হলে তুমি কৰ্ত্তব্যৰপৰা পিছলি পৰাটো হে হব । আৰু, ভাবি চোৱাঁ, এই যুদ্ধত জয় হলে মান, গৌৰৱ, যশস্যা আৰু ৰাজ্য লাভ; আৰু পতন হলেও ধুৰূপ স্বর্গলাভ। এতেকে, এই ধৰ্ম্মযুদ্ধত (১) পৰাঙ্মুখ হলেতােমাক কর্ত্তব্যহানিৰ পাপে চুব; কিয়নাে স্বধৰ্ম্ম আৰু কীৰ্ত্তি স্বইচ্ছাৰে পৰিত্যাগ কৰিলে পাপভাগী হব লগীয়া হয়। তদুপৰি, এই ধর্ম্মযুদ্ধ তুমি আপােন ইচ্ছাৰে পৰিত্যাগ কৰিলে তােমাৰ কীৰ্ত্তিনাশ হব ৷ তেতিয়া সকলােৱেই তোমাৰ অপযশ ৰটিব। হে অৰ্জ্জুন! তোমাৰ তুল্য শৌর্য্য, বীর্য্য, ধর্ম্মনিষ্ঠা আদি বিবিধ গুণেৰে বিভূষিত শ্রেষ্ঠ পুৰুষৰ পক্ষে কীর্ত্তিনাশতকৈ মৰণেই শ্রেয়ঃ । ৰণক্ষেত্ৰত অৱতীৰ্ণ হৈ এতিয়া তুমি ৰণ নিদিয়াকৈ আঁতৰি গলে, যি সকল তোমাৰ সমনীয়া মহাৰণে তােমাক মান কৰিছিল, সেই সকলেও তােমাক ভয়াতুৰ বুলি নিন্দা হে কৰিব । তাৰ দ্বাৰাই তােমাৰ বিষম লঘুতা প্রকাশিত হব । আৰু,দুর্য্যোধনাদি তােমাৰ শত্রুপক্ষীয়গণেও তােমাৰ সামর্থ্য হেয়জ্ঞান কৰি তােমাক উপহাস কৰিবলৈ বাকী নথয় । ইয়াতকৈ অধিক মনস্তাপ আৰু অপমান তােমাৰ পক্ষে আৰু কি হব পাৰে ? ভীষ্মাদি আত্মীয় বধৰ কষ্টতকৈও ই কষ্টকৰ হব ।” (২)
শ্ৰীকৃষ্ণৰ যুক্তি অকাট্য বুলি মানিবলৈ অৰ্জ্জুন বাধ্য হল! কিন্তু, সিমানতো তেওঁ নিজৰ অন্তৰক বুজাব পৰা নাই। এহাতে গুৰুজন্ আৰু আত্মীয়-কুটুম্বাদিক বধ কৰা অসহনীয় ভাব, আনহাতে চক্ৰীচূড়ামণি
(১) ধর্ম্মযুদ্ধৰ ঘাই লক্ষণ:-ৰথবিহীন যোদ্ধাক বধীয়ে আহত নকৰে; নঙ্গঠা, নপুংসক, ৰোগী,শৰণাগত, অস্ত্ৰবিহীন, যুদ্ধদর্শনার্থী, যুদ্ধপৰীক্ষক, ভয়াতুৰ আৰু পলৰীয়াৰ প্ৰতি বধীয়ে অস্ত্ৰ প্ৰহাৰ নকৰে ।
(২) গীতা, ২য় আধ্যা, ৩১-৩৬ শ্লোক ৷