পৃষ্ঠা:গীতাসাৰ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৷আধ্যা ৷
৫৩৩
 
 

ব্রহ্মমাৰ্গেদি গমন কৰি লগুণব্ৰহ্ম উপসনা কৰা কৰ্ম্মযোগীয়ে ব্ৰহ্মলোকলৈ গতি কৰি পৰব্ৰহ্ম বা পৰব্ৰহ্মত ব্ৰহ্মনিৰ্ব্বাণপ্ৰাপ্ত হয় (৯) ৷ যি মাৰ্গত ধূম, ৰাত্ৰি, কৃষ্ণপক্ষ, দক্ষিণায়ন ছমাহৰ স্থিতি(২) সেই মাৰ্গেদি গতি হলে কৰ্ম্মীপুৰুষ চন্দ্ৰলোক(৩)প্রাপ্ত হৈ স্বর্গসুখ ভোগৰ অন্তুত, অতৃপ্ত বাসনা হেতুকে সংসাৰত পুনৰাবৃত্ত হয়। শুক্ল আৰু কৃষ্ণ এই দুই পথ জগতত নিত্যসিদ্ধ। শুক্লমাৰ্গৰ উপাসক

নিৰ্ব্বাণপ্রাপ্ত আৰু কৃষ্ণমাৰ্গৰ কৰ্ম্মী পুনৰাবৃত্তিপ্রাপ্ত হয়। ইয়াকে জানি, সগুণব্ৰহ্ম উপাসক যােগী সংসাৰৰ মায়াত বিমুগ্ধ নহয় । এতেকে, হে অৰ্জ্জুন, তুমিও সংসাৰৰ মায়াত বিমুগ্ধ নহৈ শুক্লমার্গগামী হােৱাৰ উদ্দেশে সমাধিস্থ হােৱাঁ । হে অৰ্জ্জুন ! বেদ অধ্যয়নৰ ফলত, তপস্যাৰ বলত, দানকৰ্ম্মৰ গুণত, পুণ্যকৰ্ম্মৰ পৰিণামত যি ফল লাভ হয়, ধ্যাননিষ্ঠ যােগীগণে সেই ফলভোগ তুচ্ছ কৰি সৰ্ব্বকালৰ কাৰণ


————————————————————————————————————————————————————————————————————————

 (১) “অগ্নিজ্যেতিৰহঃ শুক্লঃ যজ্ঞাসা উত্তৰায়ণম্ ৷
 তত্ৰ প্ৰয়াতা গচ্ছন্তি ব্ৰহ্ম ব্ৰহ্মবিদো জনাঃ৷”
 —গীতা, অষ্টম আধ্যা, ২৪ শ্লোক ৷
 (২) “ধূমো ব্যাত্ৰিন্তধা কৃষ্ণঃ ষন্মাসা দক্ষিণায়ম্৷
 তত্ৰ চান্দ্ৰমসং জ্যোতিৰ্যোগী প্ৰাপ্য শিষৰ্ত্ততে ৷”—৮ম আধ্যা, ২৫ শ্লোক ৷
 (৩)চন্দ্ৰলোক পূণ্যভোগৰ স্থান ৷ যি সকলে সৎকৰ্ম্মাদি কৰি দেহ ত্যাগ কৰে, সেই সকলে চন্দ্ৰলোক লাভ কৰি অনুপম স্বৰ্গসুখ ভোগ কৰিবলৈ পায়; কিন্তু বাসনাসূত্ৰে যোগত সংসাৰলৈ পুনৰাবৃত্ত হয় ৷ এই পুনৰাবৃত্তি মাৰ্গৰ নাম পিতৃধাম ৷-গীতাৰ্থ সন্দীপনী, কৃষ্ণানন্দ স্বামী ৷