পৃষ্ঠা:গীতাসাৰ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৷আধ্যা৷
৫৭১
 


কেতিয়াবা লোকাচাৰত আসক্ত দেখা যায়; কাৰণ, সাত্ত্বিক, তামসিক আৰু ৰাজসিক প্ৰৱলতাৰ (১) প্রকৃতি অনুসাৰে জীৱাত্মাৰ ক্রমে সাধুতা, অসাধুতা আৰু লৌকিকতাৰ লক্ষণ ঘটে। হে অৰ্জ্জুন ! যেতিয়া দেহৰ সকলো অঙ্গত ইন্দ্রিয়েদি জ্ঞানৰ লক্ষণ প্রকাশ পায়, তেতিয়া সত্ত্বগুণৰ প্ৰৱলতা; যেতিয়া লােভ, প্রবৃত্তি, উদ্যম, অশান্তি, স্পৃহা ইত্যাদি লক্ষণে দেখা দিয়ে, তেতিয়া ৰজোগুণৰ প্ৰাৱল্য; আৰু যেতিয়া আৱৰণ, আলস্য, প্রমাদ, মােহ ইত্যাদি লক্ষণ দেখা যায়, তেতিয়া তমােগুণ বৃদ্ধি হৈছে বুলি বুজিবাঁ ৷”(২)

 “হে অর্জুন! তত্ত্বদৰ্শী মহৰ্ষিগণৰ মতে সত্ত্বগুণৰ প্ৰভাৱত জীৱই কেৱল নিৰ্ম্মল সুখকেই ভােগ কৰে; ৰজোগুণৰ প্ৰভাৱত অলপ সুখ আৰু অধিক দুখ; তমােগুণৰ প্ৰভাৱত জীৱই কেৱল দুখকেই হে ভােগ কৰে। ইয়াৰ কাৰণ ইতিপূৰ্ব্বতে কৈ অহা হৈছে; সত্ত্বগুণী লােকৰ উৰ্দ্ধলােকলৈ (স্বৰ্গ), ৰজোগুণী লােকৰ মৰ্ত্ত্যত (মনুষ্যলােক), তমােগুণৰ লােকৰ অধঃপাতলৈ (নৰক) গতি হয়। সত্ত্ব, ৰজ, তম এই তিনি গুণেই অন্তঃকৰণ, বহিঃকৰণ, শৰীৰ আৰু বিষয় আদিত পৰিণত হৈ কৰ্ত্তব্য কৰ্ম্ম কৰে; আৰু গুণ-কাৰ্য্যৰপৰা কাৰ্য্য স্বতন্ত্র বুলি যি বুজিব পাৰে; তেওঁ ব্রহ্মাত্মজ্ঞান লাভ কৰি ব্ৰহ্মস্বৰূপ হয়; হে অৰ্জ্জুন ! এই তিনি গুণেই জনম আৰু মৰণৰ হেতু ! যি এই

————————————————————————————————————————————————————————————————————————

 (১) যি গুণ যেতিয়া ওপৰ উঠে , সেই গুণৰ তেতিয়া প্ৰৱলতা জন্মে; তেতিয়া ই দুটা গুণ তল পৰি নিস্তেজ হয়।

 (২) গীতা, চতুৰ্দ্দশ আধ্যা, ৩-১৩ শ্লোক ৷ এই পুথিৰ ২গুণ, আধ্যাত দিয়া গীতাৰ ত্ৰয়োদশ আধ্যাৰ ২০-২৩ শ্লোকৰ টীকা চোৱাঁ ৷