পৃষ্ঠা:গীতাসাৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২। আধ্যা।
আত্মাতত্ত্ব আৰু কৰ্তব্যজ্ঞান।

 ভগৱান শ্ৰীকৃষ্ণ মহাচিন্তাত পৰিল। মুৰকত যুদ্ধ নকৰোঁ বোলা অৰ্জ্জুনৰ খাতাং সমিচাৰে চিন্তাহাৰী ভগৱান মধুসূদনকো চিন্তাকুল কৰিলে। এনে অপাৰ সমস্যাৰ পাৰ উলিয়াবলৈ তেওঁ অভাবনীয় ভাবনা ভাবিব লগাত পৰিল। সেই উদ্দেশে তেওঁৰ মনে ত্ৰিভূবন ভ্ৰমণ কৰিবলৈ ধৰিলে। কিন্তু, ভিতৰি গভীৰ ভাবনাত মগ্ন যদিও, বাহিৰে সদানন্দ দৈৱকীনন্দন আনন্দময়। তেওঁ উলহ-লগা মৌ-মাতেৰে প্ৰাণসখি অৰ্জ্জুনক পুনৰপি এই বুলি উদ্গাবলৈ ধৰিলে, “হে পাৰ্থ। তুমি কাতৰ নহবাঁ। কাতৰ ভাৱ তোমাত শোভা নাপায়। হে শত্ৰুসন্তাপক বীৰ্য্যৱন্ত বীৰ! ক্ষুদ্ৰহৃদয়ৰ দুৰ্ব্বলতা পৰিত্যাগ কৰি ৰণলৈ গাত্ৰোত্থান কৰাঁ (১)।” এইভাৱে বিবিধ ভাউতিৰে বাসুদেৱে বাৰম্বাৰ উদ্গনি দিয়াৰ ফলত, কিংকৰ্তব্যবিমূঢ় অৰ্জ্জুনে অগত্যা শ্ৰীকৃষ্ণৰ ওচৰত সখিত্ব এৰি শিষ্যত্ব গ্ৰহণ কৰি “শ্ৰেয়ঃ” (২) উপদেশ প্ৰাৰ্থনা কৰিবলৈ উদ্যত হল; কিয়নো,


 (১) শ্ৰীমদ্ভাগৱত্গীতা, ২য় আধ্যা, ৩য় শ্লোক।
 (২) শ্ৰেয়ঃ উপদেশ দুবিধ; এবৈধ ঐকান্তিক আৰু ইবিধ আত্যন্তিক। যাৰ শুভলাভত অনিশ্চয়ত্ব আৰু লাভ হলেও তাত অস্থায়িত্ব থাকে, সেয়ে ঐকান্তিক; আৰু যি নিশ্চয় শুভদায়ক, আৰু যি শুভ কাচিতো বিকৃত নহয়, সেয়ে আত্যন্তিক।— কৃষ্ণানন্দস্বামিকৃত গীতা সন্দীপনী, গীতা, ২য় আধ্যা, ৭ম শ্লোক।