সোমাইছে গৈ! হে বিষ্ণো! তুমিও যেন (১) সেই সকলোকে গৰাহ মাৰিবৰ উদ্দেশে মুখ মেলি আছাঁ, আৰু তোমাৰ জিভাই লক্লকাব লাগিছে! আৰু, তোমাৰ কান্তিৰ উগ্ৰদীপ্তিয়ে যেন জগতক সন্তপ্ৰ কৰিছে! হে ভগৱান! এই উগ্ৰমূৰ্ত্তিধাৰী তুমি কোন্ ? (২)মোক কৃপা কৰি কৈ দিয়াঁ । হে দেৱবৰ! তুমি মোৰ প্ৰতি প্ৰসন্ন হোৱাঁ । তোমাৰ এই বিকট বিশ্বৰূপৰ নিগূঢ় তত্ত্ব ব্যাখ্যা কৰি মোৰ মনোৰথ পূৰ্ণ কৰা ।”(৩)
অৰ্জ্জুনৰ সন্দিহান অনুসন্ধানত ভগৱান শ্ৰীকৃষ্ণই এই বুলি তত্ব সমিচাৰ দিলে, “হে অৰ্জ্জুন! তুমি বুজিবলৈ বাকী নাই যে, সমস্ত প্ৰাণীকে ময়ে (পৰব্ৰহ্মই) সৃষ্টি কৰোঁ, আৰু প্ৰয়োজন মতে ময়ে সংহাৰ কৰোঁ । এতিয়া সেই প্ৰয়োজন উপস্থিত। কিয়নো, পৃথিৱীত অধৰ্ম্ম বঢ়োৱাৰ বাবে দুৰ্য্যোধনাদি কু-প্ৰবৃত্তিৰ লোকগণ মোৰ সংহাৰিণী মায়াৰ শাসনাধীন হৈছে; লগে লগে সিবিলাকৰ পক্ষীয় ভীষ্ম দ্ৰোণাদিয়েও এই যাত্ৰাত তনু ত্যাগ কৰিব লাগিব, তুমি মাৰাই বা নামাৰাঁ(৩), সিবিলাকৰ মৰণ অনিবাৰ্য্য । এতেকে, উঠাঁ, তুমি যুদ্ধৰ
(১) ভগৱান সৃষ্টি-স্থিতি-প্ৰলয়ৰ মূলশক্তি । শ্ৰীকৃষ্ণৰ শান্তিৰূপত ভক্ত অৰ্জ্জুনে সততে সৃষ্টপালনৰ ক্ৰিয়া দেখি আহিছে; গতিকে এই ভয়ঙ্কৰ বিশ্বৰূপ মুৰ্ত্তি ধ্যানত দেখি তেওঁৰ মনত সন্দেহ উপস্থিত হৈছে, পালনকৰ্ত্তা মহাবিষ্ণুৱে হঠাৎ প্ৰলয়কাৰী মহাৰুদ্ৰৰূপ ধাৰণ কৰিলে কিয়? বাস্তৱতে প্ৰলয় উপস্থিত নে কি?
(২) গীতা, একাদশ আধ্যা, ২৬-৩১ শ্লোক ৷
বোলে।
(৩) অৰ্জ্জুনক সঙ্কেত দিয়া হৈছে যে, তেওঁ উপস্থিত যুদ্ধত প্ৰবৃত্ত নহলেও,