পৃষ্ঠা:গীতাসাৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৪
গীতাসাৰ।
 
 

ভগৱান শ্ৰীকৃষ্ণৰ অদ্ভুত প্ৰতিভাত বাজে আন কাৰো চিন্তাশক্তিয়ে ধুকি পোৱাটো সম্ভৱপৰ নহয়। গতিকে, সকলোৱেই অতি ব্যাকুল আৰু সন্দিহান চিতেৰে ভগৱান কেশৱৰ চেষ্টাচৰিতৰ প্ৰতি লক্ষ্য কৰিবলৈ ধৰিলে। (১)

     


 (১) কিন্তু, কৃষ্ণানন্দস্বামীকৃত গীতাৰ্থসন্দীপনী মতে, অৰ্জুনৰ ৰথ দুয়া সেনাদলৰ মাজত অৱস্থিত কৰাৰ হেতুকে পাণ্ডৱ পক্ষীয় কেৱেঁ ভগৱান শ্ৰীকৃষ্ণক দেখা নাপাইছিল; কৌৰৱ পক্ষে ভগৱান শ্ৰীকৃষ্ণক সমুখতে পাইছিল সঁচা, কিন্তু অৰ্জ্জুনৰ দৰে প্ৰাণসখি ভাৱে নেদেশি শত্ৰুভাৱে দেখিছিল। গতিকে, সত্ত্বগুণৰ অভাৱত কৃষ্ণকৃত গীতা বাখ্যানৰ মৰ্ম্ম সিবিলাকে উপলব্ধি কৰিব নোৱাৰিছিল, আৰু অৰ্জ্জুনে ৰণ নকৰোঁ বুলি অহা দেখি সিবিলাক আনন্দিত হৈছিল। মাথোন, সঞ্জয়ে সৰ্ব্বজান জ্ঞানেৰে উপলব্ধি কৰি ইয়াৰ তথ্য ৰজা ধৃতৰাষ্ট্ৰক জনাই আছিল।