সমললৈ যাওক

পৃষ্ঠা:গীতাসাৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১০
গীতাসাৰ।
 


যাৰ দ্বেষ নাই, আকাঙ্ক্ষা নাই যি নিৰ্দ্বন্দ্ব আৰু কামনাবৰ্জ্জিত, তেওঁৱেই নিত্যসন্ন্যাসী; আৰু তেনে জনেই মুক্তিলাভ কৰে। অজ্ঞানী জনে সন্ন্যাস আৰু কৰ্ম্মযোগৰ ফল ভিন্ বুলি ভাবে; কিন্তু পণ্ডিতসকলে সেইটো নকয়, সিবিলাকৰ মতে কৰ্ম্মযোগ আৰু সন্ন্যাস দুইৰো ভিতৰৰ এবিধৰ অনুষ্ঠান কৰিলেই উভয়ৰে ফল পোৱা যায়। কিয়নো, নিষ্কাম কৰ্ম্মযোগ কৰ্ম্মসন্ন্যাসৰ প্ৰকাৰান্তৰ মাথোন। ফলত, সন্ন্যাসীয়ে যি স্থান লাভ কৰে, কৰ্ম্মদ্যোগীয়েও সেই স্থানকে লাভ কৰে। যি সন্ন্যাস আৰু কৰ্ম্মযোগ দুইকো এক ৰূপে দেখে, তেওঁৱেই যথাৰ্থ তত্ত্বদৰ্শী হে মহাবাহো! কৰ্ম্মযোগলৈ আওকাণ কৰি সন্ন্যাসব্ৰত ধৰিলে বৰ দুখ পাবগীয়া হয়। কিয়নো, কৰ্ম্মযোগ সাধন হলে চিত্তশুদ্ধি নহয়; চিত্তশুদ্ধি নহলে আত্মজ্ঞান লাভ হব নোৱাৰে। কিন্তু, কৰ্ম্মযোগৰ দ্বাৰাই চিত্তশুদ্ধি লাভ কৰি যি সন্ন্যাসী হয়, তেওঁ সত্বৰে পৰমপদ বা মোক্ষলাভ কৰে। যি কৰ্ম্মযোগী, জিতেন্দ্ৰিয়, বিজিতদেহ, যাৰ সৰ্ব্বভূতাত্মাত নিজাত্মভাব, তেওঁ কৰ্ম্ম কৰিও কৰ্ম্মত নিৰ্লিপ্ত”। (১)

 “যি নিৰুদ্ধচিত্ত কৰ্ম্মযোগী, যি তত্ত্ববেত্তা, যি পৰমাৰ্গদৰ্শী, যি নিষ্কাম কৰ্ম্মৰ ফলত শুদ্ধচিত্ত, সেইসকলে দৰ্শন, শ্ৰৱন, স্পৰ্শ, ঘ্ৰাণ, ভোজন, গমন, শয়ন, নিঃশ্বাসগ্ৰহণ, কথনত্যাগ, গ্ৰহণ, উন্মেষ আৰু নিমেষ কৰিও ভাবে যে, সিবিলাকে একোকে কৰা নাই, সেই সমস্তই ইন্দ্ৰিয়বৰ্গৰ কাৰ্য্য, সিবিলাকে আত্মাক অসঙ্গ নিস্ক্ৰিয় বুলি জ্ঞান কৰে। আৰু, যি ঈশ্বৰত ফুল অৰ্পণ কৰি কৰ্ম্মফলৰ কামনাবৰ্জ্জিত হৈ কৰ্ম্মানুষ্ঠান কৰে, পানীয়ে পদ্মপত্ৰক ভেজিব নোৱাৰাৰ দৰে, পাপে সিবিলাকক ভেদিব নোৱাৰে। অৰ্থাৎ, পানীয়ে সকলো বস্তুকে ভেজিব পাৰে, কিন্তু


 (১) গীতা, ৫ম আধ্যা, ৩— ৯ শ্লোক।