পৃষ্ঠা:গীতাসাৰ.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৷আধ্যা ৷
৫৮৫
 

কৰ্ত্তব্য, পঁইতা, আধাসিজা, অতিসিজা, গেলা, পচা, দুর্গন্ধী, এৰা, অশুচি আহাৰ তামসিক সম্প্রদায়ে ভােজন কৰে ।
 যজ্ঞঃ- ফল কামনা ত্যাগ কৰি কেৱল চিত্তশুদ্ধিৰ উদ্দেশে কৰ্ত্তব্য জ্ঞান কৰি যি যজ্ঞ অনুষ্ঠিত কৰা হয়, সেয়ে সাত্ত্বিক যজ্ঞ; ফল কামনাৰে আৰু নিজৰ মহতালি প্ৰকাশৰ উদ্দেশে যি যজ্ঞ কৰা হয়, সি ৰাজসিক ; আৰু যি যজ্ঞ শাস্ত্রবিধিবর্জ্জিত আৰু য'ত শ্ৰদ্ধাৰ অভাৱ, সেই যজ্ঞ তামসিক ।
 তপঃ-শাৰীৰিক তপস্যা, বাচিক তপস্যা আৰু মানস তপস্যা এই তিনি প্ৰকাৰ তপস্যাৰ লক্ষণ এই;—যেনে, দেব, দ্বিজ, গুৰু আৰু প্রাজ্ঞজনৰ পূজা আৰু শৌচ; আৰ্জ্জব, ব্রহ্মচর্য্য, অহিংসা এইবােৰ শাৰীৰিক তপস্যাৰ নিষ্ঠা; সদালাপ, সত্যকথা, অর্থাৎ যি কথা শুনিলে শ্ৰোতাৰ মনােবেদনা নহয়, যি সত্যকথা শুনি শ্রোতাৰ কল্যাণ সাধিত হয়, এনেকুৱা বচন ব্যৱহাৰ আৰু যথাবিধি বেদাধ্যয়ন এইবােৰেই বাচিক তপস্যাৰ লক্ষণ; চিত্তপ্রসন্নতা, অক্ৰুৰতা, মৌন ভাব, আত্মসংযম, চিত্তশুদ্ধি এইবােৰ মানস তপস্যাৰ আচৰণ । কামনা ত্যাগ কৰি নিজ কর্ত্তব্য বােধ কৰা এই ত্ৰিবিধ তপস্যা সাত্ত্বিক; মান-সৎকাৰ, যশস্যা, গৌৰৱৰ উদ্দেশে যি তপস্যা অনুষ্ঠিত হয়, সি ৰাজসিক; দুৰাকাঙ্ক্ষা তৃপ্তি আৰু নিবৃত্তিৰ নিমিত্তে, অথবা আনৰ বিনাশ কামনাৰে যি তপস্যা কৰা যায়, সি তামসিক।
 দানঃ- দেশ-কাল-পাত্ৰভেদে প্রত্যুপকাৰৰ আশা নৰখাকৈ, কেৱল কৰ্ত্তব্যৰ অনুৰােধত যি দান কৰা যায়, সি সাত্ত্বিক; প্রত্যুপকাৰৰ প্রত্যাশা বা স্বর্গাদি ফল কামনাৰে যি দান কৰা যায়, সি ৰাজসিক; যি দান অযোগ্য দেশত, অশুভ কালত, অপাত্ৰত আৰু অৱজ্ঞাৰে সৈতে প্রদত্ত হয়, সি তামসিক দান।(১)


 (১) গীতা, ১৭শ আধ্যা, ৭-২২ শ্লোক ৷