পৃষ্ঠা:গীতাসাৰ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৪৯০
গীতাসাৰ।
 

মোৰ অনন্ত এই সেই ইন্দ্ৰিয়গণক সংযত কৰি সমাধিত বহে; কিয়নো যাৰ ইন্দ্ৰিয়গণ বশীভুত, তেওঁৰেই হে প্ৰজ্ঞা প্ৰতিষ্ঠিত বা ব্ৰহ্মত্বলাভ হৈছে বুলি ধৰ্ত্তব্য। অৰ্থাৎ, ইন্দ্ৰিয়গণ যদিও অতি বলবান্‌, তথাপি ভগবত্- ভক্তজন হৃদয়ৰ সামৰ্থ্য আৰু বিবেকৰ ভীতা গুণেৰে সেই ইন্দ্ৰিয়গণক বশীভূত কৰিবলৈ সমৰ্থবান্‌। কিন্তু যিবিলাকে অকল বিবেক-বিচাৰ আৰু বিজ্ঞান-বলেৰে ইন্দ্ৰিয় জয় কৰিবলৈ বিচাৰে, সিবিলাক সততে অকৃতকাৰ্য্য হয়।” (১)

 ভগৱান শ্ৰীকৃষ্ণই সেই ব্যাখ্যাৰ ব্যাখ্যা এই বুলি আৰু বিশদ আৰু বহুল কৰিবলৈ ধৰিলে, “ইও অনিবাৰ্য যে, যদি বাহ্যিক ইন্দ্ৰিয়াদি ৰুদ্ধ কৰি একান্ত মনেৰে কোনো বিষয়ে চিন্তা কৰা যায়, তেনেহলে সেই বিষয়ৰ প্ৰতি আসক্তি জন্মে; আসক্তি হলেই তাক লাভ কৰিবলৈ বাসনা বলৱতী হয়; বাসনাৰপৰা ক্ৰোধৰ উৎপত্তি হয়, অৰ্থাৎ বাঞ্ছিত ফল লাভত কোনোৱে বিঘ্ন উপস্থিত কৰিলে তাৰ প্ৰতি ক্ৰোধ জন্মে; ক্ৰোধৰপৰা অবিবেক বা হিতাহিত জ্ঞানহীনতা ঘটে; বিবেকহীনতা ঘটিলেই স্মৰণ শক্তিৰ ব্যতিক্ৰম ঘটে; স্মৃতিভ্ৰম হলেই বুদ্ধি নাশ হয়। বুজি নাশৰপৰা শেহান্তৰত প্ৰাণ বিনাশ হয়।” (২)

 আন হাতে, ৰাগ-দ্বেষবৰ্জ্জিত আত্মাবশীভূত ইন্দ্ৰিয়গণৰ দ্বাৰাই বিষয়-চিন্তা গ্ৰহণ কৰি সংযতচিত্ত পুৰুষে আত্মপ্ৰসাদ লাভ কৰে। অৰ্থাৎ ইন্দ্ৰিয়ৰাজ মনে বশ মানিলেই ইন্দ্ৰিয়াদি বশীভুত হয়; সেয়ে হলেই চিত্তশুদ্ধিৰ প্ৰভাৱেৰে বিষয়-চিন্তাত আত্মপ্ৰসাদ বা


 (১) গীত, ২য় আধ্যা, ৬১ শ্লোক।
 (২) “ধ্যায়তো কিৰয়ান্‌ পুংসঃ সঙ্গঃস্তযুগজায়তে;
 সঙ্গাৎ সংজাৱতে ******