰি আদি পুৰি ছাই কৰে, জ্ঞান-জুয়ে তেনেকৈ কৰ্ম্মৰাশিক ছাই কৰে। ইহলোকত আত্মজ্ঞানৰ সমান আন একোৱেই পৱিত্ৰতাকাৰক নহয়; আন [ ৫২ ] হাতে কর্ম্মযােগৰ দ্বাৰাই মানুহে কালত আপােনা-আপুনি আত্মজ্ঞান লাভ কৰেগৈ। এতেকে, তােমাৰ তুল্য আত্মজ্ঞান-পিপাসু পুৰুষে নিষ্কাম কর্ম্মযােগ বা ভক্তিযােগ সাধনা কৰা একান্ত বাঞ্ছনীয়।” (১)।

 “শ্রদ্ধাবান্‌, গুৰুভক্ত আৰু জিতেন্দ্রিয় পুৰুষসকল আত্মজ্ঞান লাভৰ ফলত সহজে মােকপ্রাপ্ত হয়। কিন্তু অজ্ঞানী, শ্রদ্ধাহীন আৰু সংশয়যুক্ত লােক অচিৰে বিনষ্ট হয়। হে ধনঞ্জয়! যি যােগ দ্বাৰাই সমস্ত কৰ্ম্ম ভগৱানত অর্পণ কৰা হৈছে, আত্মজ্ঞানৰ প্ৰভাৱত যাৰ সমস্ত সংশয় ছেদ্‌ হৈছে, কৰ্ম্মৰাশিয়ে সেই আত্মজ্ঞ লােকক আৱদ্ধ কৰিব নােৱাৰে। এতেকে, হে ভাৰত! তুমি জ্ঞানৰূপ অস্ত্ৰেৰে অন্তৰৰ অজ্ঞানজনিত সংশয়সমূহক কাটি পেলােৱাঁ, আৰু কৰ্ম্মযােগ আশ্ৰয় লৈ ৰণলৈ আগ বাঢ়াঁ। অৰ্থাৎ, তুমি হৃদয়ত বৃথা সংশয় পােষণ নকৰিবাঁ; নিষ্কাম চিতেৰে যুদ্ধৰূপ ধৰ্ম্মানুষ্ঠানত প্রবৃত্ত হোৱাঁ। উঠাঁ, উঠাঁ, অনতিপলমে সাজু হােৱাঁ৷ তুমি ভৰত বংশৰ তিলক স্বৰূপ হৈ অবিবেকীৰ দৰে ধর্মভ্রষ্ট নহবাঁ।” (২)


[ ৫৩ ] ৭। আশা ।

কৰ্ম্মযােগ আৰু সন্ন্যাসযােগ। অঙুেনে ভাবি চালে থে, আত্মজ্ঞান লাভৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণই কৰ্ম আৰু ত্যাগ উভয়ৰে ব্যৱস্থা দিছে । অথচ কৰ্ম্ম আৰু ত্যাগ পােহৰ আৰু আন্ধাৰৰ নিচিনাকৈ পৃথকায় দেখুৱাইছে। পিচে, কোনটো তেওঁলৈ মঙ্গলজনক হব সেই বিষয়ক উপদেশ পাবলৈ অর্জুনে এই বুলি সম্বােধন কৰিলে, “হে কৃষ্ণ! হে ভক্তবৎসল কৰি! কৰ্ম্মযােগ আৰু কৰ্ম্মসন্ন্যান দুয়ােৰ তুমি ব্যাখ্যা দিছ; পিচে মােৰ পক্ষে কোটো মঙ্গলজনক হব, সেই বিষয়ে মােক নিশ্চয় কৰি কোৱা। কিয়নাে কর্মযােগ আৰু কৰ্মসন্ন্যাস, বা কৰ্ম আৰু ত্যাগ উভয়কে একে সময়তে একেজন লােকে সাধন কৰা সম্ভৱপৰ যেন নেদেখে।” (১) | ভগৱান শ্রীকৃষ্ণই অর্জুনক এই বুলি সমিচাৰ দিলে, সন্ন্যাস আৰু কৎযােগ দুয়ো মুক্তিৰ হেতু; তাৰ ভিতৰত সন্ন্যাস বা কৰ্ম্মত্যাগতকৈ কৰ্ম্মযােগ বিশিষ্ট (২)। কিয়নাে, চিত্তশুদ্ধি নহলে অকল সন্ন্যাসত একো ফল নধৰে; অথচ কর্মযোগেৰে চিত্তশুদ্ধি লাভ কৰা যায়। এতেকে, হে পার্থ ! কৰ্ম্মযােগেই যে সম্প্রতি তােমাৰ পক্ষে কল্যাণকৰ। (1) গীতা, ৪ জাষ্য, গাে । (২) সভা কক্ষে নিয়ে । অয়াে সাখাসা বােগাে বিশিষ্যতে। -না, আতা, ২ লােক। [ ৫৪ ] গীতাৰ। যাৰ দ্বেষ নাই, আকাঙ্ক্ষা নাই যি নির্ধ আৰু কামনাবর্জিত, তেওঁৱেই নিত্যসন্ন্যাসী; আৰু তেনে জনেই মুক্তিলাভ কৰে। অজ্ঞানী জনে সন্ন্যাস আৰু কৰ্ম্মযােগৰ ফল ভিন্ বুলি ভাবে; কিন্তু পণ্ডিতসকলে সেইটো নকয়, সিবিলাকৰ মতে কৰ্ম্মযােগ আৰু সন্ন্যাস দুইৰে ভিতৰৰ এবিধৰ অনুষ্ঠান কৰিলেই উভয়ৰে ফল পােৱা যায়। কিয়নাে, নিষ্কাম কর্মযোগ কৰ্ম্মসন্ন্যাসৰ প্ৰকাৰান্তৰ মাথােন। ফলত, সন্ন্যাসীয়ে যি স্থান লাভ কৰে, কৰ্ম্মদোগীয়েও সেই স্থানকে লাভ কৰে । বি সন্ন্যাস আৰু কৰ্ম্মযােগ দুইকে এক ৰূপে দেখে, তেওঁৱেই যথার্থ তত্ত্বদর্শী হে মহাবাহে ! কৰ্ম্ম গলৈ আওকাণ কৰি সন্ন্যাসব্রত ধৰিলে বৰ দুখ পাবগীয়া হয়। কিয়নাে, কর্মবােগ সাধন হলে চিৎশুদ্ধি নহয় ; চিহদ্ধ নইলে আত্মজ্ঞান লাভ হব নােৱাৰে । কিন্তু, কৰ্ম্মযােগৰ দ্বাৰাই fলগুদ্ধি লাভ কৰি যি সন্ন্যাসী হয়, তেওঁ সত্বৰে পৰমপদ বা মােক্ষলা ক’ৰ। যি কর্মযোগী, জিতেন্দিয়, বিজিতদেহ, যাৰ সৰ্বভূতাত্মত নিজাত্মভাব, তেওঁ কৰ্ম্ম কৰিও কৰ্ম্মত নিৰ্লিপ্ত”। (১) “যি নিৰুদ্ধচিত্ত কর্মযােগী, যি তত্ত্ববো, যি পৰমার্গদর্শী, যি নিস্কাম ফৰ্ম্মৰ ফলত শুদ্ধচিত, সেইসকলে দর্শন, শ্ৰৱন, স্পর্শ, ঘ্রাণ, ভােজন, গমন, শয়ন, নিঃশ্বাসগ্রহণ, কথনত্যাগ, গ্রহণ, উন্মেষ আৰু নিমেষ কৰিও কবে যে, সিবিলাকে একোকে কৰা নাই, সেই সমস্তই ইয়িষৰ্গৰ কাৰ্য্য, সিবিলাকে অত্মক অসঙ্গ নিক্ৰিয় বুলি জ্ঞান কৰে। আৰু, বি ঈশ্বৰত ফুল অৰ্পণ কৰি কৰ্মকৰ কামনাবর্জিত হৈ ফৰ্ম্মানুষ্ঠান করে, পানীয়ে পদ্মপত্রক ভেজিব নোৱাৰাৰ দৰে, পাপে সিবিলাকক ভেদিষ নােৱাৰে। অর্থাৎ, পানীয়ে সকলো ৰকাৰে কেজিব পাৰে, কিন্তু (১) পীত, অধ্যা, — গো। [ ৫৫ ] ৭। গা । পদ্মপত্ৰত পানীৰ সেই শক্তি নাথাটে (১); সেইদৰেই কর্মই কৰ্ম্ম- নুষ্ঠানকাৰী মাকেই কামপাশত আৱদ্ধ কৰে, কিন্তু যি ফল-ফামনা- বর্জিত কৰ্ম্মানুষ্ঠানকাৰী, সিবিলাকক কমপাশে বান্ধিব নােৱাৰে। কৰ্ম্মযােগীগণে ফল কামনা পৰিত্যাগ কৰি চিত্তশুদ্ধিৰ উদ্দেশে কেবল শৰীৰ, মন, বুদ্ধি আৰু ইন্দ্রিয়াদিৰ দ্বাৰাই হে কাম কৰে। নিষ্কাম কৰ্ম্মযােগীয়ে মােক্ষপ শান্তি লাভ কৰে; কিন্তু কামী অযােগীয়ে ভােগ বা না হেতুকে খুৰি ঘূৰি কামপাশত বান্ধ পায়।” (২) “জিতেন্দ্রিয় আত্মদশী পুরুষে মনৰপৰা কৰ্মসমূহক বাজ কৰি দি, নবদ্বাৰবিশিষ্ট (৩) হৈ দেহাৰ মাজত স্থিতি কৰে। তেওঁ নিজে কোনাে কার্য নকৰে, আৰু আনকো প্ৰৱৰ্তিত নকৰে, কাৰণ তেওঁ সত্ততে নিজ স্বাতন্ত্র্য ৰক্ষা কৰে । ঈশ্বৰ বা আত্মা স্বয়ং কর্মউৎপাদক নহয় । তে ফলজাতাও নহয়; ফভাগীও নয়। অজ্ঞানৰূপ মায়া বা অনাদি বিদ্যা বা অনন্ত প্রকৃতি হে কার্যক্ষেত্ৰ বিয়পি থাকে। আত্মা জীৱৰ পাপ-পুণ্যৰ গৰাকী নহয়।” {}। ‘আত্মবিচাৰৰ ফলত যাৰ অজ্ঞানতা অচিছে, তেওঁৰ অন্তৰত সূর্যৱং ব্ৰহ্মজ্যোতি প্ৰৱেশ কৰে। যি ব্ৰহ্মনিষ্ঠ আৰু পৰমাত্মাতে যাৰ আত্ম- (১) “ক্ষণ খায় কর্মপি সঙ্গত কৰােত । লিপাতে ন স পাপেন পদ্মপত্রমিবাস।” গীতা, অখ্যা, ১১ মে। (২) গীত, ৫ম অথ্যা, ১১-১২ । (৩) এই ,ে দুই কাপ, দুই খন বি, এখন ৰ। আৰ আকাশৰ এই ৰ। যৰ মাঝ শীরা আমি। এই সাতম * আৰল [ ৫৬ ] গীতাসা। ভাব, আৰু জ্ঞানৰ প্ৰভাৱত যাৰ পাপ-পুণ্য নিবৃত্ত হৈছে, সেই যােগী সন্ন্যাসীয়ে মুক্তিপদ লাভ কৰে; সন্ম-মৃত্যুৰ বাৰ আৰু তেওঁৰ নাথাকে। (১) “তত্ত্বজ্ঞ পণ্ডিতৰ চকুৱে ব্রাহ্মণ, গে, হস্তী, কুকুৰ আৰু চাণ্ডাল সকলাে প্ৰকাৰ প্ৰাণীতে একেভাৱে ব্ৰহ্মদর্শন কৰে, তেওঁৰ মানত কুকুৰ বা যােগীৰ আত্মৰ কোনাে তাৰতম্য নাই। ব্ৰহ্মনির্দোষ আৰু সমস্বৰূপ সমদর্শী পুৰুষে ব্ৰহ্মত স্থিতি কৰে। গতিকে, ইহলােকত তেওঁ সংসাৰ- জয়ী হব পাৰে। ব্রহ্মজ্ঞ পুৰুষ সৰ্বত্ৰতে সমদর্শী; গতিকে তেওঁৰ মানত প্রিয় বা অয়ি ভাব নাই, ভাল বা বেয়া বিচাৰ নাই, সৰু বৰৰ জ্ঞান নাই, তেওঁৰ মানত সকলাে সমান। বাকবিহিত আশক্তিশ হলে অন্তৰত সুখ-শান্তি অনুভব হয়। তাৰ পাচত আত্মজ্ঞান লাভ কৰিলে সেই সুখ-শান্তি অক্ষয়-অব্যয় হয়। হে কুন্তীনন্দন! যিবােৰ সুপভােগ ইখিবিষয়ৰপৰা উৎপন্ন, সেইবােৰ নিশ্চয় দুখৰ কাৰণ, জ্ঞানীজনে তত প্রীতি লাভ নকৰে।” (২) | “দেহ ত্যাগ কৰাৰ আগেয়েই, (৩) মনােবেগ ইন্দ্রিয়শক্তি সঞ্চাৰিত নৌহওঁতেই, যি সেই বেগ চম্ভালি ৰাখিব পাৰে, তেওঁৱেই যােগী, তেওঁৰেই সুখী। দুখৰ আশ্রয়স্থান ভােগবাসনাৰপৰা যি যিমান আঁতৰত থাকে, তেওঁ তিমনেই সুখী। আত্মাতে যাৰ প্রকাশ, তেওঁৱেই ব্ৰহ্মনিষ্ঠ (১) গীতা, আথ্যা, ১৬-১৭ সেকি। (২) গীতা, ৫ অধ্যা, ১৮২২ শোক। (৩) পঞ্চম অধ্যাৰ মোৰ আশীষ বিমোৎ" মানে কোনাে কোনো সকাৰে শৰীৰ ভাগৰ আগেয়ে বুলি খ্যাখ্যা দিছে; ঝিল কামিত গীতার্থ সন্দীপনী মতে যে জয় ভাষণ হৈ সমসাশক্তি হোৱাৰ পুতে, অর্থাৎ পৃশ থাকোতেই। [ ৫৭ ] ৭। আধা । যােগ, তেওঁৱেই ব্ৰহ্মনিৰ্বাণপ্রাপ্ত হয়। আক, বি নিস্পাপ সন্ন্যাসী, সংশয়বজ্জিত একাচিতীয়া, সৰ্ব্বভূতহিতৈষী, তেওঁৱেই প্রকৃত আত্ম- জ্ঞানী, তেওঁৱেই ব্ৰহ্মনিৰ্ব্বাণ প্রাপ্ত হয়।” (১) “যাৰ হৃদয়ৰপৰা কামক্রোধৰ বীজ কিনষ্ট হৈছে, আৰু তাৰ নিমিত্তে ধাৰ চি সংযত হৈছে, যাৰ প্ৰাণত আত্মা আৰু পৰমাত্মাৰ একত্ব জ্ঞান জন্মিছে, তেওঁৰ জীৱনে-মৰণে সকলে। অৱস্থাতেই নিৰ্বাণপদ লাভ হয়। মনৰপৰা সকলো বাহ্ন বিষয় বাঙ্গ কৰি, দুই চকুক যুগলৰ মাজত স্থিতি কৰাই (২) প্ৰাণ আৰু অপান (৩) বায়ুক নাকৰ বিন্ধাৰ মাজত ৰুদ্ধ ৰাখি, যি ইন্দ্রিয় গাৰু মন জয় কৰিছে, আৰু ইচ্ছা, ভয়, ক্রোধ ইত্যাদিক বশ কৰি যি বিষয়বিৰাগী হব পাৰিছে, সেই যােগী পুৰুষ সত্ততে নির্বাণপ্রাপ্ত হয়।” (3) | “ভগৱন্তক যুক্ত আৰু তপস্যাদিৰ ভােক্তা, সর্বলােকৰ মহেশ্বৰ আৰু সৰ্ব্বভূতৰ এক মাথােন সুহৃৎ (৫) বুলি তত্বজ্ঞ হৈ সাধকসকলে পৰমপল (১) গীত, ৫ম অধ, ২৩-২৫ শ্লোক। (২) চকুৰ দৃষ্টি যুগলৰ সন্ধিসুলত দ্বিৰ ৰাখিব পাৰিলে চিত্ত একাগ্রতা ধুলি লাস্থ হয়। (৩) নিশ্বাস আৰু প্রস। ৪) গীতা, ম অধ্যা, ২ ৮ শ্লোক। (৬) ইগৱানক ভাৱে দৰ্শন কৰিলে জীৰে মুক্তি লাক্ত কবিৰগৈ নােৱাৰে, তেওঁক ভাবে জানিব আৰু সাক্ষাৎ অবপে দেখাদি দেখিব লাগে; সেই অর্থে ত্বশী অম্মানী ভগবান শ্রীকৃষ্ণই তেওঁৰ পৰম শিষ্য অর্জুন গত নিজক সাক্ষাৎ পৰা স্বৰূপ গে ডি, “শা জোৰি যত

সর্বলােকহেব সর্বভূতানায় সুহৃদ বুলি অাল প্রকাশ [ ৫৮ ]
 

বা মুক্তি লাভ কৰে; আৰু ইহলােকতো তেনে সাধুগণ সংসাৰপাশৰ পৰা বিমুক্ত হয়।”(৬)







————————————————————————————————————————————————————————————————————————

 (৬) গীতা, ৫ম আধ্যা, ২৯ শ্লোক ৷ [ ৫৯ ] ৮। আধ্যা । যোগী আৰু সন্ন্যাসী। বােগী কোন সন্ত্রাসী কোন্ আৰু সিবিলাকৰ ভিতৰত কাৰ কি, কাৰ কি কৰ্ম্ম, কাৰ কি লক্ষ্য ইত্যাদি বিষয়ত অৰ্জন সন্দিহাৰ হোৱাত, ভগৱান শ্রীকৃষ্ণই সেই সেই বিয়ে এই বুলি বিশদ বুজনি দিবলৈ আৰু কৰিলে, “শি কর্মফললৈ আশা নাৰাখি নিত্যনৈমিত্তিক কার্য অনুষ্ঠান কৰে, নিস্ক্রিয় আৰু নিৰখি (১) নহলে, তেওঁৰই থােগ, তেওঁষেই সলাশী। নিষ্কাম কৰ্ম্মযােগৰ দ্বাৰাই আত্মজ্ঞান লাক্ত কাৰ কৈবলমুক্তি বা মােক প্রাপ্তিয়েই দুইৰে একেটা লক্ষ্য (২)। হ পাণ্ডৱ । ভিত যাক সন্ন্যাস বােল, সেয়ে থােগ (৩) বুলি জানিব। কিনাে সন্ন্যাসৰ ৰলেৰে সংকরতাগী নহলে যােগী হােৱা অসম্ভৱ। যি মুনিয়ে যােগাৰূঢ় হবলৈ ইচ্ছা কৰে, ফৰ্ম্মই তেওঁৰ এখন সােপান ; কিয়নাে, কৰ্ম্মানুষ্ঠান হলে চিত্তশুদ্ধি নয় ; চিত্তশুদ্ধি নহুলে যােগর উপযােগী নহয় । আৰু, যােগাৰূঢ় হলেও, তেওঁত কর্মসলাস ঘটে, কিয়নাে কামনাত্যাগী সন্নাসরতি নজন্মিলে যােগাৰণ নহয় । সাধক (১) বহিষ্ঠান বেশ্য সমন্তু কার্যাৰ প্ৰতি বৈৰাগ্য। (২) নাশ্রিত কলিং কার্যাং কৰােতি । স সংস্ক্যাসী চ যোগী চ ন নিয়গি চাকি। | শীত, আধ্যা, ১ লােক। (৩) মর্যি পতঞ্জলিৰ যােগসূত্ৰৰ কাৰণত কোৱা হৈ মাগকিখিনি; , মৰৰ সন্তি নিৰােৰ মন বেঙ্গ। [ ৬০ ] গীতাসাৰ। মুনি যেতিয়া সৰ্বসংকল্লত্যাগী (১) শব্দাদি বিষয়ত অনাসক্ত হয় (২) তেতিয়াই তেওঁ সমাধিস্থ বা যােগাৰৰ অৰ্থে যােগ হয়।” (৩) “বিবেকবুদ্ধিৰ দ্বাৰাই জীবাত্মক সংসাৰৰপৰা উদ্ধাৰ কৰিব লাগে, আত্মাক অৱসল্প কৰিব নালাগে। কিয়নাে আত্মাই আত্মাৰ বন্ধু, আত্মাই আত্মাৰ শত্রু (৪)। অর্থাৎ, আপােনাতপৰ আপােনাৰ বন্ধু আন কোনাে হব নােৱাৰে; আপােনাৰ হিত আপুনি নিচিন্তিলে অন্য চিন্তাই সিমান গুণ দিব নােৱাৰে । আপুনি আপোনাক সাৱধানে মচললে, আপুনি আপােনাৰু শত্রুতা কৰা হয়। এতেকে, যি আত্মাই আত্ম (৫) বশীভূত কৰিছে, সেই আত্মাই আত্মাৰ পৰমবন্ধু; আৰু যি আত্মা আত্মাক বশীভুক্ত কৰিবলৈ অসমর্থ, সেই আত্মা আত্মাৰ বিম শত্রু। কিয়নো, অদম্য জীবাত্মাই ইন্দ্রিয়াদিৰ প্ৰভাৱত আত্মাক বিচলিত কৰি পমাত্মালাভৰ পথৰপৰা পিছলাই নি শক্রতৰ আচৰণ (১) সংকল্পৰপৰাই কামনাৰ উৎপত্তি। এতেকে, সংকল্প ত্যাগ কৰিলেই কামনাৰ য ও নাশ হয়। (২) শিন্স, নৈমিত্তিক, কাম, নিষিদ্ধ কোনাে বিধৰ কৰ্ম্মতে চিত্তত্তি প্রবৃত্ত নােহাৱাকে অনসি বোলা যন্ত। (খ) গীতা, অধ্যা ২৫ শ্লোক। (৪) “ৰেদানত্মানং নামবসায়েৎ। আবৈ হাত্মনাে বন্ধুৰাক্সৈ ৰিপুৰাত্মনঃ । বৰাজ্জাস্থান যেখানে ক্লিত। অনাত্মন শছোবর্ষেতাত্মৈব শবৎ। গীতা, আখ, -- শ্লোক। (৫) “জিতাত্মনঃ প্রশান্ত পরমাত্মা সমাহিত। তোষ্ণ মুখে কথা মালামালকাে।-শী, আখ, গম কি। [ ৬১ ] ৮। অধ্যা। কৰে। যি জীবাত্মা শীত, উষ্ণ, সুখ, সুখ, মান, অশাল, , ইত্যাদি বর্জিত, সেই আত্মাতে পৰমত্মা অবিচলিত ভাৱে বিল থাকে; আৰু যি জ্ঞান-বিজ্ঞানবিশিষ্ট, বি বিকাশ আৰু জিতেত্রি, যি শিলল, জোন, সোশ, মাটি সকলাে বন্ধুকে সমান লেখে, তেওঁকে যােগাঢ় বুলিব পাৰি। (১) | “সুহৃদ, মির, অৰি, উদাসীন, মধ্য, দ্বেষ, বন্ধু, সাধু, আধু (২) আৰু অষ্ট সকলাে জীৱকে ধি সমন জ্ঞান কৰে, তেওঁৱেই বিশিষ্ট পুরুষ। এই বিশিষ্টতাই যােগারূঢ় পুষৰ পূৰ্বলক্ষণ। যােগাৰু পুৰুষে সততে নিজানত বাস কৰি, ইজিয়াদি সৰত কৰি, আশা আৰু পৰিগ্ৰহ ত্যাগ কৰি, চিত্তক সমাহিত কৰিব লাগে। ৰ ওখও নহয়, নিচেই চাপষে নহয়, এনে পৱিত্ৰ ঠাইত (e), অতি কুশাসন, তাৰ ওপৰত ইলিশা বা বাঘৰ ছাল, আৰু তাৰ ওপৰত কোন বই (৪) পাৰি ৰােগীয়ে উপবেশন কৰাৰ খিৰি। এনে পৰি আসনত উপবিষ্ট হৈ চিত্ত, ইন্দ্ৰি আৰু ক্রিয়া সংযত কৰি একাগ্রজিতে চিহ্মিৰ মােগাজী পুরুষে সমাধি অ্যাস কৰাৰ আয়ােজন। যোগাভ্যাসী পুৰুষে শিৰ, শৰীৰ আৰু কণ্ঠ পােনকৈ নীলাঙ্গারে খি, (১) শীত, শাখা, খ, লোক। () যি উপাৰৰ কাণ ৰখাকৈ পাৰ কৰে, বি পাৰৰ আঙ্গি উপাৰ কৰে ; যি নিজৰ পাৰ নোহোৱাতো আনৰ অপকাৰ দিয়ে, যি পৰ কি হিত এক্ষেতে প্রকৃত নহয় । বি বিশাল ব্যক্তি শক্তি পিল কৰে, যি আর্থ ৰাখি নক পিল ; এনে সফলাকে বিমান চ ো পৰে সোধি মা যোগাড় কৰ উপযুক্ত। কানাৰিকৃত শীতার্থ সপশী। ( গা বা শিলৰ ওপৰতজসপাই বিশিষ্ট বিধি। () ও কাল বােসত পাৰিবলৈ নি । [ ৬২ ] গামাৰ নিজৰ নাৰ আগটি মাখেন চাই, আন কোনোফালে নাচাই, সমাধিস্থ হােৱাৰ বিধি। তাৰ পাচত, প্রশান্তচেতা, নির্ভয়, ব্রহ্মচর্যাশীল সংষতচিত্ত মাগতচিত্ত, মৎপৰায়ণ হৈ যােগাভ্যাসী তােক সমাধিস্থ হােৱাৰ নিয়ম। এই নিয়মে সংযতচিত্র সমাধিস্থ সাধকে মন নিৰোধ কৰি ঈশ্বৰৰ পৰূপভুত নির্বাণৰূপ পৰমশান্তি (১) লাভ কৰে। হে অর্জুন! অতি ভােঙ্গীৰ সমাধি নহয় । অনাহাৰীৰো নহয়; অতি নিয়ে যােগ দুর্বল কৰে, অনিদ্রাঙ্গো কৰে (২)। যি সমাধিস্থ লোকে নিয়মিত আহাৰ- বিহাৰ কৰে, নিয়মিত নিদ্রা-জাগৰণ কৰে, তেওঁৰ যােগ সহজে সিজি হয়। দি আচৰণৰ দ্বাৰাই যেতিয়া চিত্তলযুত হৈ আন্তৰিক বৃত্তি ক্রি, চেষ্টা, স্পৃহা সকলােতে বৈৰাগ্য লাভ হয়, আত্মা পৰমাত্মত সমাহিত হয়, আৰু পৰমাত্মা তন্ময় হােৱা যায়, তেতিয়াই যােগৰ বােগ সিদ্ধ হয়। (৩)। | যােগসূত্ৰৰ সমাধি আৰু সাধনা বহুলকৈ বর্ণাৰৰ অৰ্থে ভগৱান শ্রীকৃষ্ণই এই বুলি ক্ৰমাৎ তাৰ ব্যাখ্যা বখানিবলৈ ধৰিলে, “হে অর্জুন। যত ৰায়ুৰ গতি নাই, তাত ব্যক্তি অচঞ্চলভাৱে জ্বলে । সেই অনুৰূপে বাস্থ বিষয়েৰে সংসর্গ নথকা হেতুকে যােগীৰ অন্তৰৰ বুভিৰিক কিঞ্চিৎ (১) বি অনির্বচনীয় অবস্থা প্রাপ্ত হলে জীৱৰ বাসন৷ বিকাশৰ বীজ বিদগ্ধ হয় কৰ নাম পনির্যাপবুফানখামিক গীতার্থসন্দীপণী। (২) যোগীয়ে পাকলীৰ দুগ লেৰে আৰু এগ পানীৰে পুৰণ কৰিব। বাকী চতুর্থ বায়ুৰ পৰিধিৰ কাৰণে উকৈ ৰাখিৰ। ৰাতিৰ প্রথম জাৰু চতুর্থ প্ৰহৰ গৰদাৰাধনা, দ্বিতীয় আৰু তৃতীয় এই নিদ্রাত নিয়োজিত কৰিব লাগে। (৩) গীতা, * আখ্য, ১—১৮ লােক। [ ৬৩ ] ৮। সংখ্যা । মানাে বিচলিত নহয় (১)। যি অৱস্থাত চিত্ত যােগভ্যাসৰ ৰাই নিজ হৈ উপশনপ্রাপ্ত হয়, যি অৱস্থাত ইন্দ্ৰিয়ৰ অতীত আৰু কেশ শুদ্ধবুদ্ধি প্রান্থ নিৰতিশয় সুখ অনুভৱ কৰা যায়, যি অৱস্থাত স্থিত হলে আত্মশ্বৰূপ ভাবৰপৰা পিছলিবৰ ভয় নাই, বি অৱস্থা লাভ হলে আন সমস্তকে সামান্য যেন বােধ হয়, যি অৱস্থাত থিতাপি হলে অতি অসহনীয় দু৪ে টাব নােৱাৰে, হে পার্থ, সেই অৱস্থাৰ নামেই যােগ; সেই বােগত লেশমাত্রও দুখ নাই; এই ঘােগ মুকলি পেৰে অভ্যাস কৰা যুগুত।” {২} “সংকল্পজাত কামনাবােৰ পৰিত্যাগ কৰি আৰু মনৰ ৰণেৰে ইন্দ্রিয় বিলাকক বিষয়-ব্যাপাৰৰপৰা নিবৃত্ত কৰি, ধৈর্যশীল বুদ্ধিৰ ৰলেৰে মাং ধীৰে ধীৰে চিত্ত নিৰুব্ধ কৰি, আৰু মনক অত নিহিত কৰি, কিঞ্চিৎমাননা আন চিন্তা নকৰি যােগীয়ে বােগ সান কৰিব লাগে। খি যি বিষয়লৈ চঞ্চল চিৰ ধাউতি প্ৰৱল, যত্নৰে সৈতে সেই সেই বিষয়ৰ পৰা চিক ঘুৰাই আনি আত্মাৰ অনুগত কৰিব লাগে। প্রশাচিতীয়া যােগীয়ে বেতিয়া ৰজ আৰু তমােগুণ বুজ্জিত হৈ উঠে, তেতিয়া তেওঁ নিস্পাপ হৈ অনায়াসে ব্ৰহ্মত্ব লাভ কৰি অনুপম সুখ-শান্তি অনুৰ কৰে। হে অৰ্জ্জুন। সর্বত্র সমদশী বােগী পুৰুষে সকলে জীৱতে আত্মা আৰু আত্মাত সকলাে জীৱকে দেখা পায়।” (৩) . - -- -- - - -••• ---


(১) ৰা পাে লিবাতন্থো নতে সোপৰা মু। | ঘোগিনো যতচিত্ত মুতো বোঝ।* -তা, শাখা, ১৯ কে। (২) গঙ্গা, * অধ্যা, ২০-২ গোৰু। (৩) তা, খা,

কি। [ ৬৪ ]
 

 “যি যোগীয়ে জগতৰ সকলো বস্তুতে আত্মৰূপ ভগৱানক দেখা পায়, তাক আত্মাত সকলােকে দেখে, সেই যােগৰ ওচৰত পৰমাত্মা পৰোক্ষ নহয়; পৰমাত্মাৰ ওচৰতো সেই যোগী পৰােক্ষ নহয় । যি যােগীয়ে সর্ব্বভূতস্থিত বা সকলাে জীৱতে ব্যাপ্ত পৰমাত্মাক আপোনাত অভিন্নভাৱে ধাৰণা কৰি অপৰােক্ষ জ্ঞান কৰে, সেই যােগী যি অৱস্থাতে নাথাকক, তেওঁ অভেদৰূপে পৰমাত্মাত স্থিতি কৰে। হে অৰ্জ্জুন ! যি মানুহে নিজৰ নিচিনাকৈ আনৰে সুখ-দুখৰ প্ৰতি সমানে দৃষ্টি ৰাখে, তেওঁৱেই সৱাতকৈ শ্রেষ্ঠ,—তেওঁ যােগীৰো যােগী; কিয়নাে মনৰ সম্পূর্ণ বিনাশ আৰু কামনাৰ সম্পূর্ণ ক্ষয় সাধিব নোৱাৰালৈকে কোনাে যােগীয়ে সেই অৱস্থা লাভ কৰিব নােৱাৰে।”। (১)

অৰ্জ্জুনে নিবেদন কৰিলে, “হে মধুসূদন! তুমি আত্মাৰ যি সমতাৰূপে যােগতত্ব ব্যাখ্যা কৰিলাঁ, মনৰ থিতি তাত যে সৰহ পৰ ঠাৱৰিব, মােৰ এনে বােধ হোৱা নাই; কাৰণ, হে কৃষ্ণ,মন অতি চঞ্চল,অতি ইন্দ্ৰিয়পৰায়ণ, অতি বলৱন্ত, অতি দৃঢ়।”(২)

 ভগৱান শ্রীকৃষ্ণই এই বুলি তাৰ সমিধান দিলে, “হে মহাবাহো ! মন যে চঞ্চল আৰু সহজে নিগৃহীত নহয় তাত মােৰ কিঞ্চিৎমানো সন্দেহ নাই; কিন্তু হে কুন্তীনন্দন! অভ্যাস আৰু বৈৰাগ্যৰ বলত সেই অসাধ্যও সাধ্য হৈ পৰে। অসংযতচিত্ত মানুহৰ পক্ষে এনে যোগ অৱশ্যে সহজ সাধ্য নহয়; কিন্তু যি লোক যত্নশীল আৰু যাৰ চিত্ত সংযত হৈছে, তেনে ৰোগীয়ে সদুপায়ৰ দ্বাৰাই সেই কাৰ্য্য নিশ্চয় সাধিব

————————————————————————————————————————————————————————————————

 (১) গীতা, ৬ আধ্যা, ৩০-৩২ শ্লোক ৷

 (২) গীতা,৬ আধ্যা, ৩৩-৩৪ শ্লোক ৷ [ ৬৫ ]
 
পাৰে ৷(১) কিয়নাে, অভ্যাসৰ বলত(২) সকলো সিদ্ধ হয়। অৱশ্যে,তাৰ নিমিত্তে পুৰুষে পুৰুষাৰ্থ কৰিব লাগে ৷”

 অৰ্জ্জুনে সুধিলে, “হে কৃষ্ণ ৷ যি ভগৱানভক্ত হৈও নিজ চিত্ত-চাঞ্চল্য দোষত যোগভ্ৰষ্ট হয়,যোগসিদ্ধি নহ'লে তেওঁৰ কি গতি হব ? হে মহাবাহো ৷(৩) সেই তত্ত্বজ্ঞানবিমূঢ় আৰু কৰ্ম্মউপাসনাভ্ৰষ্ট লোক বতাহত পাহ পাহ হোৱা মেঘৰ নিচিনাকৈ নষ্ট নাযাব নে? হে কৃষ্ণ ! মোৰ এই সংশয় তুমি সৰ্ব্বতোভাৱে নাশ কৰি দিয়াঁ ৷ তোমাত বাজে আন কেঁৱে মোৰ এই সংশয় ভঞ্জন কৰিব নোৱাৰে ৷”

 ভগৱান শ্ৰীকৃষ্ণই এই বুলি বুজনি-সমিচাৰ দিলে, “হে পাৰ্থ! যোগভ্ৰষ্ট পুৰুষৰ ইহলোক বা পৰলোক কাচিতো নষ্ট নহয় ৷ হে বাপি ! (৫)


——————————————————————————————————————————————————————————————

 (১) গীতা, ৬ আধ্যা, ৩৫—৩৬ শ্লোক ।

 (২) “অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ” এই নীতিবচনফাঁকিৰ পম্ খেদি নিলেও এই আঁতিগুৰিতে ওলাৱগৈ ৷ অভ্যাস আৰু পুৰুষাৰ্থৰ বলেৰে “অদৃষ্টৰ লিখন” খণ্ডোৱাও অসম্ভৱ নহয় ৷

 (৩) ভগৱান শ্ৰীকৃষ্ণই ভক্তবৃন্দৰ আপদ-বিপদ বিঘ্ন-অমঙ্গলাদি নিজ তত্ত্বজ্ঞান আৰু মঙ্গলময় বাহুবলেৰে বিনাশ কৰে হেতুকে এইখিনিত অৰ্জ্জুনে শ্ৰীকৃষ্ণক মহাবাহো বুলি সম্বোধন কৰিছে ৷ বিশেষ,যশোদাৰঞ্জন নন্দনন্দন গোৱৰ্দ্ধনধাৰী কংসেচানুৰ্জ্জন শিশুপাল-জৰান্ধৰাদি কেশৱ মধূসুদন মানৱশ্ৰেষ্ঠ দৈৱকীতনয় বাসুদেৱৰ তুঙ্গবলৰ নিৰ্দশন ইতিপূৰ্ব্বে যুৰি-যুৰিকৈ পোৱা গৈছে ৷

 (৪)গীতা, ৬ আধ্যা, ৩৭-৩৯ শ্লোক ৷

 (৫)পৰমভক্ত অৰ্জ্জুনে ভগৱান শ্ৰীকৃষ্ণক পৰমগুৰু জ্ঞান কৰি তত্ত্ব প্ৰশ্ন কৰাৰ হেতুকে শ্ৰীকৃষ্ণই অৰ্জ্জুনক সমনীয়া “সখি” সম্বোধন নকৰি, তেওঁৰ শিষ্য জ্ঞান কৰি ‘বাপি’ সম্বোধনেৰে তেওঁৰ প্ৰতি বাৎসল্য ভাৱ দেখুৱাইছে ৷ [ ৬৬ ]
 
শাস্ত্ৰবিহিত অনুষ্ঠানকাৰী (১) লােকৰ কোনাে দুর্গতি নহয় । যােগভ্ৰষ্ট লোকে পৰলোকত পুণ্যাত্মাৰ স্থান লাভ কৰি, তাতে বহুকাল স্থিতি কৰি, পুনঃ পৃথিবীত পৱিত্ৰ শ্ৰীমন্তৰ ঘৰত জন্মগ্রহণ কৰে। বিষয়-বাসনাৰ বশৱৰ্ত্তী হৈ মনোবৈকল্যত যােগভ্রষ্ট হােৱাৰ ইমানেই পৰিণাম ।

নাইবা, যােগভ্রষ্ট লোকে পৃথিবীত যোগনিষ্ঠ জ্ঞানী লোকৰ ঘৰত জন্মগ্রহণ কৰিব লগীয়া হয়; এনে জন্ম অতি দুৰ্ল্লভ ৷ অল্পায়ু বা অকালমৃত্যু হেতুকে যাৰ যোগসিদ্ধি নােহাৱাকৈ বয়, তেনে যােগ ভ্ৰষ্টৰ পৰিণাম এই। আৰু, হে কুৰুনন্দন! যােগভ্রষ্ট লােকে পৃথিবীত পুনৰপি জন্মগ্রহণ কৰিলে তেওঁৰ পূৰ্ব্বকৃত জ্ঞানসাধিনী বুদ্ধি পুনঃ লাভ হয়, আৰু সিমানৰেপৰা পুনৰপি মুক্তিৰ অৰ্থে যত্ন কৰে; তেওঁ আকৌ উলটি গুৰিৰপৰা জ্ঞানসাধনা কৰিব লগীয়া নহয় । যােগভ্রষ্ট লােকৰ পুৰ্বাভ্যাসৰ গুণত স্বভৱতে প্রবৃত্তি জন্মে । জন্মজন্মান্তৰীয় পুণ্যফলৰ বলত ক্ৰমাৎ সাধনা পকি উঠিলে যােগভ্রষ্ট পুণ্যাত্মাই শেহান্তৰত নিজাপিকৈ মুক্তিলাভ কৰে।”(২)

 শেহান্তৰত, ভগৱান শ্রীকৃষ্ণই এই বুলি ভক্তিযোগ অবাৰিত বুজনি দিলে, “মােৰ মনেৰে তত্ত্বজ্ঞানী যােগী তপস্বীতকৈও শ্রেষ্ঠ, পৰোক্ষ-জ্ঞানীতকৈও শ্রেষ্ঠ, কৰ্ম্মীতকৈও শ্রেষ্ঠ। এতেকে, হে অৰ্জ্জুন ! তুমি তত্ত্বসাধক যোগী হােৱাঁ; আৰু ইয়াকো মনত ৰাখিবাঁ যে, যি যােগীয়ে ভগৱদ্ভক্তিপৰায়ণ হৈ তন্ময় চিত্তেৰে ভগৱন্তক আৰাধনা কৰে, সেই যােগী সবাতােকৈ শ্রেষ্ঠ । এতেকে, হে পাণ্ডৱ । তুমি ভক্তিযােগৰ নিৰ্ম্মল পথৰ পথিক হােৱাঁ।”(৩)

————————————————————————————————————————————————————————————————————————

 (১) শ্রদ্ধা, সত্য, ব্রহ্মবিচাৰ আৰু সন্ন্যাস এই চাৰিটা শাস্ত্রবিহিত অনুষ্ঠান।

 (২) গীতা, ৬ষ্ঠ আধ্যা, ৪০-৪৫ শ্লোক ।

 (৩) গীতা,৬ষ্ঠ আধ্যা, ৪৬-৪৭ শ্লোক ৷ [ ৬৭ ]


৯ ৷ আধ্যা ৷
ভক্তিযোগ ৷
———————
পৰমাত্মা-তত্ত্বজ্ঞান ৷


 পূৰ্ব্ববৰ্তী আধ্যাতে ভগৱদ্ভক্তি পন্থাৰ যি সূচনা কৰা হৈছে, সেই ভক্তিমাৰ্গেদি ক্ৰমাৎ আগ বাঢ়ি পৰমাত্মা-তত্ত্বজ্ঞান কি উপায়েৰে লাভ কৰিব পাৰি তাৰ বিশদ ব্যাখ্যা দিয়াৰ উদ্দেশ্যে ভগৱান শ্রীকৃষ্ণই এই বুলি অৰ্জ্জুনক সম্বোধন কৰিলে, “হে পার্থ ! তুমি পৰমেশ্বৰত একান্ত আসক্তচিত্ত, আৰু তুমি মােৰ নিতান্ত শৰণাগত; এতেকে পূৰ্বোক্ত যোগাভ্যাস কৰি তুমি নিঃসংশয়কৈ সৰ্ববিভূতিসম্পন্ন পৰমাত্মাক কি প্ৰকাৰে জানিবাঁ, তাক ভাঙ্গি কওঁ শুনাঁ(১); অর্থাৎ পূর্বোক্ত যােগাভ্যাসত কোনো প্রকাৰৰ বিসঙ্গতি ঘটিলে তুমি পৰমাত্মাক নাজানিবগৈও পাৰাঁ, সেই কাৰণে সেই পৰমাত্মা তত্ত্বজ্ঞানৰ বিশদ ব্যাখ্যা দিওঁ, শুদ্ধচিত্তেৰে গ্ৰহণ কৰাঁ (২)।

 ভগৱান শ্রীকৃষ্ণই ক্ৰমাৎ ব্যাখ্যা দীঘলাবলৈ ধৰিলে, “মই এতিয়া তােমাক যি সাধন ফলাদিৰ ব্যাখ্যাৰে সৈতে জ্ঞান-বিজ্ঞানৰ(৩) তত্ত্ব ব্যাখ্যা

————————————————————————————————————————————————————————————————————————

 (১)ভগৱানৰ কেনেকুৱা স্বৰূপ আৰাধনা কৰিব লাগে, আৰু কি নিয়মে ভগৱন্তত মন নিবিষ্ট কৰাৰ বিধি, সেই বিষয়ে তত্ত্বজ্ঞানী ভগৱান শ্ৰীকৃষ্ণই মনেজানি প্ৰিয়শিষ্য অৰ্জ্জুনক জ্ঞান দিবলৈ আগ বাঢ়ে ৷

 (২) গীতা, ৭ম আধ্যা, ১ম শ্লোক ৷

 (৩) পৰমেশ্বৰক অদ্বিতীয় পূৰ্ণব্ৰহ্ম স্বৰূপে উপলব্ধি কৰাৰ নাম “জ্ঞান”; আৰু শ্ৰৱন, মনন, বিচাৰাদিৰ দ্বাৰাই আত্মাত পৰমাত্মাক অনুভৱ কৰাৰ নাম “বিজ্ঞান” । [ ৬৮ ]
 
কৰিব, সেই তত্ত্ব উপলব্ধি কৰিব পাৰিলে তােমাৰ জানিবলৈ আৰু একো বাকী নাথাকিব (১)। সহস্র সহস্র মানুহৰ মাজত হয়তো এজনে জ্ঞান লাভৰ অর্থে যত্ন কৰে, আৰু তেনে সহস্ৰ সহস্র যত্নকাৰীৰ মাজত হয়তো কেতিয়াবা কোনােবাই পৰমাত্মাৰ স্বৰূপ তত্ত্বজ্ঞান লাভ কৰিব পাৰে । মাটি, পানী, জুই, বায়ু, আকাশ, মন, বুদ্ধি আৰু অহঙ্কাৰ এই আঁঠ (২)বিধ মােৰ (৩) অর্থাৎ পৰমাত্মাৰ পৃথক্ প্রকৃতি। কিন্তু, এই আঁঠবিধ মােৰ (পৰমাত্মাৰ) জড় প্রকৃতি, ইয়াৰ উপৰিও পৰমাত্মাৰ (পৰমেশ্বৰৰ) চেতন প্রকৃতি আছে; সেই চেতন প্রকৃতিয়েই অচেতন প্ৰকৃতিৰ জগতক ধাৰণ কৰি থৈছে । এই প্রকৃতিযুগলৰ সামঞ্জস্যতে জীৱসমূহৰ সৃষ্টি; আৰু ময়ে (পৰমেশ্বৰেই) জগতৰ উৎপত্তি আৰু প্ৰলয়ৰ কাৰণ ৷ হে ধনঞ্জয় ! জগতৰ কোনো বস্তুৱেই মোতপৰ (ঈশ্বৰতকৈ) শ্রেষ্ঠ, বা মোৰপৰা (পৰমাত্মাৰপৰা) স্বতন্ত্র নহয়; সূতাত যেনেকৈ মণিধাৰ গঁথা থাকে, জগতখন মােত্ তেনেকৈ জৰিত হৈ আছে । হে কুন্তীনন্দন ৷ মই (পৰমাত্মা) পানীত ৰস, চন্দ্র-সূৰ্য্যত প্রভা, সৰ্ব্ববেদত ওঙ্কাৰ(ওঁ),

————————————————————————————————————————————————————————————————————————  (১) জ্ঞানৰ বলত ব্ৰহ্মবস্ত্ৰ বুজিব পাৰিলে, আৰু বিজ্ঞানৰ দ্বাৰাই পৰমাত্মাক অনুভৱ কৰিব পাৰিলে, জীৱৰ জানিবলৈ আৰু একো বাকী নাথাকে ৷

 (২) সাংখ্যমতত্ত্ব ষোল বিধ বস্তু; যেনেঃ-ক্ষিতিপিগ, তেজ, মৰুৎ, ব্যোম; পঞ্চ জ্ঞানেন্দিয়, পঞ্চ কৰ্ম্মেন্দ্ৰিয়, আৰু মন ৷

 (৩) ভগৱান শ্ৰীকৃষ্ণই নিজাত্মাত পৰমাত্মাক প্ৰতিবিম্বিত কৰি “অহং” “দে” “সাধ” ইত্যাদি শব্দ ব্যৱহাৰ কৰাৰ তত্ত্ব ওপৰত ব্যাখ্যা কৰা হৈছে ৷ ভগৱান বাসুদেৱে নিজে নিজত ঈশ্বৰত্ব কাটিতো আৰোপ কৰা নাই যদিও, ভক্ত শিষ্য অৰ্জ্জুনে সৰ্ব্বশাস্ত্ৰজ্ঞ, সৰ্ব্বতত্ত্বজ্ঞ, পূৰ্ণব্ৰহ্মজ্ঞ, জ্ঞান-বিজ্ঞানৰ আধাৰ শ্ৰীকৃষ্ণক সাক্ষাৎ ঈশ্বৰ স্বৰূপ দেখে; গতিকে পৰমাত্মাৰ ব্যাখ্যাত ভগৱান শ্ৰীকৃষ্ণই পৰমাত্মাৰ ঠাইত আত্মস্থিতি দেখুৱাই “মই” “মোৰ” “মোত” শব্দেৰে উদাহৰণ দিছে ৷ [ ৬৯ ] আকাশ শব্দ, পুণ্ড পৌবলে বিমান। সকলোতে - শক্ত বিদ্যমান আনিব। ময়েই {পমাত্মাই পৃখিত পুণ্য-পৰিত্ৰ গ অগিত ময়ে (পৰমেৰেই) ভেজেলে আলে তপৰীৰ পাতত মেনেই (পূর্ণব্রহ্মৰেই) অৱস্থিতি। যে পার্থ। মােফেই {পৰশাত্মাকেই। সর্বভুতৰ মূল, বুভিমানৰ বুজি আৰু তেজৰীৰ ৰীৰ বুলি জানিবা । মঙ্গেই ( প ই) তে বুলি বুজিবা।” (১) “হে অর্জুন। ইতিপূৰ্বতে আভাস দি (২) অ হৈছে যে, ময়েই বলৰৰ কামৰাগৰহিত ৰ, আৰু সমস্ত প্রাণীৰ ধৰ্ম্মৰ অবিৰ কানে ময়েই (৩)। সাত্বিক, ৰাজসিক আৰু তামসিক জগতৰ সকলো পদার্থই মােৰপৰা উৎপন্ন । সেইবােৰ মােতে অবস্থিত যদিও, সে স্থিতি সেইবােৰত নাই। কিন্তু, মায়মুগ্ধ জীৱই মােৰু সেইবােৰৰপৰা আঁতৰ বুলি নাজানে। স, ৰজ, তম এই যিগুণময় মােৰ অশৌফিক (৩) মায়া উপলব্ধি কৰা সহজ নয়। কেৱল যিবিলাকে মােকই একান্ত ভক্ষনা কৰে, সিবিলাকে সেই মায়া অতিক্রম কৰিব পাৰে। পাপী, মুছ, নৰাধমে মাথােন আনুৰভাৰজনিত মায়ামুখ হৈ মােক না (১) গী, এম আখ্য, ১০ হােক। (২) “পুণ্যে পঃ পৃথিৰাং তেতানি মিসৌ। জীবন ভূতেষু গুপগমি তপর্থি। | শীল, আ, কে। } য বলা চা বিসি। | বিয়েতে কামশাইখি । শীত, থ্যা, ১১ এক। (০) কফ ল ি োৰােপ কৰিলে তেও সবি নােৰ। কিন্তু, জনসল শেলি সৰু সৰ আৰকাৰিক মা ব্যাখ্যা কমােজ দাৰ পি অশৌখিক নিয়ে নিৰোপ কৰিছে। [ ৭০ ] গতিসৰ নকৰাকৈ থাকে। কিন্তু, হে অর্জুন! আৰ্ত্ত, জিজ্ঞাসু, অর্ণার্থী আৰু জ্ঞানী (১) এই চতুর্বিধ লােকে মােক সততে ভজনা কৰে। ইবিলাকৰ ভিতৰত সদায় সমাহিত একনিষ্ঠ জ্ঞানীভক্ত পৰম উৎকৃষ্ট। কিয়নাে, ময়ো জ্ঞানীৰ অতিশয় প্রিয়, নীয়ে মােৰ অতিশয় প্রশ্ন ; কাৰণ জ্ঞানীভ আত্মাৰ স্বৰূপ, আনীভক্তই সমস্ত জগতকে পৰমাঝাস্বৰূপ দেখা পায়; তেনে মহাত্মা অতি বিৰল। অর্থাৎ, জন্মে-জন্মে পণ্য সঞ্চয় কৰি, পৰিশেষত জ্ঞানীভক্তই ভগবৎ প্ৰেমত বিহ্বল হৈ গােটেই জগতকে ভগবলার দর্শন কৰে। কামনাৰ প্ৰভাৱত যাৰ তত্ত্বজ্ঞান নিষ্ট এম সি সেই কামনামুযায়ী নিয়ম পালন কৰি উপদেৱতাদিৰ উপাসনাত ধৰে। কিন্তু, যিবিলাক সকাম ভক্তই স্ব-কাশনা অনুযায়ী কৰ্ম্মানুষ্ঠান কৰে, তাত সিবিলাকৰ আসক্তি মই গাঢ় কৰিহে দিওঁ। অর্থাৎ, যেয়ে যি ভাৱে যি দেৱতা বা ঈশ্বৰৰ স্বৰূপক অর্পন কৰে, অস্কৰ্য্যামী ভগৱানে সেই ভাৱেই সেই দেৱতাৰ জৰীয়তেই সেই অর্চনা গ্ৰহণ কৰি সেই কামনা পূর্ণ কৰে।" {২}। “কামনানুযায়ী অর্চনাৰে উপদেৱতাদি অর্চনা কৰাটো চুটিবুদ্ধিৰ কাম ; -তাৰ ফলত সেই আৰাধ্য দেৱতাক মাথােন লাভ কৰা ধায়। কিন্তু পৰমণ লাভ হবলৈ বাকী থাকে। অবিবেকী লােকে পৰমাত্মক অব্যয়ভাবে নাভাবি সব্যয় ভাৱে ভাবে। সকলোৱেই মােৰ স্বৰূপ দেখা পায়; কিন্তু মায়াৰ ঢাকনি ছেদ কৰি সেই স্বৰূপ দেখা কপটী ভক্তৰ ভাগত ঘটে। জীৱই দেহ ধাৰণ কৰিলেই সিবিলাকৰ অনুকূল বিষয় ভলৈ ইচ্ছা (১) আপদৰপৰা ৰিষৰ ৰে যি ভগবান আৰাধন কৰে, তেওঁ আক্ত; আজানলাভৰ অৰ্থে ঘি আৰাধনা লৰ, তেওঁ হি ; অর্থলাৰ অৰ্থে আৰনা কৰোতা জন অৰ্থা, আৰু ত্যাশী নিকান উপাসক আলী কা বােলে। (৩) গীতা, খ, ১১২২ শােক। [ ৭১ ] ৯। আধ্যা হয় আৰু প্ৰতিকুল পদাৰ্থত ধেষ জন্মে। ইয়াকে যােগমায়া বলা যায় । প্রাণীমাত্রকেই মায়াত মুগ্ধ ; কিন্তু জন্ম-জন্মান্তৰৰ সঞ্চিত পুণ্যৰাশিৰ গুণত যিবিলাক পাপৰপৰা মুক্ত হৈছে, সিবিলাকৰ সেই মায়া-মােহ ক্ৰমাৎ অপনীত হলে সিবিলাকৈ পৰমাত্মাক আৰাধন কৰে। যি সকলে কামনা সিদ্ধিকপ ফলৰ প্রতি দৃষ্টি নাৰাখি কেৱল মুক্তির অর্থেই সাধনা বা উপাসনাদি কল্লে, সিবিলাকে সগুণব্ৰহ্মৰ আশ্রয় নললে সাধনা সিদ্ধ নয়; অথচ তিগুণব্রহ্ম সিবিলাকৰ উপাসনাৰ অতীত। যিবিলাকে অধিভূত, অধিদৈব আৰু অধিষজ্ঞৰে সৈতে মােক চিন্তা কৰে, সিবিকে শৰণকাৰতো মােৰ কৃপা লাভ কৰে। কাৰণ, ভগবদ্ভুক্ত অজ্ঞান, অচেতন, মুচ্ছিত অৱস্থাতো ভগবদ্ভাবভ্রষ্ট নহয়। অর্থাৎ, অন্তিম কালত ইদ্রিয়বিলাক অৱশ হৈ আহে, কাৰ্যকৰী শক্তিহীন হৈ পৰে । তাৰ লগে গে মন নিস্তেজ হৈ অভিভূত হবলৈ ধৰে । সেই সময়ত ভগৱৎ কথা শুনিবলৈ আৰু ভগবদানুবাণী হবলৈকে শক্তিৰ নাটনি পৰে। তেনে আসন্ন অৱস্থাত ভকতবৎসল ভগৱানে আপােনা- আপুনি মৃত্যুমুখী ভক্তৰ হৃদয়ত থিত, দিয়ে।” (১} ১) পী, ৭ , ২ । [ ৭২ ]


১০। আধ্যা ।
ভক্তিযােগ ।
পৰব্ৰহ্ম-তত্ত্বজ্ঞান ।

 ইতঃপূৰ্ব্বতে, গীতাৰ সপ্তম আধ্যাত, ভগৱান শ্ৰীকৃষ্ণই যিবোৰ গুপ্ত ৰহস্যৰ বিষয়ে উনুকিয়াইছিল, তাৰ সূক্ষ্মতত্ত্ব নিখুতকৈ উপলব্ধি কৰিবৰ অৰ্থে অৰ্জ্জুনে আগ্ৰহেৰে সুধিলে, “হে পুৰুষোত্তম মধুসূদন ! ব্ৰহ্ম কি? অধ্যাত্ম নাে বোলে কাক? ধৰ্ম্ম নো কি ? অধিভুত(১), অধিদৈব (২) অধিযজ্ঞ(৩) নো কি, আৰু কেনেকৈ চিন্তিব লাগে? অধিযজ্ঞ দেহৰ ভিতৰত নে বাহিৰত অৱস্থিত ? আৰু মৰণকালত সমাহিতচিত্ত পুৰুষৰ হৃদয়ত তুমি কিৰূপে উদয় হােৱাঁ ? অধিযজ্ঞ যদি দেহৰ ভিতৰত থাকে, তেন্তে তেওঁ বুদ্ধি আদি ৰূপে বিভাজিত হয় নে স্বতন্তৰীয়াকৈ হয় ?”(৪)

_____________________________________________________________________

 (১) পার্থিব ক্রিয়া-কৰ্ম্মাদিয়েই অধিভুত নামে নিৰ্দ্দিষ্ট। যজ্ঞাদি কৰ্মানুষ্ঠান ইয়াৰ অন্তৰ্ভুক্ত ৷—গীতাসন্দীপনী, কৃষ্ণানন্দ স্বামী ৷
 (২) দেৱতাদিৰ ধ্যান, অথবা আদিত্যমণ্ডলৰ মাজৰ জীৱচৈতন্যৰ নাম অধিদৈব ৷-—গীতাসন্দীপনী, কৃষ্ণানন্দ স্বামী ৷
 (৩)যজ্ঞৰ আশ্ৰয়ত যাৰ অৱস্থিতি তেনে কোনো দেৱতা বিশেষ, কিম্বা পৰব্ৰহ্মকেই অধিযজ্ঞ বোলা হয় ৷—গীতাসন্দীপনী, কৃষ্ণানন্দ স্বামী ৷

 (৪)গীতা, ৮ম আধ্যা, ১-২ শ্লোক ৷ [ ৭৩ ]
 
 অৰ্জ্জুনৰ অনুসন্ধানমূলক প্রশ্নৰ সমিচাৰ ভগৱান শ্ৰীকৃষ্ণই এই বুলি দান কৰিলে, “যিজন পৰম অক্ষৰ(১) তেওঁৱেই ব্ৰহ্ম; স্বভাবেই অধ্যাত্ম(২), প্রাণিগণৰ উৎপত্তি আৰু বৃদ্ধিবিধায়ক যজ্ঞাদিয়েই কর্ম্ম(৩)। হে প্রাণিশ্রেষ্ঠ অৰ্জ্জুন ! নশ্বৰ পদার্থ ই অধিভূত, হিৰণ্যগৰ্ভই অধিদৈব, বিষ্ণুস্বৰূপময়েই অধিযজ্ঞ। এই অধিষজ্ঞ পুৰুষ দেহাৰ মধ্যত থাকে বুলিও, তেওঁ বুদ্ধিমত্তাদিৰপৰা স্বতন্ত্র। যি মানুহে মৰণৰ বেলিকাও ভগৱানক চিন্তি দেহ এৰে, সেই মানুহে যে ভগৱানৰ স্বৰূপ লাভ কৰে, তাত সংশয় নাই(৪)। হে কুন্তীনন্দন ! চিৰজীৱন অনুৰাগৰে সৈতে চিন্তা কৰাৰ ফলত, যেয়ে যি ভাবনা কৰি দেহত্যাগ কৰে, সেয়ে সেই ভাবপ্রাপ্ত হয় (৫)। মৰণ-মুহূৰ্ত্তৰ চিন্তানুসাৰেই

————————————————————————————————————————————————————————————————————————

 (১) যি অবিনশ্বৰ, যি অন্তৰ্ব্বাহ্যব্যাপী, যি ওতাপ্ৰোত ভাৱে সর্ব্বত্ৰ বিদ্যমান, যি উৎপত্তি-বিনাশবৰ্জ্জিত, যি সকলােৰে স্ৰষ্টা, বি সকলােৰে মূল, যি সকলােৰে শেষগতি, যি কাৰ্য্যৰ আৰম্ভণ, যি কাৰ্যৰ সামৰণ, তেওঁৱেই অক্ষৰ, তেওঁৱেই পৰব্ৰহ্ম।
 —গীতাসন্দীপনী, কৃষ্ণানন্দ স্বামী ।
 (২) অক্ষৰ ব্ৰহ্মৰ প্ৰত্যক্ষ চৈতন্য দেহৰূপ সঞ্চিত আত্মাকে অধ্যাত্ম বোলা যায় ৷
 —গীতাসন্দীপনী, কৃষ্ণানন্দ স্বামী ।
 (৩) ইন্দ্রিয়াদিৰ উদ্দেশে যাগ, যজ্ঞ, হোম, দান আদি যি অনুষ্ঠিত হয়, তাকে কৰ্ম্ম বোলা যায় ।
 (৪)“অন্তকালে চ মাজেৰ স্মৰণ্ মুক্ত্ব কলেবৰম্৷
 যঃ প্ৰয়াতি স মস্তাযং ৰাতি নাস্ত্যত্ৰ সংশয়ঃ৷”

 — গীতা, ৮ম, আধ্যা, ৫ম, শ্লোক ৷

 (৫)“যং যং ব্যাপি স্মৰন্ ভাবং ভাজত্যস্তে ফলেবৰম্৷
 তং তমেধৈতি কৌস্তেয় সদা তদ্ভাবভাবিতঃ৷”
 — গীতা, ৮ম, আধ্যা, ৬ষ্ঠ শ্লোক ৷
[ ৭৪ ]
 
জীৱৰ পুনৰ্জ্জন্ম, নাইবা ব্ৰহ্মনিৰ্ব্বাণ লাভ হয়। অর্থাৎ, মৰণমুহূৰ্ত্তত যি মানুহে সংসাৰৰ ভােগ্য বিষয় চিন্তা কৰে, সি পুনঃ পার্থিব দেহা ধাৰণ কৰে; যি পুৰুযে শিব, বিষ্ণু আদি চিন্তা কৰে, তেওঁ তদ্রপ ৰূপ ধাৰণ কৰে; যি ভক্তই ঐকান্তিক প্ৰেমৰ আৱেশে আত্ম-সমাধান কৰি দেহ ত্যাগ কৰে, তেওঁ ব্রহ্মনিৰ্বাণ লাভ কৰে। এতেকে, হে অৰ্জ্জুন ! সৰ্ব্বদায় মােক (পৰমাত্মাক) স্মৰণ কৰিবাঁ; উপস্থিত যুদ্ধত প্রবৃত্ত হােৱাঁ; আৰু মনােবুদ্ধি সমুদায় মােত্ (পৰমাত্মাত) অর্পণ কৰাঁ; তেনেহলেই মােক লাভ কৰিবাঁ যে তাত অনুমাত্রও সংশয় নাই (১)।” ৰণলৈ পিঠি নিদিয়াটো এটা ক্ষত্রিয়োচিত বিশিষ্ট ধৰ্ম্ম ৷ এতেকে, যুদ্ধ কৰিবলৈ ওলাই আহি, অপৰপক্ষ যুদ্ধত প্রবৃত্ত থকাৰ স্থলত, তালৈ পিঠি দিলে অৰ্জ্জুনৰ স্বধর্ম বিনষ্ট হব, আৰু তাৰ ফলস্বৰূপ চিত্তশুদ্ধি আৰু নিষ্কামতা লাভ কৰিব নোৱাৰি তেওঁ মুক্তিপদৰপৰা

বঞ্চিত হব; সেই কাৰণে, ভকতবৎসল ভগৱান শ্রীকৃষ্ণই ভক্তশিষ্য অৰ্জ্জুনক যুদ্ধত প্রবৃত্ত হবলৈ পুনঃ পুনঃ উদগনি দিছে।
 “হে পার্থ ! সৰ্ব্বদায় একান্তচিত্তেৰে পৰমাত্মচিন্তনৰ অভ্যাসে যােগসাধনৰ দ্বাৰাই পৰব্ৰহ্মপ্রাপ্ত হােৱা যায়। সর্বজ্ঞ (২), সৰ্ব্বনিয়ন্তা, সূক্ষ্মতকৈও সূক্ষ্মতৰ, সকলােৰে বিধাতা, অনাদি অচিন্ত্যৰূপ দিব্য পুৰুষক যি কায়মনােবাক্যে চিন্তা কৰে, তেওঁ মৰণ-মুহূৰ্ত্তত একান্তচিত্ত, ভক্তি আৰু অভ্যস্ত যােগবলৰ দ্বাৰাই প্ৰাণবায়ুক ভ্ৰুযুগলৰ মাজত স্থাপন কৰি সেই পৰব্ৰহ্মক লাভ কৰে।”(৩)

————————————————————————————————————————————————————————————————————————

 (১) গীতা, ৮ম, আধ্যা, ৭ম, শ্লোক ৷
 (২) ভুত, ভবিষ্যত আৰু বৰ্ত্তমান বিষয়ৰ দ্ৰষ্টা হেতুকে পৰমাত্মাক কবি বা সৰ্বজ্ঞ বোলা যায় ।
 (৩) গীতা, ৮ম, আধ্যা, ৮-১০ শ্লোকৰ মুঠ্ বা সংযোগ-ব্যাখ্যা ৷ [ ৭৫ ]  “হে অৰ্জ্জুন ! বেদবেত্তা পুৰুষগণে যি অক্ষৰ ব্ৰহ্মৰ ব্যাখ্যা কৰে, নিস্পৃহ সন্ন্যাসীগণে যাক তপস্যাৰ ফলত লাভ কৰে, যাক পাবৰ অর্থে ধৰ্মাত্মাসকলে ব্রহ্মচর্য্য ব্ৰত অৱলম্বন কৰে, সেই পৰব্ৰহ্মৰ স্বৰূপ মই সংক্ষেপে ব্যাখ্যা কৰোঁ, সাৱধানে অৱধান কৰিবাঁ।”(১)
 “যি সাধু পুৰুষে সমস্ত ইন্দ্ৰিয়দ্বাৰ অৱৰুদ্ধ কৰি, মনক হৃদয়ত নিৰােধ কৰি, প্রাণক মূৰত স্থাপন কৰি, আত্ম-সমাধিত অৱস্থিত হৈ, “ওঁ” এই ব্ৰহ্মৰূপ একাক্ষৰ উচ্চাৰণ কৰোঁতে কৰোঁতে মোক (পৰমাত্মাক) চিন্তি তনু ত্যাগ কৰি প্ৰয়াণ কৰে, তেওঁৱেই পৰমগতি লাভ কৰে (২) । হে পাৰ্থ ! যি সকল সাধু পুৰুষে অনন্যচিত্ত হৈ মােকেই (পৰমেশ্বৰকে) চিৰদিন চিন্তা কৰে, সিবিলাকলৈ মই (মুক্তিপদ) অতি সুলভ; আৰু সিবিলাকে মােক (পৰব্ৰহ্মক) পােৱাৰ পাচত, সর্ব্বদুখৰ আলয় স্বৰূপ পুনর্জ্জন্ম গ্রহণ কৰিব লগাত নপৰে। কিয়নো, হে অৰ্জ্জুন, ব্রহ্মলােকলৈকে সকলো জীৱৰ পুনর্জ্জন্মৰ বিধান আছে; কিন্তু মোক (পৰব্ৰহ্মক) লাভ কৰাৰ পাচত আৰু পুনর্জ্জন্মৰ বিধান নাই।”(৩)

“যি যােগীয়ে ব্রহ্মাৰ চতুৰ্যুগসহস্ৰ পৰিমিত দিন আৰু চতুৰ্যুগসহস্ৰ পৰিমিত ৰাতি(৪) বিষয়ক জ্ঞান লাভ কৰিছে, তেওঁৱেই হে আচল

——————————————————————————————————————————————————————————————————————  (১) গীতা, ৮ম, আধ্যা, ১১শ শ্লোক ৷
 (২) “সৰ্ব্বদ্বাৰাশি সংযম্য মনাে হৃদি নিৰুথ্য ।
 মুধ্যাধায়াত্মনঃ প্রাণমাস্থিতো যোগধাৰণাম্ ৷৷
 ওঁমিত্যেকাক্ষযং ব্ৰহ্ম ব্যাহৰণ্ মামহম্মবৰ্ণ ৷
 যঃ প্ৰয়াতি ত্যজন্ দেহং স যাতি পৰমাংগতিম্ ৷৷
 —গীতা, অষ্টম আধ্যা ১২-১৩ শ্লোক ৷
 (৩) গীতা, অষ্টম আধ্যা, ১৪-১৬ শ্লোকৰ সংযোগ ব্যাখ্যা ৷

 (৪) চতুৰ্যুগঃ- সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি ৷ সত্যযুগৰ পৰিমাণ [ ৭৬ ]
 
দিন-ৰাতি পৰিমাণৰ বিষয়ে ধাৰণ কৰিব পাৰে। ব্ৰহ্মাৰ জাগ্ৰত অৱস্থাই ব্যক্ত, আৰু নিদ্রিত অৱস্থাই অব্যক্ত; ব্ৰহ্মাৰ দিনত ব্যক্ত চৰাচৰ পদার্থৰ কাম্য কৰ্ম্মৰ অনুষ্ঠান হেতু পুনঃ পুনঃ উৎপত্তি আৰু স্থিতি, ৰাতিত ব্যক্ত চৰাচৰ পদার্থ অব্যক্তৰূপে লয়প্রাপ্ত হয়। কিন্তু, চৰাচৰ

জগত লয় পালেও, সেই অব্যক্তৰো অতীত, ইন্দ্ৰিয়ৰ অগােচৰ, স্বতন্ত্রসত্তা সনাতন পৰব্ৰহ্ম লয় নাপায়। সেই অক্ষৰ অব্যক্ত সত্তাস্বৰূপেই জীৱৰ পৰমগতি; সেই সত্তাতাপ্রাপ্ত হলেই জীৱৰ ঘূৰি জন্ম নহয়; সেয়ে মােৰ পৰমধাম, অর্থাৎ সেয়ে বিষ্ণুৰ পৰমপদ, সেয়ে বিষ্ণুৰ স্বৰূপ অৱস্থা । হে পাৰ্থ ! এই চৰাচৰ জগত সেই পৰব্ৰহ্মতেই অৱস্থিত, আৰু তেওঁৱেই এই চৰাচৰ জগতত পৰিব্যাপ্ত; তেওঁ সহজবােধগম্য নহয়, ঐকান্তিক ভক্তি সহকাৰে মাথোন সেই পৰমপদ লাভ কৰা যায়।”(১)
 “হে ভৰতকুলতিলক অৰ্জ্জুন ! দেহৰপৰা প্ৰাণ ওলাই যাবৰ সময়ত কোন্ কালত বা কোন্ মার্গেদি গতি হলে যােগীৰ পুনৰ্জ্জন্ম হয়, আৰু কোন্ কালত বা কোন্ মার্গেদি গতি হলে সেই পুনৰাবৃত্তি নহয়, সেই কাল আৰু মাৰ্গৰ সৰল ব্যাখ্যা দিওঁ, শুনিবাঁ ৷—যি মাৰ্গত জ্যোতিঃস্বৰূপ অগ্নি, দিন, শুক্লপক্ষ, উত্তৰায়ণ ছমাহৰ স্থিতি, সেই দেৱধান বা

————————————————————————————————————————————————————————————————————————

১৭২৮০০০ বছৰ; ত্রেতাযুগৰ পৰিমাণ ১২৯৬০০০ বছৰ; দ্বাপৰযুগৰ পৰিমাণ ৪৩২০০০ বছৰ। এই চতুৰ্যুগ সহস্ৰবাৰ পাৰ হলে ব্ৰহ্মাৰ এদিন, আৰু সেই দৰে আকৌ চতুৰ্যুগ সহস্ৰবাৰ পাৰ হলে ব্ৰহ্মাৰ এৰাতি হয়। এই হিচাপে ধৰি ব্ৰহ্মাৰ অহোৰাত্ৰক (এদিন আৰু এৰাতিত) কিমান বছৰ সোমায়,তাক ধাৰণা কৰিবলৈ গলে লেখ নোপােৱা হয়গৈ !—অর্থাৎ, পৰব্ৰহ্ম, বা পৰমাত্মা বা সৃষ্টিকৰ্তা ভগৱন্ত যেনে অনাদি আৰু অনন্ত, তেওঁৰ কালৰ পৰিমাণো সেই দৰেই অনাদি আৰু অনন্ত ৷

 (১)গীতা, অষ্টম আধ্যা, ১৭-২০ শ্লোকৰ সংযোগ ব্যাখ্যা ৷ [ ৭৭ ]
 
ব্রহ্মমাৰ্গেদি গমন কৰি লগুণব্ৰহ্ম উপসনা কৰা কৰ্ম্মযোগীয়ে ব্ৰহ্মলোকলৈ গতি কৰি পৰব্ৰহ্ম বা পৰব্ৰহ্মত ব্ৰহ্মনিৰ্ব্বাণপ্ৰাপ্ত হয় (৯) ৷ যি মাৰ্গত ধূম, ৰাত্ৰি, কৃষ্ণপক্ষ, দক্ষিণায়ন ছমাহৰ স্থিতি(২) সেই মাৰ্গেদি গতি হলে কৰ্ম্মীপুৰুষ চন্দ্ৰলোক(৩)প্রাপ্ত হৈ স্বর্গসুখ ভোগৰ অন্তুত, অতৃপ্ত বাসনা হেতুকে সংসাৰত পুনৰাবৃত্ত হয়। শুক্ল আৰু কৃষ্ণ এই দুই পথ জগতত নিত্যসিদ্ধ। শুক্লমাৰ্গৰ উপাসক

নিৰ্ব্বাণপ্রাপ্ত আৰু কৃষ্ণমাৰ্গৰ কৰ্ম্মী পুনৰাবৃত্তিপ্রাপ্ত হয়। ইয়াকে জানি, সগুণব্ৰহ্ম উপাসক যােগী সংসাৰৰ মায়াত বিমুগ্ধ নহয় । এতেকে, হে অৰ্জ্জুন, তুমিও সংসাৰৰ মায়াত বিমুগ্ধ নহৈ শুক্লমার্গগামী হােৱাৰ উদ্দেশে সমাধিস্থ হােৱাঁ । হে অৰ্জ্জুন ! বেদ অধ্যয়নৰ ফলত, তপস্যাৰ বলত, দানকৰ্ম্মৰ গুণত, পুণ্যকৰ্ম্মৰ পৰিণামত যি ফল লাভ হয়, ধ্যাননিষ্ঠ যােগীগণে সেই ফলভোগ তুচ্ছ কৰি সৰ্ব্বকালৰ কাৰণ


————————————————————————————————————————————————————————————————————————

 (১) “অগ্নিজ্যেতিৰহঃ শুক্লঃ যজ্ঞাসা উত্তৰায়ণম্ ৷
 তত্ৰ প্ৰয়াতা গচ্ছন্তি ব্ৰহ্ম ব্ৰহ্মবিদো জনাঃ৷”
 —গীতা, অষ্টম আধ্যা, ২৪ শ্লোক ৷
 (২) “ধূমো ব্যাত্ৰিন্তধা কৃষ্ণঃ ষন্মাসা দক্ষিণায়ম্৷
 তত্ৰ চান্দ্ৰমসং জ্যোতিৰ্যোগী প্ৰাপ্য শিষৰ্ত্ততে ৷”—৮ম আধ্যা, ২৫ শ্লোক ৷

 (৩)চন্দ্ৰলোক পূণ্যভোগৰ স্থান ৷ যি সকলে সৎকৰ্ম্মাদি কৰি দেহ ত্যাগ কৰে, সেই সকলে চন্দ্ৰলোক লাভ কৰি অনুপম স্বৰ্গসুখ ভোগ কৰিবলৈ পায়; কিন্তু বাসনাসূত্ৰে যোগত সংসাৰলৈ পুনৰাবৃত্ত হয় ৷ এই পুনৰাবৃত্তি মাৰ্গৰ নাম পিতৃধাম ৷-গীতাৰ্থ সন্দীপনী, কৃষ্ণানন্দ স্বামী ৷ [ ৭৮ ]
 
স্বৰূপ পৰব্ৰহ্মক লাভ কৰে (১)। এতেকে, তুমিও তেনেকৈ যােগনিষ্ঠ হৈ, আপোন-পৰ ভাব পৰিত্যাগ কৰি, উপস্থিত যুদ্ধত প্রবৃত্ত ৰূপ স্বধর্ম্ম পালন কৰি, সেই অনাদি অনন্ত সনাতন পৰব্ৰহ্মক লাভ কৰিবলৈ সক্ষম হােৱাঁ ।”(২)



——————————————————————————————————————————————————————————————————————

 (১) “বেদেষু যজ্ঞেষু তপঃসু চৈধ দানেতু বৎপূণ্যফলং প্রদিষ্টম্ ।
 অত্যেতি তৎ সৰ্ব্বমিদং বিদিত্ত্বা যোগীপৰং স্থানমুপৈতি চাদাম্৷”
 —গীতা, অষ্টম আধ্যা, ২৮ শ্লোক ৷
 (২)গীতা, অষ্টম আধ্যা, ২৩-২৮ শ্লোকৰ সংযোগব্যাখ্যা ৷
[ ৭৯ ]


১১। আধ্যা ।
বিজ্ঞানপূর্ণ জ্ঞানতত্ত্ব ।

 মুক্তিমার্গ ব্যাখ্যাৰ পাচত, জ্ঞাননিষ্ঠ পুৰুষৰ গতি-মুক্তি আৰু ভগৱানৰ প্রকৃত স্বৰূপ বিষয়ক জ্ঞান উপদেশ ব্যাখ্যা কৰিবলৈ জগতগুৰু শ্রীকৃষ্ণই এই বুলি আৰম্ভ কৰিলে, “হে অৰ্জ্জুন! তুমি আৰ্জ্জৱ আৰু সংযমাদি গুণযুক্ত মােৰ উপযুক্ত শিষ্য; এতেকে তােমাক বিজ্ঞানপূৰ্ণ জ্ঞানতত্ত্বৰ গুহ্য ৰহস্যৰ বিষয়ে কওঁ, মনপাৰি শুনিবাঁ; শুনি সেই তত্ত্ব হৃদয়ঙ্গম কৰিব পাৰিলে তুমি সংসাৰ-বন্ধনৰপৰা মুক্তিলাভ কৰিব পাৰিবাঁ। এই তত্ত্বজ্ঞান সকলে জ্ঞানতকৈ গুহ্যতম, সকলো বিদ্যাতকৈ শ্রেষ্ঠবিদ্যা, অতি উত্তম, অতি পৱিত্র, প্রত্যক্ষ ফলপ্রদ, ধর্ম্মসঙ্গত, সুখসাধ্য আৰু অক্ষয় ফলদায়ক। কিন্তু, হে পার্থ, শ্রদ্ধাহীন মানুহে মােক (পৰমাত্মাক) কেতিয়াও নাপায়; গতিকে সিহঁতে সৰ্ব্বতিকাল সংসাৰপথত ঘূৰি ফুৰে। অব্যক্তৰূপে মই (পৰমাত্মাই) গােটেই জগত্ ব্যাপি আছোঁ, সকলাে বস্তুৱেই মােত (পৰমাত্মাত) হিতি কৰিছে; কিন্তু মই ক’তো অৱস্থিত নাই (১)। তাৰ যুক্তি এই যে, বস্তুৰ উৎপত্তি আৰু বিনাশ আছে; কিন্তু ভগৱান নিত্য। ভগৱান

——————————————————————————————————————————————————————————————————————  (১) “ময়া ততমিদং সৰ্ব্বং জগদব্যক্তমূৰ্ত্তিনা ৷
 মৎস্থানি সৰ্ব্বভূতানি ন চাহেং তেৰবস্থিতঃ ৷৷”

 —গীতা, নৱম আধ্যা, ৪ৰ্থ শ্লোক ৷ [ ৮০ ]
 
স্বপ্ৰকাশশীল। তুমি মােৰ এই অলৌকিক ৰূপলৈ(১) চোৱাঁ, দেখিবাঁ জগতৰ বস্তুবোৰে( ভূতগণে) মোত্ স্থিতি কৰা নাই; মই মাখােন ইতিপুৰ্ব্বতে কৈ অহা মায়াজনিত ভুতধাৰক আৰু ভুতপালকৰূপে বিদ্যমান আছোঁ । অর্থাৎ, পৰমাত্মা স্বমহিমাত প্রতিষ্ঠিত, আৰু ভগৱান একোৰে আধাৰ নহয়; কোনাে বস্তুতে তেওঁ অধিষ্ঠান নকৰে, তেওঁ নির্লিপ্ত। পদ্মপত্ৰ আৰু পানীৰ যি সম্বন্ধ, ভূতধাৰক ভুতপালক ভগৱন্ত আৰু ভূতৰ মাজত সেই সম্বন্ধ। (২)

 “আকাশতে বেগৱান বায়ুৰ স্থিতি; কিন্তু আকাশৰ নির্লিপ্ততা গুণ হেতুকে বায়ুৰ লগত আকাশ লৰি নুফুৰে। সেই অনুৰূপে, ভূত সমষ্টিয়ে পৰমাত্মাত অৱস্থিতি কৰিছে যদিও, পৰমাত্মা সৰ্ব্বতিকাল নিৰ্লিপ্ত আৰু স্বতন্তৰীয়া ভাৱে আছে।” (৩)
 ইমানলৈকে সৃষ্টিস্থিতি বিষয়ক পৰমার্থতত্ত্বজ্ঞান দান কৰাৰ পাচত, ভগৱান শ্রীকৃষ্ণই প্রলয়তত্ত্বজ্ঞান দিয়াৰ উদ্দেশে তন্ময়চিত্তে অৰ্জ্জুনক এই বুলি সম্বোধন কৰিলে, “হে কুন্তীনন্দন ! ইয়াৰ আগেয়ে কৈ অহা হৈছে যে, মোৰ (পৰব্ৰহ্মৰ) মায়াৰপৰাই জগৎ প্রকাশিত হৈছে; জগৎ বিনষ্ট হলে, অর্থাৎ প্রলয় কালত, জগতৰ সকলো বস্তু মােৰ

————————————————————————————————————————————————————————————————————————

 (১) অৰ্জ্জুন কৃষ্ণভাবত ক্ৰমাৎ তন্ময় হৈ অহা দেখি জগন্মোহনৰূপী তত্ত্বজ্ঞানী ভগৱান বাসুদেৱে পৰমাত্মাৰ স্বপ্ৰকাশ আত্মদেহত নিৰ্দ্দেশ কৰিছে। কৃষ্ণপ্রাণ অৰ্জ্জুনে কৃষ্ণতে পৰমাত্মাৰূপ দর্শন কৰা দেখি, ভগৱান শ্রীকৃষ্ণই অতঃপৰ পৰমাত্মা নামে যখানিবলগীয়া সৰ্ব্ববিষয়তে 'মাং' 'ময়া', 'মে', 'মমাত্মা' ইত্যাদি শব্দেৰে আত্মনিৰ্দ্দেশ কৰিছে ৷
 (২) গীতা, নৱম আধ্যা, ১-৫ শ্লোকৰ সংযোগব্যাখ্যা ৷
 (৩) গীতা,নৱম আধ্যা,৬ষ্ঠ শ্লোক ৷

[ ৮১ ]
 
(পৰমাত্মাৰ) ত্ৰিগুণময়ী (১) প্ৰকৃতিত লিপ্ত হয় ৷ চৈতন্যৰূপ পৰমাত্মা তেতিয়াও স্বতন্ত্ৰ খাকে। পুনৰপি সৃষ্টিকালত সেই প্ৰকৃতিস্থ বীজৰপৰা তন্ত্ৰ সংগ্ৰহ কৰি সৃষ্টি ৰচনা কৰা হয়। আৰু, প্ৰকৃতিকে আশ্ৰয় কৰি তাৰ প্ৰভাৱত বাৰংবাৰ জীৱবন্ত প্ৰণয়ন কৰা হয়। কিন্তু হে ধনঞ্জয় ! উদাসীন পুৰুষৰূপ পৰব্ৰহ্ম সৃষ্টিক্ৰিয়াদিত আসক্ত নথকাৰ হেতুকে, তাত মই (পৰমাত্মা) বান্ধ নাখাওঁ; অথচ মোৰ অধিষ্ঠান হেতুকেই প্ৰকৃতিয়ে(২) বাৰংবাৰ নানাৰূপে স্থাৱৰজঙ্গমাত্মক জগৎ প্ৰসৱ কৰে। হে অৰ্জ্জুন ! অবিবেকী লোকে মাথোন মোৰ সৰ্ব্বভূতা-পৰমেশ্বৰৰূপ পৰমাৰ্থতত্ত্ব উপলব্ধি কৰিব নোৱাৰি মোৰ মানৱমূৰ্ত্তিৰ প্ৰতি অৱজ্ঞা কৰে (৩)। নিস্ফলকাম, নিস্ফলকৰ্ম্মা, বিফলজ্ঞান, বিচাৰবিহীন পুৰুষ সততে ৰাক্ষসী, আসুৰী আৰু মোহিনী প্ৰকৃতিপ্ৰাপ্ত হয়। কিন্তু, হে পাৰ্থ, যি সকলে দৈবপ্ৰকৃতিক আশ্ৰয় কৰি ঈশ্বৰৰ প্ৰতি একান্তমতি হয়, সেই সকল পূণ্যাত্মাই মোক সৰ্ব্বভূতৰ অবিনাশী কাৰণ বুলি জানি ভজনা কৰে।” (৪)

 “মহাত্মাগণে নিত্য সমাহিত হৈ ব্ৰহ্মজ্ঞান লাভাৰ্থে সততে ভগৱানৰ নাম-কীৰ্ত্তন কৰে। কোনো কোনো মহাত্মাই জ্ঞানৰূপ যজ্ঞানুষ্ঠানেৰে ভগৱানৰ পূজা কৰে; কোনোৱে আকৌ ভগৱানক


 (১) ত্ৰিগুণঃ- সত্ত্ব, ৰজ, তমঃ ৷
 (২) প্ৰকৃতি মায়াৰেই নামান্তৰ মাথোন; গতিকে ব্ৰহ্মৰপৰা প্ৰকৃটিৰ স্বতন্ত্ৰ অস্তিত্ব নাই ৷ এতেকে, পৰব্ৰহ্মৰ মহিমাৰূপ মায়াতেই জীৱ আৰু জগৎ প্ৰকাশিত ৷—শ্ৰীধৰ স্বামীকৃত টীকা ৷
 (৩) এই খিনিতে মানৱী শ্ৰীকৃষ্ণই স্বয়ং ভগৱান শ্ৰীকৃষ্ণ বুলি প্ৰকাশ্যে স্বীকাৰ কৰিছে ৷
 (৪) গীতা,নৱম আধ্যা, ৭–১০ শ্লোকৰ সংযোগব্যাখ্যা ৷

[ ৮২ ]
 
স্বতন্ত্ৰ ভাবে। ইত্যাদিকৈ ভিন্ ভিন্ পন্থাত ভগৱানক আৰাধনা কৰা যায়। কিন্তু, হে অৰ্জ্জুন, ময়ে বেদ, ময়ে যজ্ঞ, ময়ে শ্ৰাদ্ধ (পিতৃযজ্ঞ), ময়ে ঔষধ, ময়ে মন্ত্ৰ, ময়ে হোমৰ ঘিঁউ, ময়ে অগ্নি, ময়ে হোম(১), ময়ে এই জগতৰ পিতৃ, ময়ে মাতৃ, ময়ে ধাতা, ময়ে পিতামহ, ময়ে জ্ঞেয়, ময়ে পাৱন, ময়ে ওঁকাৰ (প্ৰণৱ) ময়ে ঋগ্বেদ, ময়ে সামবেদ, ময়ে যজুৰ্ব্বেদ(২), ময়ে গতি, ময়ে ভৰ্ত্তা, ময়ে প্ৰভু, ময়ে সাক্ষী, ময়ে নিবাস, ময়ে ৰক্ষক, ময়ে সুহৃৎ, ময়ে প্ৰভৱ, ময়ে স্থান, ময়ে নিধান, ময়ে প্ৰলয়, ময়ে অবিনাশী বীজ (৩)। হে পাৰ্থ!ময়ে উত্তাপ দান কৰোঁ, ময়ে পানী আকৰ্ষণ কৰোঁ, ময়ে ঘূৰি বৰষুণ দিওঁ; ময়ে অমৰ আৰু মৰণ স্বৰূপ, ময়ে সৎ আৰু অসৎ স্বৰূপ(৪)। যি সকল বেদবিদ্ পূণ্যাত্মাই কাম্য

 (১) যেয়ে যি ভাবেই বা যি পন্থাকেই পূজা কৰক লাগে, সেই পুজা স্বয়ং ভগৱানেই গ্ৰহণ কৰে, মাথোন বিশুদ্ধ আৰু সৰল হব লাগে ।
 (২) ভগৱানেই জগৎ সৃষ্টি কৰিছে, গতিকে তেওঁ জগতৰ পিতৃ-মাতৃ ;ভগৱানেই জগতৰ ৰক্ষাকৰ্ত্তা আৰু পাপ-পূণ্যৰ ফলদাতা, সেই হেতুকে তেওঁ বিধাতা; ভগৱান ব্যক্ত আৰু অব্যক্তৰ অতীত, সেই কাৰণে তেওঁ পিতামহ; ভগৱানক চিত্তশুদ্ধিৰে জানিব পাৰিলেই জীৱই শুদ্ধিলাভ কৰে, সেই বাবে তেওঁ পৱিত্ৰ ।
 (৩) ভগৱান জগতৰ ব্যৱস্থাপক, গতিকে তেওঁ ভক্তা; ভগৱানৰপৰা আৰকৈ কোনো কৰ্ম্ম কৰা নাযায়, তদৰ্থে তেওঁ সাক্ষী; তেওঁ প্ৰভৱ, কাৰণ তেওঁ উৎপত্তিৰ মূল; তেওঁ স্থান, কাৰণ জগত তেওঁতে অৱস্থিত; তেওঁ প্ৰলয়, কিয়নো তেওঁ জগত বিনাশৰ হেতু। মুঠতে, ভগৱানেই সৃষ্টি-স্থিতি-প্ৰলয়কৰ্ত্তা ৷—গীতাৰ্থ কৃষ্ণানন্দ স্বামী ৷

 (৪) ভগৱান পৰমাত্মা, নিত্যবৰ্ত্তমান, সেই কাৰণেই তেওঁ সৎ; অনিত্য ৰাক্তৰূপ জগতো তেওঁৱেই, সেই হেতুকে তেওঁ অসৎ ৷—শ্ৰীধৰ স্বামীকৃত টীকা ৷ [ ৮৩ ]
 
যজ্ঞাদিৰ অনুষ্ঠানেৰে মোক পূজা কৰি সোমৰস পান কৰি নিষ্পাপ হৈ স্বৰ্গ কামনা কৰে, সেই সকাম পুৰুষসকলে স্বৰ্গ লাভ কৰি দিব্য সুখ ভোগ কৰে(১)। তাৰ পাচত, পূণ্যক্ষয় হলে, সিবিলাকে পুনৰায় মৰ্ত্ত্যত জন্ম ধৰেহি। স্বৰ্গকামনাৰে বেদবিহিত কৰ্ম্মানুষ্ঠান কৰিলে এই দৰে বাৰংবাৰ সংসাৰলৈ ঘূৰিব লগা হয়। কিন্তু, যি সকলে একান্ত চিত্তেৰে মোৰ সাক্ষাৎ বাঞ্ছা কৰে, সেই সকলে অনায়াসে ভগৱৎকৃপা লাভ কৰে। হে কুন্তীনন্দন! অজ্ঞান হেতুকে যি বিলাকে উপদেৱতাদিৰ পূজা-অৰ্চ্চনা কৰে, সিবিলাকে অজ্ঞাতভাৱে মোকেই হে পূজা কৰে; তাকে নজনাৰ বাবেই সিবিলাক পুনৰাবৃত্তিপ্ৰাপ্ত হয়।”(২)

 শুদ্ধচিত্ত হৈ যি যাক ভক্তিভাৱে পূজা কৰে, সি তাকে পায়। ফুল, ফল, পাত, এচলু পানী ইত্যাদি যি যিহকে ভক্তিৰে সৈতে মোলৈ আগ বঢ়ায়, মই তাকে পৰম প্ৰীতিৰে সৈতে গ্ৰহণ কৰোঁ। হে কুন্তীনন্দন! তুমি যি অনুষ্ঠান, দান, ভোজন, হোম আৰু তপশ্চাৰণ কৰাঁ, সেইবোৰ মোক স্মৰণ কৰি কৰিবাঁ (১)। তুমি এইৰূপে সন্ন্যাস ভাবাপন্ন হৈ মোক লাভ কৰিবাঁ । মোৰ প্ৰিয়-অপ্ৰিয় নাই, মই সৰ্ব্বজীৱৰ পক্ষে একৰূপ; যেয়ে শুদ্ধচিত্ত হৈ মোক একান্ত ভক্তি কৰে, সেয়ে মোত অৱস্থিতি কৰে, আৰু ময়ো সিবিলাকৰ মাজত থাকোঁ ৷ পাপী-দুৰাচাৰেও


 (১) ভগৱানৰ নানা পন্থীয়া উপাসকৰ ভিতৰত সকাম সাধকৰ কিৰূপ গতি হয়, তাৰে ব্যাখ্যা ৷
 (২) গীতা, নৱম আধ্যা, ১৪-২০ শ্লোকৰ সংযোগব্যাখ্যা ।
 (৩) ভগৱানৰ কিৰূপে আৰাধনা কৰিলে ভগৱৎপদ লাভ কৰা যায়, ই তাৰে সঙ্কেত মাথোন ৷ ইয়াৰপৰাই “কৃষ্ণায় অৰ্পণমণ্ড” বচনৰ গূঢ়াৰ্থ বুজিব লাগে ৷ দোৱাকোৱাৰ প্ৰয়োজন নাই যে, ‘মই’, ‘মোৰ’, ‘মোক’ ইত্যাদিয়ে কৃষ্ণৰূপ পৰব্ৰহ্মক বুজাইছে ৷

[ ৮৪ ]
 
যদি একান্ত চিত্তেৰে মােক আৰাধনা কৰে, তাৰো বাঞ্ছা সিদ্ধি হয়; কিয়নো ভক্তি অথলে নাযায়। তেনেকুৱা জীৱ ততালিকে ধর্ম্ম-পন্থা-প্রাপ্ত হয়; কাৰণ মোৰ ভক্ত বিনাশপ্রাপ্ত কাচিতো হব নােৱাৰে(১) । স্ত্ৰী, বৈশ্য, শূদ্র আদি বেদশাস্ত্রজ্ঞানত হীন জাতিৰ(২) মানুহেও মােৰ আশ্ৰয়ত পৰমগতি লাভ কৰে,– ব্ৰাহ্মণ আৰু ক্ষত্রিয়ৰ তাে কথাই নাই । এতেকে, হে অৰ্জ্জুন ! ক্ষত্ৰিয়তনয় তুমি(৩) নশ্বৰ দেহাৰ মায়া পৰিহাৰ কৰি ভক্তিপৰায়ণ হােৱাঁ । তুমি মদগতচিত্ত, মদ্ভক্ত আৰু মোৰ পূজা-পৰায়ণ হৈ মােক নমস্কাৰ কৰাঁ। এইৰূপে মােৰ শৰণাগত হৈ, তােমাৰ আত্মা মোক সমর্পণ কৰি, তুমি মােক লাভ কৰাঁ ।”(৪)



 (১) অজ্ঞান যা মোহজনিত ভগৱদক্তৰ কদাপি পতন নাই ।
 (২) জাতি, বৰ্ণ, বয়স, গুণ, অৱস্থাদি নিৰ্ব্বিশেষে ভক্তিৰ অধিকাৰী;—“যখা ভক্তি তথা মুক্তি” ৷
 (৩) ক্ষত্ৰিয়তনয় বুলি বুদ্ধিস্বৰ্গ শ্ৰীকৃষ্ণই অৰ্জ্জুনক স্বধৰ্ম্ম পালনলৈ, অৰ্থাৎ যুদ্ধত প্ৰবৃস্ত হবলৈ প্ৰকাৰন্তৰে উদ্গণি দিছে ৷
 (৪) গীতা, নৱম আধ্যা, ২৫-৩৪ শ্লোকৰ সংযোগ ব্যাখ্যা ৷

[ ৮৫ ]


১২ ৷ আধ্যা ৷
——«◌»———
ধ্যানযোগ ৷
——•——
ভগৱান-বিভূতি,—স্বপ্ৰকাশ ৷

 ইয়াৰ আগৰ তিনটা ছেদত(১) ভগৱান শ্রীকৃষ্ণই পৰমাত্মাৰ স্বৰূপ আৰু বিভূতিৰাশিৰ(২) চমু ব্যাখ্যা বা তাৰ আভাস মাখােন দিছিল; এই ছেদত ভগৱানে ধ্যান সুগমার্থে তাৰ বিশদ ব্যাখ্যা দিবলৈ প্রিয়-শিষ্য অৰ্জ্জুনক এই বুলি সম্বােধন কৰিলে, “হে মহাবাহো ! তুমি মােৰ ব্যাখ্যা সুন্দৰকৈ হৃদয়ঙ্গম কৰি আহিছাঁ, গতিকে তােমাৰ পূৰ্ণ হিতার্থে তােমাক আৰু এখাপি সদুপদেশ দিওঁ, মন পাৰি শুনিবাঁ ।”(৩)
 “দেৱতাসকল আৰু মহৰ্ষিগণে আয়ত্ত কৰি মােৰ প্ৰভাৱ নােৱাৰে; কিয়নো মই সিবিলাকলৰো আদিকাৰণ, অর্থাৎ ময়ে সিবিলাকৰ উৎপাদক আৰু বুদ্ধিৰ প্ৰৱৰ্ত্তক। যি অনাদি-অনন্ত পৰব্ৰহ্মৰ স্বৰূপ জ্ঞান লাভ কৰে, তেওঁ জীৱৰ কায়-মন-বাক্যকৃত ত্ৰিবিধ পাপ, ভূত-ভবিষ্যত-বৰ্ত্তমানৰ পাপৰাশি আৰু পাপবুদ্ধিৰ বীজ অবিদ্যা আৰু মহামােহৰপৰা নিষ্কৃতি লাভ কৰে। বুদ্ধি, জ্ঞান, অসৎমোহ, ক্ষমা, সত্য, দম, শৰ, সুখ, দুখ, ভব, অভাব, অহিংসা, সমতা, তুষ্টি, তপ, দান, যশ,


 (১) গীতাৰ ৭ম, ৮ম, আৰু ৯ম, আধ্যা ৷
 (২) ভগৱানৰ স্বপ্ৰকাশৰ আহিলা-পাতি, অৰ্থাৎ প্ৰকৃতিস্থ পদাৰ্থ সমূহ ৷

 (৩) গীতা,দশম আধ্যা, ১ম শ্লোক ৷ [ ৮৬ ]
 
আৰু অপযশ প্ৰাণীবৰ্গৰ এই সমুদায় ভিন্-ভিন্ ভাব(১) মোৰ পৰাই উৎপন্ন; এই সমস্ত বৃত্তিৰ উৎপাদনৰ এক মূলাধাৰ মাথোন মই (পৰব্ৰহ্ম)।(২)

 “হে অৰ্জ্জুন! কেৱল সাধাৰণ জীৱগণেই যে মোৰ(ভগৱানৰ) বিভূতিৰপৰা উৎপন্ন হৈছে, এনে নহয়; প্ৰজাস্ৰষ্টা চতুৰ্দ্দশ মনু(৩), বেদপ্ৰচাৰক সপ্তৰ্ষি(৪), আৰু তৎপূৰ্ব্ববৰ্ত্তী চাৰি মহৰ্ষি (৫) এই সকলো মোৰপৰাই (ভগৱৎসত্তাৰপৰা) উৎপন্ন হৈছে। যি মোৰ বিভূতি আৰু যোগ বিষয়ক তত্ত্বজ্ঞান লাভ কৰিছে, তেওঁৱেই যথাৰ্থতে সমাহিত, তেওঁৰ অবিদিত একো নাই। ময়েই এই জগৎ উৎপত্তিৰ কাৰণ, মোৰপৰাই জ্ঞান-বুদ্ধিৰ উৎপত্তি, এই কথাত যাৰ স্থিৰ বিশ্বাস, তেওঁৱেই


 (১) সুক্ষ্মাৰ্থবোধক শক্তিৰ নাম বুদ্ধি; আত্ম-অনাত্ম পদাৰ্থৰ বিচাৰশক্তিৰ নাম জ্ঞান; জ্ঞাতব্য আৰু কৰ্ত্তব্যৰ অৰ্থে অব্যাকুলতাৰ নাম অহংমোহ; দণ্ড বিধায়ক প্ৰবৃত্তিক নিবৃত্ত কৰা শক্তিৰ নাম ক্ষমা; অৰূপ নিৰূপন প্ৰবৃত্তিৰ নাম সত্য; ইন্দ্ৰিয়গণক নিবৃত্ত কৰা শক্তিৰ নাম দম; যি বৃত্তিৰ প্ৰভাৱত শব্দাদি বিষয়ে অন্তঃকৰণত ঠাই নাপায়, তাৰ নাম শম; যি অৱস্থাত চিত্ত প্ৰসন্ন হয়, তাৰ নাম সুখ; যি জীৱৰ পৰিতাপৰ কাৰণ, সিয়ে দুখ; উৎপত্তিৰ নাম ভব; অসত্তাৰ নাম অভাব; আশঙ্কাত ভয়; নিঃশঙ্কাত অভয়; জীৱক দুখ নিদিবৰ প্ৰবৃত্তিয়েই অহিংসা; ইষ্টানিষ্ট ৰাগদ্বেষাদিশূন্য অৱস্থাই সমতা; তৃপ্তিলাভৰ নামৰ তুষ্টি; ব্ৰত-সাধনৰ নাম তপঃ; অযাচিতে বিলোৱাৰ নাম দান; প্ৰশংসাৰ নাম যশ; লোকাপবাদৰ নাম অপযশ ।—গীতাৰ্থ সন্দীপনী, কৃষ্ণানন্দস্বামী ৷
 (২) গীতা, দশম আধ্যা, ২-৫ শ্লোকৰ সংযোগব্যাখ্যা ।
 (৩) চতুৰ্দ্দশ মনু,— স্বায়ম্ভুব, স্বাৰোচিষ, উত্তম, তামস, ৰৈবত, চাক্ষুস, বৈলম্বত, সাবৰ্ণি, দক্ষসাবৰ্ণি, ব্ৰহ্মসাবৰ্ণি, ধৰ্ম্মসাৰ্বণি, ৰুদ্ৰসাবৰ্ণি, দেৱসাবৰ্ণি, ইন্দ্ৰসাবৰ্ণি ৷
 (৪) সপ্তৰ্ষি,—ভৃগু, মৰীচি, অত্ৰি, পুলস্ত্য, পুলহ, বশিষ্ঠ, দ্ৰুতু ।

 (৫) চাৰি মহৰ্ষি,— সমৎকুমাৰ, সমক, সনন্দ, সনাতন ৷ [ ৮৭ ]
 
যথাৰ্থতে ভগৱৎ আৰাধনা কৰে। তাৰ মন-প্ৰাণ ভগৱানময় হয়, সেই ভগৱদ্ভক্তই পৰস্পৰে ভগৱৎ কীৰ্ত্তনত পৰম শান্তি লাভ কৰে। যি একাগ্ৰচিত্তেৰে মোক ভজনা কৰে, তেওঁক মই বুদ্ধিযোগ প্ৰদান কৰোঁ, যাতে তেওঁ অনায়াসে মোক লাভ কৰিব পাৰে। সেই ভক্তৰ অন্তৰত থিত্ লৈ মই তেওঁৰ মনৰপৰা অজ্ঞান-আন্ধাৰ জ্ঞানবুদ্ধিৰ পোহৰেৰে নাশ কৰোঁ।” (১)

 ভগৱান শ্ৰীকৃষ্ণৰ জ্ঞানগৰ্ভ শাস্ত্ৰমুলক ভগৱদ্ব্যাখ্যা একাগ্ৰচিত্তেৰে শ্ৰৱন কৰি তন্ময় হৈ ভক্তশিষ্য মহাবাহু অৰ্জ্জুনে ব্যাকুল অন্তৰেৰে পৰমগুৰু শ্ৰীকৃষ্ণত এই বুলি সভক্তি নিবেদন জ্ঞাপন কৰিলে, “হে ভগৱান! তুমিয়েই পৰব্ৰহ্ম, পৰম আশ্ৰয়, তুমি পৰম পৱিত্ৰ । দেৱৰ্ষি নাৰদ আৰু অসিত, দেবল আৰু ব্যাস আদি মুনিগণে তোমাক নিত্য, স্বপ্ৰকাশ, আদিদেৱ, জন্মৰহিত আৰু সৰ্ব্বব্যাপী পৰমাত্মা পুৰুষ বুলি ব্যাখ্যা কৰিছে; এতিয়া স্বয়ং তোমাৰপৰাও মই ঠিক সেই একে ব্যাখ্যাকে লাভ কৰি চৰিতাৰ্থ হৈছোঁ ৷ হে কেশৱ! মই সকলো তথ্যজ্ঞান সত্য বুলি গ্ৰহণ কৰিছোঁ ৷ প্ৰভো! তোমাৰ মহিমা দেৱ-দানবেও বুজিব নোৱাৰে। হে পুৰুষোত্তম! হে ভূতভাৱন! হে ভূতেশ! হে দেৱদেৱ! হে জগতপতে! তুমি নিজেই হে নিজক বুজিব পাৰিছাঁ, অন্যে তোমাৰ স্বৰূপ কি বুজিব!” (২)
 “হে ভগৱান? তুমি যি বিভূতিৰ যোগত সৰ্ব্বলোক বিয়াপি আছাঁ, সেই বিভূতিৰাশিৰ সম্যক্ ব্যাখ্যা তোমাৰ বচনেৰে শুনিবলৈ বাঞ্ছা কৰোঁ; কিয়নো অন্তৰপৰা সেই সম্যক্ ব্যাখ্যা সম্ভৱপৰ নহয়। হে যোগিবৰ! তোষাৰ বিভূতি অনন্ত; এতেকে কোন্ বিভুতিৰে সৈতে


 (১) গীতা, দশম আধ্যা, ৬-১১ শ্লোকৰ সংযোগব্যাখ্যা ।
 (২) গীতা, দশম আখ্যা, ১২-১৫ শ্লোকৰ সংযোব্যাখ্যা ৷

[ ৮৮ ]
 
কি ভাৱে চিন্তুলে তোমাক জানিব পাৰিম কৃপা কৰি কৈ দিয়াঁ। হে জনাৰ্দ্দন! (১) তোমাৰ যোগ আৰু বিভুতিৰ তত্ত্বব্যাখ্যা মোক পুনৰপি বিস্তৃতভাৱে দান কৰা, কিয়নো তোমাৰ বচনামৃত শ্ৰৱন কৰি মোৰ তৃপ্তি পলোৱা নাই। (২)

 পৰম ভক্ত শিষ্য অৰ্জ্জুনৰ একান্ত প্ৰাৰ্থনা পূৰ্ণ কৰাৰ মানসে ভকতবৎসল ভগৱান শ্ৰীকৃষ্ণই গদ্‌গদ চিত্তেৰে এইবুলি সমিচাৰ দিলে, “হে কুৰুশ্ৰেষ্ঠ! মোৰ দিব্য বিভূতি অনন্ত, তাক কৈ অন্ত কৰিব নোৱাৰি; তথাপি তোমাৰ অনুৰোধ এৰাব নোৱাৰি তাৰ ঘাই ঘাই গোটাচেৰেকৰ বৰ্ণনা দিওঁ, শুনিবাঁ। হে গুড়াকেশ!(৩) ময়ে সৰ্ব্বভূতৰ হৃদয়স্থিত আত্মা; ময়ে জগতৰ সৃষ্টি-স্থিতি-প্ৰলয়ৰ হেতুস্বৰূপ। মই আদিত্যগণৰ মাজত বিষ্ণু, প্ৰকাশকগণৰ মাজত তেজস্বী সূৰ্য্য, বায়ুগণৰ মাজত মৰীচি, নক্ষত্ৰগণৰ মাজত চন্দ্ৰ; মই বেদৰ মাজত সামবেদ(৪); দেৱতাৰ মাজত ইন্দ্ৰ; ইন্দ্ৰিয়গণৰ মাজত মন(৫); ভৌতিক ৰাজ্যত চেতনাস্বৰূপ; মই ৰূদ্ৰগণৰ(৬)মাজত শঙ্কৰ;


 (১) জীৱগণৰ স্বৰ্গসুখাদি দাতা আৰু মুক্তিবিধান কৰ্ত্তাৰ নাম জনাৰ্দ্দন।
 (২) গীতা, দশম আধ্যা, ১৬-১৮ শ্লোকৰ সংযোগব্যাখ্যা।
 (৩) যি নিদ্ৰাক জয় কৰিছে, তেওঁৰ নাম গুড়াকেশ।
 (৪) স্বৰমাধুৰীৰ প্ৰাধান্ত হেতুকে চাৰিবেদৰ ভিতৰত সামবেদ ভগৱানৰ প্ৰিয়তম বিভূতি।
 (৫) একাদশ ইন্দ্ৰিয়ৰ মাজত মনেই ৰজা।
 (৬) একাদশ ৰুদ্ৰূঃ— অজ, একপাদ, অহিব্ৰহ্ম, পিনাকী, অপৰাজিত, ত্ৰধ্যক, মহেশ্বৰ, শম্ভু, বৃষাকপি, ছৰ আৰু ঈশ্বৰ।

[ ৮৯ ]
 
যক্ষ-ৰাক্ষসগণৰ মাজত কুবেৰ, অষ্টবসুৰ(১) মাজত অগ্নি, পৰ্ব্বতগণৰ মাজত সুমেৰু (২)।” (৩)

 “হে পাৰ্থ! মোক পুৰোহিতগণৰ মাজত বৃহস্পতি, সেনাপতিসকলৰ মাজত কাৰ্তিকেয়, জলাশয় সমূহৰ মাজত সাগৰ বুলি জানিবাঁ; মই মহৰ্ষিগণৰ মাজত ভৃগু, বাক্য সমূহৰ মাজত একাক্ষৰ ওঁঙ্কাৰ, যজ্ঞসমূহৰ মাজত জপজপ যজ্ঞ, স্থাৱৰজঙ্গমৰ ভিতৰত হিমালয়; বৃক্ষ সমূহৰ মাজত অশ্বত্থ, দেৱৰ্ষিৰ ভিতৰত নাৰদ, গন্ধৰ্ব্বৰ মাজত চিত্ৰৰথ ৪), সিদ্ধসকলৰ মাজত কপিলমুনি (৫); ইসৱ মোৰ বিভুতি। মোক অশ্বগণৰ মাজত অমৃতমন্থনৰ কালত উৎপন্ন হোৱা উচ্চৈঃশ্ৰৱা, হস্তীৰ মাজত ঐৰাৱত(৬), মানুহৰ মাজত ৰজা বুলি জানিবাঁ; মই অস্ত্ৰসমূহৰ মাজত বজ্ৰ(৭), ধেনুগণৰ মাজত কামধেনু(৮), পুত্ৰ উৎপাদনৰ অৰ্থে কন্দৰ্প, সৰ্পজাতিৰ ভিতৰত বাসুকি(৯); নাগগণৰ মাজত অনন্ত


 (১) অষ্টবসুঃ— তব, ধ্ৰুব, সোম, বিষ্ণু, অনল, অনিল, প্ৰত্যুষ আৰু প্ৰতব।
 (২) পৰ্ব্বতৰ ভিতৰত সুমেৰু স্বৰ্ণৰত্নাদি বিভূতি প্ৰধান আকৰ।
 (৩) গীতা, দশম আধ্যা, ১৯-২৩ শ্লোকৰ সংযোগব্যাখ্যা।
 (৪) ৰূপত অতুলন আৰু সঙ্গীত বিদ্যাত অগ্ৰগণ্য বাবে চিত্ৰৰথ ভগৱানৰ প্ৰিয় বিভূতি।
 (৫) ধৰ্ম্ম, জ্ঞান, বৈৰাগ্য, ঐশ্বৰ্যাদিৰ বলত কপিল মুনি সকলো সিদ্ধতকৈ শ্ৰেষ্ঠ।
 (৬) ঐৰাৱত দেৱৰাজ ইন্দ্ৰৰ বাহন হেতুকে শ্ৰেষ্ঠ।
 (৭) বজ্ৰাস্ত্ৰ দধীচিমুনিৰ অস্থিজাত বজ্ৰত তপঃযুত তীক্ষ্ণতা বৰ্ত্তমান।
 (৮) যেয়ে যেতিয়াই যিহকে প্ৰাৰ্থনা কৰে, কামধেনুৰ ওচৰত সিয়ে তেতিয়াই তাকে লাভ কৰে।

 (৯) বাসুকি সৰ্পৰাজল গতিকে আটাইতকৈ বিশাল। [ ৯০ ]
 
(১), জলচৰৰ ভিতৰত বৰুণ, পিতৃগণৰ (২) মাজত অৰ্য্যমা, নিয়ম বিহোঁতাৰ মাজত যম; ইসৱো মোৰ বিভূতি বুলি জানিবাঁ ৷ মোৰ বিভূতি দৈত্যৰ মাজত প্ৰহ্লাদ, সংখ্যাগণকৰ মাজত কাল, পশুৰ মাজত মৃগেন্দ্ৰ (সিংহ), পক্ষীৰ মাজত গৰুড়; বেগীৰ মাজত মই পৱন; ধনুৰ্দ্ধৰৰ ভিতৰত মই ৰাম; মাছৰ মাজত মই মকৰ(৩); নৈৰ ভিতৰত মই গঙ্গা ৷”(৪)

 “হে অৰ্জ্জুন ! সৃষ্ট বস্তুবোৰৰ(৫) উৎপত্তি, স্থিতি আৰু প্ৰলয়ৰ কাৰণ ময়েই; বিদ্যাৰ ভিতৰত অধ্যাত্ম বিদ্যা (৬) ময়েই; তাৰ্কিকৰ মাজত বাদ (৭) নামক তৰ্ক ময়েই; অক্ষৰ সমূহৰ মাজত মই অকাৰ; সমাসৰ মাজত মই দ্বন্দ-সমাস; ময়েই অক্ষয় কাল, ময়েই কৰ্মফলদাতাসকলৰ মাজত কৰ্ম্মফল-বিধাতা ঈশ্বৰ; মই সংহাৰীৰ ভিতৰত মৃত্যু, ভাবি কল্যাণৰ মাজত অভ্যূদয়, নাৰীগণৰ মাজত মই কীৰ্ত্তি, শ্ৰী, বাক্, স্মৃতি, মেধা, ধৃতি আৰু ক্ষমা; গীতিৰূপ সামসমূহৰ ভিতৰত মই বৃহৎসাম (ইন্দ্ৰৰ স্তুতি-গীতি); ছন্দ সমূহৰ মাজত মই


 (১) নাগ সৰ্পৰপৰা সুকীয়া; সৰ্প বিষধৰ, নাগ বিষহীন। নাগৰাজ অনন্ত বিষ্ণুৰ বাহন ।
 (২) পিতৃগণঃ—অগ্নিঘাত, সৌম্য, উষ্মপ, সুকালী, হবিস্মান্, বৰ্হিবৎ, আৰু আজাপ ।
 (৩) মকৰ গঙ্গাদেবীৰ বাহন ।
 (৪) গীতা, দশম আধ্যা, ২৪-৩১ শ্লোক ৷
 (৫) অচেতন জগত। চেতন জগতৰ কথা কৈ অহা হৈছে ।
 (৬) এই বিদ্যাৰ দ্বাৰাই জীৱৰ ব্ৰহ্মত্ব বুদ্ধিৰ উদয় হয় ।

 (৭) গুৰু-শিষ্য আৰু সজ্জনৰ মাজত সত্যতথ্য নিৰূপণাৰ্থে যি প্ৰশ্নোত্তৰাদি হয়, তাৰ নাম বাদ ৷ [ ৯১ ]
 
গায়ত্ৰী; মাহ সমূহৰ মাজত মই আঘন মাহ; ঋতুসমূহৰ মাজত মই বসন্ত ঋতু; মই প্ৰৱঞ্চকৰ মাজত পাশতী (দ্যুতক্ৰীড়া); মই তেজস্বী পুৰুষগণৰ তেজ, বিজয়ী পুৰুষগণৰ জয়, উদ্যোগী পুৰুষগণৰ অধ্যৱসায়, সাত্ত্বিকগণৰ সত্ত্বগুণ; মই বৃঞ্চিবংশ যাদৱগণৰ মাজত বাসুদেৱ; মই পাণ্ডৱগণৰ মাজত ধনঞ্জয়; মই মুনিগণৰ মাজত বেদব্যাস; মই কবি-সকলৰ মাজত শুক্ৰ; মই দমনকাৰীগণৰ দণ্ড, জয়েচ্ছুগণৰ ন্যায়ৰূপ নীতি, গোপ্য বিষয় সমুহৰ মাজত মৌনাৱলম্বন, জ্ঞানীগণৰ জ্ঞানস্বৰূপ ।” (১)

 “হে অৰ্জ্জুন ! ভূতসমুহৰ যি মূল কাৰণ, সিও ময়েই; সেই মূল কাৰণ নোহোৱাকৈ উৎপন্ন হব পাৰে এনে বস্তু চৰাচৰ জগতত নাই। হে পৰস্তুত। মোৰ বিভূতিৰ সীমা নাই; ইমানলৈকে যি কোৱা গল, সি মোৰ দিব্য বিভূতিৰ সংক্ষেপ লেখ মাথোন। বাস্তৱতে সমস্ত বিভূতিৰ বৰ্ণনা দিয়াটো সম্ভৱপৰ নহয়। মুঠত যি যি পদাৰ্থ ঐশ্বৰ্য-শালী, লক্ষ্মী বা শোভাসম্পন্ন, প্ৰভাৱসম্পন্ন, সেই সেই পদাৰ্থই মোৰ প্ৰভাৱৰ অংশৰপৰা উৎপন্ন বুলি জানিবাঁ; অৰ্থাৎ যি উৎকৃষ্ট, যি শ্ৰেষ্ঠ, যত অসাধাৰণ লক্ষণ দেখিবাঁ, তাতেই ভগৱানৰ শক্তিৰ বিকাশ বুলি বুজি লবাঁ। নাইবা, হে অৰ্জ্জুন ! তোমাৰ আৰু অধিক জানিবৰ প্ৰয়োজন কি? মুঠকৈ ইয়াকে জানি লবাঁ যে, মোৰ একাংশত মাথোন এই সমস্ত জগতক ধাৰণ কৰি মই অৱস্থিতি কৰিছোঁ; অৰ্থাৎ পৰমেশ্বৰৰ একাংশত (২) মাথোন জগৎ অৱস্থিত। এনে ভাৱে পৰমেশ্বৰক সৰ্ব্বব্যাপী বিৰাট পুৰুষৰূপে ধ্যান কৰিবাঁ।”(৩)


 (১) গীতা, দশম আধ্যা, ৩২-৩৮ শ্লোক ।
 (২) দৃশ্যমান জগৎ পৰমাত্মাৰ একাংশ, অৰ্থাৎ এক পাদ মাখোন; আন তিনি পাদ পৰব্ৰহ্মৰ নিৰ্গুণ স্বৰূপত অৱস্থিত ৷
 (৩) গীতা, দশম আধ্যা, ৩৯–৪২ শ্লোক ৷
[ ৯২ ]

 
 এই ধ্যানযোগ আয়ত্ত কৰি উঠা সকলোৰে পক্ষে সম্ভৱপৰ বা সহজসাধ্য নহয়, গতিকে ই পৰম গুহ্য; অৰ্জ্জুনক মহাসংযমী, মহাশক্তিশালী বুলি নিঃসংশয়কৈ জানি হে আত্মজ্ঞানী তত্ত্বদৰ্শী ভগৱান শ্রীকৃষ্ণই এই নিগূঢ় তত্ত্বৰ উত্তমাংশ তেওঁত ব্যাখ্যা কৰিলে ।


[ ৯৩ ]


১৩ ৷ আধ্যা ৷
দিব্যদৰ্শন,—বিশ্ববিকাশ ৷

 ভগৱানৰ বিভূতি ব্যাখ্যাত সন্মোহিত হৈ পৰমাৰ্থ প্রার্থী ভক্তশিষ্য কৃষ্ণপ্রাণ অৰ্জ্জুনে পৰম ভক্তিৰে সৈতে মহাগুৰু বাসুদেৱত এই বুলি গদ্‌গদ চিত্তেৰে হৃদয়ৰ কৃতজ্ঞতা জ্ঞাপন কৰিলে, “হে প্রভো! তুমি কৃপা কৰি মােক যি অধ্যাত্ম তত্বৰ পৰম গুহ্য কথা বর্ণনা কৰিলাঁ, তাৰ দ্বাৰাই মােৰ মােহ অপনােদিত হল। এই চৰাচৰ জগতৰ উৎপত্তি, স্থিতি আৰু প্রলয় বিষয়ক গুহ্নত্ত্বও মই হৃদয়ঙ্গম কৰিলোঁ । কিন্তু, হে পৰমেশ্বৰ ! তোমাৰ ঐশিকৰূপৰ বিষয়ে যি বর্ণনা দিলাঁ, তাৰ দ্বাৰাই তোমাৰ ঐশিকৰূপ সাক্ষাৎ স্বৰূপে দেখা পাবলৈ মােৰ প্ৰাণৰ ধাউতি হৈছে। এতেকে, হে অন্তৰ্য্যামী প্রভো ! সেই অবিনাশী পৰমাত্মা ৰূপ দেখা পাবলৈ যদি মই যােগ্য হওঁ, তেন্তে, হে যােগেশ্বৰ, সাক্ষাৎ স্বৰূপ দর্শন দি মোক ধন্য কৰাঁ।”(১)
 ভকতবৎসল ভগৱান শ্রীকৃষ্ণই ভক্তশিষ্য অৰ্জ্জুনৰ অন্তৰৰ উদ্বেগ বুজিব পাৰি, আৰু তেওঁক তেওঁৰ প্রতি তন্ময় ভাবত উন্মত্ত হােৱা দেখি, সেই ছেগতে নিজ বিমােহন(২) শক্তিৰে অৰ্জ্জুনক অতিশয় সমােহিত


 (১) গীতা, একাদশ আধ্যা ১-৫ শ্লোক ৷
 (২) শ্ৰীকৃষ্ণ বাহ্যিক ৰূপেৰেই জগমোহন; তদুপৰি আধ্যাত্মিক ৰূপৰ সন্মোহনী শক্তিৰ প্ৰভাৱ!বিশেষকৈ, ভগৱান বাসুদেৱে সাময়িক আসন্ন ছেগত

  ৩৭ [ ৯৪ ]
 
কৰি পৰম হৰ্ষ চিত্তেৰে এই বুলি সমিধান দিলে, “হে পাৰ্থ! তোমাৰ হাবিয়াষ পূৰ্ণ হওক, বিবিধ বৰণীয়া বিবিধ আকৃতিৰ শত-শত সহস্ৰ-সহস্ৰ অলৌকিক ৰূপ মোৰ এই এক ৰূপত দৰ্শন কৰাঁ।”(১)

 “হে ভাৰত! চোৱাঁ, মোৰ এই এক দেহতে দ্বাদশ আদিত্য মণ্ডল, অষ্টবসু, একাদশ ৰূদ্ৰ, অশ্বিনীকুমাৰ, উনপঞ্চাশ বায়ু, আৰু আগেয়ে নেদেখা অনেকানেক অদ্ভুত ৰূপ চাই লোৱাঁ । হে গুড়াকেশ! মোৰ দেহৰ একাঙ্গতে স্থাবৰজঙ্গম সমন্বিতে সমস্ত জগৎ চাই লোৱাঁ; তোমাৰ চাবলগীয়া(২) আৰু যি যি চাব লাগে, চাই লোৱাঁ।” (৩)
 মধ্যগুৰু শ্ৰীকৃষ্ণৰ উপদেশ শিৰোধাৰ্য্য কৰি, মহা ভক্তশিষ্য অৰ্জ্জুনে আন্ধাৰত খপিৱাৰ দৰে আগে পিচে সোঁৱে-বাঁৱে ঘূৰি-পকি চাই একো নেদেখি টলাকা মাৰি ৰোৱা দেখি তত্ত্বদৰ্শী ভগৱান বাসুদেৱে অৰ্জ্জুনৰ মনোভাব বুজিব পাৰি হৰিষ্ চিতেৰে আত্মজ্ঞান আৰু ঐশিক বিভুতি ধ্যানলৈ সঙ্কেত্ দি, এই বুলি পুনৰপি উপদেশ দিলে, “হে অৰ্জ্জুন !



যি বাৎসল্য ভাৱেৰে তন্ময়াচিতীয়া ভক্তশিষ্য অৰ্জ্জুনক গুহ্যতম্ বিভূতি-ব্যাখ্যা দিছিল, সেই ছেগত শ্ৰোতা বিমোহিত আৰু আপোন-পাহৰা হোৱাটো একো আচৰিত নহয় । আৰু, মানুহে তন্ময় ভাবত যি ক্ষণত যি ভাবে, তাকে সাক্ষাৎ স্বৰূপ দেখাটোও অস্বাভাৱিক নহয় ।
 (১) গীতা, একাদশ আধ্যা, ৫ম শ্লোক:–
 “পশ্য মে পাৰ্থ ৰূপাশি শতশোহথ সহস্ৰশঃ ৷
 নানাবিধানি দিব্যানি নানাবৰ্ণাকৃতীনি চঃ ৷ ”
 (২) এই খিনিতে অৰ্জ্জুনক সঙ্কেত দিয়া হৈছে যে, তেওঁ মন কৰিলে উপস্থিত মহাযুদ্ধখনৰো ভূত-ভৱিষ্যত-বৰ্ত্তমানৰ সাক্ষাৎ দৃষ্টি এই ছেগতে লাভ কৰিব পাৰে ।
 (৩) গীতা, একাদশ আধ্যা, ৬-৭ শ্লোক ।

[ ৯৫ ]
 
তুমি তোমাৰ চৰ্ম্মচকুৰে(১) মোৰ দিব্যৰূপ (২) সাক্ষাৎ স্বৰূপে দেখা নেপোৱাঁ; গতিকে তোমাক মই দিব্যচকু (৩) দান কৰিছোঁ। তাৰে সৈতে তুমি মোৰ ঐশ্বৰিক যোগ শক্তি দৰ্শন কৰাঁ।”(৪)

 উপযুক্ত গুৰুৰ উপযুক্ত শিষ্য। তত্ত্বজ্ঞানী ভগৱান শ্ৰীকৃষ্ণৰ উপদেশ অনুসৰি তীক্ষ্ণ বুদ্ধি, স্থিৰমতি অৰ্জ্জুনে চকু মুদি ধ্যানত পৰম আনন্দেৰে পৰমানন্দ কৃষ্ণমূৰ্তিত বিশ্বৰূপ দৰ্শন কৰিবলৈ ধৰিলে। অৰ্জ্জুনে কৃষ্ণৰূপী ভগৱানত বহুমুখ আৰু বহুনেত্ৰ বিশিষ্ট অসংখ্যাত অদ্ভুত আকৃতিৰ গদা, চক্ৰ আদি দিব্য আয়ুধযুক্ত পৰম ৰমণীয় ৰূপ দেখিবলৈ ধৰিলে। দিব্য মালা, দিব্য বস্ত্ৰ, দিব্য সুগন্ধি বস্তুৰে সৈতে অনুলিপ্ত শ্ৰীকৃষ্ণৰ এনে মনোময় ৰূপ চাই চাই অৰ্জ্জুনৰ তৃপ্তি নপলায় ৷ সেই বিশ্বৰূপত অৰ্জ্জুনে সমস্ত জগৎ নানা ভাগত বিভক্ত দেখিলে ৷ শেহান্তৰত ধনঞ্জয়ে বিস্ময় মানি মূৰ দোৱাই প্ৰণাম কৰি কৰযুৰি ব্যাকুলভাৱে ভগৱান শ্ৰীকৃষ্ণক এই বুলি নিবেদিবলৈ ধৰিলৈ (১):-
 “হে দেৱ ! তোমাৰ এই বিশ্বৰূপ দেৱদেহত মই সকলো দেৱতাকে দেখা পাইছোঁ; স্থাৱৰজঙ্গম ভূতসমূহক দেখা পাইছোঁ;


 (১) চৰ্ম্মচকু মানে বাহ্যিক দৃষ্টি; অৰ্থাৎ মানুহৰ সাধাৰণ চকুৰে চিৱা চিন্তাহীন আৰু তত্ত্বহীন ওপৰুৱা দৃষ্টি ।
 (২)দিব্যৰূপ অৰ্থত বিভূতি সমম্বিতে ভগৱানৰ বিশ্ববিকাশ।
 (৩) দিব্যচকু অৰ্থত ধ্যান বা অন্তঃকৰণস্থিত জ্ঞান-শক্তিৰ প্ৰভাৱ ৷ ইয়াৰ দ্বাৰাই সূক্ষ্মদৰ্শী ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক চিত্তস্থিৰ হৈ আত্মজ্ঞান লভি পূৰ্ব্বব্যাখ্যাত বিভূতিৰ পুনৰাবৃত্তিৰে সৈতে ভগৱানৰ বিশ্ববিকাশ ধ্যান কৰিবলৈ সঙ্কেত দিলে; আৰু প্ৰত্যুৎপন্নমতি বুদ্ধিমান পাৰ্থ বীৰে অনতিপলমে সেই উপদেশ অনুসৰণ কৰিলে ৷
 (৪) গীতা, একাদশ আধ্যা, ৮ম শ্লোক ।

 (৫) গীতা, ১১শ আধ্যা, ৯-১৪ শ্লোক । [ ৯৬ ]
 
সৰ্পসমূহক দেখিছোঁ; ঋষিগণক দেখিছোঁ; সৰ্ব্বনিয়ন্তা পদ্মাসনস্থিত ব্ৰহ্মাকো দেখা পাইছোঁ। হে বিশ্বেশ্বৰ! হে বিশ্বৰূপ! হে বহুবাহো! বহুউদৰ, বহুমুখ, বহুনেত্ৰবিশিষ্ট অনন্তৰূপধাৰী ভগৱান! তোমাক সৱতে সৰ্বব্যাপীৰূপে দেখা পাইছোঁ । তোমাৰ অন্ত-মধ্য-আদি পৰ্য্যন্ত দেখি পৰম পুলকিত হৈছোঁ । হে প্ৰভো! কিৰীটিযুত গদাচক্ৰধাৰী মহা দীপ্তিমান তোমাৰ অপ্ৰমেয় ৰূপ সৰ্ব্বত্ৰতে বিৰাজমান দেখিছোঁ । হে ঈশ্বৰ! তুমিয়েই পৰম অক্ষৰ, তুমিয়েই পৰম জ্ঞাতব্য, তুমিয়েই জগতৰ আশ্ৰয়, তুমিয়েই সনাতন ধৰ্ম্মপাল; তুমিয়েই যে সনাতন পৰমাত্মা পুৰুষ তাত আৰু মোৰ ধনিষ্ঠমানো সন্দেহ নাই। হে ভগৱান! মই দেখিছোঁ, তুমি উৎপত্তি-স্থিতি-ধ্বংসৰহিত, তুমি অনন্ত-প্ৰভাবশালী,তুমি অনন্তবাহু, তুমি নিজৰ তেজেৰে সমস্ত জগতক তেজিয়ান কৰি ৰাখিছাঁ । হে পৰমাত্মা! তুমি অকলশৰে স্বৰ্গ, নৰ্ত্ত্য, আৰু সৰ্ব্বদিগব্যাপী হৈ আছাঁ; তোমাৰ এই চমৎকাৰ ৰূপ দেখি, আৰু সেইৰূপৰ উগ্ৰ তেজৰ প্ৰভাৱত ত্ৰিভুবন ভয়ত বিহ্‌বল হৈ পৰিছে । হে মহাপ্ৰভো! দেখিছোঁ, দেৱতাসকলে ত্ৰস্তমান হৈ তোমাত শৰণ লৈছে, মহৰ্ষি আৰু সিন্ধগণে স্বস্তি বচনেৰে তোমাৰ স্তৱ কৰিছে! হে ভগৱন্ত ! মই আৰু দেখিছোঁ, ৰূদ্ৰ, আদিত্য, বসু, সাধ্য, বিশ্বদেৱ, অশ্বিনীকুমাৰ দ্বয়, মৰুৎগণ, উষ্মপগণ (১), গন্ধৰ্ব্ব, যক্ষ, অসুৰ, সিদ্ধ সকলোৱেই তোমাক দৰ্শন কৰি বিস্ময় মানিছে। হে মহাবাহো ! তোমাৰ এই বিস্ময়জনক বিশ্বৰূপ দৰ্শন কৰি সমস্ত জীৱই ভয়ভ ত্ৰাহি
 (১) উষ্মপগণ মানে পিতৃগণ। বংশধৰগণে শ্ৰদ্ধাৰে সৈতে শ্ৰাদ্ধ-পিণ্ডাদি দান কৰিলে তাৰ “উষ্মভাগ”, অৰ্থাৎ তাত নিহিত পৱিত্ৰ তেজঃশক্তি পান কৰি পুষ্টিলাভ কৰা অৰ্থত “উমপ” বোলা হয় । [ ৯৭ ]
 
ত্ৰাহি কৰিছে, মোৰ আতঙ্ক উপস্থিত হৈছে; এতেকে কৃপা কৰাঁ প্ৰভো!” (১)

 ভগৱান শ্ৰীকৃষ্ণত বিশ্বৰূপ দৰ্শন কৰি ধ্যানমগ্ন অৰ্জ্জুনৰ হৃৎকম্প উপস্থিত হল। সমস্ত অঙ্গ-প্ৰত্যঙ্গ কঁপিবলৈ ধৰিলে, আৰু তেওঁ উদ্বাউল দি এই বুলি চিঞৰিবলৈ ধৰিলে, “হে বিষ্ণো! তোমাৰ ভয়ঙ্কৰ মূৰ্ত্তি দেখি মোৰ অকল যে আতঙ্কই হৈছে এনে নহয়, তোমাৰ উজ্জ্বল দীপ্তি মোৰ চকুৱে সহিব পৰা নাই; তোমাৰ সৰ্ব্বদিক্‌ব্যাপী ৰূপ মোৰ মনেৰে ধাৰণা কৰিব নোৱাৰা হৈছোঁ; তোমাৰ প্ৰলয়- দৃষ্টিযুক্ত বিশাল নেত্ৰৰ আয়তন দেখি মোৰ চিত্তবৈকল্য ঘটিছে; আন কি, মই স্থিৰেৰে ৰব নোৱাৰাত পৰিছোঁ। এতেকে, প্ৰভো! তোমাৰ এই ৰূপ সলাই পুনঃশান্তিৰূপ ধাৰণ কৰাঁ। হে জগন্নিবাস! তুমি প্ৰসন্ন হোৱা।” (২)
 “হে ভগৱান! আৰু দেখিছোঁ, বিপক্ষীয় ৰাজন্যবৰ্গৰে সৈতে ধৃতৰাষ্ট্ৰৰ পুত্ৰগণ ভীষ্ম, দ্ৰোণ, কৰ্ণ এই তিনি বীৰে সৈতে, আৰু আমাৰ পক্ষীয় যোদ্ধাগণ তোমাৰ মুখ-গহ্বৰত প্ৰবল বেগেৰে প্ৰৱেশ কৰিব লাগিছে। দুষ্ট দুৰ্যোধনাদি তোমাৰ দাঁত-নিকটন মুখৰ ফালে ধাবিত হৈছে; প্ৰৱেশ কালত কাৰো বা মূৰ চূৰ্ণাকৃত হৈছে, কাৰো বা লাওখোলা তোমাৰ দাঁত-কৰালত লাগি হৈছে ! যি দৰে নানা ফালৰপৰা নৈবিলাক বৈ আহি নানা মুখীয়া হৈ সাগৰত আপোনা-আপুনি সোমায় গৈ, সেই দৰে এই বীৰগণে আপোনা-আপুনি গৈ তোমাৰ উন্মুক্ত মুখত


 (১) গীতা, একাদশ আধ্যা, ১৫-২৩ শ্লোক ৷
 (২) গীতা, একাদশ আধ্যা, ২৪-২৫ শ্লোক ।

[ ৯৮ ]
 
সোমাইছে গৈ! হে বিষ্ণো! তুমিও যেন (১) সেই সকলোকে গৰাহ মাৰিবৰ উদ্দেশে মুখ মেলি আছাঁ, আৰু তোমাৰ জিভাই লক্‌লকাব লাগিছে! আৰু, তোমাৰ কান্তিৰ উগ্ৰদীপ্তিয়ে যেন জগতক সন্তপ্ৰ কৰিছে! হে ভগৱান! এই উগ্ৰমূৰ্ত্তিধাৰী তুমি কোন্ ? (২)মোক কৃপা কৰি কৈ দিয়াঁ । হে দেৱবৰ! তুমি মোৰ প্ৰতি প্ৰসন্ন হোৱাঁ । তোমাৰ এই বিকট বিশ্বৰূপৰ নিগূঢ় তত্ত্ব ব্যাখ্যা কৰি মোৰ মনোৰথ পূৰ্ণ কৰা ।”(৩)

 অৰ্জ্জুনৰ সন্দিহান অনুসন্ধানত ভগৱান শ্ৰীকৃষ্ণই এই বুলি তত্ব সমিচাৰ দিলে, “হে অৰ্জ্জুন! তুমি বুজিবলৈ বাকী নাই যে, সমস্ত প্ৰাণীকে ময়ে (পৰব্ৰহ্মই) সৃষ্টি কৰোঁ, আৰু প্ৰয়োজন মতে ময়ে সংহাৰ কৰোঁ । এতিয়া সেই প্ৰয়োজন উপস্থিত। কিয়নো, পৃথিৱীত অধৰ্ম্ম বঢ়োৱাৰ বাবে দুৰ্য্যোধনাদি কু-প্ৰবৃত্তিৰ লোকগণ মোৰ সংহাৰিণী মায়াৰ শাসনাধীন হৈছে; লগে লগে সিবিলাকৰ পক্ষীয় ভীষ্ম দ্ৰোণাদিয়েও এই যাত্ৰাত তনু ত্যাগ কৰিব লাগিব, তুমি মাৰাই বা নামাৰাঁ(৩), সিবিলাকৰ মৰণ অনিবাৰ্য্য । এতেকে, উঠাঁ, তুমি যুদ্ধৰ


 (১) ভগৱান সৃষ্টি-স্থিতি-প্ৰলয়ৰ মূলশক্তি । শ্ৰীকৃষ্ণৰ শান্তিৰূপত ভক্ত অৰ্জ্জুনে সততে সৃষ্টপালনৰ ক্ৰিয়া দেখি আহিছে; গতিকে এই ভয়ঙ্কৰ বিশ্বৰূপ মুৰ্ত্তি ধ্যানত দেখি তেওঁৰ মনত সন্দেহ উপস্থিত হৈছে, পালনকৰ্ত্তা মহাবিষ্ণুৱে হঠাৎ প্ৰলয়কাৰী মহাৰুদ্ৰৰূপ ধাৰণ কৰিলে কিয়? বাস্তৱতে প্ৰলয় উপস্থিত নে কি?
 (২) গীতা, একাদশ আধ্যা, ২৬-৩১ শ্লোক ৷
বোলে।

 (৩) অৰ্জ্জুনক সঙ্কেত দিয়া হৈছে যে, তেওঁ উপস্থিত যুদ্ধত প্ৰবৃত্ত নহলেও, [ ৯৯ ]
 
নিমিত্তে সষ্টম হোৱাঁ । লোকদৃষ্টিত মাথোঁ বধকাৰী হবাঁ, কিন্তু দেখিছোঁ, সিবিলাক ইতিপূৰ্ব্বেই মৃত্যুমুখত পৰি ৰৈছে; গতিকে, সিবিলাকক বধ কৰাৰ বাবে যদি তোমাৰ পাপ হব বুলি ভাবিছাঁ, সেই পাপেও তোমাক নাপায় । এতেকে, হে সব্যসাচিন! (১) উঠাঁ, যুদ্ধত প্ৰবৃত্ত হৈ অযাচিতে যশোৰাশি লাভ কৰাঁ । ভীষ্ম, দ্ৰোণ, কৰ্ণ, জয়দ্ৰথ আদি অজেয় বীৰগণক মই বধিয়েই থৈছোঁ, তুমি বাহ্যিক দৃষ্টিত বধিবা ৷ অন্যান্য শত্ৰুগণক তুমি অনায়াসে বধ কৰিব পাৰিবাঁ । এতেকে, চিন্তা নাই, তুমি যুদ্ধত জয়ী হবাঁ, উঠাঁ ।” (২)

 স্বয়ং কেশৱৰ মুখে অশ্বাস বাণী শুনি ভাববিহ্বল কিৰীটীয়ে (৩) হৰ্য-কম্পনেৰে গদগদ ভাৱে কৃতাঞ্জলি হৈ শ্ৰীকৃষ্ণ প্ৰভুক প্ৰণাম কৰি এই বুলি কবলৈ ধৰিলে, “হে হৃষীকেশ! হে পৰমাত্মা! হে অনন্ত! হে দেৱেশ! হে জগন্নিবাস! তুমি সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰো গুৰু; তুমিয়েই ব্যক্ত, তুমিয়েই অব্যক্ত, তুমিয়েই অক্ষৰ ব্ৰহ্ম । গতিকে, সকলো দেৱতাই তোমাক নমস্কাৰ কৰে ৷ হে অনন্তৰূপ ! তুমিয়েই আদিদেৱ, তুমিয়েই পুৰাণপুৰুষ, তুমিয়েই বিশ্বৰ নিধান, তুমিয়েই সৰ্ব্বজ্ঞ, তুমিয়ই জ্ঞেয়; তুমি পৰমধাম; জগতত ওতপ্ৰোতভাৱে তোমাৰে সত্তা বিদ্যমান।”(৪)


তেওঁক এৰি, আৰু ধৰ্ম্ম যুধিষ্ঠিৰত বাজে আন কাৰো নিষ্কৃতি নাই; কুৰুক্ষেত্ৰ বণৰূপ প্ৰলয়ত অধাৰ্ম্মিক লোকসমূহ নিশ্চয় ধ্বংস হব। ইয়াৰ নিদৰ্শন অৰ্জ্জুনে ধ্যানত নিয়েই দেখা পাইছে ।
 (১) অৰ্জ্জুনে বাওঁহাতে শৰসন্ধান কৰিব পাৰে হেতুকে, তেওঁক “সব্যসাচিৰ বোলে ৷
 (২) গীতা, একাদশ আধ্যা, ৩২-৩৪ শ্লোক ।
 (৩) ইন্দ্ৰদত্ত কিৰীটিবাৰী অৰ্থত অৰ্জ্জুনক “কিৰীটি” বোলা হয় ।
 (৪) গীতা, একাদশ আধ্যা, ৩৪-৩৮ শ্লোক ৷

[ ১০০ ]
 

 “হে ভগৱান! তুমিয়েই বায়ু, যম, অগ্নি, বৰুণ, চন্দ্ৰ, ব্ৰহ্মা আৰু ব্ৰহ্মাৰো পিতা; তোমাতপৰ আৰু কেও নাই। এতেকে, হে পৰমাত্মা! তোমাক সহস্ৰ সহস্ৰ বাৰ নমস্কাৰ কৰোঁ, তোমাক পুনঃ পুনঃ নমস্কাৰ কৰোঁ। হে সৰ্ব্বস্বৰূপ! তোমাক বুকুৰ ফালে সেৱা কৰোঁ, পিঠিৰ ফালে সেৱা কৰোঁ, সোঁহাতে সেৱা কৰোঁ, বাওঁহাতে সেৱা কৰোঁ। তুমি জগতৰ সৰ্ব্বত্ৰতে বিদ্যমান। গতিকে, তুমি সৰ্ব্ব। হে প্ৰভো! তোমাৰ এই বিশ্বৰূপ অজ্ঞাত হেতুকে, তোমাক সময়ত কৃষ্ণ, যাদৱ, সখি ইত্যাদি বুলি সম্বোধন কৰিছোঁ; সেইবাবে মোৰ সৰ্ব্বদোষ ক্ষমা কৰিবাঁ। সমনীয়া ভাৱে কেতিয়াবা তোমাক ইতিকিং নকৰাকৈ থকা নাই, সেইবাবেও যেন, হে অচ্যুত, মোৰ অপৰাধ মাৰ্জ্জনা কৰিবা! হে অপ্ৰতিম প্ৰভাব। তোমাৰ তুলনা তুমিয়েই (১), তোমাতপৰ আৰু কেও নাই। এতেকে, হে দেৱ! পিতৃয়ে পুত্ৰৰ, সখিয়ে মিত্ৰৰ, পতিয়ে পত্নীৰ অপৰাধ যি ৰূপে মাৰ্জ্জনা কৰে, মোৰ সৰ্ব্ব অপৰাধ তুমি সেইৰূপে মাৰ্জ্জনা কৰাঁ। হে ভগৱান! মই তোমাৰ পূৰ্বৰ মোহনমূৰ্ত্তি দেখিবলৈ অভিলাষী হৈ প্ৰাৰ্থনা কৰিছোঁ, তুমি এই ভয়ঙ্কৰ বিশ্বমূৰ্ত্তি এৰি আকৌ সেই সৌম্য মূৰ্ত্তি ধৰা। কিৰাটাদিৰে অলঙ্কৃত গদাচক্ৰপাণি কৃষ্ণৰূপ ধাৰণ কৰাঁ।” (২)

 অৰ্জুনৰ কাতৰ স্তুতিত তুষ্ট হৈ ভগৱান শ্ৰী কৃষ্ণই এই বুলি তেওঁক অভয় দান দিলে, “হে অৰ্জুন! তুমি একান্ত শৰণাগত ভক্ত হেতুকে, মোৰ (পৰমাত্মাৰ) বিভূতি ধ্যানত মোত (মৎৰূপ পৰব্ৰহ্মত)


 (১) অপ্ৰতিম প্ৰভাব মানে "একমেবদ্বিতীয়ম্‌”। এয়ে বৌদ্ধধৰ্মৰো মূলমন্ত্ৰ।

 (২) গীত, একাদশ আধ্যা, ৩৯-৪৬ শ্লোক। [ ১০১ ]
 

এই বিশ্বাত্মক অনাদি অনন্ত তেজোময়ৰূপ দেখা পালাঁ, অন্যৰ ভাগত অদ্যাপি যি লাভ হোৱা নাই। গতিকে, বিশ্বৰূপ দেখি ভয় নাখাবাঁ। বাৰু, তোমাৰ বাঞ্ছা পূৰ্ণ হওক, তুমি চকু মেলি (১) আগৰ চকুৰে (২) মোৰ আগৰ ৰূপ দৰ্শন কৰাঁ।” সেই অনুযায়ী ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্বৰূপ দৰ্শন কৰি অৰ্জ্জুনে আশ্বস্ত হৈ নিবেদন কৰিলে, “হে জনাৰ্দন! তোমাৰ শান্তৰূপ দেখি এতিয়া মোৰ। প্ৰাণ শাঁত হৈছে।" (৩)

 সদৌশেহত ভগৱান শ্ৰকৃষ্ণই এই বুলি উদগনি দি থলে, “হে অৰ্জ্জুন! তুমি যি উজু উপায়েৰে (৪) বিশ্বৰূপ দৰ্শন কৰিলাঁ, দেৱতাসকলে তপস্যা কৰি আৰু ঋষি-মুনিগণে বেদাধ্যায়ন কৰিও সেই দৰ্শন পাব পৰা নাই। হে পৰন্তপ অৰ্জ্জুন! হে পাণ্ডৱ! ধি একান্ত মনেৰে তোমাৰ দৰে মোক (পৰব্ৰহ্মক) ভজনা কৰিব, যে তোমাৰ দৰেই একাগ্ৰচিত্তেৰে মোৰ (পৰমাত্মাৰ) বিভূতি ধ্যান কৰিব পাৰিব, তেৱেঁই মোক (পৰমাত্মক) অভেদাত্মাৰূপে পাব পাৰিব। (৫)

⸺•⸺

 (১) অৰ্থাৎ, ধ্যানভঙ্গ হৈ চকু মুদি বিভূতি ধ্যানত অৰ্জ্জুনে বিশ্বৰূপ, দেখি ছিল; ধ্যান ক্ষান্ত দি চকু মেলা মাত্ৰকে আগতে আকৌ কৃষ্ণৰূপ দেখা পাই তেওঁৰ চিত্ত প্ৰসন্ন হল।

 (২) অৰ্থাৎ, আগৰ চৰ্ম্মচকুৰে। ধ্যানত জ্ঞানচকু আৰু বাহ্যদৰ্শনত চৰ্ম্মচকু ব্যৱহৃত হয়।

 (৩) গীতা, একাদশ অধ্যা, ৪৭ শ্লোক।

 (৪) ভগৱানৰ বিভূতি ধ্যান।

 (৫) গীতা, একাদশ অধ্যা, ৫২-৫৫ শ্লোক। [ ১০২ ]
১৪। আধ্যা।
সাকাৰ আৰু নিৰাকাৰ উপাসনা।

 সগুণ আৰু নিৰ্গুণ ব্ৰহ্মতত্ত্ব ব্যাখ্যা শুনি অৰ্জ্জুনৰ মনত প্ৰশ্ন উঠিল, ইয়াৰ মাজত কোন্‌ বিধৰ উপাসনা শ্ৰেষ্ঠতৰ। সেই কাৰণে, তেওঁ সভক্তিৰে ভগৱান শ্ৰীকৃষ্ণক অনতিপলমে সুধিলে, “হে কৃষ্ণ! সাকাৰ বা সগুণ ব্ৰহ্মৰ উপাসনা (১) আৰু নিৰাকাৰ বা নিৰ্গুণ ব্ৰহ্মৰ ধ্যান (২) এই দুইৰ মাজত কোন্‌ বিধ যোগ উত্তম? এই বিষয়ে মোক বিশদকৈ জ্ঞান দিয়া।” (৩)।

 ভগৱান শ্ৰীকৃষ্ণই সমিচাৰ দিলে, “হে অৰ্জুন! মোৰ (৪) মনেৰে যি একাগ্ৰচিত্ত আৰু সাত্ত্বিক শ্ৰদ্ধাযুক্ত হৈ মোৰ (৫) সগুণ স্বৰূপ বা সাকাৰ ব্ৰহ্মৰ উপাসনা কৰে, তেওঁৱেই যোগীগণৰ মাজত প্ৰধান।


 (১) পৰব্ৰহ্মৰ সাৰ (যেনে, শ্ৰীকৃষ্ণক অৱতাৰ স্বৰূপ উপাসনা)।
 (২) যেনে, বিভূতি ধ্যানত বিশ্বৰূপ দৰ্শন।
 (৩) গীতা, দ্বাদশ আধ্যা, ১ম শ্লোক।
 (৪) এই স্থলত “মোৰ" অৰ্থত শ্ৰীকৃষ্ণ।

 (৫) এই অৰ্থত “মোৰ" মানে পৰব্ৰহ্ম। [ ১০৩ ]
 

আৰু, যি ইন্দ্ৰিয়াদি নিৰোধ কৰি অনিৰ্দ্দেশ্য (১), অব্যক্ত, সৰ্ব্বব্যাপী, অচিন্ত্য, কুটন্থ (২), অচল, ধ্ৰুৱ (৩), অক্ষৰ, নিৰ্গুণ স্বৰূপ বা নিৰাকাৰ ব্ৰহ্মক ধ্যান কৰে, তেওঁ সেই নিৰ্গুণ স্বৰূপকে লাভ কৰে।” (৪)

 “এই দুই পন্থাৰ আৰু এটা ভেদ এই যে, নিৰ্গুণব্ৰহ্ম উপাসনা অতি ক্লেশসাধ্য (৫)। কিন্তু, হে পাৰ্থ, যি মৎপৰায়ণ হৈ, সমস্ত কৰ্ম্ম মোতেই অৰ্পণ কৰি মোকেই (সগুণ ব্ৰহ্মক) উপাসনা কৰে, তেওঁ অচিৰে অজ্ঞান সংসাৰৰপৰা উদ্ধাৰ পায়। এতেকে, হে অৰ্জ্জুন। তোমাৰ মন অন্য সমস্ত বস্তুৰপৰা টানি আনি মেতে নিবিষ্ট কৰাঁ, বুদ্ধিবৃত্তিত সততে মোক ধাৰণা কৰাঁ; তাৰ ফলত আপোনা-আপুনি তোমাৰ আত্মজ্ঞান উদয় হব, আৰু মৰণৰ পাচত তুমি মোতেই (শুদ্ধ ব্ৰহ্মত) যে স্থিতি কৰিবাঁ, তাত সংশয় নাই। আৰু, হে ধনঞ্জয়! সগুণ ব্ৰহ্মত যদি মতি স্থিৰ কৰিব নোৱাৰাঁগৈ, তেন্তে ভগৱৎ কৰ্মপৰায়ণ হবাঁ (৬); কিয়নো ভগৱানৰ উদ্দেশ্যে কৰ্ম্ম অনুষ্ঠান কৰিলেও মোক্ষ লাভ কৰা যায়। যদি এই কেইবিধ বিধি অনুসৰি

 

 (১) লৌকিক ভাষাৰে যাক নিৰ্দেশ কৰা নাযায়।
 (২) মিছা হৈয়ো যি সত্যৱত, সেয়ে কুট বা অজ্ঞান; সেই অজ্ঞানতো সম্বন্ধ ৰাখি যি অধিষ্ঠান কৰে তেওঁৱেই কুটস্থ।
 (৩) ধ্ৰুৱ অৰ্থত যাৰ পৰিণাম নাই, অৰ্থাৎ নিত্য।
 (৪) গীতা, দ্বাদশ আধ্যা,২—৪ শ্লোক।
 (৫) কিয়নো, নিৰ্গুণ ব্ৰহ্মাপাসনাৰ অৰ্থে অহ্মচৰ্য্য ধৰি ব্ৰহ্মনিষ্ঠ, বেদান্ত শ্ৰৱণ আদি কঠিন ব্ৰত পালন কৰিব লগীয়া হয়।
 (৬) ঈশ্বৰৰ নামকীৰ্ত্তন শ্ৰৱণ, ভগৱানৰ গুণগান কীৰ্ত্তন, ভগৱৎ স্মৰণ, ভগৱৎ পূজন, ভগৱৎ বন্দন ইত্যাদি কৰ্ম্মানুষ্ঠানৰ দ্বাৰাই চিৰশুদ্ধি আৰু আত্মজ্ঞান লাভ

হলেই নিৰ্গুণ ব্ৰহ্মজ্ঞান লাভ হয়।—গীতাৰ্থসন্দীপনী। [ ১০৪ ]
 

কাৰ্য্য কৰি উঠিবগৈ নোৱৰাঁ, তেন্তে সমস্ত কৰ্ম মোৰ গাতে ন্যস্ত কৰি, ইন্দ্ৰিয়াদি সংযত কৰি, নিত্য-নৈমিত্তিকাদি কৰ্ম্মৰ ফল কামনা পৰিত্যাগ কৰিবাঁ; কিয়নো নিষ্কাম কৰ্ম সাধনেই ভগৱৎ উপদেশৰ মুখ্য অভিপ্ৰায়। হে অৰ্জ্জুন! অভ্যাসযোগতকৈ জ্ঞান শ্ৰেষ্ঠ; জ্ঞানতকৈ ধ্যান শ্ৰেষ্ঠ; ধ্যানতকৈও কৰ্ম্মফলভাগ বিশিষ্ট (১)। যি কাৰো অহিত নিচিন্তে, কাকো অহিতাচাৰী নাভাবে, কোনো বস্তুত স্পৃহা নাৰাখে, নিজত অহঙ্কাৰ নেপোহে, সুখে-দুখে সদায় অবিচলিত চিতেৰে ঈশ্বৰ ভজনা কৰে, তেওঁৱেই মোৰ প্ৰিয়। যি সদানন, যোগনিষ্ঠ, সংযতচিত্ত, অটল বিশ্বাসী তেৱোঁ মোৰ প্ৰিয়ভক্ত। যাৰ দ্বাৰাই অন্যজন সন্তপ্ত নহয়; অন্যজনো যাৰ সন্তাপৰ কাৰণ হবলৈ নাপায়; যি হৰ্ষ, বিষাদ, ভয়, ব্যাকুলতা ইত্যাদিৰ অতীত, তেনে ভক্তও মোৰ অতি প্ৰিয়। যি নিস্পৃহ, শুচি, দক্ষ, উদাসীন, ব্যথাশূন্য, ত্যাগী, তেৱোঁ মোৰ প্ৰিয়পাত্ৰ। যাৰ মানত শত্ৰু-মিত্ৰ, মান-অপমান, শীত-উষ্ণ, সুখ-দুখ সকলো সমান, আৰু যাৰ কোনো বস্তুতেই আসক্তি নাই, তেৱে মোৰ প্ৰিয়-ভক্ত বুলি জানিবাঁ (২)।

 “হে অৰ্জুন! যাৰ মানত নিন্দা আৰু স্তুতি দুয়ো সমান, যি মৌনব্ৰতী (৩), যি অলপতে সন্তুষ্ট, যি অন্যায়ৰহিত, যি স্থিৰমতি, যি


 (১) কাৰণ, ত্যাগৰ দ্বাৰাই বাসনা ক্ষয় হয়, আৰু তাৰ দ্বাৰাই জন্ম-জন্মান্তৰৰ অদৃষ্ট বা ধৰ্ম্মাধৰ্ম্ম সঞ্চিত হোৱাত প্ৰতিবন্ধক পৰিলেই জীৱৰ মুক্তি বা শান্তি লাভ হয়।—শ্ৰীধৰ স্বামীকৃত টীকা।
 (২) গীতা, দ্বাদশ আধ্যা, ৫—১৮ শ্লোক।

 (৩) মৌনাব্ৰত চিন্তাশীল নিবিষ্টমনা স্থিৰচিত্ত লোকৰ আচৰণ। [ ১০৫ ]
 

অটল ভক্তিমান্ তেওঁ মোৰ আদৰৰ পাত্ৰ। আৰু, যি এই দৰে ধৰ্মবিষয়ক সুধা পান কৰি শ্ৰদ্ধাবান আৰু মৎপৰায়ণ হৈ কাৰ্য অনুষ্ঠান কৰে, সেই ভক্ত মোৰ অতিশয় প্ৰিয় বুলি ধুৰুপকৈ বুজিবাঁ।” (১)




 (১) গীতা, দ্বাদশ আধ্যা, ১৯-২৯ শ্লোক। ব্ৰহ্মৰ নিৰ্গুণ স্বৰূপ লাভেই যে

সগুণ ব্ৰহ্মোপাসনাৰ গূঢ় লক্ষ্য, গীতাৰ দ্বাদশ আধ্যাত তাৰেই গুহ্যতম ব্যাখ্যা দিয়া হৈছে। [ ১০৬ ]
১৫। আধ্যা।
অভেদাত্মা তত্ত্বজ্ঞান।

 জীৱ আৰু ব্ৰহ্মৰ অভেদ ভাব কি? শৰীৰ কি? সুখ, দুখ আদিৰ ভোক্তা কোন? ভিন্ ভিন্‌ শৰীৰত আত্মা ভিন্‌-ভিন্ নে এক? ইত্যাদি বিষয়ক নিগূঢ় তত্ত্ব জানিবৰ অৰ্থে, আত্মজ্ঞান লাভলৈ প্ৰৱল ধাউতি থকা সিদ্ধাৰ্থী অৰ্জ্জুনে ভক্তিৰে সৈতে শ্ৰীকৃষ্ণত সুধিলে, “হে কেশৱ! প্ৰকৃতি আৰু পুৰুষ, ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ, জ্ঞান আৰু জ্ঞেয় এই কেইটা বিষয়ৰ তত্ত্বজ্ঞান দান কৰি মোৰ হাবিয়াষ পূৰ্ণ কৰা”। (১)

 ভগৱান শ্ৰীকৃষ্ণই অতি হৰিষ্‌ চিতেৰে এই বুলি সমিচাৰ দিলে, “হে কুন্তীনন্দন! দেহ জড় আৰু আত্মা চৈতন্যস্বৰূপ এই তত্ত্বজ্ঞান যি সকলে লাভ কৰিছে, সেই সকলে শৰীৰক ক্ষেত্ৰ (২) আৰু জীৱক


 

(১) “প্ৰকৃতিং পুৰুষং চৈব ক্ষেত্ৰ ক্ষেত্ৰজ্ঞনেব চ।
এতন্বেদিতুমিচ্ছামি জ্ঞানং জ্ঞেয়ং চ কেশৱ।"
                                     —গীতা, এয়োদশ আধ্যা, ১ম শ্লোক।

 (২) য'ত আত্মাই থিত লৈ জন্ম-মৰণৰ আবৃত্তি ধৰে, সুখ-দুখ ভোগ কৰে, য’ৰপৰা আত্মাই মুক্তিলাভ কৰে, সেয়ে ক্ষেত্ৰ, অৰ্থাৎ শৰীৰ। যি শৰীৰত থাকি শুভাশুভ কৰ্ম্মানুষ্ঠানৰ ফলস্বৰূপ সুখ-দুখ আদি ভোগ কৰে তেওঁৱেই ক্ষেত্ৰজ্ঞ, অৰ্থাৎ

সচ্চিদানন্দ-স্বৰূপ আত্মা।
[ ১০৭ ]
 

ক্ষেত্ৰজ্ঞ (১) সংজ্ঞা দিয়ে। হে ভাৰত! তুমি মোক (অদ্বিতীয় ব্ৰহ্মক) সমস্ত ক্ষেত্ৰৰ ক্ষেত্ৰ বুলি জানিব। ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ পৃথক্‌ জ্ঞানেই প্ৰকৃত জ্ঞান (২)।”

 “হে অৰ্জুন! এই দেহৰূপ ক্ষেত্ৰ কেনে প্ৰকৃতিৰ, কেনে প্ৰবৃত্তিৰ, কেনে ইন্দ্ৰিয়াসক্তিৰ; কেনে ক্ষেত্ৰৰূপ কাৰণৰপৰা কেনে কাৰ্য্য উৎপন্ন হয়; আৰু ক্ষেত্ৰৰ স্বভাৱ, প্ৰভাৱ আৰু স্বৰূপ কেনে, এই সমস্তৰে তত্ত্ব ভাঙ্গি কওঁ শুনা। ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ সংজ্ঞাত নানা ঋষিৰ নানা মত। বশিষ্ঠাদি মুনিগণৰ যোগশাস্ত্ৰত ইয়াৰ সূক্ষ্মতত্ত্ব আছে। ঋগাদি বেদতো এই তত্ত্বৰ বিষয়ে বিস্তৰ কোৱা হৈছে; উপনিষদাদি ব্ৰহ্মসূত্ৰ- ৰাশিতো ক্ষেত্ৰ আৰু ক্ষেত্ৰৰ স্বৰূপ বৰ্ণনা পোৱা যায়। সেই সমস্তৰে সাৰাংশৰ ব্যাখ্যা দিওঁ শুনা।— চমুকৈ কবলৈ গলে, পঞ্চমহাভূত (৩), অহঙ্কাৰ, বুদ্ধি, অব্যক্ত (৪), দশইন্দ্ৰিয়, মন, পঞ্চেন্দ্ৰিয় (৫), ইচ্ছা, দ্বেষ, সুখ, দুধ, সংঘাত, চেতনা, ধৃতি, প্ৰভৃতি ক্ষিতিৰপৰা ধৃতিলৈকে সমস্যই বিকাৰ। এই বিকাৰবিশিষ্ট সামগ্ৰীয়েই ক্ষেত্ৰ।" (৬)


 (১) “ইং শৰীৰং কৌন্তেয় ক্ষেত্ৰমিতাভিধীয়তে।
এতদ্‌ যো বেত্তি তং প্ৰাহুঃ ক্ষেত্ৰজ্ঞ ইতি তন্বিদঃ।”
                   —গীতা, ত্ৰয়োদশ আধ্যা, ২য় শ্লোক।

 (২) ক্ষেত্ৰ মায়াৰচিত; কিন্তু ক্ষেত্ৰজ্ঞ মায়াৰ অতীত।—গীতা, ত্ৰয়োদশ আধ্যা ৩য় শ্লোক।
 (৩) পঞ্চমহাভূত—ক্ষিতি, অপ, তেজঃ, মৰুৎ, ব্যোম।
 (৪) অব্যক্ত:—সাংখ্যমতে প্ৰকৃতি; বেদান্তমতে মায়া।
 (৫) পঞ্চেন্দ্ৰিয়:—শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ।

 (৬) গীতা, ত্ৰয়োদশ আধ্যা, ৪—৭ শ্লোক।
[ ১০৮ ]
 

 “হে পাৰ্থ! আত্মগুণৰ বাবে অভিমান নকৰা, দম্ভ নকৰা, হিংসা নকৰা, কানো অহিত নিচিন্তা, অন্যৰ অপৰাধ ক্ষমা ফৰ, বাজে-ভিতৰে সৰল আৰু অকপটীয়া আচৰণ কৰা, গুৰুজনক ভক্তি- সেৱা কৰা, বাহিৰে ভিতৰে পৱিত্ৰতা ৰক্ষা কৰা, মন চাঞ্চল্যৰ গতিৰোধ কৰা, আত্মাত পৰমাত্মাৰ থিতাপি কৰা, ইত্যাদিকে জ্ঞান বা জ্ঞানসাধন বোলা যায়। ইন্দ্ৰিয়ভোগ্য বিষয় সমূহত বিৰাগ বা অস্পৃহা, নিৰহঙ্কাৰিতা, জন্ম-মৃত্যু, জৰা-ব্যাধি আদি দুখৰূপ দোষাদোষৰ বিষয়ে সততে চিন্তালোচনা ইত্যাদি জ্ঞান সাধনাৰ কাৰ্য্য। পুত্ৰ- পৰিয়াল, ইষ্টানিষ্ট, সুখ-দুখত বৈৰাগ্য, ঈশ্বৰত ঐকান্তিক ভক্তি, নিজানবাসবাসনা (১) আত্মজ্ঞাননিষ্ঠা, তত্ত্বজ্ঞানচিন্তা ইত্যাদিয়েই জ্ঞান। ইয়াৰ অন্যথাই অজ্ঞানতা।” (২)

 “হে অৰ্জুন! যি জানিবৰ বিষয়, যাক জানিলে মোক্ষলাভ কৰা যায়, যি অনাদি পৰব্ৰহ্ম সতো নহয় (৩) অসতো নহয়, এতিয়া সেই বিষয়ে ভাঙ্গি কওঁ। যি জীৱগণৰ হাত, পাৱ, চকু, মূৰ ইত্যাদি প্ৰবৃত্তিস্বৰূপ, যাৰ অস্তিত্বত সমস্ত জগত অৱস্থিত, সেই চৈতন্যস্বৰূপ বিভুৱেই জ্ঞাতব্য পৰব্ৰহ্ম। তেওঁ নিষ্কৃয় হৈও সমস্ত ক্ৰিয়াৰ মূল; তেওঁ চকু নোহোৱাকৈও দেখে; কাণ নোহোৱাকৈও শুনে; কাৰো লগত তেওঁৰ সম্বন্ধ নাই, অথচ ত্ৰিজগত তেওঁতে বিদ্যমান; তেওঁ নিৰ্গুণ হৈও গুণসমূহ উপলব্ধি কৰে; তেওঁ সকলোৰে সাক্ষী, অদ্বিতীয়, নিৰ্গুণ, আৰু চৈতন্যস্বৰূপ। তেও দৃশ্যমান জগতৰ অন্তৰ


 (১) বিষয়ী বা সংসাৰী লোকৰ লগত সমাগম বা ঘনিষ্ঠতা নৰখা।
 (২) গীতা, ত্ৰয়োদশ আধ্যা, ৮-১২ শ্লোক।
 (৩) সৎ আৰু অসতৰ সংখ্যা বিষয়ক ব্যাখ্যা ইয়াৰ আগেয়ে দি অহা হৈছে।

[ ১০৯ ]
 

আৰু বাহিৰ। তেওঁ ধাৰণাতীত সুক্ষ্ম। তেওঁ অবিশ্বাসীৰ মানত দুৰৈতকৈও দুৰৈত, কিন্তু ভক্তিমানৰ চকুত ওচৰতকৈও ওচৰত (১)। পৰমাত্মা অভিতাজ্য বা অভেদাত্মা; কিন্তু ভিন্‌ ভিন্‌ প্ৰাণীত, ভিন্‌ ভিন্‌ পদাৰ্থত তেওঁক ভিন্‌ ভিন্‌ যেন বুজা যায় যদ্যপি এক ব্ৰহ্মই সদৌ পদাৰ্থতে ক্ষেত্ৰজ্ঞৰূপে বিৰাজ কৰিছে; আৰু যদিচ ভূতসমূহ বা সমস্ত জগত তেওঁতে স্থিতি, তেওঁতে লয় আৰু তেওঁৰপৰাই উৎপন্ন হয়। জ্বলন্ত পদাৰ্থৰ জ্যোতি তেওঁৱেই, অথচ তওঁ অন্ধকাৰৰো অতীত; তেওঁৱেই জ্ঞান, তেওঁৱেই জ্ঞেয়। তেওঁৱেই জ্ঞানগম্য, তেওঁৱেই সমস্ত জীৱতে আত্মাৰূপে অৱস্থিতি কৰিছে। জীৱাত্মা আৰু পৰমাত্মা অভেদাত্মা। যি আত্মজ্ঞানশালী লোকে ইয়াৰ গুঢ়তত্ত্ব উপলব্ধি কৰিব পাৰে, তেওঁ জগতময় পৰমাত্মাক বিৰাজমান দেখে। হে অৰ্জ্জুন! ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ, জ্ঞান-জ্ঞেয় এই সমূহ বিষয়ৰ যি সংক্ষেপ বাখ্যা দিয়া হল, তাৰ তত্ত্বজ্ঞান লাভ কৰিলেই মোৰ ভক্তগণে মদ্ভাব (ব্ৰহ্মভাব) লাভ কৰিব পাৰে।" (২)

 “হে অৰ্জুন! এতিয়া প্ৰকৃতি-পুৰুষৰ গুৰু ব্যাখ্যা কৰোঁ, শুনাঁ।— এই প্ৰকৃতি আৰু পুৰুষ দুয়ো অনাদি। বিকাৰ সমূহ (৩) আৰু গুণ সমুহ (৪) প্ৰকৃতিৰপৰাই উৎপন্ন (৫)। প্ৰকৃতি ক্ৰিয়া আৰু


 (১) "বহিৰন্তশ্চ ভূতানামচৰং চৰমেব চ।
সূক্ষ্মত্বাত্তদবিজ্ঞেয়ং দূৰস্থং চান্তিকে চ তৎ।"
—গীতা, ত্ৰয়োদশ আধ্যা, ১৬ শ্লোক।

 (২) গীতা, ত্ৰয়োদশ আধ্যা, ১৭-১৯ লোক।
 (৩) পঞ্চভূত, দশ-ইন্দ্ৰিয়, আন এই ষোলটা বিকাৰ।
 (৪) সত্ত্ব, ৰজঃ, তমঃ এই তিনটা গুণ।
 (৫) "প্ৰকৃতি পুৰুষং চৈব বিন্ধ্যনাদী উভাৰপি। বিকাৰাংশ্চ গুণাংশ্চৈৰ বিদ্ধি প্ৰকৃতিসম্ভবান।”—গীতা, ত্ৰয়োদশ আধ্যা, ২০ শ্লোক।
[ ১১০ ] কাৰণৰ হেতু, অর্থাৎ ক্রিয়াশক্তিৰ মূল; পুৰুষ সুখ-দুখাদি ভােগৰ হেতু বা কাৰণ। এই ক্ষেত্ৰজ্ঞ পুৰুষে মায়াৰূপ প্ৰকৃতিত অৱস্থিতি কৰি প্ৰকৃতিৰপৰা উৎপন্ন হােৱা সুখ-দুখাদি ভােগ কৰে। ত্রিগুণাত্মিকা প্ৰকৃতিৰ লগত এই সম্বন্ধ থকাৰ বাবেই সেই ত্ৰিগুণ অনুযায়ী (১)সৎ আৰু অসৎ যােনিসমূহত পুৰুষৰ জন্ম হয়। কিন্তু, এই দেহত বিদ্যমান থাকিও পুৰুষ (আত্মা) নির্লিপ্ত, নিত্য, আৰু স্বতন্ত্র; অথচ তেওঁৱেই ভৰ্ত্তা, ভােক্তা, মহেশ্বৰ আৰু পৰমাত্মা। (২)

 “হে অৰ্জ্জুন ! কোনােৱে জ্ঞানৰ বলত, কোনােৰে সংখ্যা যোগৰ বলত, কোনােৱে কৰ্ম্মযােগৰ বলত আত্মদর্শন লাভ কৰে;ইত্যাদি পন্থাৰ দ্বাৰাই লাভ কৰা আত্মতত্ত্বজ্ঞানৰ আগত যি পুৰুষে,দেহাদি বিকাৰ মায়াময় জানি, প্রকৃতিক উপলব্ধি কৰে, সেই পুৰুষ সর্ব্বথা বিদ্যমান থাকিলেও তেওঁ পুনৰ্জ্জন্ম ধাৰণ কৰিব লগাত নপৰে। কোনােৱে হয় তাে ধ্যান, বিচাৰ আৰু কৰ্ম্মৰ বলত এই তত্ত্ব উপলব্ধি কৰিবলৈ অসমৰ্থ হৈ ইষ্টগুৰুৰ উপদেশ অনুসৰি উপাসনা কৰে,সিবিলাকেও মৃত্যুময় সংসাৰ অতিক্ৰম কৰে।(৩)

 “হে ভাৰত বংশধৰ পাণ্ডৱ ! ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ সংযোগত (৪)য়ে স্থাৱৰ-জঙ্গম সমস্ত পদার্থ উৎপন্ন হয়, এই কথা ধুৰুপ্ বুলি জানিবাঁ।” (৫)

————————————————————————————————————————————————————————————————— (১) সত্ত্ব গুণধাৰী পুৰুষে দেৱযোনিত, ৰজোগুণাধিকাৰীয়ে মানৱ যোনিত আৰু তমোগুণাধিকাৰীয়ে পাশৱ যোনিত জন্মগ্ৰহণ কৰে৷

(২) গীতা, ত্ৰয়োদশ আধ্যা, ২০-২৩ শ্লোক ।

(৩) গীতা, ত্রয়োদশ অধ্যা, ২৪-২৬ শ্লোক ।

(৪) ক্ষেত্ৰ আৰু ক্ষেত্রজ্ঞৰ , অখবা পুৰুষ আৰু প্ৰকৃতিৰ মায়াজনিত পৰস্পৰ মিথুনীকৰণকে সংযোগ বােলা যায়।—শ্ৰীধৰ স্বামীকৃত টীকা-ব্যাখ্যা ৷

(৫) গীতা, ত্ৰয়োদশ আধ্যা, ২৭ শ্লোক । [ ১১১ ]
 
 “হে পাৰ্থ! আত্মাৰ উন্নতি, বৃদ্ধি আৰু বিনাশ নাই, গতিকে তেওঁ অবিনাশী; আৰু আন সমন্তই বিনাশ-ধৰ্ম্মশীল। যাৰ এনে ভাব, তেওঁৱেই অভ্ৰান্ত। যি আত্মজ্ঞানী জনে আত্মাক সৰ্ব্বত্ৰে সমান,

নিৰ্ব্বিকাৰ আৰু সকলো প্ৰাণীৰ প্ৰবৃত্তিৰ হেতু স্বৰূপ জানি, অভেদ জ্ঞানৰ বলেৰে ‘মই ব্ৰহ্ম’ এই সিদ্ধান্তত চলে, তেওঁ মায়াযুক্ত হৈ আত্মজ্ঞানহীনৰ দৰে আত্মাৰে সৈতে আত্মাক নঘপিয়ায়; সেই কাৰণে তেওঁ পৰমগতি লাভ কৰে। ক্ষেত্ৰজ্ঞ আত্মা সাক্ষীস্বৰূপ—অকৰ্ত্তা; সমস্ত কাৰ্য্য প্ৰকৃতিয়েই কৰে, বা মায়াৰ বলতেই হয়। যাৰ এনে দৃষ্টি, তেওঁৱেই সম্যক্‌দৰ্শী। সাধকে যেতিয়া ভূত সমুহক ভিন্-ভিন্ ভাৱে একে আত্মাতে অৱস্থিত দেখে, আৰু সেই ভূত সমূহক একে আত্মাৰপৰাই বিস্তাৰ হোৱা দৰ্শন কৰে, তেতিয়া তেওঁ প্ৰকৃততে ব্ৰহ্মস্বৰূপ হয় (১)। অৰ্থাৎ, ক্ষেত্ৰজ্ঞৰ দৰেই ক্ষেত্ৰৰো পৃথকত্ব নাই,—সকলো অভেদাত্মা।” (২)

 “হে কুন্তীনন্দন! অনাদি আৰু নিৰ্গুণ কাৰণেই এই অবিকাৰী পৰমাত্মাই শৰীৰত থিত্ লৈয়ো একোকে নকৰে; আৰু দেহতে নিবাস যদিও, পদ্মপত্ৰত পানীৰ দৰে, কৰ্ম্মফলত নিৰ্লিপ্ত হৈ থাকে। আৰু, আকাশ যেনেকৈ সৰ্ব্বব্যাপী হৈয়ো কাৰো লগত লিপ্ত নহয়, তেনেকৈয়ে আত্মা দেহত থাকিও তাত নিৰ্লিপ্ত, অৰ্থাৎ দেহধৰ্ম্মৰ বাজ। হে ভাৰত! এক সূৰ্য্যই যি ৰূপে সমস্ত জগতকে প্ৰকাশ কৰে, সেইৰূপে এক ক্ষেত্ৰজ্ঞ স্বৰূপ আত্মাই সমস্ত ক্ষেত্ৰক প্ৰকাশ ————————————————————————————————————————————————————————————————————————

(১) কিয়নো, ব্ৰহ্মত বাজে সৃষ্টি আন আৰু একো পদাৰ্থই নাই; দৃশ্যমান জগত কেৱল মায়াপ্ৰভাৱত ভিন্-ভিন্ যেন দেখা যায়৷—কৃষ্ণানন্দ স্বামীৰ গীতাসন্দীপনী ৷

(২) গীতা, ত্ৰয়োদশ আধ্যা, ২৮-৩১ শ্লোক । [ ১১২ ]
 

কৰে। হে অৰ্জ্জুন ! যি এইৰূপে ক্ষেত্ৰ আৰু ক্ষেতজ্ঞৰ ভেদাভেদ বা অভেদ ভাব (১) উপলব্ধি কৰিব পাৰে আৰু প্ৰকৃতিৰপৰা ভূতসমূহৰ মােক্ষৰ উপায় জ্ঞান-চকুৰে সৈতে দেখা পায়, তেওঁ পৰমপদ প্রাপ্ত হয়।”(২)









————————————————————————————————————————————————————————————————————— (১) ক্ষেত্ৰ আৰু ক্ষেতজ্ঞৰ কল্পিত ভেদ থাকিলেও, পৰমাৰ্থত ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰপৰা পৃথক নহয়; যেনেকৈ ক্ষেত্রজ্ঞ আত্মা পৰমাত্মাৰে সৈতে অভেদ, তেনেকৈ ক্ষেত্রৰো পৰব্ৰহ্মসত্তা বা পৰমাত্মাৰ লগত প্ৰভেদ নাই । মুঠৰ ওপৰত, জ্ঞান আৰু ভোগ, ক্ষেত্ৰ আৰু ক্ষেত্রজ্ঞ , প্রকৃতি আৰু পুৰুষ সকলোৱেই অভেদাত্মা৷—শ্ৰীধৰ স্বামীকৃত টীকা-ব্যাখ্যা ৷

(২) গীত,ত্ৰয়োদশ আধ্যা,৩২-৩৫ শ্লোক [ ১১৩ ]


১৬। আধ্যা ৷
গণসংযোগ তত্ত্বজ্ঞান ৷

  অভেদাত্মা আৰু কল্পিত ভেদাভেদৰ তত্ত্বজ্ঞান দানৰ পাচত, ভগবান্ শ্রীকৃষ্ণই প্রকৃতি-পুৰুষৰ সংযোগ তত্ত্বজ্ঞান দান কৰাৰ মানসেৰে যােগীবীৰ অৰ্জ্জুনক পুনৰপি এই বুলি সম্বোধন কৰিলে, “হে মহাবাহো !যি জ্ঞান সাধনৰ দ্বাৰাই ঋষি-মুনিসকলে দেহবন্ধনৰপৰা মুক্ত হৈ মােক্ষ বা পৰমসিদ্ধি লাভ কৰে, সেই সৰ্ব্বোত্তম পৰমজ্ঞান সাধনৰ বিষয়ে কওঁ, শুনাঁ।—যি এই জ্ঞান (১) সাধন কৰে, তেওঁ পৰব্ৰহ্মৰ নিৰ্গুণ স্বৰূপত্ব লাভ কৰে; আৰু তেওঁ সৃষ্টিকালত জন্ম, আৰু প্রলয় কালত লয় পাব লগীয়া নহয়।”(২)

 “হে ভাৰত। মহৎব্রহ্ম (প্রকৃতি) মােৰ (পৰব্ৰহ্ম পুৰুষৰ) যােনি (৩), অর্থাৎ গৰ্ব্ভধানৰ (৪)স্থান; তাতে মই পুৰুষে জগতৰ বীজ

—————————————————————————————————————————————————————————————————————— (১)অকল ত্ৰিগুণাত্মকা(সত্ত্ব, ৰজ, তম এই তিনি গুণবিশিষ্ট) প্ৰকৃতিকে সৃষ্টিৰ মূলকাৰণ বুলি সাব্যস্ত কৰোঁতাৰ নিৰীশ্বৰ সাংখ্যমত খণ্ডনৰ অৰ্থে প্ৰকৃতি আৰু পুৰুষ বা ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ ইশ্বৰাধীন সংযোগ কাৰ্য্যই হে যে সৃষ্টিৰ আচল কাৰণ, সেই বিষয়ক তত্ত্বজ্ঞান ৷-কৃষ্ণানন্দ স্বামীৰ গীতাৰ্থসন্দীপনী

(২)গীতা,চতুৰ্দ্দশ আধ্যা, ১-২ শ্লোক

(৩)মহৎব্ৰহ্ম বা অবিদ্যা-অজ্ঞান-প্ৰকৃতি-ত্ৰিগুণাত্মিকা অধ্যাকৃত মায়াই যোনিস্বৰূপ

(৪)মহৎব্ৰহ্ম স্বৰূপ যোনিত পৰব্ৰহ্ম পৰমপুৰুষৰ সৃষ্টি সংকল্পই গৰ্ভধান স্বৰূপ [ ১১৪ ]
 

প্রক্ষেপ কৰোঁ; তাৰেপৰা সমস্ত ভৌতিক জগতৰ উৎপত্তি হয়। হে কুন্তীনন্দন! দেৱ, পিতৃ, মনুষ্য, পশু আৰু বৃক্ষাদি যি কোনাে যােনিতেই জীৱ উৎপন্ন নহওক, প্রকৃতি আৰু পুৰুষ, বা ঈশ্বৰ আৰু মায়াৰ সংযােগেই সেই সমুদায়ৰ মূলকাৰণ ; পুৰুষৰ অবিহনে প্রকৃতিয়ে আৰু প্ৰকৃতিৰ অবিহনে পুৰুষে স্বতন্তৰীয়াকৈ একোকে উৎপন্ন কৰিব নােৱাৰে। হে মহাবাহো ! প্রকৃতিজাত সত্ত্ব, ৰজ, তম এই তিনি গুণে অবিনাশী জীৱাত্মাক দেহৰ মধ্যত আৱদ্ধ কৰি ৰাখে। হে নিষ্পাপ অৰ্জ্জুন ! অন্তঃকৰণৰ সত্ত্বগুণে জ্ঞানেন্দ্ৰিয়ৰ সাহায্যত ৰূপ, ৰস, গন্ধ, স্পর্শ বিষয়ক বিশেষ বিশেষ পৃথক্ জ্ঞান জন্মায়, আৰু সেই জ্ঞানতৃষ্ণ নিবৃত্তিৰ নিমিত্তেই দেহাৰ মাজত জীৱাত্মক প্রবৃত্ত কৰে। হে কুন্তীনন্দন । ৰজোগুণ তৃষ্ণা (১) আৰু আসঙ্গ (২) উৎপাদক; সেই ৰজোগুণে জীৱক অনুৰাগৰ বশবৰ্ত্তী কৰি নানা কাৰ্য্যত প্রবৃত্ত কৰে; সেই সূত্ৰতে জীৱ বন্ধনগ্রস্ত হয়। হে ভাৰত ! তমােগুণ আৱৰণ শক্তি-স্বৰূপ অজ্ঞানজাত; ই সতত্ অসৎ ভ্ৰম জন্মায়; অবস্তুত বস্তুবুদ্ধি, যত্ন-চেষ্টাদিৰ সময়ত নিদ্রা-তন্ত্রাদি ঘটাই জীৱাত্মাক অজ্ঞান-আন্ধাৰত আৱদ্ধ কৰি ৰাখে। সত্ত্ব গুণে জীৱাত্মাক সুখত প্ৰৱৰ্ত্তায়, ৰজোগুণে কৰ্ম্মত মগ্ন কৰে, তমােগুণে আত্মজ্ঞানক ঢাকি ধৰি প্রমাদ(৩) ঘটায়। একেজন মানুহকে কেতিয়াবা সাধু, কেতিয়াবা অসাধু,

———————————————————————————————————————————————————————————————————————— (১) অপ্রাপ্ত বস্তু পাবলৈ হােৱা হাবিয়াসকে তৃষ্ণা বােলা যায়।

(২) প্রাপ্ত বস্তু বিনষ্ট হলেও তাক পাবলৈ আৰু ৰক্ষা কৰিবলৈ হোৱা ধাউতিক আসঙ্গ বোলা যায় ।

(৩) কর্ত্তব্যজ্ঞান বিদ্যমান থকাৰ মূলতো আচল সময়ত তাক পাহৰাকে প্ৰমাদ বোলা যায় ৷ [ ১১৫ ] কেতিয়াবা লোকাচাৰত আসক্ত দেখা যায়; কাৰণ, সাত্ত্বিক, তামসিক আৰু ৰাজসিক প্ৰৱলতাৰ (১) প্রকৃতি অনুসাৰে জীৱাত্মাৰ ক্রমে সাধুতা, অসাধুতা আৰু লৌকিকতাৰ লক্ষণ ঘটে। হে অৰ্জ্জুন ! যেতিয়া দেহৰ সকলো অঙ্গত ইন্দ্রিয়েদি জ্ঞানৰ লক্ষণ প্রকাশ পায়, তেতিয়া সত্ত্বগুণৰ প্ৰৱলতা; যেতিয়া লােভ, প্রবৃত্তি, উদ্যম, অশান্তি, স্পৃহা ইত্যাদি লক্ষণে দেখা দিয়ে, তেতিয়া ৰজোগুণৰ প্ৰাৱল্য; আৰু যেতিয়া আৱৰণ, আলস্য, প্রমাদ, মােহ ইত্যাদি লক্ষণ দেখা যায়, তেতিয়া তমােগুণ বৃদ্ধি হৈছে বুলি বুজিবাঁ ৷”(২)

 “হে অর্জুন! তত্ত্বদৰ্শী মহৰ্ষিগণৰ মতে সত্ত্বগুণৰ প্ৰভাৱত জীৱই কেৱল নিৰ্ম্মল সুখকেই ভােগ কৰে; ৰজোগুণৰ প্ৰভাৱত অলপ সুখ আৰু অধিক দুখ; তমােগুণৰ প্ৰভাৱত জীৱই কেৱল দুখকেই হে ভােগ কৰে। ইয়াৰ কাৰণ ইতিপূৰ্ব্বতে কৈ অহা হৈছে; সত্ত্বগুণী লােকৰ উৰ্দ্ধলােকলৈ (স্বৰ্গ), ৰজোগুণী লােকৰ মৰ্ত্ত্যত (মনুষ্যলােক), তমােগুণৰ লােকৰ অধঃপাতলৈ (নৰক) গতি হয়। সত্ত্ব, ৰজ, তম এই তিনি গুণেই অন্তঃকৰণ, বহিঃকৰণ, শৰীৰ আৰু বিষয় আদিত পৰিণত হৈ কৰ্ত্তব্য কৰ্ম্ম কৰে; আৰু গুণ-কাৰ্য্যৰপৰা কাৰ্য্য স্বতন্ত্র বুলি যি বুজিব পাৰে; তেওঁ ব্রহ্মাত্মজ্ঞান লাভ কৰি ব্ৰহ্মস্বৰূপ হয়; হে অৰ্জ্জুন ! এই তিনি গুণেই জনম আৰু মৰণৰ হেতু ! যি এই

————————————————————————————————————————————————————————————————————————

 (১) যি গুণ যেতিয়া ওপৰ উঠে , সেই গুণৰ তেতিয়া প্ৰৱলতা জন্মে; তেতিয়া ই দুটা গুণ তল পৰি নিস্তেজ হয়।

 (২) গীতা, চতুৰ্দ্দশ আধ্যা, ৩-১৩ শ্লোক ৷ এই পুথিৰ ২গুণ, আধ্যাত দিয়া গীতাৰ ত্ৰয়োদশ আধ্যাৰ ২০-২৩ শ্লোকৰ টীকা চোৱাঁ ৷ [ ১১৬ ]
 

তিনি গুণ এবাৰ পালে, তেওঁ জন্ম-মৃত্যুৰ বাজ হৈ উঠে। গতিকে তেওঁ পৰমানন্দ স্বৰূপ অমৃত লাভ কৰে।”(১)

 অৰ্জ্জুনে ভক্তি আৰু আগ্রহেৰ সৈতে সুধিলে, “হে প্রভো! যি ভাগ্যৱন্তে এই গুণ তিনি অতিক্রম কৰে, তেওঁৰ কি চিন্? বা লক্ষণ কি? তেওঁৰ আচৰণ কেনে? আৰু, কি উপায়েৰে এই ত্ৰিগুণৰ ওপৰ উঠিব পাৰি?”(২)

 ভগৱান শ্রীকৃষ্ণই হৰিষমনেৰে সমিচাৰ দিলে, “হে পাণ্ডৱ । সত্ত্বগুণৰ প্ৰকাশ ৰজোগুণৰ প্ৰবৃত্তি আৰু তমােগুণৰ মােহ উদয় হলেও যি বিচলিত নহয়, আৰু তাৰ নিৰাকৰণলৈ যি উদাসীন ভাৱে আওকণীয়া, তেৱেই গুণাতীত পুৰুষ। সুখ আৰু দুখ যাৰ মানত সমান, যাৰ সদায় স্বৰূপাৱস্থাত স্থিতি; মাটি শিল, সােণ যাৰ চকুত সমান মূল্যৰ ; প্রিয় আৰু অপ্রিয় দুইৰো প্রতি যাৰ একে আচৰণ; নিন্দা আৰু স্তুতি দুইৰো প্রতি যাৰ সমান ভাব, সেই ধীৰ পুৰুষেই গুণাতীত। যি সংসাৰৰ মায়া-মােহ-আসক্তিবিহীন, যি সর্ব্বপ্রকাৰ উদ্যমত্যাগী সেই সুধীৰ পুৰুষেই ত্রিগুণাতীত।(৩)

 “হে পার্থ ! স্বৰূপতে যি অন্তর্য্যামী ভগৱানক সৰল ভক্তিৰে সৈতে ভঞ্জনা কৰে, তেৱেঁই ত্রিগুণা প্রকৃতি বা মায়া অতিক্ৰম কৰি ব্ৰহ্মপদ লাভ কৰে। কিয়নো, সেই মই (ভগৱান্ বা পৰব্ৰহ্ম বা পৰমাত্মা বা —————————————————————————————————————————————————————————————————————— (১) গীতা, ১৪শ আধ্যা, ১৪-২০ শ্লোক ।

(২) গীতা, ১৪শ আধ্যা, ২১ শ্লোক ।

(৩) গীতা, ১৪শ আধ্যা, ২২-২৫ শ্লোক ৷ [ ১১৭ ]
 

পৰমেশ্বৰ)(১) অবিনাশী, অভগন, নিৰ্ম্মল, নিৰ্ব্বিকাৰ আৰু সাক্ষাৎ ধৰ্মস্বৰূপ ৷(২)

—————————






————————————————————————————————————————————————————————————————————  (১) ভগৱান বাসুদেৱ বেদৰ প্ৰতিষ্ঠাস্বৰূপ। সেই বাসুদেৱস্বৰূপ অৱতীর্ণ শ্রীকৃষ্ণ সগুণ ব্ৰহ্মৰ আশ্ৰয় বুলি বেদত ব্ৰহ্মাৱো এইবুলি স্তুতি কৰিছিল,—

  “একাস্তমাত্মা পুৰুষঃ পুৰাণঃ সত্যঃ স্বয়ংজ্যোতিবিদস্ত আদ্যঃ,

 নিত্যোহক্ষৰোহজস্ৰসুখো নিৰঞ্জনঃ পূৰ্ণোহিস্তয়ো মুক্ত উপাধিতোমৃতং ৷”

 অৰ্থাৎ,হে ভগৱান ! তুমি সকলো প্ৰাণীৰ আত্মাস্বৰূপ, সকলোৰে শৰীৰত বিদ্যমান, সৰ্ব্বত্ৰে একৰূপ, তুমি নিত্য, তুমি সত্য, তুমি স্বপ্ৰকাশ, তুমি আদ্য, তুমি অন্ত্য, তুমি অক্ষয়, তুমি সৰ্ব্বব্যাপী, তুমি সম্পূৰ্ণ, তুমি অজয়, তুমি উপাধিবিহীন, তুমি অমৃতস্বৰূপ, তুমিয়ে পৰমব্ৰহ্ম ভগৱান বাসুদেৱ ৷”
 ——কৃষ্ণানন্দ স্বামীৰ গীতাৰ্থ সন্দীপনী ৷

 (২) গীতা,১৪শ আধ্যা,২৬-২৭ শ্লোক ৷ [ ১১৮ ]

১৭। আধ্য।
সংসাৰ-বৃক্ষ তত্ত্বজ্ঞান ।


 সত্ত্ব,ৰজঃ, তমঃ প্রকৃতি বা অবিদ্যা বা মায়াৰ এই তিনিগুণ। সেই গুণৰ ক্রিয়া, আৰু সেই তিনি গুণবিশিষ্ট প্রকৃতি বা মায়া অতিক্ৰম কৰি জীৱাত্মাই কিৰূপে মুক্তিলাভ কৰিব পাৰে তাৰ তত্ত্ব ব্যাখ্যা কৰি উঠি, সেই প্রকৃতি বা মায়াৰ সংসাৰ-তত্ত্বজ্ঞানৰ অধিকাৰী হবলৈ নিষ্পাপ মহাবাহু অৰ্জ্জুনক উপযুক্ত বিবেচনা কৰি, তত্ত্বদৰ্শী ভগৱান শ্ৰীকৃষ্ণই সেই গুহতম তত্ত্বব্যাখ্যা দিবলৈ এই বুলি আৰম্ভ কৰিলে, “হে অৰ্জ্জুন ! মায়া-জনিত এই সংসাৰৰূপ অশ্বত্থ (১) বৃক্ষৰ মূল-শিপা ওপৰলৈ,অর্থাৎ আকাশ-মুখীয়া ; ইয়াৰ ঠাল-ঠেঙ্গুলি তললৈ, অর্থাৎ মৰ্ত্ত্যমুখীয়া; কর্মকাণ্ডৰূপ বেদ ইয়াৰ পাত-কোঁহ ইত্যাদি; আৰু ই অব্যয়। যি এই সংসাৰ ৰূপ বৃক্ষৰ তত্ত্ব ঢুকি পাইছে তেঁৱেই বেদবেত্তা ৷ প্ৰকৃতিৰ আৱৰণ তিনি গুণৰ সাৰশক্তিৰেই এই সংসাৰ-বৃক্ষ পৰিবৰ্দ্ধিত। ইয়াৰ ঠাল-ঠেঙ্গুলি,পাত-কোঁহ আদি উৰ্দ্ধ আৰু অধো দুয়ােদিশে বিস্তৃত; অর্থাৎ কুকৰ্ম্মী জীৱাত্মাৰ শাখা অধােমুখে, ধর্ম্মাত্মাৰ শাখা উর্ধ্বমুখে পাহ মেলি বাঢ়ে । সংসাৰ-বিষয়জাল ইয়াৰ পাত, আৰু বাসনা ইয়াৰ মূল ৷”(২)

——————————————————————————————————————————————————————————————————————  (১) যি নশ্বৰ, যাৰ স্থিতি বিশ্বাস কৰা নাযায় সেয়ে অশ্বৰ। গতিকে, এই অনিত্য সংসাৰক অস্থায়ী অশ্বত্থ বৃক্ষৰ লগত ৰিজনি দিয়া হৈছে ।

 (২) গীতা ১৫শ, আধ্যা, ১-২ শ্লোক । [ ১১৯ ]
 

 “হে অৰ্জ্জুন! এই সংসাৰবাসী প্রাণীগণে এই সংসাৰৰূপ বৃক্ষৰ ৰূপ কেনে, ইয়াৰ আদি ক’ত, অন্ত ক’ত, মাজ ক’ত, তাৰ একো তত্ত্ব নাপায়;অথাই-সাগৰৰ গৰ্ব্ভত থকা মাছে যেনেকৈ সাগৰৰ সীমা দেখিবলৈ নাপায়, তেনেকৈয়ে ত্রিগুণময়ী মায়াত বিমােহিত জীৱই যেনিয়ে চায় তেনিয়ে সংসাৰত বাজে আন একো দেখা নাপায়। মাথোন, অতি চোকা বৈৰাগ্যৰূপ অস্ত্ৰেৰে সেই সংসাৰৰূপ অশ্বত্থ গছৰ গুৰি পেলাই তাক উছন্ নিয়াই পৰব্ৰহ্মক জানিব পৰা যায়। এতেকে, যি পৰমপদ লাভ কৰিলে জীৱৰ পুনৰ্জ্জন্ম নহয়, যাৰ দ্বাৰাই সংসাৰ-প্রবৃত্তিৰ বিস্তাৰ হৈছে, সেই আদিপুৰুষৰেই মই শৰণাগত হওঁ, এই বুলি সেই পদ চিন্তা কৰিব লাগে। যাৰ অভিমান ৰহিত হৈছে, যি বিবেকী, প্রিয় বা অপ্রিয় বস্তুৰ সমাগমত যাৰ আসক্তি বা বিৰক্তি নাই, যি মায়াতীত পৰব্ৰহ্মতত্ত্বপৰায়ণ, যাৰ বিষয়-ভােগত অভিলাষ নাই, সুখ দুখৰ হেতু ৰাগ-বিৰাগ যি মাৰ নিয়াব পাৰিছে, তেওঁৱেই সম্যক্ আত্মজ্ঞানৰ বলেৰে ব্ৰহ্মপদ লাভ কৰে৷ যি পদ প্রাপ্ত হলে তত্ত্ববান পুৰুষগণৰ পুনৰাবৃত্তি নহয়, যি পদ চন্দ্র, সূর্য্য আৰু অগ্নিয়েও প্ৰকাশ কৰিব নােৱাৰে, অথচ যি পদ স্বপ্রকাশ, সেই পদেই মোৰ (পৰব্ৰহ্মৰ) পৰমোৎকৃষ্ট পদ (১)। এই সংসাৰত সনাতন জীৰ মােৰেই (পৰমাত্মাৰ অংশ মাথােন;এই জীৱই মনে সৈতে ছয় ইন্দ্রিয়ক আকর্ষণ কৰে। বায়ু বোলোঁতে যেনেকৈ পুষ্পাদিৰ গন্ধলৈ গতি কৰে, জীৱাত্মায়ো তেনেকৈ দেহা এৰি যাওঁতে মন আৰু ইন্দ্রিয়গণক আকৰ্ষণ কৰি নিয়ে,আৰু অন্য দেহত আশ্রয় লবলৈ তাত প্ৰৱেশ কৰোঁতে সেই মন আৰু


————————————————————————————————————————————————————————————————————————

 (১) ন তদ্ভাৱসতে সূৰ্য্যো ন শশাঙ্কো ন পাৰক ৷

 যদগত্বা ম বিবৰ্ত্ততে তদ্ভাস পৰমং মম ৷-গীতা, ১৫শ, আধ্যা, ৬ শ্লোক ৷ [ ১২০ ]
 

ইন্দ্রিয়াদিকো প্রৱেশ কৰায় (১)। দেহত্যাগৰ ক্ষণত বা দেহত স্থিতিৰ কালত, নাইবা শোক-মােহ-সুখ-দুখ আদি বিষয় ভােগত প্রবৃত্ত অৱস্থাত, অথবা সত্ত্ব-ৰজঃ-তম ত্ৰিগুণযুত দশাত জীৱাত্মাক বিষয় ভােগ বাছনীত উন্মুক্ত মুঢ়গণে দেখা নাপায়, মাথোন বিবেকী যােগিগণে চিত্ত-শুদ্ধি বলেৰে ধ্যানত নিজ নিজ দেহস্থিত আত্মাক দেখা পায়।(২)

 “হে অৰ্জ্জুন! চন্দ্র, সূর্য, অগ্নিৰ যি তেজে জগতক প্রকাশ কৰিছে,সেই তেজ স্বৰূপত ময়েই (পৰমাত্মা) বুলি জানিবাঁ(৩)। ময়েই (পৰব্ৰহ্মই) পৃথিবীত অন্যান্য গ্ৰহৰ সৰ্ব্বতিকাল সমান্তৰ ৰাখি সমস্ত ভূতক ধাৰণ কৰি আছোঁ ৷ আৰু, চন্দ্ৰৰূপ সােমৰস(৪) হৈ ঔষধিত ৰােগনিবাৰিণী শক্তি প্রয়োগ কৰিছোঁ । যি প্রাণ (নিশ্বাস) আৰু অপান (প্রশ্বাস) বায়ুৰ দ্বাৰাই জীৱগণৰ চাৰি প্ৰকাৰ অন্ন(৫) (আহাৰ) জীর্ণ কৰে, সেই জঠৰাগ্নি ময়েই (পৰমাত্মা) বুলি বুজিবাঁ ৷ সকলাে মায়াশ্রিত চৈতন্যৰ(৬) লগত মিলি পৰমাত্মাই স্মৃতি আৰু জ্ঞানৰূপে উদয়ো হয়, আৰু সেই স্মৃতি জ্ঞানৰ বিলয়ো ঘটায়; বেদ বুজাবৰ গৰাকী তেৱেঁই; বেদ বুজিবৰ গৰাকীও তেৱেঁই। অর্থাৎ, মায়াতীত ৰূপে তেওঁ ব্রহ্ম,

—————————————————————————————————————————————————————————————————————

 (১) শৰীৰং যদবাগ্নোতি যচ্চাপুচৎক্ৰামতীম্বৰ ৷

 গৃহীত্বৈতাতনি সংযাতি বায়ুৰ্গন্ধানিৰাশয়াৎ ৷

 -গীতা, ১৫শ, আধ্যা, ৮শ্লোক

 (২) ১৫শ, আধ্যা, ২-১১ শ্লোক ৷

 (৩) যিহেতু দৃশ্যমান জগতৰ সকলাে বস্তুৱেই জগতবিভূতি ৷

 (৪) চন্দ্ৰত সঞ্জীৱনী সুধা আছে বুলিয়েই চন্দ্ৰৰ আন এটা নাম “সোম ।

 (৫) চাৰি প্ৰকাৰ অন্ন-চৰ্ব্বা, চোব্য, লেহ্য, পেয় ৷

 (৬) মায়াশ্ৰিত চৈতন্যই জীৱাত্মা ৷ [ ১২১ ]
 
মায়াশ্ৰিত ৰূপে তেওঁ ব্ৰহ্মবেত্তা ৷ ইহলোকত ক্ষৰ আৰু অক্ষৰ (১) এই দুবিধ বস্তুৱেই প্রসিদ্ধ; পৰমাত্মাই দেহত জীৱাত্মাৰূপে প্রবিষ্ট হৈ জগতক প্রকাশ কৰে। কিন্তু, সেই দুবিধ বস্তুৰপৰা পৰমাত্মা পৃথক; তেওঁ একে ক্ষণতে ত্ৰিজগতত বিদ্যমান; তেওঁ অব্যয় আৰু তেওঁ ঈশ্বৰ । পৰমাত্মা কাৰ্য্যৰো অতীত আৰু কাৰণতকৈও উত্তম; সেই হেতুকেই ভগৱানক পুৰুষোত্তম বােলা যায়। যি যােগী পুৰুষে মায়া-মােহ ভেদ কৰি ভগৱানক এই পুৰুষােত্তম ৰূপে জানি ভজনা কৰে, তেৱেঁই প্রকৃত তত্ত্বদৰ্শী, তেওঁ সৰ্বজ্ঞ আৰু তেওঁ ভক্তিযোগৰ দ্বাৰাই যথার্থ পৰমপুৰুষক উপাসনা কৰে।(২)

 এই ছেগতে সামৰণীত দিবলগীয়া(৩) গুৰুতম তত্ত্বজ্ঞান দান কৰি, ভগৱান শ্ৰীকৃষ্ণই এই বুলি অৰ্জ্জুনক পুনৰপি সম্বােধন কৰিলে, “হে অনঘ(নিষ্পাপ) ! হে ভাৰত ! তোমাৰ আগত মই এই যে গুৰুতম ৰহস্য-শাস্ত্র কীৰ্ত্তন কৰিলোঁ, যি যােগী পুৰুষে তাক হৃদয়ঙ্গম কৰিব পাৰিছে, তেওঁ আত্মজ্ঞানযুত হৈ পৰমপদ লাভ কৰিছে।(৪)


——————————————————————————————————————————————————————————————————————

(১) এই দুই পদৰ বহুল ব্যাখ্যা ইতিপূৰ্ব্বৰ টীকাত দি অহা হৈছে। এই স্থলত সি কাৰ্য্য আৰু কাৰণৰূপে গৃহীত হৈছে ।

(২) গীতা, ১৫শ, আধ্যা, ১২-১৯ শ্লোক ।

(৩) গীতাৰ সামৰণী-আধ্যাত যি বক্তব্য কৈছে, এই ১৫শ, আধ্যাতে তাৰ সাৰ-তত্ত্ব ব্যাখ্যা কৰা হল ।

(৪) গীতা, ১৫শ আধ্যা, ২০ শ্লোক ৷ [ ১২২ ]

১৮ । আধ্যা ।
বাসনা তত্ত্বজ্ঞান ।

 ভোগ-বাসনা দুবিধ,— শুভ আৰু অশুভ(১)। অশুভ বাসনা পৰিত্যাগ কৰি শুভ বাসনা অৱলম্বন কৰাৰ আৱশ্যকতা ব্যাখ্যা কৰাৰ উদ্দেশ্যে ভগৱানে এই বুলি নতুন ছেদত ধৰিলে, “হে অৰ্জ্জুন ! অভয়, তত্ত্বসংশুদ্ধি(২), জ্ঞান আৰু যোগত স্থিতি; দান, দম আৰু যজ্ঞ; স্বাধ্যায়(৩), তপ আৰু আৰ্জ্জব(৪) এই সমস্তই শুভ বাসনাৰ ফল দৈবী সম্পদ(৫); অহিংসা, সত্য, অক্রোধ, ত্যাগ, শান্তি, পৰনিন্দাবৰ্জ্জন, দয়া, লােভশূন্যতা, মৃদুতা, লজ্জা, চাঞ্চল্যশূন্যতা এইবােৰো দৈবী সম্পৎ বা শুভ বাসনাৰ লক্ষণ। হে ভাৰত ! সাত্ত্বিকী বাসনাৰে যি সকলে সংসাৰত জন্মগ্রহণ কৰে, সেই সকলেই তেজ (সাহ), ক্ষমা, ধৃতি, শৌচ ( চিত্তশুদ্ধি ), অদ্রোহ (অভিৰােধ) অভিমানশূন্যতা এইবােৰ গুণৰ গৰাকী হয় ।

——————————————————————————————————————————————————————————————————————

(১) সাত্ত্বিকী বাসনা শুভ আৰু মুক্তিমাৰ্গৰ হেতু; ৰাজস আৰু তামস বাসনা অশুভ আৰু সংসাৰবন্ধনৰ হেতুস্বৰূপ ৷

(২) মিছা, প্রবঞ্চনা, মায়াদি ত্যাগৰ নামেই তত্ত্বসংশুধি। গীতাৰ ২য়, আধ্যাত স্থিতপ্ৰজ্ঞ পুৰুষৰ ব্যাখ্যাৰ লগত এই বিষয়ে বহলাই কোৱা হৈছে ৷

(৩)শাস্ত্ৰাদি অধ্যয়ন ৷

(৪)কাৰ্য্য,বাক্য, আৰু ভাবৰ একতাৰূপ সাত্ত্বিক ব্যৱহাৰেই আৰ্জ্জব ৷ গীতাৰ ১২শ, আধ্যাত ভগৱৎবস্তুৰ ব্যাখ্যাৰ লগত এই বিষয়ে কোৱা হৈছে ৷

(৫)সাত্ত্বিকী বাসনাই দৈহী সম্পদ ৷গৃহস্থীৰ দৈহী সম্পদৰ বিতংকৈ ধৰিলে [ ১২৩ ]
 
হে পার্থ ! যি বিলাকে ৰাক্ষসী (ৰজোগুণজাত)আৰু আসুৰী (তমােগুণজাত) অশুভ বাসনা লৈ জন্ম ধৰে, সিবিলাক দম্ভ, দর্প, অভিমান, ক্রোধ, কৰ্ক্কশতা, অজ্ঞানতা, এইবােৰ আসুৰী

সম্পদৰ মাথােন গৰাকী হয় । দৈবী সম্পৎ মােক্ষৰ হেতু, আৰু আসুৰী সম্পৎ বন্ধনৰ হেতু বুলি কৈ আহিছোঁ ৷ সেই দৈবী সম্পতৰ মূল সাত্ত্বিকী বাসনা লৈয়ে যে তুমি জন্মগ্রহণ কৰিছাঁ তাত সন্দেহ নাই; এতেকে, হে পাণ্ডৱ, তুমি হতাশ নহবাঁ ৷ হে পার্থ ! এই জগতত দৈব আৰু আসুৰ এই দুবিধ প্ৰকৃতিৰ সৃষ্টি; দৈব প্রকৃতিৰ সাত্ত্বিকী শুভ বাসনাযুত জীৱাত্মাৰ বিষয়ে তোমাক বিস্তৰ ব্যাখ্যা দিয়া হৈছে; এতিয়া আসুৰ প্ৰকৃতিৰ ৰাক্ষসী আৰু তামসী অশুভ বাসনাযুত জীৱাত্মাৰ কথা কওঁ, শুনিবাঁ । (১)

“হে অৰ্জ্জুন ! অসুৰ স্বভাবী মানুহে কিহত প্রবৃত্ত হব লাগে,কিহৰপৰা নিবৃত্ত হব লাগে, সেই বিষয়ে নাজানে; সিহঁতৰ ধৰ্ম্মাধৰ্ম্ম জ্ঞান নাই। (২) গতিকে, সিহঁতৰ শৌচ নাই, আচাৰ নাই, আৰু সত্যও নাই ; নাইবা অহঙ্কাৰ, অভিমান, দম্ভ, দর্প ইত্যাদি কু-প্রবৃত্তিৰ উত্তেজনাত সিহঁতে শৌচাচাৰাদি মানিবলৈ অপাৰগ হয়। আসুৰ প্ৰকৃতিৰ মানুহে কয় যে, জগতৰ মূলত সত্যাসত্তাৰ অস্তিত্ব নাই; ধর্ম্মাধর্ম্মৰূপ প্রতিষ্ঠা যে জগৎ ব্যৱস্থাৰ হেতু, সেইটো সিহঁতে স্বীকাৰ নকৰে; ঈশ্বৰৰপৰা যে জগতৰ সৃষ্টি হৈছে, তাকো সিহঁতে নামানে।


————————————————————————————————————————————————————————————————————————

এইবোৰেই ঘাই;-যেনে, দান (নিজৰ অধিকাৰৰ বস্তুৰ স্বত্ত্বত্যাগ কৰি যোগ্য পাত্ৰত অৰ্পণ), সংযম কৰ্ম্মানুষ্ঠান (দেৱযজ্ঞ, পিতৃযজ্ঞ,ভূতযজ্ঞ ইত্যাদি), ব্ৰহ্মচৰ্য্য বা তাত্ত্বিক, যাচিক আৰু মানসিক তপ, অকপটতা ৷ গীতাৰ ১৩শ,আধ্যাত জ্ঞানৰ লক্ষণ বৰ্ণনাৰ লগত এই বিষয়ে আভাস দিয়া হৈছে ৷

(১) গীতা, ১৬শ আধ্যা, ১-৬ শ্লোক ৷ [ ১২৪ ]
 
সিহঁতৰ মতে বিষয়ভোগ সুখৰ অভিলাষী স্ত্ৰী-পুৰুষ সংযোগেই জগৎ-সৃষ্টিৰ প্ৰাকৃতিক নিয়ম, আৰু কামেই জগতৰ উৎপত্তিৰ হেতু, ইয়াত বাজে অন্য কাৰণ নাই। এই আসুৰী প্ৰকৃতিৰ মানুহৰ আত্মা সততে কাম, ক্ৰোধ, লোভ, মোহাদি বাসনাৰ দ্বাৰাই আবৃত (১); গতিকে সিহঁত অল্প বুদ্ধিজীবী (২) আৰু উগ্ৰকৰ্ম্মা(৩), সিহঁতে অন্যৰ অহিত সাধনৰ অৰ্থে জন্মগ্ৰহণ কৰে। সিহঁতে হৃদয়ৰ পূৰাব নোৱাৰা বাসনাজনিত দম্ভ, মান, মদত উন্মত্ত হৈ অশুচি আৰু শাস্ত্ৰবিৰুদ্ধ কাৰ্য্যত প্ৰবৃত্ত হয় ৷ অশুভ বাসনাযুত আসুৰ স্বভাবী মানুহে পাপ, পুণ্য, পৰলোক, স্বৰ্গলাভ, নৰক-মুক্তি মোক্ষপ্ৰাপ্তি এইবোৰ একোকে নামানে; তাহাঁতৰ বিশ্বাস যে, যিমান দিন দেহা, সিমান দিনলৈ মাখোন জীৱন; আত্মাৰ অস্তিত্ব সিহঁতে নামানে। গতিকে, এই জীয়াই থকা কালত বিষয়জনিত সুখভোগেই সিহঁতৰ পুৰুষাৰ্থ। আশে-পাশে অশেষ আশা ডোলেৰে বান্ধখাই সিহঁতে বিষয়বাসনা পূৰাবৰ অৰ্থে অন্যায় বৃত্তি ধৰি অৰ্থ সঞ্চয় কৰে। অশুভ বাসনাযুত আসুৰ প্ৰকৃতিৰ মানুহ কেৱল ধনৰ আকাঙ্ক্ষাত মগ্ন । আসুৰী বাসনাৰ মানুহে নিজকে অতি ক্ষমতাশালী সৰ্ব্বেসৰ্ব্বা ঈশ্বৰ যেন

 (১) যাতনাই যে সংসাৰ-বৃক্ষৰ অবান্তৰ ফুল, সেই বিষয়ক বহুল ব্যাখ্যা গীতাৰ ১৫শ, আধ্যাত বহলাই কোৱা হৈছে; ১৬শ, আধ্যাৰ প্ৰথম এই কেইটা শ্লোকত সেই বাসনাৰ তত্ত্বজ্ঞানৰ আভাস আৰম্ভ কৰা হৈছে। ১৪শ, আধ্যাত গুণাতীত পুৰুষৰ লক্ষণ কীৰ্ত্তনৰ লগত এই দৈব ভূতসৰ্গ বিষয়ৰ আভাস দিয়া হৈছে।
 (২) অল্প:—মদ, মাংস, ৰুধিৰ, মজ্জাদি নিন্দিত পদাৰ্থযুক্ত দেহা ৷ যি দেহত অহংবুদ্ধি,সিয়ে অল্পবুদ্ধি।
 (৩) যি দেহাক মাথোন পালিবৰ উদ্দেশে শাস্ত্ৰনিষিদ্ধ কাৰ্য্যত প্ৰবৃত্ত হয়, সিয়েই উগ্ৰকৰ্ম্মা ৷

[ ১২৫ ]
 
ভাবে; অজ্ঞানমোহিত হৈ নিজ ধনে-ধানে কুলে-মনে সৰ্ব্বপ্ৰধান কৰাৰ অতৃপ্ত অশুভ বাসনাত সততে সিহঁত উন্মত্ত হয়(১) । হে অৰ্জ্জুন ! নানাতৰহৰ দুষিত সংকল্পত বিভোল, মোহজালত মেৰখোৱা আৰু বিষয়-ভোগত অত্যন্ত আসক্ত অশুভ বাসনাৰ মানুহ নৰকত পতিত হয়; অৰ্থাৎ জীৱনত তাৰ ক্লেশ নুগুচে (২)। আপোন-শলাগী, উধৎ স্বভাবী, ধনমানমদযুত আসুৰী বাসনাৰ মানুহে মাথোন লোকক দেখুৱাবলৈ গণ্ডপ্, মাৰি নামনিমিতকৈ যজ্ঞানুষ্ঠান কৰে; তেনেকুৱা যজ্ঞৰ শুভফল নাই(৩)। সেই অশুভ বাসনাৰ ৰাক্ষসী স্বভাৱৰ মানুহে অহঙ্কাৰ, বল, দৰ্প, কাম আৰু ক্ৰোধৰ আশ্ৰয় লৈ

নিজৰ আৰু অন্যৰ দেহস্থিত আত্মৰূপ মোৰ (পৰমাত্মাৰ) প্ৰতি বিদ্বেষ ভাব প্ৰকাশ কৰি অশলাগী হয় মাথোন। সেই দ্বেষপৰৱশ ক্ৰূৰমতি অশুভ বাসনাৰ আসুৰী মানুহে ঘূৰি ঘূৰি আসুৰী যোনিত (৪) জনম লব লগাত পৰে। এই পূৰ্ব্বজন্মৰ ফলাফলৰপৰা কাৰো অব্যাহতি নাই ৷(৫)
 “হে কুন্তীনন্দন! যি মানুহে নিজৰ আসুৰী বাসনাৰ ফলত এবাৰ আসুৰী যোনিত জনম লয়, তাৰ আৰু সহজে উদগতি নহয়;


 (১) গীতা, ১৬শ, আধ্যা ৭-১৫ শ্লোক ৷
 (২) জনেকচিত্তবিভ্ৰান্তা মোহজাল সমাবৃতাঃ ৷ প্ৰসক্তাঃ কামভোগেসু পতঙ্কি নবকেহোশুচৌ ৷—গীতা, ১৬শ, আধ্যা, ১৬ শ্লোক ।
 (৩) “আত্মসম্ভাৱিতাঃ স্তব্ধা ধনমানমদায়িতাঃ। যজন্তে নামসজৈস্তে দম্ভে নাবিধিপূৰ্ব্বকম্ ৷”—গীতা, ১৬শ, আধ্যা, ১৭ শ্লোক ৷
 (৪) সাপ, বাঘ, কুম্ভীৰ, হাঙ্গৰ, বিছা, শ্লোক্ ইত্যাদি জীৱৰ যোনিক লক্ষ্য কৰি কোৱা হৈছে ।
 (৫) গীতা, ১৬ আধ্যা, ১৮-১৯ শ্লোক ।

[ ১২৬ ]
 
তাৰ ক্ৰমাৎ আধোগতি হে হয়। কাম, ক্ৰোধ আৰু লোভ এই তিনি ৰিপু তিনিখন নৰকৰ দুৱাৰ স্বৰূপ(১); এই তিনিৰ প্ৰভাব এৰাব নোৱাৰিলে জীৱৰ উদগতি নাই। কিন্তু যি এই তিনি ৰিপুক দমিৰ পাৰে, সি পৰমগতি লাভ কৰে। যি ৰাক্ষসী বাসনাৰে মানুহে শাস্ত্ৰবিধি অৱজ্ঞা কৰি স্বেচ্ছাচাৰ কৰে, তাৰ ইহলোকত সিদ্ধিলাভ (চিত্তশুদ্ধি) নোহোৱাৰ হেতুকে পৰলোকত পৰমগতি লাভ নহয়। হে অৰ্জ্জুন ! কাৰ্য্য আৰু অকাৰ্য্য নিৰূপণৰ অৰ্থে শাস্ত্ৰই বিশিষ্ট প্ৰমাণ দিছে; এতেকে তুমি কোনো অশুভ বাসনাক প্ৰশ্ৰয় নিদি শাস্ত্ৰমতে স্বধৰ্ম্ম (২) অনুযায়ী কৰ্ত্তব্যপৰায়ণ হোৱাঁ।(৩)




 (১) “ত্ৰিবিধং নৰকস্যেদং দ্বাৰং নাশনমাত্মনঃ ৷
  কামঃ ক্ৰোধস্তুধা লোভগুন্মাদেতবদং ত্যজেৎ ৷”
 —গীতা, ১৬শ আধ্যা, ২১ শ্লোক ৷

 (২) স্বধৰ্ম্মঃ স্বপ্ৰকৃতি পূৰ্ব্বজন্মৰ কৰ্ম্মফল অনুযায়ী যি মানুহে যি প্ৰকৃতি লাভ কৰে, সেই অনুযায়ী বৃত্তিত সেই মানুহ প্ৰবৃত্ত হয় ৷ অৰ্জ্জুনৰ পূৰ্ব্বজন্মৰ কৰ্ম্মফল অতি উত্তম; তাৰ ফলত তেওঁ ক্ষত্ৰিয়কুলৰ তিলক হৈ জয়লাভ কৰিছে ৷ তেওঁৰ স্বধৰ্ম্ম ক্ষত্ৰিয় ধৰ্ম্ম ৷ এতেকে, স্বধৰ্ম্ম পালনৰ অৰ্থে এতিয়া তেওঁ ৰণলৈ উলাহেৰে আগ বঢ়া যুগুত ৷
 (৩) গীতা, ১৬শ আধ্যা, ২০-২৫ শ্লোক ৷
[ ১২৭ ]

১৯ ৷ আধ্যা ৷
সাৰ্ম্প্ৰদায়িক কৰ্ম্মানুষ্ঠান তত্ত্বজ্ঞান ৷

 সংসাৰ আৰু সংসাৰৰ শিপা বাসনা-বিষয়ক তত্ত্বজ্ঞান ব্যাখ্যা শ্ৰৱন কৰি ভক্তিপৰায়ণ অৰ্জ্জুন বীৰে অতি আগ্ৰহৰে সৈতে গুগৱান শ্ৰীকৃষ্ণক সুধিলে, “হে কৃষ্ণ! যিবিলাকে শাস্ত্রবিধিলৈ আওকাণ কৰি আপোন মনেৰে শ্ৰদ্ধাযুক্ত হৈ পূজাদি কৰে (১), সিবিলাকৰ নিষ্ঠা কি ৰূপ? সাত্ত্বিকী, নে ৰাজসী, নে তামসী ?” (২)
 তত্ত্বজ্ঞানী ভগৱান শ্ৰীকৃষ্ণই হৰিষ্ অন্তৰেৰে এই বুলি সমিচাৰ দিলে,-“হে ভাৰত ৷ পুৰ্ব্বজন্মৰ কৰ্ম্মফল অনুযায়ী দেহী আত্মাৰ সাত্ত্বিকী, ৰাজসী আৰু তামসী প্রকৃতিভেদে স্বাভাৱিক শ্রদ্ধা তিনি প্ৰকাৰ।


 (১) সাধাৰণতে কৰ্ম্মানুষ্ঠান তিনি শ্ৰেণীত বিভক্ত। প্রথমতে, যিবিলাকে শাস্ত্ৰবিধি অনুযায়ী ধৰ্ম্মকৰ্ম্মানুষ্ঠান অৰে, সিবিলাক দেৱ সম্প্রদায়; দ্বিতীয়তে, যিবিলাকে শাস্ত্রবিধি জানিও তাৰ প্ৰতি অৱজ্ঞা কৰি নিজ ইচ্ছানুৰূপ কর্ম্মানুষ্ঠান কৰে সেইবিলাক অসুৰ সম্প্রদায়; আৰু যিবিলাকে শাস্ত্রবিধি জানিও তালৈ আওহেলা, কৰি উদাসীন ভাৱে, অথচ শ্রদ্ধাযুক্ত হৈ নিজৰ মনােমত কর্ম্মানুষ্ঠান কৰে, সিবিলাক কোন্ সম্প্রদায় ভুক্ত? অর্জ্জুনে নিজক এই তৃতীয় বিশ্ব সম্প্রদায়ভুক্ত জানি, এই সাম্প্রদায়িক পৰিণাম বিষয়ক সংশয় ভঙ্গনৰ অৰ্থে কৃষ্ণগুৰুত তত্ত্বপ্রশ্ন কৰিছে, এই বিধৰ নিষ্ঠা কি? সাত্ত্বিকী, নে ৰাজসী, নে তামসী ?

 (২) গীতা, ১৭শ আধ্যা, ১ম শ্লোক । [ ১২৮ ]
 
তাৰ বিশদ ব্যাখ্যা দিওঁ, গুনিবাঁ। যিসকলে দেৱতাদিৰ পূজা কৰে, সেইসকল সাত্ত্বিক; যিবিলাকে যক্ষ-ৰাক্ষসাদিৰ পূজা কৰে, সিবিলাক ৰাজসিক; আৰু যিবিলাকে ভূত-প্রেতাদিৰ পূজা কৰে, সিবিলাক তামসিক । যিবিলাকে শাস্ত্ৰত নােহােৱা স্বকল্পিত বিধি অনুসৰি কঠোৰ তপস্যাত ধৰি উপবাস, অনাহাৰ, অনিদ্রা ব্ৰতৰ দ্বাৰাই দেহক কৃশ আৰু দুর্বল কৰে, তাৰ লগে লগে দেহস্থিত আত্মাকো কৃশ কৰে, সেই বিবেকবিহীন লোক ইহলােকত সৰ্বসুখৰপৰা বঞ্চিত আৰু পৰলােকত অধোগতি প্রাপ্ত হয়। সিবিলাক আসুৰ (১) শ্ৰেণীত ভুক্ত ৷(২)

 “প্ৰকৃতিভেদে মানুহৰ আহাৰো তিনি প্ৰকাৰ (৩); আৰু তপ, যজ্ঞ, দান এই ধৰ্ম্মকৰ্ম্মানুষ্ঠানো প্রত্যেকেই তিনি বিধৰ (৪)। সেইবােৰৰ সুকীয়া সুকীয়াকৈ ব্যাখ্যা দিওঁ, শুনিবাঁ ।
 আহাৰঃ—ষি আহাৰে মানুহৰ পৰমায়ু বৃদ্ধি কৰে, যি আহাৰে দুৰ্ব্বল শৰীৰত বল দিয়ে, যি আহাৰে ৰােগ নিবাৰণ কৰে আৰু গুচায়, যি আহাৰে মন-প্রাণ পৰিতৃপ্ত কৰে, যি আহাৰ সোৱাদ, শীতল আৰু ৰুচিকৰ, যি আহাৰে মনত উৎসাহ বঢ়ায়, সেইবােৰ আহাৰেই সাত্ত্বিক সম্প্রদায়ৰ আহাৰ; অতি কেহা, টেঙ্গা, লুনীয়া, চোকা, উগ্র(বাৰ-মচলা দিয়া গুৰুপাকী) আহাৰ, আৰু যি আহাৰ পাচত ৰােগ, শােক, দুখ, বিষাদিৰ কাৰণ হয়, সেই আহাৰ ৰাজসিক সম্প্রদায়ে ভােগ কৰে;


 (১) নিকৃষ্ট সম্প্রদায়ৰ কৰ্ম্মানুষ্ঠানৰ ব্যাখ্যা দিওঁতেই উৎকৃষ্ট সম্প্রদায়ৰ কৰ্ম্মানুষ্ঠান অযাচিতে ব্যাখ্যা কৰা হয়। ইয়াকে নিষেধমুখী ব্যাখ্যা বোলা যায়।
 (২) গীতা, ১৭শ আধ্যা, ২—৬ শ্লোক ।
 (৩) চৰ্ব্ব্য, চোষ্য আৰু লেহ্য এই ত্রিবিধ আহাৰ ।
 (৪) (ক) অগ্নিহােত্রাদি যজ্ঞ; (খ) চান্দ্ৰায়নাদিতপঃ (গ) দানাদি বিশিষ্ট দান ।
[ ১২৯ ] কৰ্ত্তব্য, পঁইতা, আধাসিজা, অতিসিজা, গেলা, পচা, দুর্গন্ধী, এৰা, অশুচি আহাৰ তামসিক সম্প্রদায়ে ভােজন কৰে ।
 যজ্ঞঃ- ফল কামনা ত্যাগ কৰি কেৱল চিত্তশুদ্ধিৰ উদ্দেশে কৰ্ত্তব্য জ্ঞান কৰি যি যজ্ঞ অনুষ্ঠিত কৰা হয়, সেয়ে সাত্ত্বিক যজ্ঞ; ফল কামনাৰে আৰু নিজৰ মহতালি প্ৰকাশৰ উদ্দেশে যি যজ্ঞ কৰা হয়, সি ৰাজসিক ; আৰু যি যজ্ঞ শাস্ত্রবিধিবর্জ্জিত আৰু য'ত শ্ৰদ্ধাৰ অভাৱ, সেই যজ্ঞ তামসিক ।
 তপঃ-শাৰীৰিক তপস্যা, বাচিক তপস্যা আৰু মানস তপস্যা এই তিনি প্ৰকাৰ তপস্যাৰ লক্ষণ এই;—যেনে, দেব, দ্বিজ, গুৰু আৰু প্রাজ্ঞজনৰ পূজা আৰু শৌচ; আৰ্জ্জব, ব্রহ্মচর্য্য, অহিংসা এইবােৰ শাৰীৰিক তপস্যাৰ নিষ্ঠা; সদালাপ, সত্যকথা, অর্থাৎ যি কথা শুনিলে শ্ৰোতাৰ মনােবেদনা নহয়, যি সত্যকথা শুনি শ্রোতাৰ কল্যাণ সাধিত হয়, এনেকুৱা বচন ব্যৱহাৰ আৰু যথাবিধি বেদাধ্যয়ন এইবােৰেই বাচিক তপস্যাৰ লক্ষণ; চিত্তপ্রসন্নতা, অক্ৰুৰতা, মৌন ভাব, আত্মসংযম, চিত্তশুদ্ধি এইবােৰ মানস তপস্যাৰ আচৰণ । কামনা ত্যাগ কৰি নিজ কর্ত্তব্য বােধ কৰা এই ত্ৰিবিধ তপস্যা সাত্ত্বিক; মান-সৎকাৰ, যশস্যা, গৌৰৱৰ উদ্দেশে যি তপস্যা অনুষ্ঠিত হয়, সি ৰাজসিক; দুৰাকাঙ্ক্ষা তৃপ্তি আৰু নিবৃত্তিৰ নিমিত্তে, অথবা আনৰ বিনাশ কামনাৰে যি তপস্যা কৰা যায়, সি তামসিক।
 দানঃ- দেশ-কাল-পাত্ৰভেদে প্রত্যুপকাৰৰ আশা নৰখাকৈ, কেৱল কৰ্ত্তব্যৰ অনুৰােধত যি দান কৰা যায়, সি সাত্ত্বিক; প্রত্যুপকাৰৰ প্রত্যাশা বা স্বর্গাদি ফল কামনাৰে যি দান কৰা যায়, সি ৰাজসিক; যি দান অযোগ্য দেশত, অশুভ কালত, অপাত্ৰত আৰু অৱজ্ঞাৰে সৈতে প্রদত্ত হয়, সি তামসিক দান।(১)


 (১) গীতা, ১৭শ আধ্যা, ৭-২২ শ্লোক ৷ [ ১৩০ ]
 
 “ওঁ তৎসৎ পৰব্ৰহ্মৰ এই তিনিপ্ৰকাৰ নাম শাস্ত্রে নিৰ্দ্দেশ কৰিছে । যি দৰে ওঁকাৰ ৰূপে পৰব্ৰহ্মৰ নাম অ+উ+ম এই ত্রিবর্ণাত্মক, সেইদৰে পূৰ্ব্বকালত মহর্ষিসকলে পৰব্ৰহ্মৰ ওঁ+তৎ+সৎ এই তিনি অবয়ৱযুক্ত নাম মন্ত্ৰৰ আদিতে স্মৰণ কৰিছিল। কাৰণ, তদ্বাৰাই ধর্ম্মানুষ্ঠানৰ কাৰ্যবৈগুণ্য দোষ খণ্ডন কৰা যায় । এই নামৰ প্রভাবেৰেই ব্রহ্মাই আদিতে ব্রাহ্মণ(১), বেদ আৰু যজ্ঞ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিল (২) ।এই হেতুকেই বেদবিদ্ পণ্ডিতসকলে 'ওঁ' নাম উচ্চাৰণ কৰি যজ্ঞ, দান, তপস্যাদি ক্রিয়াত প্রবৃত্ত হয় । এই কাৰণেই মােক্ষ আকাঙ্ক্ষীসকলে 'তৎ' এই শব্দ উচ্চাৰণ কৰি বিবিধ যজ্ঞ, দান, তপস্যাদি সম্পাদন কৰে। আৰু এই নিমিত্তেই, হে পার্থ, শিষ্টসকলে সদ্ভাব (৩) আৰু সাধুভাব জনিত (৪) মঙ্গলজনক কাৰ্যাৰম্ভনত 'সৎ' শব্দ উচ্চাৰণ

 (১) এই প্রসঙ্গত ব্ৰাহ্মণ(ব্ৰাহ্মণান্তেৰ) শব্দৰ দ্বাৰাই ব্রাহ্মণ, ক্ষত্রিয় আৰু বৈশ্য এই ত্ৰিবিধ কি দ্বিজক উপলক্ষ্য কৰা হৈছে।
 —কৃষ্ণানন্দস্বামীকৃত গীতাৰ্থ সন্দীপনী ।
 (২) ঔ তৎসদিতি নিৰ্দ্দেশো ব্ৰাহ্মণস্ত্ৰিবিধঃ স্মৃতঃ ।
 ব্রাহ্মণান্তেন বেদাশ্চ যজ্ঞাশ্চ বিহিতাঃ পুৰা ।
 —গীতা, ১৭শ আধ্যা, ২৩ শ্লোক ।
 (৩) সদ্ভাব অৰ্থ অস্তিত্ব; অর্থাৎ কোনাে বস্তু আছেনে নাই তাত সংশয় হলে ব্ৰহ্মাৰ 'সৎ' নাম উচ্চাৰণ কৰি সেই আশঙ্কা আতৰ কৰা হয় ।
 —কৃষ্ণানন্দ স্বামীৰ গীতাৰ্থ সন্দীপনী ।

 (৪) সাধুভাব, অর্থাৎ সাধুত্ব বা পৱিত্ৰ, অর্থাৎ কোনাে বস্তুৰ পৱিত্ৰতাত সংশয় হলে মহাত্মাসকলে ব্ৰহ্মৰ পৱিত্ৰ নামাঙ্গ 'সৎ' শব্দ উচ্চাৰণ কৰি তাৰ বৈষম্য দোষ খণ্ডন কৰে ৷ [ ১৩১ ]
 
কৰে। কিন্তু, হে অৰ্জ্জুন। শ্ৰদ্ধাই সিদ্ধিৰ মূল; অশ্ৰদ্ধাৰে সৈতে অতি আহুতি দান, ব্ৰাহ্মণ সজ্জনক অন্ন-বস্ত্ৰাদি দান, আৰু কায়িক, বাচিক আদি তপস্যা আৰু আন যি কোনো কৰ্ম্মৰ অনুষ্ঠান কৰা যায়, সমস্ত অসৎ আৰু ব্যৰ্থ হয়; আৰু সেই শ্ৰদ্ধাহীন কাৰ্য্যৰ দ্বাৰাই ইহলোক আৰু পৰলোক কতো কোনো গুণ বা ফল লাভ কৰা নাযায়। (১)
———•——



 (১) গীতা, ১৭শ আধ্যা, ২৩-২৮ শ্লোক। [ ১৩২ ]
২০। আধ্যা।
ত্যাগ তত্ত্বজ্ঞান।

 অষ্টাদশ আধ্যাৰে সৈতে গীতা সম্পূৰ্ণ। এই মোখনী আধ্যাত আগৰ আধ্যাবোৰৰ ভালেমান জটিল তত্ত্বৰ সৰল ব্যাখ্যা দিয়া হৈছে মাথোন, নতুন মূলতত্ত্ব সন্নিবিষ্ট হোৱা নাই। বিশেষ, ১৪শ আৰু ১৫শ আধ্যাতে ১৯শ আধ্যাত কবলগীয়া কথাৰ সাৰাংশ কথিত হৈছে। এতিয়া এই মোখনী আখ্যাৰ ব্যাখ্যাত ভালেমান তত্তৰ বছা বছা লাগতিয়াল গোটাচেৰেক তত্ত্ব-ব্যাখ্যা মাথোন উদ্ধৃত কৰা যাব।

 সৰ্ব্বশাস্ত্ৰবিশাৰদ সূক্ষ্ম তত্ত্বদৰ্শী আত্মজ্ঞনী পৰমাত্মাস্বৰূপ নৰতনু বিশ্ববিকাশ বাহ্যবিঘ্নবিনাশক জীৱস্ত শক্তি মহাবাহু কেশিনিসূদন অন্তৰ ৰিপুসংযমী হৃষীকেশ গোবিন্দ শ্ৰীকৃষ্ণকথিত তত্ত্বজ্ঞান উপলব্ধি কৰি তন্ময় হৈ পাৰ্থবীৰে ভক্তিবিহ্বল শুদ্ধচিত্তেৰে এইবুলি পুনৰপি কৃপাভিক্ষা কৰিলে,—“হে মহাবাহো! হে হৃষীকেশ! হে কেশিনিসূদন! এতিয়া সন্ন্যাস আৰু ত্যাগৰ (১) প্ৰকৃত পাৰ্থক্য কি, জানিবলৈ মোৰ ধাউতি বাঢ়িছে; কৃপা কৰি তাৰ বিশদ ব্যাখ্যা দি মোৰ তত্ত্বজ্ঞান সম্পূৰ্ণ কৰাঁ।” (২)


 (১) 'সন্যাস’ আৰু 'ত্যাগ' এই দুটি 'ঘট' আৰু 'পট'ৰ নিচিনা বিভিন্ন জাতীয় নে, ঘট আৰু ঘটীৰ নিচিনা একেবিধ সঁজুলীৰ বিভিন্ন নাম, অৰ্জ্জুনে তাৰে বিশ্লেষণ বিচাৰিছে।

 (২) গীতা, ১৮শ আধ্যা, ১ম শ্লোক। [ ১৩৩ ]
 

 গীতাশাস্ত্ৰৰ ব্যাখ্যা শ্ৰৱনত অৰ্জ্জুনৰ আসক্তি উপলব্ধি কৰি ভগৱান শ্ৰীকৃষ্ণই হৰিষ্‌ অন্তৰেৰে এই বুলি পুনৰপি সুক্ষ্মতত্ত্বৰ ব্যাখ্যা আৰম্ভ কৰিলে;—“হে অৰ্জুন! বেদশাস্ত্ৰবিপণ্ডিতসকলৰ মতে কামকৰ্ম আৰু তাৰ ফলবাসন বৰ্জন (১) কৰাৰ নাম ‘সন্ন্যাস’; তদুপৰি নিত্যকৰ্ম্ম সমূহ আৰু তাৰ ফলবাসনা বিসৰ্জ্জন দিয়াৰ নাম ত্যাগ। ই ঘট আৰু পটৰ নিচিনা বিভিন্ন জাতীয় নহয়, ঘট আৰু ঘটীৰ নিচিনা একে জাতীয় পদাৰ্থ হে (২)।

 “হে অৰ্জুন! ত্যাগ বিষয়ত পণ্ডিতসকলৰ ভিতৰত মতভেদ আছে। কাৰো মতে মুক্তি বাধক কাম্যকাম আৰু নিত্যকাম মাত্ৰেই বৰ্জ্জনীয়; কাৰো মতে যজ্ঞ, দান, তপস্যাদি কৰ্ম্ম কোনোমতে বৰ্জ্জনীয় নহয়। কিয়নো, এইবোৰ কৰ্ম্মানুষ্ঠান চিত্তশুদ্ধিৰ অৰ্থে প্ৰয়োজনীয়। হে ভৰতসত্তম! সেই সমস্যা খণ্ডাবৰ হেতু মানৱৰ ত্যাগ বিষয়ে মোৰ সিদ্ধান্ত মত এই: ত্যাগ তিনিপ্ৰকাৰ; যেনে, ১ম, ফল কামনা নাৰাখি কৰ্ম্মৰ অনুষ্ঠান কৰা; ২য়, ফলকামনাযুত কৰ্ম্মানুষ্ঠান মাথোন বৰ্জ্জন। ৩য়, ফলকামনা আৰু তাৰ লগতে সমুদায় কৰ্ম্মানুষ্ঠান পৰিহাৰ কৰা। ইয়াৰ ভিতৰত প্ৰথম বিধেই শ্ৰেয়ঃ। নিত্যকৰ্ম্ম ত্যাগ কৰাও বিধেয় নহয়। কৰ্তব্যবোধত কৰ্ম্মৰ অনুষ্ঠান কৰি, তাৰ ফল বাসনালৈ উদাসীন হোৱাই সাত্ত্বিক ত্যাগ; এই ত্যাগেই গ্ৰহণীয়। (৩)


 (১) কাম্যকৰ্ম্ম মাত্ৰেই মুক্তি প্ৰতিবন্ধক, ইয়াৰ ফল কামনাই মুক্তিমাৰ্গ ৰোধ কৰে।

 (২) গীতা, ১৮শ আধ্যা, ২য় শ্লোক।

 (৩) গীতা, ১৮ আধ্যা, ৩-১১ শ্লোক। [ ১৩৪ ]
 

 “হে পাৰ্থ! অত্যাগী (১) মানুহৰ চিত্তশুদ্ধি হোৱাৰ আগেয়েই মৃত্যু হলে সেই মানুহে কৰ্ম্মানুষ্ঠানৰ প্ৰায়শ্চিত্ত স্বৰূপ পুনৰ্জন্ম লব লগাত পৰে। কিন্তু, 'স্বয়ং কৰ্ত্তা’ ৰূপ যাৰ অভিমান নাই, যাৰ বুদ্ধি কাৰ্য্যত লিপ্ত নহয়, তেওঁ সমস্ত লোক বধ কৰিলেও প্ৰকৃতপক্ষে তেওঁৰ একো কৰা নহয়, তেওঁ তাৰ বাবে প্ৰায়শ্চিত্তভাগীও নহয় (২)। হে অৰ্জ্জুন! আগেয়ে কৈ অহা ত্ৰিবিধ জ্ঞানৰ সূত্ৰ মনত ৰাখিলে কৰ্ম্মানুষ্ঠানত বিঘ্ন বা বেমেজালি নঘটে। সেই বিবিধ জ্ঞান হৈছে, সাত্ত্বিক জ্ঞান, ৰাজসিক জ্ঞান আৰু তামসিক জ্ঞান। (ক) যি জ্ঞানৰ দ্বাৰাই সৰ্ব্বব্যাপী এক অন্যায় সত্তাৰূপ ভাব উপলব্ধি হয়, সেয়ে সাত্ত্বিক জ্ঞান; (খ) যি জ্ঞানৰ- দ্বাৰাই ভিন্‌ ভিন্‌ দেহস্থিত ভিন্‌ ভিন্‌ পদাৰ্থৰ অনুভৱ হয়, সেয়ে ৰাজসিক জ্ঞান; (গ) যি জ্ঞানৰ দ্বাৰাই সৰ্ব্বব্যাপী আত্মাক কোনো এটা সুকীয়া দেহত বা মূৰ্ত্তিত বা কৰ্ম্মানুষ্ঠানত আৱদ্ধ অনুভৱ কৰায়, সেয়ে তামসিক জ্ঞান। (৩)

 “হে পাৰ্থ! যি বুজিৰ বলত প্ৰবৃত্তি আৰু নিবৃত্তি, কাৰ্য্য আৰু অকাৰ্য্য ভয় আৰু অভয়, বন্ধন আৰু মুক্তি বিষয়ে জ্ঞাত হোৱা যায়, সেয়ে সাত্ত্বিক বুদ্ধি; যি বুদ্ধিৰ দ্বাৰাই ধৰ্ম্ম আৰু অধৰ্ম্ম, কাৰ্য্য আৰু অকাৰ্য্য ইত্যাদি বিষয়ত সংশয় ওপজে, সেয়ে ৰাজসিক বুদ্ধি; যি বুদ্ধিয়ে অজ্ঞান- অন্ধকাৰলৈ নি অকাৰ্যক কাৰ্য্য, অধৰ্ম্মক ধৰ্ম্ম আৰু অন্যান্য সকলো বিষয়তে বিপৰীত বোধ জন্মায়, সেয়ে তামসিক বুদ্ধি। সেই অনুক্ৰমে


 (১) যিবিলাকে কৰ্ম্মৰ আংশিক অনুষ্ঠান আৰু আংশিক পৰিত্যাগ কৰে, সিবিলাকক অত্যাগী 'সন্ন্যাসী' বা 'গৌণসন্ন্যাসী' বোলা যায়।

—শ্ৰীধৰ স্বামীকৃত গীতাৰ টীকা।

 (২) এনেবিধ কৰ্ম্মীৰ কৰ্মানুষ্ঠানক পৰমাৰ্থ সন্ন্যাস বোলা যায়।

 (৩) গীতা, ১৮ আধ্যা, ১২-২২ শ্লোক।
[ ১৩৫ ]
 

সেই সেই বুদ্ধিৰ অনুগামীসকলো সাত্ত্বিক, ৰাজসিক আৰু তামসিক কৰ্ত্তাৰূপে অভিহিত। তদনুযায়ী ধৃতিও সাত্ত্বিক, ৰাজসিক আৰু তামসিক ৰূপে ত্ৰিবিধ। (১)

 “হে ভৰতশ্ৰেষ্ঠ! সত্ত্ব, ৰজ, তমঃ গুণানুসাৰে মানুহে অভ্যাসত অনুভৱ কৰা সুখ আৰু দুখো তিনি প্ৰকাৰ;— যি সুখৰ আৰম্ভণ বিহযেন (২) আৰু পৰিণাম অমৃতহেন (৩), আৰু যাৰপৰা আত্মবুদ্ধিৰ প্ৰসঙ্গতা জন্মে, সেয়ে সাত্ত্বিক সুখ; যি সুখৰ আৰম্ভণ অমৃতহেন আৰু সামৰণ বিহযেন, আৰু যি বিষয় আৰু ইন্দ্ৰিয়ৰ যোগত উদয় হয়, সেয়ে ৰাজসিক সুখ; আৰু যি সুখ কেৱল তন্ত্ৰা, এলাহ আৰু প্ৰমাদমূলক, সেয়ে তামসিক সুখ। এই তিনিগুণ প্ৰকৃতিজাত গতিকেসি সকলোতে বৰ্ত্তমান। এই স্বাভাবিক গুণানুসাৰেই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰৰ কৰ্ম্মবিভাগ নিৰূপিত হৈছে (৪)। শম, দমঃ, তপঃ, শৌচঃ, ক্ষমা, সৰলতা, জ্ঞান,


 (১) গীতা, ১৮ আধ্যা, ২৩-৩৫ শ্লোক।

 (২) সাত্ত্বিক সুখজ্ঞান বৈৰাগ্য, ধ্যান আৰু সমাধি আদিৰ দ্বাৰাই সাধন কৰা যায়; গতিকে সি কষ্টসাধ্য হেতুকে আদিতে বিহযেন লাগে।

 (৩) সাত্ত্বিক সুখৰ সাধনা এবাৰ সিদ্ধি হৈ উঠিলে সি পৰম আনন্দদায়ক হয়; গতিকে তেতিয়া সি অমৃতযেন বোধ হয়।

 (৪) ব্ৰাহ্মণক্ষত্ৰিয়বিশাং শুদ্ৰাণাং পৰম্ভপ। কৰ্ম্মাণি প্ৰবিতকানি স্বভাব- প্ৰভবৈগুণৈঃ।—গীতা, ১৮শ আধ্যা, ৪১ শ্লোক।

 ব্ৰাহ্মণক্ষত্ৰিয়বিশাং ব্ৰাহ্মণ + ক্ষত্ৰিয় + বিশ্‌, এই তিনি শব্দৰ সংযোগ সমাসে এই তিনি বৰ্ণৰ দ্বিজত্ব আৰু বেদাধ্যয়ন অগ্নিহোত্ৰাদি কৰ্ম্মত অধিকাৰ দেখুৱাইছে। স্বভাবপ্ৰতৈৰ্গুণৈঃ বাক্যে প্ৰমাণ কৰিছে যে, সত্ত্ব, ৰজঃ, তমঃ ত্ৰিগুণাত্মিক প্ৰকৃতি বা স্বধৰ্ম্ম অনুযায়ী এই বৰ্ণ চতুষ্টয়ৰ সৃষ্টি হৈছে। যেনে, সাত্ত্বিকগুণী ব্ৰাহ্মণৰ কৰ্ম্ম পূজন, যাজন, অধ্যয়ন; ৰাজসিকগুণী ক্ষত্ৰিয়ৰ ধৰ্ম্ম শাসন, পালন, অধ্যয়ন; মিশ্ৰগুণী বৈধ্যধৰ্ম্ম কৃষি, বাণিজ্য, অধ্যয়ন; তামসিকৰূপী শূদ্ৰৰ কৰ্ম্ম সেৱা, শুশ্ৰূষা, শ্ৰমণ; অথবা

সেই সেই গুণানুসাৰে সেই সেই বৰ্ণৰ উৎপত্তি।—কৃষ্ণানন্দস্বামীকৃত গীতাসন্দীপনী। [ ১৩৬ ]
 
বিজ্ঞান আৰু আস্তিকতা এই ৯টা ব্ৰাহ্মণৰ ধৰ্ম্ম বা স্বভাবজাত ধর্ম্ম; শৌর্য, তেজ, ধৃতি, দক্ষতা, যুদ্ধত অপৰাঙ্মুখতা, ঈশ্বৰভাব (প্রভুত্ব) আৰু দান এই কেইটা ক্ষত্রিয়ৰ স্বধৰ্ম্ম বা প্রকৃতিগত কর্ম্ম; কৃষি, গাে-ৰক্ষা আৰু বাণিজ্য এই কেইটা বৈশ্যৰ স্বধর্ম বা স্বাভাবিক কৰ্ম্ম; আৰু উল্লিখিত দ্বিজাতিত্ৰয়ৰ সেৱা আৰু শুশ্রুষা শূদ্ৰৰ স্বধৰ্ম্ম বা স্বভাবজ কর্ম্ম (১)৷(২)

 “হে অৰ্জ্জুন! যি ঈশ্বৰে আকাশাদি ভূতসমূহ সৃষ্টি কৰিছে, যি ঈশ্বৰ বিশ্বব্ৰহ্মাণ্ডৰ সৰ্ব্বত্ৰতে বিদ্যমান আছে, সেই ঈশ্বৰক মানুহে স্বধর্ম্ম (৩) অনুযায়ী কৰ্ম্মৰ দ্বাৰাই অর্চ্চনা কৰি সিদ্ধিলাভ কৰিব পাৰে । হে কুন্তীনন্দন! “স্বধর্ম্মো নিধনো শ্রেয়ঃ” এই পূর্ব্বোক্ত উপদেশ সততে পালন কৰিলেই পৰানিষ্ঠাজ্ঞান (৪) লাভ কৰিব পাৰিবাঁ। বিশুদ্ধ বুদ্ধিৰ


 (১) শমো দমন্তপ শৌচং ক্ষান্তিবাৰ্জ্জবমেষ চ। জ্ঞানং বিজ্ঞানমাস্তিক্যং ব্ৰাহ্মং কর্ম্ম স্বভাবজম্ ৷—গীতা, ১৮ আধ্যা, ৪২ শ্লোক।
 শৌৰ্য্যং তেজো ধৃতিদাক্ষ্যং যুদ্ধে চাপ্যপলায়নম্ ॥
 দানমীখবভাবশ্চ ক্ষাত্ৰং কৰ্ম্ম স্বভাবজম্ ।
 —গীতা, ১৮শ, আধ্য, ৪০ শ্লোক ।
 “কৃধিগৌৰক্ষ্যবাণিজ্যং বৈশ্যং কর্ম্ম স্বভাবজম্ ।
 পৰিচৰ্য্যাত্মকং কর্ম্ম শূদ্ৰস্যাপি স্বভাবজম্ ৷৷
 —গীতা, ১৮শ আধ্যা, ৪৪ শ্লোক ।
 (২) গীতা, ১৮শ আধ্যা, ৩৯-৪৪ শ্লোক ।
 (৩) স্বধৰ্ম্ম অর্থত স্বকুলঙ্গ ধৰ্ম্ম; পুৰ্ব্বজন্মৰ কৰ্ম্মফল অনুযায়ী যি জীবাত্মাই যি কুলত জন্ম লয়, তাৰ সেয়ে কুলঙ্গ ধৰ্ম্ম ৷
 (৪) পৰানিষ্ঠাৰ উপৰি আৰু সাধনা নাই। এতিয়া, গীতা ব্যাখ্যাৰ সামৰণিত পৰমগুৰু শ্ৰীকৃষ্ণই পৰমভক্ত শিষ্য অৰ্জ্জুনক শেহ গুহ্যতম জ্ঞান উপদেশ দিবলৈ উদ্যত হৈছে ৷

[ ১৩৭ ]
 
বলেৰে ইন্দ্রিয়াদিক সংযত কৰি, অর্থাৎ ৰূপ-ৰস-গন্ধাদিৰপৰা চিত্তক নিবৃত্ত কৰি, বিষয়ানুৰাগত যি উদাসীন হব পাৰে, সেই মহাত্মা পুৰুষেই ব্ৰহ্মভাব লাভ কৰিব পাৰে। যি ব্ৰহ্মত অৱস্থিত, যি প্রসন্নমনা, যি শােকত উদ্বিগ্ন নহয়, যি কোনো প্রকাৰৰ আকাঙ্ক্ষা নকৰে আৰু যি সৰ্ব্বভূতৰ প্ৰতি সমদৰ্শী, সেই মহাত্মাই পৰম পৰমাত্মাভক্তি লাভ কৰে । আৰু পৰিণামত পৰমাত্মাতে প্রৱেশ কৰে। কিয়নাে, নিষ্ঠাবান হৈ চিত্তশুদ্ধি লাভ কৰি ভগৱানৰ শৰণাগত হলেই মুক্তিপদ লাভ কৰা যায়। এতেকে, হে অৰ্জ্জুন, তুমি যোগবলেৰে সমস্ত কৰ্ম্ম ভগৱানত সমৰ্পণ কৰি চিত্তস্থিৰ ব্ৰহ্মপৰায়ণ হলেই সমস্ত দুখ-চিন্তাৰপৰা উত্তীর্ণ হবাঁ । নচেৎ, অহঙ্কাৰ কৰি ইয়াৰ অন্যথা কৰিলে তুমি বিনষ্ট হবাঁ (১)”।

 “হে অৰ্জ্জুন! অহঙ্কাৰ কৰি যুদ্ধ নকৰোঁ বুলিও তুমি ৰব নােৱাৰিবাঁ । কিয়নো, তোমাৰ স্বধৰ্ম্মে (২) তােমাক যুদ্ধত প্রবৃত্ত হবলৈ বাধ্য কৰিব । তােমাৰ অভিমান নিশ্চয় নৰজিব, আৰু তোমাৰ এই মােহ আপুনি মাৰ যাবগৈ। হে কুন্তীনন্দন! এই কথা ধুৰুপ বুজিবা যে, ভগৱানে প্রাণীসমূহৰ হৃদয়ত বাস কৰি গােটেই জগতক পুতলাৰ দৰে নচুৱাব লাগিছে। এতেকে, তুমি যুদ্ধ নকৰোঁ বােলা অহঙ্কাৰ পৰিহাৰ কৰি ভগৱন্তৰ শৰণাগত হােৱাঁ; নহলে তােমাৰ নিস্তাৰ নাই। কিন্তু, স্বধর্ম্ম পালন কৰোঁতে নিধন হলেও তুমি মােক্ষপ্রাপ্ত হবাঁ।” (৩)


 (১) গীতা, ১৮শ আধ্যা, ৪৫–৫৮ শ্লোক ।
 (২) অৰ্জুনৰ স্বধৰ্ম্ম ৰাজসিক,–যুদ্ধত পৰান্মুখ নোহােৱা ।
 (৩) গীতা, ১৮শ আধ্যা , ৫৯-৬২ শ্লোক ।
[ ১৩৮ ]

২১ ৷ আধ্যা ৷
গুহ্যাতিগুহ্য গীতাতত্ত্ব—সঞ্জয়-মন্তব্য ৷


 সামৰণিত পৰম গুৰু শ্ৰীকৃষ্ণই পৰম প্রিয়-শিষ্য অৰ্জ্জুনক এই বুলি শেষ উপদেশ দিলে, “হে অৰ্জ্জুন! মই তােমাৰ আগত গুহ্যাতিগুহ্য আত্মজ্ঞান (১) ব্যাখ্যা কৰিলোঁ । এতিয়া সেই ব্যাখ্যাৰ আদিৰপৰা অন্তলৈকে অতি গভীৰ ভাৱে সুমৰি চাই তুমি যেনে যুগুত বিবেচনা কৰাঁ, তাকে কৰাঁ । হে অৰ্জ্জুন ! তুমি সমুদায় ধৰ্ম্মৰ অনুষ্ঠান (২) সাৰ কৰি কেৱল ভগৱানৰ শৰণাগত হােৱাঁ, তেনেহলেই তুমি সৰ্ব্ব-পাপৰপৰা মুক্তি পাবাঁ যে তাত সংশয় নকৰিবাঁ (৩)। হে অৰ্জ্জুন ! তােমাৰ হিতার্থে যি গুহ্যাতিগুহ্য গীতা ব্যাখ্যা কৰিলোঁ, এই ব্যাখ্যা-


 (১) মন্ত্র-তন্ত্র মণি-ৰসায়নাদি গুহ্যপদার্থতকৈও আত্মজ্ঞান গুহ্যতম । কিয়নাে, মণিমন্ত্ৰাদিয়ে অনিত্য সাংসাৰিক সুখ মাথোন লাভ কৰায়, কিন্তু আত্মজ্ঞানৰ প্ৰভাৱত জীৱই ব্ৰহ্মানন্দৰূপ নিত্যসুখ লাভ কৰে ।
 (২) 'সর্ব্বধৰ্ম্মান্ পৰিতাজ্য' বোলোঁতে 'সৰ্ব্বকৰ্ম্মসন্যাস' বুলি বুজিব নালাগে । কিয়নো, ভগৱানৰ শৰণাগত হােৱাও এক ধৰ্ম্ম । গতিকে, ইয়াকে হে বুজিব লাগে যে, সর্ব্বধর্ম্ম পৰিত্যাগ কৰিলেও যি পাপ হব পাৰে, ভগৱানৰ শৰণাগত হলে তেনে পাপৰো প্রায়শ্চিত্ত হয়।— শ্ৰীধৰস্বামীকৃত টীকা ।
 (৩) সর্ব্বধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ ।
 অহং ত্বা সর্ব্বপাপেত্যো মোক্ষদিব্যামি মা গুচঃ ।।

 —গীতা, ১৮শ আধ্যা, ৬৬ শ্লোক ৷ [ ১৩৯ ]
 
উপদেশ তপস্যাবিহীন, ভক্তিবৰ্জ্জিত, শুশ্রুষাৰহিত আৰু ভগৱানৰ প্রতি অশ্রদ্ধাযুত লোকৰ আগত কোৱা কাচিতো উচিত নহয় (১)। এই গীতাতুল্য প্রিয়বস্তু মােৰ আন একো নাই; এই গীতা পাঠত যাৰ প্ৰৱল অনুৰাগ তাৰ সমান মােৰ প্ৰিয় আন কোনো নহয়; যি ভক্তিৰে সৈতে গীতাপাঠ শ্ৰৱন কৰে তাৰ প্রতিও মই সততে তুষ্ট ।

 সামৰণিত ভগৱান শ্রীকৃষ্ণই অতি আগ্ৰহৰে সৈতে অৰ্জ্জুনক পুনৰপি সুধিলে, “হে পার্থ ! এই গীতশাস্ত্র ব্যাখ্যা তুমি একাগ্রচিত্তেৰে শুনিলা নে ? হে ধনঞ্জয় ! তােমাৰ অজ্ঞানকৃত মােহজাল বিনষ্ট হল নে?(২)
 অৰ্জ্জুনে গভীৰ কৃতজ্ঞতাৰে সৈতে অতি ভক্তিভাৱে তেওঁৰ শেষ-সিদ্ধান্তমত এই বুলি নিবেদিলে, “হে অচ্যুত ! তোমাৰ কৃপাত মােৰ সমস্ত মােহ বিনষ্ট হল; তোমাৰ অনুগ্ৰহত মই স্থিৰচিত হলোঁ; আৰু তােমাৰ অভয় চৰণত শৰণাগত হৈ মই সৰ্ব্বসংশয়ৰপৰা মুক্ত হলোঁ। এতিয়া, হে প্রভাে ! তােমাৰ উপদেশানুৰূপ কাৰ্য্য কৰিবলৈ মই সষ্টম হৈছোঁ (অর্থাৎ, মই যুদ্ধত প্রবৃত্ত হবলৈ প্রস্তুত হৈছোঁ)।(৩)


 (১) কিয়নো, বিনা তপস্যাত গীতাৰ উপদেশ ধাৰণা কৰিবলৈ শক্তি নােপজে; ভক্তিবিনে গীতোপদেশ গ্রহণ বা শ্ৰবনলৈ প্ৰবৃত্তি নজন্মে; গুৰুশুশ্ৰুষা নহলে গীতাৰ মৰ্ম্মাৰ্থ লাভৰ সভাৱনা নাই । ঈশ্বৰত অসূয়া ত্যাগ নকৰিলে গীতাৰ সাৰতত্ত্ব ব্ৰহ্মানন্দ উপলদ্ধি নহয় ।
 —কৃষ্ণানন্দস্বামীকৃত গীতাসন্দীপনী ।
 (২) গীতা, ১৮শ আধ্যা, ৬৩-৭১ শ্লোক ৷
 (৩) গীতা, ১৮শ আধ্যা, ৭২-৭৩ শ্লোক ৷
[ ১৪০ ] ৰাজনৈতিক মহাপুৰুষ আৰু আধ্যাত্মিক মহাগুৰু শ্ৰীকৃষ্ণৰ গীতাশাস্ত্র ব্যাখ্যাৰ উদ্দেশ্য সিদ্ধি হােৱাত(১), পাণ্ডৱ কেশৰী ধনুৰ্দ্ধৰ ধনঞ্জয়ৰে সৈতে পৰম উলাহেৰে তেওঁ পাণ্ডৱ শিবিৰৰ মুখে পুনৰপি ৰথ চলাই দিলে। কৃষ্ণাৰ্জ্জুনৰ পুনৰপি শিবিৰ প্ৰৱেশত পাণ্ডৱবাহিনীৰ প্ৰাণত আনন্দ-উলাহে নধৰা হল ।
 সদৌ শেহত, সৰ্ব্বজ্ঞস্বৰূপ সঞ্জয় মন্ত্রীয়ে ধৃতৰাষ্ট্ৰ ৰজাৰ আগত কুৰুক্ষেত্র মহাৰণৰ আয়োজনৰ বৰ্ণনা দিয়া প্রসঙ্গত এই অদ্ভুত কৃষ্ণাৰ্জ্জুন-সম্বাদ বর্ণনা কৰি, এই বুলি মন্তব্য প্রকাশ কৰিলে, “হে মহাৰাজ । ভগৱান বাসুদেৱ আৰু মহাবাহু অৰ্জ্জুনৰ মাজত হােৱা ৰােমাঞ্চক যােগতত্ত্বৰ ব্যাখ্যা শুনি আচৰিত হলোঁ । যি শক্তিৰে মই আপোনাক কুৰুক্ষেত্র মহাৰণৰ বিষয়ে দাঁড়ৰ বাতৰি দাঁড়ে দি আহিছোঁ, সেই শক্তিৰ প্রভাবেৰেই কৃষ্ণাৰ্জ্জুনৰ মাজত হােৱা গুহ্যতম যােগতত্ত্ব মই হু-বহু শুনি চৰিতাৰ্থ হলোঁ । হে মহাৰাজ। সেই অদ্ভুত কথােপকথন মই সুমৰি চাওঁমানে মােৰ অন্তৰ আনন্দত পুলকিত হত্ন(২)। হে ৰাজন্ ! শ্ৰীকৃষ্ণৰূপ হৰিৰ


 (১) সাংসাৰিক মায়া-মােহ ভঙ্গ কৰি, নিবৃত্ত অৰ্জ্জুনক যুদ্ধত প্রবৃত্ত কৰাটোৱেই গীতা ব্যাখ্যাৰ মুখ্য উদ্দেশ্য আছিল । অথবা, সেই উদ্দেশ্যেই কৃষ্ণধৰ্ম্মশাস্ত্ৰ গীতাৰ সৃষ্টি হয়। এতিয়া, অৰ্জ্জুন যুদ্ধত প্রবৃত্ত হবলৈ প্রতিশ্রুত হােৱাত, সেই উদ্দেশ্য সিদ্ধি বা সাম্ফল হৈছে ।
 (২)গুহ্যাতিগুহ্য গীতাশাস্ত্ৰ ভগৱান শ্রীকৃষ্ণই পৰমভক্ত শিষ্য অৰ্জ্জুনৰ আগত মাথােন ব্যাখ্যা কৰিছিল; সেই পৰম ছেগতে সঞ্জয়েও সৌভাগ্যক্রমে স্বয়ং যােগেশ্বৰৰ মুখে সেই যােগতত্ত্ব ব্যাখ্যা শ্ৰৱন কৰি পৰম পুলকিত বােধ কৰিছিল ।

 —কৃষ্ণানন্দস্বামীৰ গীতাসন্দীপনী ৷ [ ১৪১ ]
 
সেই বিশ্বৰূপ ধাৰণৰ বিষয়ে মই যিমানেই সুমৰি চাইছোঁ, সিমানেই মােৰ প্রাণত বিস্ময় জন্মিছে, সিমানেই মই আনন্দত আপােন-পাহৰা হৈছোঁ।(১) হে মহাৰাজ ! যি পক্ষত স্বয়ং যােগেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ সৰ্ব্বসাৰথি, যি পক্ষত গাণ্ডীবধাৰী বীৰকেশৰী অৰ্জ্জুন বর্ত্তমান, সেই পক্ষেই যে ৰাজৰ্শ্রী, বিজয়, স্তুতি আৰু নীতি আশ্রয় হব, আৰু শেহান্তৰত সেই পক্ষেই যে কুৰুক্ষেত্র মহাৰণত জয়লাভ কৰিবগৈ তাত সংশয় নাই।(২)






 (১) গীতা, ১৮শ আধ্যা, ৭৪-৭৭ শ্লোক ।
 (২) যত্ৰ যোগেশ্বৰ বৃকো যত্ৰ পাৰ্বো ধনুৰ্ধৰ ৷
 তত্ত শ্ৰীবিজয়ো কৃতিধ্ৰুবা নীতিম্মতিৰ্ম্মম ৷৷
 —গীতা,১৮শ আধ্যা, ৭৮ শ্লোক ৷

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )