“ইন্দ্রিয়, মন আৰু বুদ্ধি এই তিনি ভেটীত থােপনি লৈয়ে কামনাই জ্ঞানক তল পেলাই দেহাভিমানী জীৱক মোহত মগ্ন কৰে। এতেকে, হে ভৰতৰ্ষভ ! তুমি প্রথমতে ইন্দ্রিয়গণক বশ কৰি, জ্ঞান-বিজ্ঞান বিনাশকাৰী আৰু সৰ্ব্বপাপৰ আশ্রয় এই কামনাক বিনষ্ট কৰাঁ।”(১)
“দেহতকৈ ইন্দ্রিয় শ্রেষ্ঠ; ইন্দ্ৰিয়তকৈ মন শ্রেষ্ঠ; মনতকৈ বুদ্ধি শ্রেষ্ঠ; বুদ্ধিৰ উপৰি আটাইতকৈ আত্মা শ্রেষ্ঠ। এতেকে, হে মহাবাহো ! তুমি আত্মাক এইৰূপে জানি লৈ, তেওঁৰ অধীনৰ বুদ্ধিৰে সৈতে মন স্থিৰ কৰি, এই কামৰূপ দুৰ্জ্জয় শত্ৰুক নাশ কৰি আত্মজ্ঞান লাভৰ উদ্দেশ্য সম্পূর্ণ কৰাঁ।(২)
——————————————————————————————————————————————————————————————
(১)গীতা,৩য় আধ্যা,৪০-৪১ শ্লোক ৷
(২)“ইন্দ্ৰিয়াণিপৰাশয়ছবিন্দ্ৰিয়েতাঃ পৰং মনঃ ৷”
মনসক্ত পৰা বুদ্ধিৰ্যেদ্ধেযঃ পৰতত্ত্ব সঃ ৷১২৷৷
এবং বুদ্ধেঃ পৰং বুদ্ধা সংস্তত্যাত্মাৰসাত্মনা ৷
জহি শত্ৰুং মহাবাহো কামৰূপং দুবাসনম্ ৷১৩৷৷