জ্ঞানহীন জীৱ প্ৰকৃতিৰ গুণত মুগ্ধ হৈ ইন্দ্ৰিয়ভোগ্য বিষয়ত আসক্ত হয়। কিন্তু যেতিয়ালৈকে সিবিলাকত আত্মজ্ঞানৰ সঞ্চাৰ নহয়, তেতিয়ালৈ
কে আত্মজ্ঞানীজনে সিবিলাকক কর্ম্মত্যাগলৈ বাট দেখুৱাব নাপায়। এতেকে, হে অৰ্জ্জুন, তুমি কৰ্ম্মৰাশি অধ্যাত্মচিতেৰে মােৰ ওপৰত সমৰ্পণ কৰি, কামনা-মমতা-শোকৰহিত হৈ যুদ্ধত প্রবৃত্ত হােৱা । এই ঐশ্বৰিক মত অনুসৰণ কৰিলে আত্মজ্ঞানশূন্য জনেও কৰ্ম্মজালৰপৰা মুক্তিলাভ কৰে, আৰু যি দুৰ্ব্বুদ্ধি হেতুকে ইয়াৰ বিপৰীত আচৰণ কৰে, তাৰ পুৰুষত্ব আৰু পুৰুষাৰ্থ ভ্রষ্ট হয়। বিশেষতঃ, পূৰ্ব্বজম্মকৃত ধৰ্ম্মাধৰ্ম্মৰ প্রতিফলৰ হাত মহাবলৱন্তেও এৰাব নােৱাৰে।”(১)
“সকলাে ইন্দ্রিয়ৰেই(২) বিষয়ভেদে(৩) অনুৰাগ আৰু বিৰাগ নির্দিষ্ট আছে; কিন্তু দুয়াে জীৱৰ পৰম শত্রু। এতেকে, কাচিতো তাৰ বশীভুত হােৱা উচিত নহয় । কিয়নাে, যেতিয়ালৈকে এই স্বাভাবিক ৰাগ-বিৰাগ বিদ্যমান থাকে, তেতিয়ালৈকে সাধকৰ সাধু উদ্দেশ্য সিন্ধি নহয়।” (৪)
“স্বধর্ম্ম অঙ্গহীন হলেও সম্পূর্ণাঙ্গ বা উত্তমৰূপে অনুষ্ঠিত পৰধৰ্ম্মতকৈ শ্রেষ্ঠ। পৰধৰ্ম্ম নিজ প্রকৃতিবিৰুদ্ধ হেতুকে সি ভয়াৱহ হয় বা শুভফলদায়ক নহয়; কিন্তু নিজ প্রকৃতিগত স্বধর্ম সাধনেৰে স্বপ্ৰকৃতি বিশুদ্ধ কৰোঁতে কৰোঁতে মৃত্যু হলেও মঙ্গল লাভ হয়। হে অৰ্জ্জুন !
——————————————————————————————————————————————————————————————————————
(১) গীতা, ৩য় আধ্যা, ২১-৩৩ শ্লোক ।
(২) শ্ৰোত্ৰ, ত্বক্, নেত্ৰ, বসনা, স্ত্ৰাণ, আৰু বাক্, পাণি, উপাস্থ, পায়ু এই দশেন্দ্রিয় জীৱত বিদ্যমান।
(৩) শব্দ, স্পর্শ, ৰূপ, ৰস, গন্ধ, বচল, আদান, গমন, আনন্দ, মলত্যাগ এই দহোটা ইন্দ্ৰিয়ৰ স্বাভাৱিক প্ৰকৃতি বা বিষয় ৷
(৪) গীতা, ৩য় আধ্যা, ৩১ শ্লোক ৷