পাৰে ৷(১) কিয়নাে, অভ্যাসৰ বলত(২) সকলো সিদ্ধ হয়। অৱশ্যে,তাৰ নিমিত্তে পুৰুষে পুৰুষাৰ্থ কৰিব লাগে ৷”
অৰ্জ্জুনে সুধিলে, “হে কৃষ্ণ ৷ যি ভগৱানভক্ত হৈও নিজ চিত্ত-চাঞ্চল্য দোষত যোগভ্ৰষ্ট হয়,যোগসিদ্ধি নহ'লে তেওঁৰ কি গতি হব ? হে মহাবাহো ৷(৩) সেই তত্ত্বজ্ঞানবিমূঢ় আৰু কৰ্ম্মউপাসনাভ্ৰষ্ট লোক বতাহত পাহ পাহ হোৱা মেঘৰ নিচিনাকৈ নষ্ট নাযাব নে? হে কৃষ্ণ ! মোৰ এই সংশয় তুমি সৰ্ব্বতোভাৱে নাশ কৰি দিয়াঁ ৷ তোমাত বাজে আন কেঁৱে মোৰ এই সংশয় ভঞ্জন কৰিব নোৱাৰে ৷”
ভগৱান শ্ৰীকৃষ্ণই এই বুলি বুজনি-সমিচাৰ দিলে, “হে পাৰ্থ! যোগভ্ৰষ্ট পুৰুষৰ ইহলোক বা পৰলোক কাচিতো নষ্ট নহয় ৷ হে বাপি ! (৫)
——————————————————————————————————————————————————————————————
(১) গীতা, ৬ আধ্যা, ৩৫—৩৬ শ্লোক ।
(২) “অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ” এই নীতিবচনফাঁকিৰ পম্ খেদি নিলেও এই আঁতিগুৰিতে ওলাৱগৈ ৷ অভ্যাস আৰু পুৰুষাৰ্থৰ বলেৰে “অদৃষ্টৰ লিখন” খণ্ডোৱাও অসম্ভৱ নহয় ৷
(৩) ভগৱান শ্ৰীকৃষ্ণই ভক্তবৃন্দৰ আপদ-বিপদ বিঘ্ন-অমঙ্গলাদি নিজ তত্ত্বজ্ঞান আৰু মঙ্গলময় বাহুবলেৰে বিনাশ কৰে হেতুকে এইখিনিত অৰ্জ্জুনে শ্ৰীকৃষ্ণক মহাবাহো বুলি সম্বোধন কৰিছে ৷ বিশেষ,যশোদাৰঞ্জন নন্দনন্দন গোৱৰ্দ্ধনধাৰী কংসেচানুৰ্জ্জন শিশুপাল-জৰান্ধৰাদি কেশৱ মধূসুদন মানৱশ্ৰেষ্ঠ দৈৱকীতনয় বাসুদেৱৰ তুঙ্গবলৰ নিৰ্দশন ইতিপূৰ্ব্বে যুৰি-যুৰিকৈ পোৱা গৈছে ৷
(৪)গীতা, ৬ আধ্যা, ৩৭-৩৯ শ্লোক ৷
(৫)পৰমভক্ত অৰ্জ্জুনে ভগৱান শ্ৰীকৃষ্ণক পৰমগুৰু জ্ঞান কৰি তত্ত্ব প্ৰশ্ন কৰাৰ হেতুকে শ্ৰীকৃষ্ণই অৰ্জ্জুনক সমনীয়া “সখি” সম্বোধন নকৰি, তেওঁৰ শিষ্য জ্ঞান কৰি ‘বাপি’ সম্বোধনেৰে তেওঁৰ প্ৰতি বাৎসল্য ভাৱ দেখুৱাইছে ৷