সমাধিস্থ স্থিতপ্ৰজ্ঞ ব্ৰহ্মজ্ঞানী ৰোগী পুৰুষৰ লক্ষণ কি?—তেওঁ কেনেকৈ কথা কয়? তেওঁ কিৰূপে অৱস্থান কৰে? আৰু, তেওঁ কি ভাৱে চলন-ফুৰণ কৰে?” (১)
অৰ্জ্জুনৰ প্ৰশ্নত উলাহিত হৈ, শ্ৰীকৃষ্ণদেৱে পুনৰপি এই বুলি ব্যক্ত বিষয়ক বিশদ ব্যাখ্যা আৰম্ভ কৰিলে,—“হে অৰ্জ্জুন! হে পাৰ্থ! আপোনাতে আপুনি তুষ্ট হৈ সমাধিস্থ পুৰুষে যেতিয়া নিজৰ চিত্তস্থিত কামনাবোৰ পৰিত্যাগ কৰে, তেতিয়াই তেওঁক স্থিতপ্ৰজ্ঞ বা যোগী পুৰুষ বোলা হয়। অৰ্থাৎ, যোগীপুৰুষে মানৱাত্মাক পৰমাত্মাত বিলীন কৰি পৰমানন্দ চৈতন্যৰূপ লাভ কৰে; তেওঁক মনোবৃত্তিয়ে টলাব নোৱাৰে। তেওঁ মনৰ ধৰ্ম্মৰ বাজ (২); আত্মাৰ ধৰ্ম্মৰো (৩) সমতাযুত (৪) গুণৰ হে তেওঁ গৰাকী। যাৰ চিত্ত দুখকষ্টত অবিচলিত বা উদ্বেগশূন্য; বিষয়- সুখলৈকো যাৰ আকাঙ্ক্ষা নাই; খং, ৰাগ, ভয় ইত্যাদিয়েও যাক টলাব নোৱাৰে, সেই সিদ্ধ পুৰুষকে যোগী বা স্থিতপ্ৰজ্ঞ বোলা যায়। কামনা, সংকল্প, আসক্তি, মায়া, মোহ ইত্যাদি মনৰ ধৰ্ম্ম; সমাধিস্থ পুৰুষ মনোধৰ্ম্মৰপৰা সদায় ওপৰত। হে অৰ্জ্জুন! তুমি সম্প্ৰতি সমাধিস্থ, তোমাৰ উদ্দেশ্য আত্মজ্ঞান লাভ কৰা, সেই লাভে হে তোমাক পৰমানন্দ
(১) যি নিজতে ব্ৰহ্ম দেখা পায়, তেওঁৱেই স্থিতপ্ৰজ্ঞ। স্থিতপ্ৰজ্ঞ পুৰুষ
অৱস্থাভেদে দুই শ্ৰেণীৰ; এটা শ্ৰেণী সমাধিস্থ, আৰু আনটো সমাধিৰপৰা উঠি মুকলি
মনেৰে পৰমাত্মাত স্থিতি লওঁতা। অৰ্জ্জুনে প্ৰথমে সমাধিস্থ স্থিতপ্ৰজ্ঞ পুৰুষৰ, তাৰ
পাচত সমাধিৰপৰা উঠা হৰ্ষবিষাদাদি সমতাবিষ্ট পুৰুষৰ লক্ষণৰ বিষয়ে প্ৰশ্ন কৰিছে।
(২) কামনা, সংকল্প দি মনৰ ধৰ্ম্ম।
(৩) বুদ্ধি, দুখ, সুখ, ইচ্ছা, দ্বেষ, প্ৰযত্ন, ধৰ্ম্ম আৰু অধৰ্ম্ম এই আঠাটা আত্মাৰ ধৰ্ম্ম।
(৪) হৰ্ষবিষাদিৰ প্ৰতি সমজ্ঞান,—যোগ।