বিনষ্ট হয়। যজ্ঞৰ আহুতি ঘৃত, হােতা, যজ্ঞফল এই সকলােতে যাৰ
ব্ৰহ্মবুদ্ধি, তেওঁ ব্রহ্মকেই লাভ কৰে। কোনাে কোনাে যােগীয়ে দৈব
যজ্ঞৰ (১) অনুষ্ঠান কৰে, আৰু কোনো কোনােৱে জ্ঞান-যজ্ঞত
(২) জীবাত্মক আহুতি দিয়ে। অন্যান্য লােকে শ্ৰোত্রাদি ইন্দ্রিয়গণক
সংযমৰূপ অগ্নিত আহুতি দিয়ে; অপৰাপৰে ইন্দ্রিয়ৰূপ অগ্নিত শব্দাদি
বিষয় সমূহক আহুতি দিয়ে। আক, কোনাে কোনাে যােগীয়ে
সমস্ত ইন্দ্রিয়গণৰ কৰ্ম্ম আৰু প্ৰাণাদিৰ কৰ্ম্মৰাশি জ্ঞানেৰে জলােৱা
আত্মসংযমৰূপ অগ্নিত হোম কৰে। কোনােৱে, দ্ৰবাযজ্ঞ (৩),
কোনোৱে তপােযজ্ঞ (৪), কোনােৱে যােগযজ্ঞৰ (৫) কৰ্ম্ম অনুষ্ঠান কৰে;
কোনো কোনাে যত্নশীল লােক আকৌ বেদাভ্যাসৰত আৰু জ্ঞানযজ্ঞ-
পৰায়ণ। এইদৰে ভিন ভিন যোগীয়ে ভিন্ ভিন্ যজ্ঞৰ অনুষ্ঠান
কৰে।” (৬)
“কোনো কোনাে যােগীয়ে অপান বায়ুত প্রাণ আৰু প্ৰাণবায়ুত অপান বায়ুক আহুতি প্রদান কৰে; অর্থাৎ বাহ্যবায়ু বা প্রশ্বাসক দেহৰ ভিতৰলৈ টানি লৈ প্ৰাণবায়ু বা নিশ্বাসৰ আহুতি দিয়ে। আৰু, কোনো কোনাে সংযতশীল যােগীয়ে প্ৰাণ আৰু অপান দুয়োক
(১) যিবোৰ যজ্ঞত ইন্দ্র, অগ্নি, বায়ু, বৰুণ আদি দেৱতাৰ তৃপ্তি সাধন কৰা হয়, তাৰ নাম দৈবযজ্ঞ।
(২) যি যজ্ঞত জীৱাত্মক আহুতি প্রদান কৰা হয়, তাৰ নাম জ্ঞানযজ্ঞ।
(৩) নাদ, পুখুৰী আদি খ নোৱা, দেৱমন্দিৰ আদি নিৰ্ম্মান কৰা, দুখী-দৰিদ্ৰক অস্ত্ৰ-বস্ত্ৰদান ইত্যাদিৰ নাম দ্ৰব্যযজ্ঞ। (৩) ক্ষুধা, তৃষ্ণা, শীত, উষ্ণ সহিষ্ণুতাৰ নাম তপোযজ্ঞ।
(৫) চিত্তবৃত্তি নিৰােধৰূপ অষ্টাঙ্গ যোগ সাধনৰ নাম যােগযজ্ঞ।
(৬) গীতা, ৪ আধ্যা, ২১-২৮ শ্লোক৷