“অন্তঃকৰণক কামক্ৰোধভয়বৰ্জ্জিত কৰি যি সাধকে ব্ৰহ্ম আৰু জীৱক অভিন্নভাৱে দেখে, আৰু এক ভগৱানত মাথোন মন সমৰ্পণ কৰে, আৰু আত্মজ্ঞানৰূপ তপস্যাৰ দ্বাৰাই চিত্তশুদ্ধি লাভ কৰে, তেওঁৱেই পৰমাত্মা পৰমপদ লাভ কৰে । হে পাৰ্থ ! যি যেনে ভাৱে ভজনা কৰে, ভগৱানে তেওঁক সেই ভাৱেই কৃপা কৰে; কামী মনুষ্যগণে নানা পন্থাৰে পূজা কৰিলেও, সিবিলাকে একমাত্ৰ ভগৱান পন্থাকেই অসুসৰণ কৰে ৷”
“ইহলোকত ফল কামনাৰে সৈতে যজ্ঞাদিৰ অনুষ্ঠান কৰিলে আশু ফল লাভ হয়; আৰু গুণকৰ্ম্ম বিভাগ অনুসাৰে ভগৱানে চাৰিবৰ্ণৰ(২)সৃষ্টি কৰিছে। কিন্তু, তথাপি তেওঁ অকৰ্ত্তা আৰু অব্যয় বুলি জানিবাঁ ৷ কিয়নো, কৰ্ম্মই তেওঁক স্পৰ্শ নকৰে, বাস্তৱতে কৰ্ম্মফলৰ কামনাও তেওঁত নাই। এই ভাৱে যি সকলে ভগৱানক ভজে, কৰ্ম্মজালে সেই সকলক মেৰাই ধৰিব নোৱাৰে । আত্মাক এইভাৱে অকৰ্ত্তা, অভোক্তা,
(১) গীতাৰ শ্লোকত “ভগৱান” উদ্দেশে “মন্ময়াঃ”, “মাম্” “মদ্ভাবম্”, “মাংস” “অহং” “মম” ইত্যাদি শব্দ প্ৰয়োগ কৰা হৈছে । তাৰ দ্বাৰাই আত্মজ্ঞানী শ্ৰীকৃষ্ণই নিজকে ভগৱান বা ঈশ্বৰৰ আৰ্হিৰে দেখুৱাইছে; এই বাবেই অনেকানেক টীকাকাৰে আৰু জনসাধাৰণে এই বুজে যে, শ্ৰীকৃষ্ণই নিজে নিজক এই প্ৰসঙ্গত ভগৱান বা ঈশ্বৰ স্বৰূপে চিনাকি দিছে । কিন্তু, গীতা ব্যাখ্যাৰ পূৰ্ব্বে কেতিয়াও শ্ৰীকৃষ্ণই নিজত ঈশ্বৰত্ব আৰোপ কৰা পোৱা নাযায় ।—গীতা, ৪ৰ্থ আধ্যা, ১০-১১ শ্লোক ৷
(২) ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই চাৰি বৰ্ণ ৷ কৰ্ম্মগুণ অনুসাৰে ইয়াৰ সাল-সলনিও ঘটিব পাৰে; ব্ৰাহ্মণ মলিন বৃত্তি হলে ক্ৰমাৎ ক্ষত্ৰিয় ব্ৰাহ্মণ, বৈশ্য ব্ৰাহ্মণ, শূদ্ৰ ব্ৰাহ্মণ, চাণ্ডাল ব্ৰাহ্মণ, আদিত পৰিণত হয়। অন্যান্য বৰ্ণতো এই ক্ৰমোন্নতি আছে । কৰ্ম্মগুণৰ তাৰতম্যক ব্ৰাক্ষণে শূদ্ৰস্থ আৰু শূদ্ৰই ব্ৰাহ্মণত্ব প্ৰাপ্ত হয় ৷
—কৃষ্ণানন্দ স্বামীকৃত গীতাৰ্থ সন্দীপনী, ৪ আধ্যা, ১৩ শ্লোক ৷