পৃষ্ঠা:গীতাসাৰ.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০। আধ্যা।
৫৯১
 
 

সেই সেই বুদ্ধিৰ অনুগামীসকলো সাত্ত্বিক, ৰাজসিক আৰু তামসিক কৰ্ত্তাৰূপে অভিহিত। তদনুযায়ী ধৃতিও সাত্ত্বিক, ৰাজসিক আৰু তামসিক ৰূপে ত্ৰিবিধ। (১)

 “হে ভৰতশ্ৰেষ্ঠ! সত্ত্ব, ৰজ, তমঃ গুণানুসাৰে মানুহে অভ্যাসত অনুভৱ কৰা সুখ আৰু দুখো তিনি প্ৰকাৰ;— যি সুখৰ আৰম্ভণ বিহযেন (২) আৰু পৰিণাম অমৃতহেন (৩), আৰু যাৰপৰা আত্মবুদ্ধিৰ প্ৰসঙ্গতা জন্মে, সেয়ে সাত্ত্বিক সুখ; যি সুখৰ আৰম্ভণ অমৃতহেন আৰু সামৰণ বিহযেন, আৰু যি বিষয় আৰু ইন্দ্ৰিয়ৰ যোগত উদয় হয়, সেয়ে ৰাজসিক সুখ; আৰু যি সুখ কেৱল তন্ত্ৰা, এলাহ আৰু প্ৰমাদমূলক, সেয়ে তামসিক সুখ। এই তিনিগুণ প্ৰকৃতিজাত গতিকেসি সকলোতে বৰ্ত্তমান। এই স্বাভাবিক গুণানুসাৰেই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰৰ কৰ্ম্মবিভাগ নিৰূপিত হৈছে (৪)। শম, দমঃ, তপঃ, শৌচঃ, ক্ষমা, সৰলতা, জ্ঞান,


 (১) গীতা, ১৮ আধ্যা, ২৩-৩৫ শ্লোক।

 (২) সাত্ত্বিক সুখজ্ঞান বৈৰাগ্য, ধ্যান আৰু সমাধি আদিৰ দ্বাৰাই সাধন কৰা যায়; গতিকে সি কষ্টসাধ্য হেতুকে আদিতে বিহযেন লাগে।

 (৩) সাত্ত্বিক সুখৰ সাধনা এবাৰ সিদ্ধি হৈ উঠিলে সি পৰম আনন্দদায়ক হয়; গতিকে তেতিয়া সি অমৃতযেন বোধ হয়।

 (৪) ব্ৰাহ্মণক্ষত্ৰিয়বিশাং শুদ্ৰাণাং পৰম্ভপ। কৰ্ম্মাণি প্ৰবিতকানি স্বভাব- প্ৰভবৈগুণৈঃ।—গীতা, ১৮শ আধ্যা, ৪১ শ্লোক।

 ব্ৰাহ্মণক্ষত্ৰিয়বিশাং ব্ৰাহ্মণ + ক্ষত্ৰিয় + বিশ্‌, এই তিনি শব্দৰ সংযোগ সমাসে এই তিনি বৰ্ণৰ দ্বিজত্ব আৰু বেদাধ্যয়ন অগ্নিহোত্ৰাদি কৰ্ম্মত অধিকাৰ দেখুৱাইছে। স্বভাবপ্ৰতৈৰ্গুণৈঃ বাক্যে প্ৰমাণ কৰিছে যে, সত্ত্ব, ৰজঃ, তমঃ ত্ৰিগুণাত্মিক প্ৰকৃতি বা স্বধৰ্ম্ম অনুযায়ী এই বৰ্ণ চতুষ্টয়ৰ সৃষ্টি হৈছে। যেনে, সাত্ত্বিকগুণী ব্ৰাহ্মণৰ কৰ্ম্ম পূজন, যাজন, অধ্যয়ন; ৰাজসিকগুণী ক্ষত্ৰিয়ৰ ধৰ্ম্ম শাসন, পালন, অধ্যয়ন; মিশ্ৰগুণী বৈধ্যধৰ্ম্ম কৃষি, বাণিজ্য, অধ্যয়ন; তামসিকৰূপী শূদ্ৰৰ কৰ্ম্ম সেৱা, শুশ্ৰূষা, শ্ৰমণ; অথবা সেই সেই গুণানুসাৰে সেই সেই বৰ্ণৰ উৎপত্তি।—কৃষ্ণানন্দস্বামীকৃত গীতাসন্দীপনী।