পৃষ্ঠা:গীতাসাৰ.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪। আধ্যা।
সাকাৰ আৰু নিৰাকাৰ উপাসনা।

 সগুণ আৰু নিৰ্গুণ ব্ৰহ্মতত্ত্ব ব্যাখ্যা শুনি অৰ্জ্জুনৰ মনত প্ৰশ্ন উঠিল, ইয়াৰ মাজত কোন্‌ বিধৰ উপাসনা শ্ৰেষ্ঠতৰ। সেই কাৰণে, তেওঁ সভক্তিৰে ভগৱান শ্ৰীকৃষ্ণক অনতিপলমে সুধিলে, “হে কৃষ্ণ! সাকাৰ বা সগুণ ব্ৰহ্মৰ উপাসনা (১) আৰু নিৰাকাৰ বা নিৰ্গুণ ব্ৰহ্মৰ ধ্যান (২) এই দুইৰ মাজত কোন্‌ বিধ যোগ উত্তম? এই বিষয়ে মোক বিশদকৈ জ্ঞান দিয়া।” (৩)।

 ভগৱান শ্ৰীকৃষ্ণই সমিচাৰ দিলে, “হে অৰ্জুন! মোৰ (৪) মনেৰে যি একাগ্ৰচিত্ত আৰু সাত্ত্বিক শ্ৰদ্ধাযুক্ত হৈ মোৰ (৫) সগুণ স্বৰূপ বা সাকাৰ ব্ৰহ্মৰ উপাসনা কৰে, তেওঁৱেই যোগীগণৰ মাজত প্ৰধান।


 (১) পৰব্ৰহ্মৰ সাৰ (যেনে, শ্ৰীকৃষ্ণক অৱতাৰ স্বৰূপ উপাসনা)।
 (২) যেনে, বিভূতি ধ্যানত বিশ্বৰূপ দৰ্শন।
 (৩) গীতা, দ্বাদশ আধ্যা, ১ম শ্লোক।
 (৪) এই স্থলত “মোৰ" অৰ্থত শ্ৰীকৃষ্ণ।
 (৫) এই অৰ্থত “মোৰ" মানে পৰব্ৰহ্ম।