পদ্মপত্ৰত পানীৰ সেই শক্তি নাখাটে (১); সেইদৰেই কৰ্ম্মই কৰ্ম্মা-
নুষ্ঠানকাৰী মাত্ৰকেই কামপাশত আৱদ্ধ কৰে, কিন্তু যি ফল-ফামনা-
বৰ্জ্জিত কৰ্ম্মানুষ্ঠানকাৰী, সিবিলাকক কমপাশে বান্ধিব নোৱাৰে।
কৰ্ম্মযোগীগণে ফল কামনা পৰিত্যাগ কৰি চিত্তশুদ্ধিৰ উদ্দেশে কেৱল
শৰীৰ, মন, বুদ্ধি আৰু ইন্দ্ৰিয়াদিৰ দ্বাৰাই হে কাম কৰে। নিষ্কাম
কৰ্ম্মযোগীয়ে মোক্ষৰূপ শান্তি লাভ কৰে; কিন্তু কামী অযোগীয়ে ভোগ
বাসনা হেতুকে ঘূৰি ঘূৰি কামপাশত বান্ধ খায়।” (২)
“জিতেন্দ্ৰিয় আত্মদৰ্শী পুৰুষে মনৰপৰা কৰ্ম্মসমূহক বাজ কৰি দি, নবদ্বাৰবিশিষ্ট (৩) হৈ দেহাৰ মাজত স্থিতি কৰে। তেওঁ নিজে কোনো কাৰ্য্য নকৰে, আৰু আনকো প্ৰৱৰ্ত্তিত নকৰে, কাৰণ তেওঁ সততে নিজ স্বাতন্ত্ৰ্য ৰক্ষা কৰে। ঈশ্বৰ বা আত্মা স্বয়ং কৰ্ম্মউৎপাদক নহয়। তেওঁ ফলদাতাও নহয়; ফলভাগীও নহয়। অজ্ঞানৰূপ মায়া বা অনাদি অবিদ্যা বা অনন্ত প্ৰকৃতি হে কাৰ্য্যক্ষেত্ৰ বিয়াপি থাকে। আত্মা জীৱৰ পাপ-পুণ্যৰ গৰাকী নহয়।” (৪)।
‘আত্মবিচাৰৰ ফলত যাৰ অজ্ঞানতা গুচিছে, তেওঁৰ অন্তৰত সূৰ্য্যৱৎ ব্ৰহ্মজ্যোতি প্ৰৱেশ কৰে। যি ব্ৰহ্মনিষ্ঠ আৰু পৰমাত্মাতে যাৰ আত্ম-
(১) “ব্ৰাহ্মণাধায় কৰ্ম্মাণি সঙ্গত্যক্ত্বা কৰোতি যঃ।
লিপ্যতে ন স পাপেন পদ্মপত্ৰমিবাস্তুসা।”
—গীতা, ৫ আধ্যা, ১১ শ্লোক।
(২) গীতা, ৫ম আধ্যা, ১১-১২ শ্লোক।
(৩) দুই চকু, দুই কাণ, দুই নাকৰ বিন্ধা, আৰু এখন মুখ এই সাতখন ঊৰ্দ্ধদ্বাৰ; মলদ্বাৰ আৰু নূত্ৰদ্বাৰ এই দুখন অধোদ্বাৰ; এয়ে- সেয়ে ৯খন দ্বাৰ লগা দেহা ঘৰৰ মাজত জীৱাত্মা অৱস্থিত।
(৪) গীতা, ৫ম আধ্যা, ১৩-১৫ শ্লোক।