সংসাৰ আৰু সংসাৰৰ শিপা বাসনা-বিষয়ক তত্ত্বজ্ঞান ব্যাখ্যা শ্ৰৱন কৰি ভক্তিপৰায়ণ অৰ্জ্জুন বীৰে অতি আগ্ৰহৰে সৈতে গুগৱান শ্ৰীকৃষ্ণক সুধিলে, “হে কৃষ্ণ! যিবিলাকে শাস্ত্রবিধিলৈ আওকাণ কৰি আপোন মনেৰে শ্ৰদ্ধাযুক্ত হৈ পূজাদি কৰে (১), সিবিলাকৰ নিষ্ঠা কি ৰূপ? সাত্ত্বিকী, নে ৰাজসী, নে তামসী ?” (২)
তত্ত্বজ্ঞানী ভগৱান শ্ৰীকৃষ্ণই হৰিষ্ অন্তৰেৰে এই বুলি সমিচাৰ দিলে,-“হে ভাৰত ৷ পুৰ্ব্বজন্মৰ কৰ্ম্মফল অনুযায়ী দেহী আত্মাৰ সাত্ত্বিকী, ৰাজসী আৰু তামসী প্রকৃতিভেদে স্বাভাৱিক শ্রদ্ধা তিনি প্ৰকাৰ।
(১) সাধাৰণতে কৰ্ম্মানুষ্ঠান তিনি শ্ৰেণীত বিভক্ত। প্রথমতে, যিবিলাকে শাস্ত্ৰবিধি অনুযায়ী ধৰ্ম্মকৰ্ম্মানুষ্ঠান অৰে, সিবিলাক দেৱ সম্প্রদায়; দ্বিতীয়তে, যিবিলাকে শাস্ত্রবিধি জানিও তাৰ প্ৰতি অৱজ্ঞা কৰি নিজ ইচ্ছানুৰূপ কর্ম্মানুষ্ঠান কৰে সেইবিলাক অসুৰ সম্প্রদায়; আৰু যিবিলাকে শাস্ত্রবিধি জানিও তালৈ আওহেলা, কৰি উদাসীন ভাৱে, অথচ শ্রদ্ধাযুক্ত হৈ নিজৰ মনােমত কর্ম্মানুষ্ঠান কৰে, সিবিলাক কোন্ সম্প্রদায় ভুক্ত? অর্জ্জুনে নিজক এই তৃতীয় বিশ্ব সম্প্রদায়ভুক্ত জানি, এই সাম্প্রদায়িক পৰিণাম বিষয়ক সংশয় ভঙ্গনৰ অৰ্থে কৃষ্ণগুৰুত তত্ত্বপ্রশ্ন কৰিছে, এই বিধৰ নিষ্ঠা কি? সাত্ত্বিকী, নে ৰাজসী, নে তামসী ?
(২) গীতা, ১৭শ আধ্যা, ১ম শ্লোক ।