ৰাজ্যভোগ সুখলৈগে মোৰ আকাংক্ষা নাই (১)। হে গোবিন্দ! আমাৰ ৰাজ্যৰেইবা কি প্ৰয়োজন? আৰু জীৱনধৰাৰেই বা আমাৰ ফল কি? যিহেতু, যাৰ নিমিত্তে ৰাজভোগ আৰু সুখ কামনা কৰা যায়, সিবিলাকেইচোন ৰণত উপস্থিত (২)। সৌৱা মোৰ গুৰুজন, পিতৃব্যসকল, পুত্ৰগণ; সেয়া পিতামহ, শহুৰ, মোমাই, নাতি-পুতি আৰু জেঠেৰি-বৈনাই-খুলশালি প্ৰভৃতি; তদুপৰি, সমস্ত আত্মীয়-কুটুম্বাদি সকলোৱেই ধনৰ মমতা আৰু প্ৰাণৰ মায়া ত্যাগ কৰি ৰণত অৱস্থিত হৈছেহি। এতেকে, হে মধুসুদন! মোক বধ কৰিলেও সিবিলাকক বধিবলৈ মোৰ সত নাযায় (৩)! পৃথিবীৰ ৰাজত্ব হে নালাগে, ত্ৰৈলোক্য ৰাজ্যলাভাৰ্থেও ইবিলাকক মই বধ কৰিব নোৱাৰোঁ। হে জনাৰ্দ্দন! দুৰ্য্যোধনাদিক হত্যা কৰি নো আমাৰ কি সুখ হব (৪)? হে মাধৱ! দুৰ্য্যোধনাদিয়ে লোভ পাপ কৰিবলৈ উদ্যত হৈছে যদিও, আমি কুলক্ষয়- জনিত পাপ (৫) আচৰোঁ কিয়? কুলক্ষয় হলে সনাতন কুলধৰ্ম্ম সমূহ বিনষ্ট হয় (৬); আৰু কুলধৰ্ম্ম নষ্ট হলে অৱশিষ্ট সমস্ত কুল
(১) শ্ৰীমদ্ভাগৱদগীতা প্ৰথম আধ্যা, ৩১ শ্লোক।
(২) গীতা, প্ৰথম আধ্যা, ৩২ শ্লোক।
(৩) গীতা, প্ৰথম আধ্যা, ৩৩ আৰু ৩৪ শ্লোক।
(৪) গীতা, প্ৰথম আধ্যা, ৩৫ শ্লোক।
(৫) প্ৰকৃততে, আত্মীয়-কুটুম্বাদিক ৰণক্ষেত্ৰত সমবেত দেখি অৰ্জ্জুন শোক-
মোহাছন্ন হোৱা নাই; সত্ত্বগুণৰ প্ৰভাৱত বৈৰবুদ্ধি নাশ হোৱা হেতুকেহে তেওঁৰ
হিংসাপূৰ্ণ ৰণপ্ৰবৃত্তি স্বভাৱতে শামকাটি আহিল। আৰু, সত্ত্বগুণৰ প্ৰভাৱত শত্ৰুৰ
প্ৰতি মিত্ৰভাৱে চালেই ৰণলীলা আপোনা-আপুনি মাৰ যায়।
—কৃষ্ণানন্দস্বামিকৃত গীতাৰ্থ সন্দীপনী ।
(৬) গীতা, প্ৰথম আধ্যা, ৩৬-৩৯ শ্লোক ।