সোদৰ প্ৰতিম মহাবীৰ কৰ্ণ, অগ্ৰজসম যুদ্ধকৰ্ত্তা দুৰ্য্যোধনাদি আত্মীয়-কুটুম্ব
সকল! আনপক্ষত পাণ্ডৱ বাহিনীত পৰম পূজনীয় অগ্ৰজদ্বয় আৰু অতি
চেনেহৰ অনুজযুগল, পৰম শ্ৰদ্ধেয় বৃদ্ধ শহুৰ দ্ৰুপদ ৰজা, আপদৰ বন্ধু
বিৰাটৰাজ, অতি আদৰৰ বৈনাই মহাৰথ ধৃষ্টদ্যুণ্য, পৰম প্ৰিয়পত্নী
দ্ৰৌপদীৰ পঞ্চনন্দন, প্ৰাণ প্ৰতিম ভতিজা হিড়িম্বানন্দন ঘটোৎকচ,
প্ৰাণাধিক প্ৰিয়তম পুত্ৰ সুভদ্ৰানন্দন অভিমন্যু। এনে স্বতেজী,
স্ববংশী, স্বধৰ্মী, অভেদাত্মাস্বৰূপ আত্মীয়-কুটুম্বৰ মাজত প্ৰতিদ্বন্দ্বিতা
ইবিলাৰ ভিতৰত মৰামৰি-কটাকটি। তেওঁ নিজ হাতে সেই পালক
পিতামহক বধিবলৈ অস্ত্ৰ ধৰিব! সেই হাতেৰেই তেওঁৰ ধনুগুৰু
দ্ৰোণাচাৰ্য্যৰ বিৰুদ্ধে ধনু ধৰিব। সেই হাতেই তেওঁৰ অৰ্থ সোদ
অদ্বিতীয় বীৰ কৰ্ণৰ বধক্ৰিয়া সম্পাদন কৰিব! যাৰ সিৰত তেওঁৰে সৈতে
একে তেজ প্ৰবাহিত, সেই বংশ-ভাই-বন্ধুবৰ্গৰ প্ৰতি শত্ৰুতাচৰণ কৰি
তেওঁ নিজ হাতে সিবিলাকক বধ কৰিব? এনে ভাব অৰ্জ্জুনৰ মনত
উতলি উঠিল। তেওঁ সকলো সংকল্প, সকলো কৰ্তব্য ততালিকে পাহৰি
পেলালে; এনে ৰণত প্ৰবৃত্ত নহবলৈ বুলি তেওঁ হতাশ হৈ বহিল।
ধৰ্ম্মক্ষেত্ৰ (১) কুৰুক্ষেত্ৰত অৱতীৰ্ণ হৈ বীৰেন্দ্ৰ কেশৰী অৰ্জুন বৈৰাগ্য ভাবত বিহবল হৈ নিতান্ত নিৰ্বণীৰ দৰে ৰণবিমুখ হৈ বহি পৰা
(১) ধ’ত ধৰ্ম্মবুদ্ধিহীন লোকৰো অন্তৰত ধৰ্মভাবৰ উদয় হয়, য'ত মানৱ অন্তৰত অক্ষট ধৰ্ম্ম-প্ৰবৃত্তি প্ৰস্ফুটিত হয়, যি ঠাইৰ স্থানীয় পৱিত্ৰ প্ৰকৃতিৰ প্ৰভাৱত তমগুণী পুৰুষৰ অন্তৰত সৰ্বগুণৰ বিকাশ হয়, সেই “ধৰ্ম্মক্ষেত্ৰ" কুৰুক্ষেত্ৰ তাৰ ভিতৰত সবাতকৈ বিশিষ্ট। এনে হেন কুৰুক্ষেত্ৰত মই তমোগুণ ধীৰেন্দ্ৰ কেশবী অৰ্জুন উপস্থিত সমস্যাত বিচলিত হৈ বৈৰাগ ভাবত সৰ্বগুণবিশিষ্ট হোৱাটো নিচেই স্বাভাৱিক৷ —শ্ৰীমদ্ভাগবদগীতা, প্ৰথম আধ্যা, ১ম শ্লোক, গীতাৰ্থ সন্দিপনী।