সৰ্পসমূহক দেখিছোঁ; ঋষিগণক দেখিছোঁ; সৰ্ব্বনিয়ন্তা পদ্মাসনস্থিত ব্ৰহ্মাকো দেখা পাইছোঁ। হে বিশ্বেশ্বৰ! হে বিশ্বৰূপ! হে বহুবাহো! বহুউদৰ, বহুমুখ, বহুনেত্ৰবিশিষ্ট অনন্তৰূপধাৰী ভগৱান! তোমাক সৱতে সৰ্বব্যাপীৰূপে দেখা পাইছোঁ । তোমাৰ অন্ত-মধ্য-আদি পৰ্য্যন্ত দেখি পৰম পুলকিত হৈছোঁ । হে প্ৰভো! কিৰীটিযুত গদাচক্ৰধাৰী মহা দীপ্তিমান তোমাৰ অপ্ৰমেয় ৰূপ সৰ্ব্বত্ৰতে বিৰাজমান দেখিছোঁ । হে ঈশ্বৰ! তুমিয়েই পৰম অক্ষৰ, তুমিয়েই পৰম জ্ঞাতব্য, তুমিয়েই জগতৰ আশ্ৰয়, তুমিয়েই সনাতন ধৰ্ম্মপাল; তুমিয়েই যে সনাতন পৰমাত্মা পুৰুষ তাত আৰু মোৰ ধনিষ্ঠমানো সন্দেহ নাই। হে ভগৱান! মই দেখিছোঁ, তুমি উৎপত্তি-স্থিতি-ধ্বংসৰহিত, তুমি অনন্ত-প্ৰভাবশালী,তুমি অনন্তবাহু, তুমি নিজৰ তেজেৰে সমস্ত জগতক তেজিয়ান কৰি ৰাখিছাঁ । হে পৰমাত্মা! তুমি অকলশৰে স্বৰ্গ, নৰ্ত্ত্য, আৰু সৰ্ব্বদিগব্যাপী হৈ আছাঁ; তোমাৰ এই চমৎকাৰ ৰূপ দেখি, আৰু সেইৰূপৰ উগ্ৰ তেজৰ প্ৰভাৱত ত্ৰিভুবন ভয়ত বিহ্বল হৈ পৰিছে । হে মহাপ্ৰভো! দেখিছোঁ, দেৱতাসকলে ত্ৰস্তমান হৈ তোমাত শৰণ লৈছে, মহৰ্ষি আৰু সিন্ধগণে স্বস্তি বচনেৰে তোমাৰ স্তৱ কৰিছে! হে ভগৱন্ত ! মই আৰু দেখিছোঁ, ৰূদ্ৰ, আদিত্য, বসু, সাধ্য, বিশ্বদেৱ, অশ্বিনীকুমাৰ দ্বয়, মৰুৎগণ, উষ্মপগণ (১), গন্ধৰ্ব্ব, যক্ষ, অসুৰ, সিদ্ধ সকলোৱেই তোমাক দৰ্শন কৰি বিস্ময় মানিছে। হে মহাবাহো ! তোমাৰ এই বিস্ময়জনক বিশ্বৰূপ দৰ্শন কৰি সমস্ত জীৱই ভয়ভ ত্ৰাহি
(১) উষ্মপগণ মানে পিতৃগণ। বংশধৰগণে শ্ৰদ্ধাৰে সৈতে শ্ৰাদ্ধ-পিণ্ডাদি দান কৰিলে তাৰ “উষ্মভাগ”, অৰ্থাৎ তাত নিহিত পৱিত্ৰ তেজঃশক্তি পান কৰি পুষ্টিলাভ কৰা অৰ্থত “উমপ” বোলা হয় ।