পৃষ্ঠা:গীতাসাৰ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩।আধ্যা।
৪৮৫
 
 

 “হে অৰ্জ্জুন! কৰ্মকাণ্ডৰূপ বেদসমূহ ত্ৰিগুণান্বিত (১); কিন্তু মোৰ উপদেশ, তুমি নিষ্কাম (নিগুৈণঃ) হোৱা; তুমি সুখ-দুখাদি দ্বন্দ্বৰহিত, নিত্য সত্ত্বভাবত অৱস্থিত (২) যোগ আৰু ক্ষেমবিৰহিত (৩) হৈ আত্মাবান্‌ (৪) হোৱাঁ। অৰ্থাৎ, সুখ-দুখ, মান-অপমান, শত্ৰু-মিত্ৰাদি দ্বন্দ্বভাব পৰিত্যাগ কৰি বিশুদ্ধ সত্ত্বৰূপ অচল ধৈৰ্য্য ধাৰণ কৰাঁ। যিহেতু নাদ পুখুৰী আদি ক্ষুদ্ৰ জলাশয়ৰ পানীৰে যি পৰিমাণে প্ৰয়োজন সিদ্ধ হয়, মহা জলাশয়তো কৰ্মকাণ্ডৰ প্ৰয়োজন (স্বৰ্গ-লাভাদি কামনা) ব্ৰহ্মবেত্তা বা আত্মাবান্‌ পুৰুষৰ লাভ হয়। অৰ্থাৎ, নাদৰ পানী সাগৰৰ পানীৰ কিয়দংশ মাথোন। বেদোক্ত কাম্য কৰ্ম্মসমূহে সকাম পুৰুষৰ যি প্ৰয়োজন সিদ্ধ কৰে, ব্ৰহ্মজ্ঞ বা আত্মবান্‌ নিষ্কাম পুৰুষৰো সেই পৰিমাণেই সেই প্ৰয়োজন সিদ্ধ হয়।” (৫) নিষ্কাম কৰ্ম কৰিলে কাম্য কৰ্ম্মজনিত স্বৰ্গলাভাদি সুখৰপৰা বঞ্চিত হোৱাৰ আশঙ্কা; কিয়নো কামনাই তাৰ মূল। কামনা নহলে ফলপ্ৰাপ্তিৰ অস্তিত্ব নাথাকে। সেই কাৰণে, অৰ্জ্জুনৰ মনৰ আশঙ্কা গুচাবৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণই নিষ্কাম পুৰুষৰ ফললাভ বিষয়ক এই বিশদ ব্যাখ্যা দিয়ে।


 (১) সত্ত্ব, ৰজঃ, তমঃ এই তিনিগুণ। সংসাৰ এই তিনিগুণৰ বিকাশস্বৰূপ। কামনাই সংসাৰৰ মূল। বাস্তৱতে কামনাৰ ফলেই সংসাৰ। সেই ফলপ্ৰাপ্তিৰ উপায় হৈছে বেদপ্ৰতিপাদিত কৰ্ম্মকাণ্ড। এই কৰ্ম্মকাণ্ডতে সকাম পুৰুষৰ স্থিতি।— ৺কৃষ্ণানন্দস্বামিব্যাখ্যাত গীতাৰ্থ সন্দীপনী, ৪৫ শ্লোক।
 (২) যোগ।—অপ্ৰাপ্ত বস্তুৰ প্ৰাপ্তিক যোগ বোলে।
 (৩) ক্ষেম।— প্ৰাপ্ত বস্তুৰ ‌ৰক্ষাই ক্ষেম।
 (৪) আত্মাবান্‌।—সৰ্ব্বত্ৰ নিত্য বিদ্যমান বিশ্বনিয়ন্তা পৰমেশ্বৰ নিজতো বিদ্যমান বুলি যাৰ স্থিৰবিশ্বাস, তেওঁৱেই আত্মাবান্‌।
 (৫) গীতা, ২য় আধ্যা, ৪৫—৪৬ শ্লোক।