“হে অৰ্জ্জুন ! বেদবেত্তা পুৰুষগণে যি অক্ষৰ ব্ৰহ্মৰ ব্যাখ্যা কৰে, নিস্পৃহ সন্ন্যাসীগণে যাক তপস্যাৰ ফলত লাভ কৰে, যাক পাবৰ অর্থে ধৰ্মাত্মাসকলে ব্রহ্মচর্য্য ব্ৰত অৱলম্বন কৰে, সেই পৰব্ৰহ্মৰ স্বৰূপ মই সংক্ষেপে ব্যাখ্যা কৰোঁ, সাৱধানে অৱধান কৰিবাঁ।”(১)
“যি সাধু পুৰুষে সমস্ত ইন্দ্ৰিয়দ্বাৰ অৱৰুদ্ধ কৰি, মনক হৃদয়ত নিৰােধ কৰি, প্রাণক মূৰত স্থাপন কৰি, আত্ম-সমাধিত অৱস্থিত হৈ, “ওঁ” এই ব্ৰহ্মৰূপ একাক্ষৰ উচ্চাৰণ কৰোঁতে কৰোঁতে মোক (পৰমাত্মাক) চিন্তি তনু ত্যাগ কৰি প্ৰয়াণ কৰে, তেওঁৱেই পৰমগতি লাভ কৰে (২) । হে পাৰ্থ ! যি সকল সাধু পুৰুষে অনন্যচিত্ত হৈ মােকেই (পৰমেশ্বৰকে) চিৰদিন চিন্তা কৰে, সিবিলাকলৈ মই (মুক্তিপদ) অতি সুলভ; আৰু সিবিলাকে মােক (পৰব্ৰহ্মক) পােৱাৰ পাচত, সর্ব্বদুখৰ আলয় স্বৰূপ পুনর্জ্জন্ম গ্রহণ কৰিব লগাত নপৰে। কিয়নো, হে অৰ্জ্জুন, ব্রহ্মলােকলৈকে সকলো জীৱৰ পুনর্জ্জন্মৰ বিধান আছে; কিন্তু মোক (পৰব্ৰহ্মক) লাভ কৰাৰ পাচত আৰু পুনর্জ্জন্মৰ বিধান নাই।”(৩)
“যি যােগীয়ে ব্রহ্মাৰ চতুৰ্যুগসহস্ৰ পৰিমিত দিন আৰু চতুৰ্যুগসহস্ৰ পৰিমিত ৰাতি(৪) বিষয়ক জ্ঞান লাভ কৰিছে, তেওঁৱেই হে আচল
——————————————————————————————————————————————————————————————————————
(১) গীতা, ৮ম, আধ্যা, ১১শ শ্লোক ৷
(২) “সৰ্ব্বদ্বাৰাশি সংযম্য মনাে হৃদি নিৰুথ্য ।
মুধ্যাধায়াত্মনঃ প্রাণমাস্থিতো যোগধাৰণাম্ ৷৷
ওঁমিত্যেকাক্ষযং ব্ৰহ্ম ব্যাহৰণ্ মামহম্মবৰ্ণ ৷
যঃ প্ৰয়াতি ত্যজন্ দেহং স যাতি পৰমাংগতিম্ ৷৷
—গীতা, অষ্টম আধ্যা ১২-১৩ শ্লোক ৷
(৩) গীতা, অষ্টম আধ্যা, ১৪-১৬ শ্লোকৰ সংযোগ ব্যাখ্যা ৷
(৪) চতুৰ্যুগঃ- সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি ৷ সত্যযুগৰ পৰিমাণ