পৃষ্ঠা:গীতাসাৰ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৬
গীতাসাৰ
 

ৰাজনৈতিক মহাপুৰুষ আৰু আধ্যাত্মিক মহাগুৰু শ্ৰীকৃষ্ণৰ গীতাশাস্ত্র ব্যাখ্যাৰ উদ্দেশ্য সিদ্ধি হােৱাত(১), পাণ্ডৱ কেশৰী ধনুৰ্দ্ধৰ ধনঞ্জয়ৰে সৈতে পৰম উলাহেৰে তেওঁ পাণ্ডৱ শিবিৰৰ মুখে পুনৰপি ৰথ চলাই দিলে। কৃষ্ণাৰ্জ্জুনৰ পুনৰপি শিবিৰ প্ৰৱেশত পাণ্ডৱবাহিনীৰ প্ৰাণত আনন্দ-উলাহে নধৰা হল ।
 সদৌ শেহত, সৰ্ব্বজ্ঞস্বৰূপ সঞ্জয় মন্ত্রীয়ে ধৃতৰাষ্ট্ৰ ৰজাৰ আগত কুৰুক্ষেত্র মহাৰণৰ আয়োজনৰ বৰ্ণনা দিয়া প্রসঙ্গত এই অদ্ভুত কৃষ্ণাৰ্জ্জুন-সম্বাদ বর্ণনা কৰি, এই বুলি মন্তব্য প্রকাশ কৰিলে, “হে মহাৰাজ । ভগৱান বাসুদেৱ আৰু মহাবাহু অৰ্জ্জুনৰ মাজত হােৱা ৰােমাঞ্চক যােগতত্ত্বৰ ব্যাখ্যা শুনি আচৰিত হলোঁ । যি শক্তিৰে মই আপোনাক কুৰুক্ষেত্র মহাৰণৰ বিষয়ে দাঁড়ৰ বাতৰি দাঁড়ে দি আহিছোঁ, সেই শক্তিৰ প্রভাবেৰেই কৃষ্ণাৰ্জ্জুনৰ মাজত হােৱা গুহ্যতম যােগতত্ত্ব মই হু-বহু শুনি চৰিতাৰ্থ হলোঁ । হে মহাৰাজ। সেই অদ্ভুত কথােপকথন মই সুমৰি চাওঁমানে মােৰ অন্তৰ আনন্দত পুলকিত হত্ন(২)। হে ৰাজন্ ! শ্ৰীকৃষ্ণৰূপ হৰিৰ


 (১) সাংসাৰিক মায়া-মােহ ভঙ্গ কৰি, নিবৃত্ত অৰ্জ্জুনক যুদ্ধত প্রবৃত্ত কৰাটোৱেই গীতা ব্যাখ্যাৰ মুখ্য উদ্দেশ্য আছিল । অথবা, সেই উদ্দেশ্যেই কৃষ্ণধৰ্ম্মশাস্ত্ৰ গীতাৰ সৃষ্টি হয়। এতিয়া, অৰ্জ্জুন যুদ্ধত প্রবৃত্ত হবলৈ প্রতিশ্রুত হােৱাত, সেই উদ্দেশ্য সিদ্ধি বা সাম্ফল হৈছে ।
 (২)গুহ্যাতিগুহ্য গীতাশাস্ত্ৰ ভগৱান শ্রীকৃষ্ণই পৰমভক্ত শিষ্য অৰ্জ্জুনৰ আগত মাথােন ব্যাখ্যা কৰিছিল; সেই পৰম ছেগতে সঞ্জয়েও সৌভাগ্যক্রমে স্বয়ং যােগেশ্বৰৰ মুখে সেই যােগতত্ত্ব ব্যাখ্যা শ্ৰৱন কৰি পৰম পুলকিত বােধ কৰিছিল ।
 —কৃষ্ণানন্দস্বামীৰ গীতাসন্দীপনী ৷