গায়ত্ৰী; মাহ সমূহৰ মাজত মই আঘন মাহ; ঋতুসমূহৰ মাজত মই বসন্ত ঋতু; মই প্ৰৱঞ্চকৰ মাজত পাশতী (দ্যুতক্ৰীড়া); মই তেজস্বী পুৰুষগণৰ তেজ, বিজয়ী পুৰুষগণৰ জয়, উদ্যোগী পুৰুষগণৰ অধ্যৱসায়, সাত্ত্বিকগণৰ সত্ত্বগুণ; মই বৃঞ্চিবংশ যাদৱগণৰ মাজত বাসুদেৱ; মই পাণ্ডৱগণৰ মাজত ধনঞ্জয়; মই মুনিগণৰ মাজত বেদব্যাস; মই কবি-সকলৰ মাজত শুক্ৰ; মই দমনকাৰীগণৰ দণ্ড, জয়েচ্ছুগণৰ ন্যায়ৰূপ নীতি, গোপ্য বিষয় সমুহৰ মাজত মৌনাৱলম্বন, জ্ঞানীগণৰ জ্ঞানস্বৰূপ ।” (১)
“হে অৰ্জ্জুন ! ভূতসমুহৰ যি মূল কাৰণ, সিও ময়েই; সেই মূল কাৰণ নোহোৱাকৈ উৎপন্ন হব পাৰে এনে বস্তু চৰাচৰ জগতত নাই। হে পৰস্তুত। মোৰ বিভূতিৰ সীমা নাই; ইমানলৈকে যি কোৱা গল, সি মোৰ দিব্য বিভূতিৰ সংক্ষেপ লেখ মাথোন। বাস্তৱতে সমস্ত বিভূতিৰ বৰ্ণনা দিয়াটো সম্ভৱপৰ নহয়। মুঠত যি যি পদাৰ্থ ঐশ্বৰ্য-শালী, লক্ষ্মী বা শোভাসম্পন্ন, প্ৰভাৱসম্পন্ন, সেই সেই পদাৰ্থই মোৰ প্ৰভাৱৰ অংশৰপৰা উৎপন্ন বুলি জানিবাঁ; অৰ্থাৎ যি উৎকৃষ্ট, যি শ্ৰেষ্ঠ, যত অসাধাৰণ লক্ষণ দেখিবাঁ, তাতেই ভগৱানৰ শক্তিৰ বিকাশ বুলি বুজি লবাঁ। নাইবা, হে অৰ্জ্জুন ! তোমাৰ আৰু অধিক জানিবৰ প্ৰয়োজন কি? মুঠকৈ ইয়াকে জানি লবাঁ যে, মোৰ একাংশত মাথোন এই সমস্ত জগতক ধাৰণ কৰি মই অৱস্থিতি কৰিছোঁ; অৰ্থাৎ পৰমেশ্বৰৰ একাংশত (২) মাথোন জগৎ অৱস্থিত। এনে ভাৱে পৰমেশ্বৰক সৰ্ব্বব্যাপী বিৰাট পুৰুষৰূপে ধ্যান কৰিবাঁ।”(৩)
(১) গীতা, দশম আধ্যা, ৩২-৩৮ শ্লোক ।
(২) দৃশ্যমান জগৎ পৰমাত্মাৰ একাংশ, অৰ্থাৎ এক পাদ মাখোন; আন তিনি পাদ পৰব্ৰহ্মৰ নিৰ্গুণ স্বৰূপত অৱস্থিত ৷
(৩) গীতা, দশম আধ্যা, ৩৯–৪২ শ্লোক ৷