হাতে কর্ম্মযােগৰ দ্বাৰাই মানুহে কালত আপােনা-আপুনি আত্মজ্ঞান
লাভ কৰেগৈ। এতেকে, তােমাৰ তুল্য আত্মজ্ঞান-পিপাসু পুৰুষে
নিষ্কাম কর্ম্মযােগ বা ভক্তিযােগ সাধনা কৰা একান্ত বাঞ্ছনীয়।” (১)।
“শ্রদ্ধাবান্, গুৰুভক্ত আৰু জিতেন্দ্রিয় পুৰুষসকল আত্মজ্ঞান লাভৰ ফলত সহজে মােকপ্রাপ্ত হয়। কিন্তু অজ্ঞানী, শ্রদ্ধাহীন আৰু সংশয়যুক্ত লােক অচিৰে বিনষ্ট হয়। হে ধনঞ্জয়! যি যােগ দ্বাৰাই সমস্ত কৰ্ম্ম ভগৱানত অর্পণ কৰা হৈছে, আত্মজ্ঞানৰ প্ৰভাৱত যাৰ সমস্ত সংশয় ছেদ্ হৈছে, কৰ্ম্মৰাশিয়ে সেই আত্মজ্ঞ লােকক আৱদ্ধ কৰিব নােৱাৰে। এতেকে, হে ভাৰত! তুমি জ্ঞানৰূপ অস্ত্ৰেৰে অন্তৰৰ অজ্ঞানজনিত সংশয়সমূহক কাটি পেলােৱাঁ, আৰু কৰ্ম্মযােগ আশ্ৰয় লৈ ৰণলৈ আগ বাঢ়াঁ। অৰ্থাৎ, তুমি হৃদয়ত বৃথা সংশয় পােষণ নকৰিবাঁ; নিষ্কাম চিতেৰে যুদ্ধৰূপ ধৰ্ম্মানুষ্ঠানত প্রবৃত্ত হোৱাঁ। উঠাঁ, উঠাঁ, অনতিপলমে সাজু হােৱাঁ৷ তুমি ভৰত বংশৰ তিলক স্বৰূপ হৈ অবিবেকীৰ দৰে ধর্মভ্রষ্ট নহবাঁ।” (২)
(১) গীতা, ৪র্থ আধ্যা, ৩৭-৩৮ শ্লোক।
(২) গীতা, ৪র্থ আধ্যা, ৩৯-৪২ শ্লোক।