“হে ভগৱান! তুমিয়েই বায়ু, যম, অগ্নি, বৰুণ, চন্দ্ৰ, ব্ৰহ্মা আৰু ব্ৰহ্মাৰো পিতা; তোমাতপৰ আৰু কেও নাই। এতেকে, হে পৰমাত্মা! তোমাক সহস্ৰ সহস্ৰ বাৰ নমস্কাৰ কৰোঁ, তোমাক পুনঃ পুনঃ নমস্কাৰ কৰোঁ। হে সৰ্ব্বস্বৰূপ! তোমাক বুকুৰ ফালে সেৱা কৰোঁ, পিঠিৰ ফালে সেৱা কৰোঁ, সোঁহাতে সেৱা কৰোঁ, বাওঁহাতে সেৱা কৰোঁ। তুমি জগতৰ সৰ্ব্বত্ৰতে বিদ্যমান। গতিকে, তুমি সৰ্ব্ব। হে প্ৰভো! তোমাৰ এই বিশ্বৰূপ অজ্ঞাত হেতুকে, তোমাক সময়ত কৃষ্ণ, যাদৱ, সখি ইত্যাদি বুলি সম্বোধন কৰিছোঁ; সেইবাবে মোৰ সৰ্ব্বদোষ ক্ষমা কৰিবাঁ। সমনীয়া ভাৱে কেতিয়াবা তোমাক ইতিকিং নকৰাকৈ থকা নাই, সেইবাবেও যেন, হে অচ্যুত, মোৰ অপৰাধ মাৰ্জ্জনা কৰিবা! হে অপ্ৰতিম প্ৰভাব। তোমাৰ তুলনা তুমিয়েই (১), তোমাতপৰ আৰু কেও নাই। এতেকে, হে দেৱ! পিতৃয়ে পুত্ৰৰ, সখিয়ে মিত্ৰৰ, পতিয়ে পত্নীৰ অপৰাধ যি ৰূপে মাৰ্জ্জনা কৰে, মোৰ সৰ্ব্ব অপৰাধ তুমি সেইৰূপে মাৰ্জ্জনা কৰাঁ। হে ভগৱান! মই তোমাৰ পূৰ্বৰ মোহনমূৰ্ত্তি দেখিবলৈ অভিলাষী হৈ প্ৰাৰ্থনা কৰিছোঁ, তুমি এই ভয়ঙ্কৰ বিশ্বমূৰ্ত্তি এৰি আকৌ সেই সৌম্য মূৰ্ত্তি ধৰা। কিৰাটাদিৰে অলঙ্কৃত গদাচক্ৰপাণি কৃষ্ণৰূপ ধাৰণ কৰাঁ।” (২)
অৰ্জুনৰ কাতৰ স্তুতিত তুষ্ট হৈ ভগৱান শ্ৰী কৃষ্ণই এই বুলি তেওঁক অভয় দান দিলে, “হে অৰ্জুন! তুমি একান্ত শৰণাগত ভক্ত হেতুকে, মোৰ (পৰমাত্মাৰ) বিভূতি ধ্যানত মোত (মৎৰূপ পৰব্ৰহ্মত)
(১) অপ্ৰতিম প্ৰভাব মানে "একমেবদ্বিতীয়ম্”। এয়ে বৌদ্ধধৰ্মৰো মূলমন্ত্ৰ।
(২) গীত, একাদশ আধ্যা, ৩৯-৪৬ শ্লোক।